Tanvi Sharma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 26 May 2021 04:25:56 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Tanvi Sharma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এক্সপ্ৰেছনৰ সৈতে আকৌ এবাৰ অনুৰাগীক নিজৰ ফলীয়া তনভী শৰ্মাৰঃ https://rupaliparda.com/archives/26361 https://rupaliparda.com/archives/26361#respond Thu, 27 May 2021 10:30:00 +0000 https://rupaliparda.com/?p=26361 লক-ডাউনৰ দিনকেইটাত শেহতীয়াকৈ প্ৰত্যেকজন অভিনেতা-অভিনেত্ৰীয়ে নিজক ব্যস্ত কৰি ৰাখিবলৈ ভিন্ন প্ৰচেষ্টা হাতত লৈছে। কোনোৱে যদি নিজাববীয়াকৈ অভিনয়ৰ অনলাইন কৰ্মশালাৰ আয়োজন কৰিছে; আনহাতে কোনোৱে আৰম্ভ কৰিছে নৃত্যৰ অনলাইন কৰ্মশালাৰ। মুঠৰ ওপৰত এনেই কোনো এজন অভিনেতা-অভিনেত্ৰী বহি থাকিবলৈ বিচৰা নাই বৰ্তমান। কিন্তু, এই আটাইবোৰ অভিনেতা-অভিনেত্ৰীৰ মাজত এনে এগৰাকী অভিনেত্ৰী আছে যাৰ এক্সপ্ৰেছনে প্ৰত্যেককে আমোদ দিবলৈ সক্ষম হয়। সেই অভিনেত্ৰী গৰাকীৰ নাম হৈছে তনভী শৰ্মা; তেওঁৰ একোটা ভিডিঅ’ই জনসাধাৰণৰ বহুল অংকত সঁহাৰি লাভ কৰে। আপুনি যদি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এবাৰ হ’লেও চকু ফুৰাই তেতিয়াহ’লে তাত আপুনি ভিডিঅ’সমূহ দেখি কিবা এটা হয়টো নিজেও শিকিবলৈ সুবিধা লাভ কৰিব। এক্সপ্ৰেছনৰ সৈতে খেলি তনভী শৰ্মাই বাৰুকৈয়ে নিজৰ অনুৰাগীৰ শাৰী পূৰ্বতকৈ আৰু অধিক দীঘলীয়া কৰিছে। বিগত বৰ্ষৰ “লক-ডাউন” তো এইগৰাকী অভিনেত্ৰীক এনেদৰেই দেখিবলৈ পাইছিল অনুৰাগীয়ে। এই বিষয়ত অভিনেত্ৰী গৰাকীক প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, ” মই এক্সেপ্ৰেছনৰ ক্ষেত্ৰত নিজক আৰু অকণমান বেছিকৈ উন্নত কৰিব খুজিছো। মোক যেতিয়া দৰ্শক বা মোৰ অনুৰাগীয়ে মেছেজ কৰি কয় যে তেওঁলোকে মোৰ ভিডিঅ’বোৰৰ বাবে অপেক্ষা কৰি থাকে লগতে তেওঁলোকৰ মোৰ এক্সপ্ৰেছন ভাল লাগে বুলি তেতিয়া আচলতে মই আৰু বেছিকৈ উৎসাহিত হওঁ।”


