Sunita Kaushik – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 17 Sep 2021 11:14:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sunita Kaushik – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ ‘বৰষুণ’- https://rupaliparda.com/archives/28401 https://rupaliparda.com/archives/28401#respond Sat, 18 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28401 বৰষুণ জাকেও যে কিমান কথা কয় আমাক, ভাললগা তথা এজাক আৱেগপূৰ্ণ বৰষুণৰ সৈতে আমাৰ থাকে বহু আশা তথা প্ৰত্যাশা। বৰষুণ জাকৰ সৈতে মিলন ঘটে একাংশৰ, একাংশৰ আকৌ এই বৰষুণ জাকৰ সৈতেই সাম কাটে সম্পৰ্কৰ। মুঠতে, বহুতৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে এই বৰষুণজাক। ছিপ ছিপ কৈ অহা মায়াবী বৰষুণজাকক লৈ আৰম্ভ হোৱা বহু কাহিনীৰ মাজৰ এক কাহিনীক প্ৰতিফলিত কৰিছে আচুৰ্য্য বৰপাত্ৰই তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত ‘বৰষুণ’ ৰ মাজেৰে। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটি বহুদিনীয়া পৰিকল্পনাৰ অন্তত মুক্তি লাভ কৰাত অপেক্ষাৰত বহুজন অনুৰাগী উৎসাহিত হৈ পৰাও পৰিলক্ষিত হৈছে। গীতটিত কণ্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে আচুৰ্য্য বৰপাত্ৰ নিজেই। সংগীত প্ৰযোজনা প্ৰণয় দত্তৰ, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, গীতটিৰ অডিঅ’টোৰ সৈতে ভিডিঅ’টোত উপস্থাপিত কাহিনীভাগ সমিল বাবেই গীতটিয়ে বহুল অংকৰ অনুৰাগীক চুবলৈ সক্ষম হৈছে। ভিডিঅ’ পৰিচালকৰ দায়িত্বত আছে সুব্ৰত কাকতি লগতে দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে। সহঃ দৃশ্যগ্ৰহণকাৰী উত্তম কলিতা। ৰূপসজ্জা বিজিয়েতা পাটগিৰিৰ।


গীতটিত আচুৰ্য্য বৰপাত্ৰৰ সৈতে অভিনয় কৰিছে অভিনয় ক্ষেত্ৰখনৰ জনপ্ৰিয় অভিনেত্ৰী সুনীতা কৌশিকে। যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে আচুৰ্য্য বৰপাত্ৰ। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ কাহিনীৰে আচুৰ্য্য বৰপাত্ৰৰ 'বৰষুণ'- 1


আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত গীত “বৰষুণ” য়ে এই কথাৰ বাবেই শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/28401/feed 0 28401
নতুন ধাৰাবাহিকত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুটিঃ https://rupaliparda.com/archives/28166 https://rupaliparda.com/archives/28166#respond Fri, 27 Aug 2021 11:30:00 +0000 https://rupaliparda.com/?p=28166 বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যান সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুঁটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুটিটোক। কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ উক্ত দুয়োগৰাকীৰ অভিনয়েৰে আহিবলৈ সাজু হৈছে এখন নতুন ধাৰাবাহিক “ৰজনীগন্ধা”। ৰং চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে, তেওঁলোক দুয়োকে একেলগে দেখিবলৈ পোৱা যাব বুলি শুনিবলৈ পাইয়ে ইতিমধ্যে তেওঁলোকৰ অনুৰাগী উৎসাহী হোৱা পৰিলক্ষিত হৈছে। চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।


অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা অভিনেত্ৰী সুনীতা কৌশিকে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।

