Swabhiman – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 09 Jan 2021 06:30:22 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Swabhiman – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “গতানুগতিক কাহিনীৰ অগতানুগতিক উপস্থাপন”- ধ্ৰুৱজ্যোতি কাশ্যপ (স্বাভিমান) https://rupaliparda.com/archives/23348 https://rupaliparda.com/archives/23348#respond Sat, 09 Jan 2021 08:30:38 +0000 https://rupaliparda.com/?p=23348 অসমীয়া ছবি, চুটি ছবি সমূহৰ সমান্তৰালকৈ অসমীয়া কেইবাখনো ধাৰাবাহিকে ইতিমধ্যে দৰ্শকক আমোদ প্ৰদানত সক্ষম হৈছে। ধাৰাবাহিক সমূহৰ কাহিনীৰ জনপ্ৰিয়তা অথবা ইয়াত অন্তৰ্ভূক্ত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়ে এই ধাৰাবাহিক সমূহক আৰু অধিক গ্ৰহণ যোগ্য কৰি তোলাত সক্ষম হৈছে। কেৱল মাত্ৰ ইমানে নহয়; মলয়া গোস্বামী, বৰ্ষাৰাণী বিষয়াকে আৰম্ভ কৰি ৮০- ৯০ দশকৰ পৰা বৰ্তমানলৈ অভিনয় ক্ষেত্ৰখনত ৰাজত্ব কৰা আন কেইবাগৰাকীও অভিনেত্ৰীও এই ধাৰাবাহিকসমূহত কৰা অভিনয়ৰ দ্বাৰা ইয়াক চৰ্চিত কৰি তুলিছে সচেতন মহলত। চলিত মাহৰ ৪ জানুৱাৰী পৰা ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “স্বাভিমান” য়ে শেহতীয়াকৈ দৰ্শকক বহুল হাৰত আকৰ্ষণ কৰাত সক্ষম হৈছে। ধ্ৰুৱজ্যোতি কাশ্যপৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখনে সম্প্ৰচাৰৰ পিছৰে পৰা জনসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নহওঁবনো কিয়? একাদিক্ৰমে দামিনী, নুপূৰ, কাঞ্চন, পৰিণীতা, তোমাৰ মৰমে মোক, দুটি মনৰ জোনাক লগতে বৰ্তমানেও সম্প্ৰচাৰ হৈ থকা ধাৰাবাহিক “নমামি” ৰ লিখক নয়ন সাউদৰ ৰচনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এইবাৰৰ “স্বাভিমান”। ৰূপালীপৰ্দাৰ তৰফৰ পৰা ধাৰাবাহিকখনৰ পৰিচালক ধ্ৰুৱজ্যোতি কাশ্যপৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক ধাৰাবাহিকখনত কি নতুনৰ সোঁৱাদ এইবাৰ দৰ্শকে পাব বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে,

"গতানুগতিক কাহিনীৰ অগতানুগতিক উপস্থাপন"- ধ্ৰুৱজ্যোতি কাশ্যপ (স্বাভিমান) 1


“আজি আমি যিয়ে কাহিনীক উপস্থাপন নকৰো কিয় সেয়া ক’ৰবাত নহয় ক’ৰবাত গৈ এটা আনটোৰ সৈতে মিলি যায়। আমাৰ ধাৰাবাহিকখনৰ কাহিনীভাগো বৰ বিশেষ এটা কোনেও নেদেখা-নুশুনা কাহিনী বুলি ক’বলৈ মই নাই বিচৰা; ই হৈছে গতানুগতিক একাংশ পৰিয়ালত ঘটি থকা কাহিনীৰ মাজৰেই এটা। কিন্তু, “স্বাভিমান” ৰ ক্ষেত্ৰত লিখক নয়ন সাউদৰ উপস্থাপন শৈলীটো পূৰ্বতকৈ কিছু সুকীয়া হৈছে; তেওঁ মোক পৰিচালনাৰ দিশটো মজবুত কৰিবলৈ যথেষ্ট ঠাই দিবলৈ চেষ্টা কৰিছে। গতিকে, নতুনত্ব বুলি ক’বলৈ গ’লে আমাৰ উপস্থাপন শৈলীটোত এইবাৰ দৰ্শকে নতুনৰ সোঁৱাদ পাব বুলি মই ক’বলৈ বিচাৰিম।” সম্প্ৰতি ক্ৰমাৎ সলনি হৈ অহা প্ৰেম নিবেদনৰ সংজ্ঞা লগতে প্ৰকল্পসমূহৰ সমাপ্তিত থকা নতুনত্বৰ দিশটোলৈ মন কৰি “স্বাভিমান” ৰ কাহিনীয়ে তেনে কিবা গতি ল’ব বুলি কৰা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱজ্যোতিয়ে কয় যে, “আমি প্ৰায়ে টি.আৰ.পি অথবা দৰ্শকৰ সোঁৱাদনুযায়ী কাম কৰিবলৈ চেষ্টা কৰো,আমি এতিয়া ধাৰাবাহিক খন এডাল সমান ৰেখাৰে অংকন কৰি লৈ গৈ আছো ধৰক; কিন্তু ইশ্বৰে নকৰক এই সমান ৰেখাডালৰ মতে যদি কাহিনীভাগে দৰ্শকক সংযোগ কৰিব নোৱাৰে তেতিয়াহ’লে আমি ইয়াক সলনি কৰিবলৈ বাধ্য হ’ম। গতিকে এয়া সময়ৰ সৈতে দেখা যাব পিছলৈ।”


বৰ্ষাৰাণী বিষয়াৰ সৈতে ধাৰাবাহিকখনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে সুকুমাৰ বৰ্মণ, বিনয় ডেকা, অৰ্ণৱ আয়ান, লিপিকা বৰা মেধি, চান্দনী কাকতিকে ধৰি আন বহুকেইজন ন-পূৰণি শিল্পীয়ে। সুকুমাৰ বৰ্মনৰ দ্বাৰা প্ৰযোজিত এই ধাৰাবাহিক খনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই; আৱহ সংগীতৰ দায়িত্বত আছে পৰাগ প্ৰিয়ম নাথ। আনহাতে, ইয়াত দৃশ্যগ্ৰহণৰ দায়িত্বত আছে বিপুল দাস।

]]>
https://rupaliparda.com/archives/23348/feed 0 23348