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।

]]>
https://rupaliparda.com/archives/26361/feed 0 26361
অসমৰ পৰা দূৰৈত থাকিলেও তনভী শৰ্মাৰ ৰঙালী বিহুঃ https://rupaliparda.com/archives/25494 https://rupaliparda.com/archives/25494#respond Sat, 17 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25494 অসমীয়া অভিনেতা-অভিনেত্ৰী, কলা-কুশলী সকলে প্ৰত্যেকেই নতুন নতুন প্ৰকাৰে এইকেইটা দিনত দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে। ন-ন প্ৰতিভাৰ দ্বাৰা আপ্লুত কৰাও দেখিবলৈ পোৱা গৈছে একাংশক; ইয়াৰে ভিতৰত উল্লেখনীয়ভাৱে দৰ্শকৰ সমাদৰ লাভ কৰিছে অভিনেত্ৰী তনভী শৰ্মাই। চচিয়েল মিডিয়াত প্ৰায় সময়ত সক্ৰিয় হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ বিভিন্ন নৃত্যৰ সংস্কৰণেৰে অনুৰাগীক মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়। কেৱল নৃত্য বুলিয়ে নহয়; পূৰণা বহু স্মৃতি ৰোমন্থন কৰি নাইবা অইন কন্ঠশিল্পীৰ গীত সমূহত নিজা নৃত্যৰে টুইষ্ট আনি দৰ্শকৰ মাজত আগবঢ়োৱা তনভীৰ বৰ্তমান নিতৌ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰিছে। আপোন বিহুটোত নিজৰ আপোন ঘৰখনৰ পৰা দূৰৈত আছে যদিও তনভী শৰ্মাই নিজ বাসগৃহতেই বিহু নাঁচি ভিডিঅ’ আগবঢ়াই দিছে জনসাধাৰণলৈ। সমান্তৰালকৈ, তেওঁ বিহুটোত অসমীয়া প্ৰতিজন জনসাধাৰণে পালন কৰা নিয়ম-নীতিবোৰো পালন কৰি বিহুটোক হৃদয়ংগম কৰিছে। বিগত “লক-ডাউন” ত অভিনেত্ৰী গৰাকীয়ে ইমানেই অধিক নিজ এক্সপ্ৰেছনেৰে ভিডিঅ’ সমূহ চচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যে তেওঁৰ অনুৰাগীয়ে শেহতীয়াকৈ “Expression Queen” নামেৰেই চিনাকী কৰোৱাবলৈ ধৰিছে।

অসমৰ পৰা দূৰৈত থাকিলেও তনভী শৰ্মাৰ ৰঙালী বিহুঃ 1
অসমৰ পৰা দূৰৈত থাকিলেও তনভী শৰ্মাৰ ৰঙালী বিহুঃ 2


প্ৰতিটো সময়ত ধনাত্মক হ’বলৈ চেষ্টা কৰা এইগৰাকী অভিনেত্ৰীয়ে নিজেও কৈছে যে, “সুখী থকাটো সম্ভৱপৰ নহয়; বহুতেই বিচাৰে যদিও কোনোবাখিনিত গৈ ৰৈ যায়। তেওঁলোকক মই ক’ম যে নিজক ব্যস্ত ৰাখক; যেতিয়াই ব্যস্ত হৈ থাকিব তেতিয়া আপুনি বেয়া চিন্তা কৰিবলৈ সময় নাপাব। বহুতে ইতিমধ্যে হতাশগ্ৰস্ততাৰো চিকাৰ হৈ কিছুমান বেয়া পদক্ষেপ গ্ৰহণ কৰিছে গতিকে তেওঁলোকে বেয়া পৰিস্থিতিত কথাবোৰ পাতিব লাগে। মই বিচাৰো, সকলোৱে যাতে ইজনে সিজনক অকণমান সঁহাৰি জনাই পাৰ কৰে সময়বোৰ।”

]]>
https://rupaliparda.com/archives/25494/feed 0 25494
নৃত্যৰে ভূপেন মামালৈ শ্ৰদ্ধাঞ্জলি তনভী শৰ্মাৰ: https://rupaliparda.com/archives/21857 https://rupaliparda.com/archives/21857#respond Tue, 10 Nov 2020 12:30:21 +0000 https://rupaliparda.com/?p=21857 আকৌ এবাৰ তনভী শৰ্মাৰ প্ৰতিভা। ড° ভূপেন হাজৰিকালৈ মনত পেলাই অভিনেত্ৰী গৰাকীয়ে নৃত্যৰে শিল্পী গৰাকীলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলি। প্ৰায়ে নিজ নৃত্যৰে সকলোকে অনুৰাগী কৰি তোলা এই অভিনেত্ৰী গৰাকীয়ে ড° ভূপেন হাজৰিকাই সংগীত কৰা এটি চিৰযুগমীয়া তথা জনপ্ৰিয় গীত “বিমূৰ্ত এই ৰাত্ৰি আমাৰ” ত নৃত্য কৰি ড° ভূপেন হাজৰিকালৈ যাঁচিছে তনভীয়ে শ্ৰদ্ধাঞ্জলি। “চিমানা পেৰিয়া” ছবিখনৰ এই গীতটিত কন্ঠদান কৰিছিল আবিদা চুলতানা। বহু পূৰণি গীত হ’লেও এই গীতটিক লৈ বৰ্তমানেও অনুৰাগী উৎসাহিত হৈ থাকে। ভূপেন হাজৰিকাৰ প্ৰায় প্ৰতিটো গীতৰ সমান্তৰালকৈ উক্ত গীতটিৰ জনপ্ৰিয়তাও উল্লেখনীয়। আনহাতে, তনভী শৰ্মাৰ নৃত্যয়ো হৈছে লেখত ল’বলগীয়া। “লক-ডাউন” ৰ মাজতেই তনভীয়ে অনুৰাগীলৈ উদ্দেশ্যি বিভিন্ন ধৰণৰ নৃত্য ভিডিঅ’ শ্বেয়াৰ কৰে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক কথা-বতৰা যোগে তেওঁ নিজেও কৈছিল যে,