]]>
https://rupaliparda.com/archives/28166/feed 0 28166
“Jibon Unplugged” ৰ নতুন সংযোজন “আবেলিৰ ৰ’দালি”; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/27293 https://rupaliparda.com/archives/27293#respond Thu, 08 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27293 চাৰিওকাষ জনপূৰ্ণ হৈ থাকিলেও কেতিয়াবা আমি নিজক মনত পেলাওঁ; নিজলৈ মনত পেলাই পূৰণি স্মৃতি সমূহক ৰোমন্থন কৰোঁ। আমি প্ৰায়ে পূৰণিক নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰোঁ যদিও নোৱাৰোঁ; এটা সময়লৈ গৈ থকা অৱস্থাত ই ক’ৰবাত হেৰাই থাকেগৈ। Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজৰ নাম হৈছে “Jibon Unplugged”। ইতিমধ্যে চিৰিজখনৰ মুক্তিপ্ৰাপ্ত প্ৰতিটো খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। বাস্তৱমুখী হোৱা বাবেই হয়টো উক্ত ৱেব চিৰিজখনৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰে দৰ্শকে। খুব কম সময়ৰ ভিতৰতে দৰ্শকে সংযোগ কৰিব পৰা বিধৰ একোটা বিষয়বস্তু উপস্থাপনত চিৰিজখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী যে সফল হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আপোনালোকে খণ্ডকেইটা উপভোগ কৰিলেই বুজিবলৈ সক্ষম হ’ব যে ইয়াৰ কাহিনীয়ে আপোনাকো ক’ৰবাত নহয় ক’ৰবাত সংযোগ কৰিবলৈ সক্ষম হৈছে। কাৰণ জীৱনৰ একেবাৰেই সাধাৰণ কিছুমান মূহুৰ্তক লৈ এই খণ্ডসমূহক ৰাইজৰ মাজলৈ উলিয়াই অনা হৈছে। শেহতীয়াকৈ মুক্তি লাভ কৰা খণ্ডটোৰ নাম হৈছে “আবেলিৰ ৰ’দালি”; পাহৰিব খুজিও পাহৰিব নোৱাৰা সময়ৰ কাহিনীক লৈ এই চিৰিজখনৰ কাহিনীভাগ ৰাইজৰ মাজলৈ উলিয়াই অনা হৈছে। পৰিচালক ৰূপে অনুপ্ৰাস দাস যে আকৌ এবাৰ সফল হৈছে সেই কথা আকৌ এবাৰ এই খণ্ডটোৱে প্ৰকাশ কৰিছে।


সদ্যমুক্তি খণ্ডটোত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। তেওঁলোক হৈছে ক্ৰমে জয় কাশ্যপ আৰু সুনীতা কৌশিক। দুয়োগৰাকীৰেই অভিনয়ৰ দক্ষতাত বৰ্তমান মুগ্ধ হৈছে প্ৰতিজন দৰ্শক। খণ্ডটোৰ কাহিনীভাগ লিখিছে পাৰ্থ গোস্বামীয়ে। ৬ মিনিট দৈৰ্ঘ্যৰ “আবেলিৰ ৰ’দালি” শীৰ্ষক এই খণ্ডটোৰ দৃশ্যগ্ৰহণ কৰিছে অনুপ্ৰাস দাস আৰু জগদীশ দাসে। সহঃ পৰিচালনাৰ দায়িত্বত আছে নিলাক্ষী ডেকা; ৰূপসজ্জা কৰিছে ডেইজী তেৰাংগপীয়ে। এনিমেশ্বন সৌৰভ হাজৰিকাৰ আৰু গ্ৰাফিক্স কৰিছে সাগৰিকা বি ৰিকুৱে। খণ্ডটোৰ যোগেৰেই এটা কথাক বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে যে আমি কেৱল মাত্ৰ প্ৰাপ্তিৰ বাবে কোনো লোকৰ সৈতে প্ৰেম অথবা আন্তৰিকাৰ জন্ম নিদিওঁ। আমি প্ৰিয় জনৰ সৈতে থাকিবলৈ বিচাৰিলেও আচলতে কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া য’ত আমি ইজনে আনজনৰ পৰা আঁতৰি থাকিবলগীয়া হওঁ। যদিও, আমি জীৱনৰ দুটা ভিন্ন পথলৈ গতি কৰোঁ তথাপিও কোনোবাখিনি সময়ত তেওঁ দিয়া সাহসকণ, উৎসাহখিনি আমি পাহৰিব নোৱাৰোঁ। সময় আৰু পৰিস্থিতিৰ বশৱৰ্তী হৈ এহাল প্ৰেমিকদ্বয়ে সন্মুখীন হোৱা দূৰত্বৰ কাহিনীৰে সম্পূৰ্ণ হৈ উঠিছে “আবেলিৰ ৰ’দালি”।তৎক্ষণাত আৰম্ভ হৈ আকস্মিকভাৱে শেষ হৈ যোৱা উক্ত খণ্ডটোত ইউটিউবতো বহুল অংকত সন্নিৱিষ্ট হৈছে ভিউৱাৰচৰ। খণ্ডটোৰ সৈতে সংযোজিত মিউজিকটোৱেও আচলতে টানিছে দৰ্শকক; যাৰ দায়িত্বত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা আৰু ৰাকেশ বাড়ো।