https://www.instagram.com/tv/CHVjg_1h-m1/?utm_source=ig_web_copy_link

নৃত্যৰে ভূপেন মামালৈ শ্ৰদ্ধাঞ্জলি তনভী শৰ্মাৰ: 3


“অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।”

]]>
https://rupaliparda.com/archives/21857/feed 0 21857
ভূপেন মামালৈ তনভী শৰ্মাৰ শ্ৰদ্ধাঞ্জলিঃ https://rupaliparda.com/archives/20029 https://rupaliparda.com/archives/20029#respond Tue, 08 Sep 2020 16:30:00 +0000 https://rupaliparda.com/?p=20029 আকৌ এবাৰ তনভী শৰ্মাৰ প্ৰতিভা। ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নৃত্যৰে শিল্পী গৰাকীলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলি। প্ৰায়ে নিজ নৃত্যৰে সকলোকে অনুৰাগী কৰি তোলা এই অভিনেত্ৰী গৰাকীয়ে ড° ভূপেন হাজৰিকাৰ এটি চিৰযুগমীয়া তথা জনপ্ৰিয় গীত “দিল হুম হুম কৰে” ত নৃত্য কৰি ড° ভূপেন হাজৰিকালৈ যাঁচিছে তনভীয়ে শ্ৰদ্ধাঞ্জলি। “ৰদালী” ছবিখনৰ এই গীতটিত কন্ঠদান কৰিছিল লতা মংগেশকাৰে আৰু গীতটোত কথা দিছিল গুলজাৰে। লগতে, উক্ত গীতটোত সংগীত আছিল ভূপেন হাজৰিকাৰ আৰু গীতটিৰ পৰিচালনা কল্পনা লাজমীৰ। বহু পূৰণি গীত হ’লেও এই গীতটিক লৈ বৰ্তমানেও অনুৰাগী উৎসাহিত হৈ থাকে। আনহাতে তনভী শৰ্মাৰ নৃত্যয়ো হৈছে লেখত ল’বলগীয়া। “লক-ডাউন” ৰ মাজতেই তনভীয়ে অনুৰাগীলৈ উদ্দেশ্যি বিভিন্ন ধৰণৰ নৃত্য ভিডিঅ’ শ্বেয়াৰ কৰে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক কথা-বতৰা যোগে তেওঁ নিজেও কৈছিল যে,

ভূপেন মামালৈ তনভী শৰ্মাৰ শ্ৰদ্ধাঞ্জলিঃ 4


“অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।”

]]>
https://rupaliparda.com/archives/20029/feed 0 20029
” নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো”- তনভী শৰ্মা https://rupaliparda.com/archives/18147 https://rupaliparda.com/archives/18147#respond Fri, 17 Jul 2020 10:30:52 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18147 অভিনেতা-অভিনেত্ৰী সমূহ বৰ্তমান আৱদ্ধ হৈ থাকিবলগীয়া হৈছে নিজ বাসগৃহত। “ক’ৰ’ণা” ৰ সংক্ৰমণ অথবা “লক-ডাউন” ৰ স্তব্ধতাৰ ফলত বন্ধ হোৱা শ্বুটিং চেড্যুলে এতিয়া গৃহবন্দী কৰি থৈছে অভিনেতা-অভিনেত্ৰী সমূহক। এই সময়খিনিত বিভিন্ন জনে চচিয়েল মিডিয়াত সক্ৰিয় হৈ নিজৰ ভিন্ন ভিডিঅ’ অথবা পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। অসমীয়া অভিনেতা-অভিনেত্ৰী সমূহৰ ভিতৰত উল্লেখনীয়ভাৱে থকা তনভী শৰ্মাই প্ৰায়ে নিজ এক্সপ্ৰেছনেৰে ভিন্ন ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ সময়ত তেওঁ কেনেদৰে নিজক সময় দিছে বুলি প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে ৰূপালীপৰ্দাক জনাইছিল যে, “উমম… মই এক্সেপ্ৰেছনৰ ক্ষেত্ৰত নিজক আৰু অকণমান বেছিকৈ উন্নত কৰিব খুজিছো। মোক যেতিয়া দৰ্শক বা মোৰ অনুৰাগীয়ে মেছেজ কৰি কয় যে তেওঁলোকে মোৰ ভিডিঅ’বোৰৰ বাবে অপেক্ষা কৰি থাকে লগতে তেওঁলোকৰ মোৰ এক্সপ্ৰেছন ভাল লাগে বুলি তেতিয়া আচলতে মই আৰু বেছিকৈ উৎসাহিত হওঁ।”


অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “অনুৰাগীয়ে যেতিয়া এনেধৰণে মোৰ এক্সপ্ৰেছনৰ প্ৰশংসা কৰে তেতিয়া মই আৰু বেলেগ বেলেগ গানৰ শব্দৰ সৈতে খেলিবলৈ বিচাৰো। এতিয়া কোনো অভিনেতা-অভিনেত্ৰীয়ে শ্বুটিঙৰ কথা ভাবিব পৰা নাই কাৰণ সম্প্ৰতি পৰিস্থিতিটোত এইবোৰ একোৱে ভাবিব পৰা নাযায়। গতিকে এতিয়া শুই উঠি কেৱল ঘৰৰ কাম থাকে; যেনে ধৰা ঘৰটোকে ছাফা কৰা, বস্তুবোৰ ধুনীয়াকৈ সুন্দৰকৈ আকৌ এবাৰ ৰখা। গতিকে এইবোৰৰ মাজত মই সদায় নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো। কেমেৰাৰ আগত থাকি মই বহুত ভাল পাওঁ গতিকে কেমেৰাৰ আগত এটা গীতৰ কথাক কেনেদৰে ভিন্ন ধৰণে বুজাব পাৰি তাক চেষ্টা কৰো। মানুহে জানে মই নাচো,কিন্তু নাচিলেও কেতিয়াবা কিছুমানে কয় যে তেওঁলোকে আৰু অধিক সমুখৰ পৰা মোক এক্সপ্ৰেছন চাব বিচাৰে; সেইবাবেই মই তেওঁলোকৰ বাবে কিছুমান ক্ল’জ ভিডিঅ’ শ্বুট কৰিবলৈ বিচাৰো।

" নিজক এঘন্টাকৈ সময় দিওঁ; যাতে মই সেইখিনি সময়ত নিজক উন্নত কৰি তুলিব পাৰো"- তনভী শৰ্মা 5


মোৰ কেইটামান সৰু সৰু ছাত্ৰ-ছাত্ৰী আছে; সিহঁত মোৰ এপাৰ্টমেন্টৰ কাষতেই থাকে। অনলাইন ক্লাছ দি আছো এইকেইদিন, এগৰাকীহে আহে ঘৰলৈ গতিকে তেওঁলোকক শিকাই মিলি মোৰ অকণমান সময় গুচি যায়। আচলতে, মই সুখী যে জনসাধাৰণে এনে পৰিস্থিতিতো মোৰ পৰা অকণমান সময় মনোৰঞ্জনৰ অৱসাদ পাইছে। মই এইবোৰ লৈয়ে এইকেইদিন ব্যস্ত হৈ আছো; মই আগতে কোনোদিন ৰন্ধা-বঢ়া কৰা নাছিলো। কিন্তু এতিয়া সময় পাইছো যিহেতু ইউটিউবতেই কিবা-কিবি শিকি লৈ ৰান্ধিবলৈ চেষ্টা কৰো। এইখিনিতে, এটা কথা ক’বই লাগিব যে এনে পৰিস্থিতিত সুখী থকাটো সম্ভৱপৰ নহয়; বহুতেই বিচাৰে যদিও কোনোবাখিনিত গৈ ৰৈ যায়। তেওঁলোকক মই ক’ম যে নিজক ব্যস্ত ৰাখক; যেতিয়াই ব্যস্ত হৈ থাকিব তেতিয়া আপুনি বেয়া চিন্তা কৰিবলৈ সময় নাপাব। বহুতে ইতিমধ্যে হতাশগ্ৰস্ততাৰো চিকাৰ হৈ কিছুমান বেয়া পদক্ষেপ গ্ৰহণ কৰিছে গতিকে তেওঁলোকে এনেবোৰ পৰিস্থিতিত কথাবোৰ পাতিব লাগে। মই বিচাৰো, এইখিনি সময়ত সকলোৱে যাতে ইজনে সিজনক অকণমান সঁহাৰি জনাই পাৰ কৰে সময়বোৰ।”