"Jibon Unplugged" ৰ নতুন সংযোজন "আবেলিৰ ৰ'দালি"; খণ্ডটিত অংকুৰিত জনপ্ৰিয়তাঃ 2


পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত আন একাংশ কলা-কুশলীৰ সুন্দৰ সহযোগিতাৰে সাফল্যমণ্ডিত হোৱা “আবেলিৰ ৰ’দালি” ৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/27293/feed 0 27293
সুনীতা কৌশিকৰ চেমি ক্লাচিকেলৰ তিনিদিনীয়া কৰ্মশালা https://rupaliparda.com/archives/26922 https://rupaliparda.com/archives/26922#respond Mon, 21 Jun 2021 10:31:00 +0000 https://rupaliparda.com/?p=26922 বৰ্তমান কোনোজন ব্যক্তিয়েই যেন এনেই বহিব বিচৰা নাই; এয়া সাধাৰণজনৰ ক্ষেত্ৰতেই হওঁক অথবা কোনো অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰতেই হওঁক। নিজ নিজ প্ৰতিভাৰে তেওঁলোক নিজে ব্যস্ত হৈ থকাৰ সমান্তৰালকৈ জনসাধাৰণৰ সমুখতো তেওঁলোকৰ প্ৰতিভা সমূহ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী। “লক-ডাউন” ত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে কোনো নহয় কোনো মাধ্যমেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কেতিয়াবা তেওঁলোকে কোনো ব্যঞ্জন তৈয়াৰ কৰি দৰ্শকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিছে নহ’লে আকৌ নিজৰ নৃত্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। এগৰাকী অভিনেত্ৰী যে কেৱল মাত্ৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ৰূপায়ন কৰাতেই ব্যস্ত হৈ থাকে তেনে নহয়; তেওঁলোকৰ নৃত্যও হৈছে মনপৰশা। নৃত্য আৰু অভিনয় ক্ষেত্ৰত সমানেই দক্ষতা থকা অভিনেত্ৰী সমূহৰ মাজৰ এগৰাকী হৈছে সুনীতা কৌশিক। নিজ বাসগৃহতেই কথক নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিছে। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে নৃত্যৰ প্ৰতি আকৰ্ষিত একাংশৰ বাবে অনলাইন যোগে তিনিদিনীয়া চেমি ক্লাচিকেলৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল। ১৮ জুনৰ পৰা ২০ জুনলৈ মুঠ তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁ অইন একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছিল চেমি ক্লাচিকেলৰ মৌলিক শিক্ষা।

সুনীতা কৌশিকৰ চেমি ক্লাচিকেলৰ তিনিদিনীয়া কৰ্মশালা 3


সুনীতা কৌশিকক শেষবাৰৰ বাবে “সাগৰিকা” নামে এখন ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল যদিও অসমীয়া গীত সমূহত প্ৰায়ে তেওঁক দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জনো কৰোৱায়।

]]>
https://rupaliparda.com/archives/26922/feed 0 26922
কথক নৃত্যৰে আকৌ মন মুহিবলৈ চেষ্টা সুনীতা কৌশিকৰঃ https://rupaliparda.com/archives/26292 https://rupaliparda.com/archives/26292#respond Sun, 23 May 2021 11:30:00 +0000 https://rupaliparda.com/?p=26292 বৰ্তমান কোনোজন ব্যক্তিয়েই যেন এনেই বহিব বিচৰা নাই; এয়া সাধাৰণজনৰ ক্ষেত্ৰতেই হওঁক অথবা কোনো অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰতেই হওঁক। নিজ নিজ প্ৰতিভাৰে তেওঁলোক নিজে ব্যস্ত হৈ থকাৰ সমান্তৰালকৈ জনসাধাৰণৰ সমুখতো তেওঁলোকৰ প্ৰতিভা সমূহ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী। “লক-ডাউন” ত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে কোনো নহয় কোনো মাধ্যমেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কেতিয়াবা তেওঁলোকে কোনো ব্যঞ্জন তৈয়াৰ কৰি দৰ্শকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিছে নহ’লে আকৌ নিজৰ নৃত্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। এগৰাকী অভিনেত্ৰী যে কেৱল মাত্ৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ৰূপায়ন কৰাতেই ব্যস্ত হৈ থাকে তেনে নহয়; তেওঁলোকৰ নৃত্যও হৈছে মনপৰশা। নৃত্য আৰু অভিনয় ক্ষেত্ৰত সমানেই দক্ষতা থকা অভিনেত্ৰী সমূহৰ মাজৰ এগৰাকী হৈছে সুনীতা কৌশিক। নিজ বাসগৃহতেই কথক নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিছে। বিগত বৰ্ষৰ লক-ডাউনতো অভিনেত্ৰী গৰাকীৰ তেওঁৰ কথক নৃত্যৰ ভিডিঅ’ সমূহ উপভোগ কৰিবলৈ পাইছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীয়ে।


সুনীতা কৌশিকক শেষবাৰৰ বাবে “সাগৰিকা” নামে এখন ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল যদিও অসমীয়া গীত সমূহত প্ৰায়ে তেওঁক দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জনো কৰোৱায়।

]]>
https://rupaliparda.com/archives/26292/feed 0 26292
আকৌ এবাৰ স্ক্ৰীণত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুঁটিঃ https://rupaliparda.com/archives/22575 https://rupaliparda.com/archives/22575#respond Sun, 06 Dec 2020 13:30:53 +0000 https://rupaliparda.com/?p=22575 বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যান সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুঁটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুঁটিটোক। কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ অভিনেত্ৰী সুনীতা কৌশিকে নিজেই এই কথা জানিবলৈ দিয়ে নিজ ইনষ্টাগ্ৰাম যোগে। উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে অতি সোনকালে ৰাইজৰ সমুখলৈ আহি আছে এটি নতুন গীত। চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।

আকৌ এবাৰ স্ক্ৰীণত সুনীতা কৌশিক আৰু উৎপল দাসৰ যুঁটিঃ 4


অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা অভিনেত্ৰী সুনীতা কৌশিকে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।

]]>
https://rupaliparda.com/archives/22575/feed 0 22575
ঘৰতে বহি সুন্দৰ হোৱাৰ কৌশল জনাইছে সুনীতা কৌশিকেঃ https://rupaliparda.com/archives/18452 https://rupaliparda.com/archives/18452#respond Fri, 24 Jul 2020 12:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18452 বৰ্তমান সময়ত প্ৰত্যেক গৰাকী অভিনেতা-অভিনেত্ৰীয়ে কিছু নতুন নতুন উপায়েৰে ৰাইজৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। বিগত বহু কেইমাহ মানৰ পৰাই জনসাধাৰণ ঘৰতেই আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে; এনে সময়ত বহু দিনৰ পৰা নিজক লৈ সময় নোপোৱা একাংশই ব্যক্তিগত সময় নিজক দিয়াৰ উপৰিও নিজক ভিন্ন ধৰণে শুশ্ৰুষা কৰিছে। কোনোৱে যদি নতুন ৰেচিপি বনাইছে আনহাতে কোনোৱে নিজক কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰে তাৰ উপায় সমূহ জনসাধাৰণক দিছে।

https://www.instagram.com/tv/CC3vpf2l_zy/?utm_source=ig_web_copy_link

আমাৰ সাধাৰণ ৰাইজৰ মনত সদায় এটা প্ৰশ্ন থাকে যে এগৰাকী অভিনেত্ৰীয়ে নিজক ফিট কৰি ৰখাৰ বাবে কি খায় অথবা নিজক সুন্দৰ কৰি ৰাখিবলৈনো কি ঘঁহে! এখন ফটোত নিজক সুন্দৰ কৰি তুলিবলৈ বিভিন্ন এপৰ সৃষ্টি হৈছে কিন্তু এইখিনি সময়ত নিজেই নিজক প্ৰকৃততে সুন্দৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। শেহতীয়াকৈ এনেদৰে কিছুমান অৰ্গেনিক বস্তুৰ সৈতে নিজক সুন্দৰ কৰি ৰখা প্ৰক্ৰিয়াৰ সৈতে অনুৰাগীক অৱগত কৰোৱাইছে অভিনেত্ৰী সুনীতা কৌশিকে। অভিনয়ৰ সৈতে কথক নৃত্যৰ ক্ষেত্ৰতো দখল থকা এই গৰাকী অভিনেত্ৰী প্ৰায়ে চচিয়েল মিডিয়াত এনে প্ৰক্ৰিয়াবোৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰে।

https://www.instagram.com/tv/CCa9FOSlAyU/?utm_source=ig_web_copy_link


সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী।

]]>
https://rupaliparda.com/archives/18452/feed 0 18452
সৰুতেই “ভোগজৰা” নাটত অভিনয় সুযোগ পোৱা সুনীতা কৌশিকৰ জন্মদিনঃ https://rupaliparda.com/archives/16267 https://rupaliparda.com/archives/16267#respond Wed, 10 Jun 2020 16:30:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16267 সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১০ জুন অৰ্থাৎ আজি এই গৰাকী অভিনেত্ৰী সুনীতাৰ জন্মদিন; ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো জন্মদিনৰ অশেষ শুভকামনা। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী। কথক নৃত্য কৰি বিভিন্ন সময়ত অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াতো পোষ্ট কৰা দেখিবলৈ পোৱা যায়।

সৰুতেই "ভোগজৰা" নাটত অভিনয় সুযোগ পোৱা সুনীতা কৌশিকৰ জন্মদিনঃ 5


ধাৰাবাহিক ও ছবিৰ সমান্তৰালকৈ সুনীতা কৌশিক কেইবাখনো অসমীয়া ভিচিডি লগতে জড়িত হৈ আছিল অসমীয়া বিভিন্ন বিজ্ঞাপনৰ সৈতেও। “অজানিতে মনে মনে” আৰু “প্ৰিয়াৰ প্ৰিয়” ছবি দুখন তেওঁ অভিনীত ছবিসমূহৰ ভিতৰত উল্লেখনীয়। তেওঁৰ নৃত্যৰ কিছু দৃশ্যাংশ তলত চাওঁক চোনঃ

https://www.instagram.com/tv/B_tzqexlr_2/?utm_source=ig_web_copy_link
https://www.instagram.com/tv/B_kuhgSFSkk/?utm_source=ig_web_copy_link
]]>
https://rupaliparda.com/archives/16267/feed 0 16267
এইবাৰ উপভোগ কৰক সুনীতা কৌশিকৰ কথক নৃত্যঃ https://rupaliparda.com/archives/14306 https://rupaliparda.com/archives/14306#respond Mon, 04 May 2020 10:31:46 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14306 সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী।

https://www.instagram.com/tv/B_tzqexlr_2/?utm_source=ig_web_copy_link

“লক-ডাউন” ত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে কোনো নহয়; কোনো মাধ্যমেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কেতিয়াবা তেওঁলোকে কোনো ব্যঞ্জন তৈয়াৰ কৰি দৰ্শকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিছে নহ’লে আকৌ নিজৰ নৃত্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। এগৰাকী অভিনেত্ৰী যে কেৱল মাত্ৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ৰূপায়ন কৰাতেই ব্যস্ত হৈ থাকে তেনে নহয়; তেওঁলোকৰ নৃত্যও হৈছে মনপৰশা।

এইবাৰ উপভোগ কৰক সুনীতা কৌশিকৰ কথক নৃত্যঃ 6


নৃত্য ও অভিনয় ক্ষেত্ৰত সমানেই দক্ষতা থকা অভিনেত্ৰী সমূহৰ মাজৰ এগৰাকী হৈছে সুনীতা কৌশিক। নিজ বাসগৃহতেই কথক নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিয়াৰ লগতে তেওঁৰ বান্ধৱী ও অভিনেত্ৰী মেঘৰঞ্জনী লৈ ধন্যবাদো জ্ঞাপন কৰে। শেহতীয়াকৈ, সুনীতা কৌশিকক “সাগৰিকা” নামে এখন ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জনো কৰোৱায়।

]]>
https://rupaliparda.com/archives/14306/feed 0 14306
জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ সৈতে বৰ্ণালী কলিতাৰ ন-গীত “দৰিকা দিচাং”- https://rupaliparda.com/archives/10767 https://rupaliparda.com/archives/10767#respond Fri, 28 Feb 2020 11:31:47 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10767 অসমীয়া সংগীত জগতত এনে কিছু কন্ঠশিল্পী আছে যাৰ কন্ঠত প্ৰত্যেক ধৰণৰ গীত শুনিয়ে শ্ৰোতাই আমোদ লাভ কৰে। এনে কন্ঠশিল্পী সমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকী হৈছে বৰ্ণালী কলিতা। ৰোমান্টিক গীতৰ ক্ষেত্ৰতো তেওঁ অসমীয়া শ্ৰোতাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

https://www.instagram.com/p/B8-3_wwl-cd/?utm_source=ig_web_copy_link
জনপ্ৰিয় কেইবাগৰাকীও শিল্পীৰ সৈতে বৰ্ণালী কলিতাৰ ন-গীত "দৰিকা দিচাং"- 7


এনেক্ষেত্ৰতে, আকৌ এবাৰ বৰ্ণালীয়ে নিজৰ কন্ঠত মুক্তি দিবলৈ সাজু হৈছে এটি গীত “দৰিকা দিচাং”। গীতটিক লৈ বিভিন্ন ধৰণৰ আপডেট দিয়া দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী গৰাকীক। কিশোৰ দাসৰ লগতে গীতটিত অভিনয় কৰিছে সুনীতা কৌশিক আৰু পাঞ্চি প্ৰিয়াই। অহা ১ মাৰ্চ তাৰিখে গীতটি মুক্তি লাভ কৰিব বৰ্ণালী কলিতাৰ ব্যক্তিগত ইউটিউব চেনেলত।

]]>
https://rupaliparda.com/archives/10767/feed 0 10767