]]>
https://rupaliparda.com/archives/18147/feed 0 18147
“I am a Disco Dancer” ত তনভী শৰ্মাৰ বিহুঃ https://rupaliparda.com/archives/14928 https://rupaliparda.com/archives/14928#respond Sat, 16 May 2020 10:30:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14928 অসমীয়া অভিনেতা-অভিনেত্ৰী, কলা-কুশলী সকলে প্ৰত্যেকেই নতুন নতুন প্ৰকাৰে এইকেইটা দিনত দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে। ন-ন প্ৰতিভাৰ দ্বাৰা আপ্লুত কৰাও দেখিবলৈ পোৱা গৈছে একাংশক; ইয়াৰে ভিতৰত উল্লেখনীয়ভাৱে দৰ্শকৰ সমাদৰ লাভ কৰিছে অভিনেত্ৰী তনভী শৰ্মাই। চচিয়েল মিডিয়াত প্ৰায় সময়ত একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ বিভিন্ন নৃত্যৰ সংস্কৰণেৰে অনুৰাগীক মনোৰঞ্জন কৰোৱা দেখিবলৈ পোৱা যায়। কেৱল নৃত্য বুলিয়ে নহয়; পূৰণা বহু স্মৃতি ৰোমন্থন কৰি নাইবা অইন কন্ঠশিল্পীৰ গীত সমূহত নিজা নৃত্যৰে টুইষ্ট আনি দৰ্শকৰ মাজত আগবঢ়োৱা তনভীৰ বৰ্তমান নিতৌ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ পৰিছে।


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত নীলোৎপল বৰাৰ গীত “ভাইৰাছৰ শিকলি” আৰু পাপনৰ গীত “পাৰ হ’ব এই সময়” ত নৃত্য কৰি তনভীয়ে গীত দুটিক আৰু অধিক উপভোগ্য কৰি তুলিছিল। কিন্তু এইবাৰ তনভীয়ে প্ৰস্তুত কৰিছে আন এক নৃত্যৰ ভিডিঅ’; “I am a Disco Dancer” শীৰ্ষক হিন্দী জনপ্ৰিয় গীতটিত বিহু নৃত্য প্ৰদৰ্শন কৰিছে অভিনেত্ৰী তনভীয়ে। হিন্দী গীতটোত অসমীয়াৰ বাপতি সাহোন “বিহু” টোৰ সোঁৱাদ মিহলাই তনভীয়ে প্ৰস্তুত কৰা এই ভিডিঅ’টিত এতিয়া দৰ্শকৰ কমেন্টো মন কৰিবলগীয়া।

"I am a Disco Dancer" ত তনভী শৰ্মাৰ বিহুঃ 6
"I am a Disco Dancer" ত তনভী শৰ্মাৰ বিহুঃ 7


তনভী শৰ্মাৰ অভিনয়ৰ লগতে নৃত্যৰ পুংখানুপুংখ উপস্থাপনে এতিয়া তেওঁৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তুলিছে। ইয়াৰ উপৰিও, অভিনেত্ৰী গৰাকীয়ে নিজ সামৰ্থ্যনুযায়ী “অসম আৰোগ্য নিধিলৈ” আগবঢ়াইছিল টকা।

]]>
https://rupaliparda.com/archives/14928/feed 0 14928
“শিল্পীয়ে শিল্পীৰ বাবে”- ২১এপ্ৰিলৰ পৰা ১ মে’ লৈ ইনষ্টাগ্ৰাম লাইভ অসমীয়া শিল্পীঃ https://rupaliparda.com/archives/13524 https://rupaliparda.com/archives/13524#respond Mon, 20 Apr 2020 12:30:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13524 চলিত মাহৰ ২১ তাৰিখৰ পৰা আৰম্ভ কৰি আগন্তুক ১ মে ‘ তাৰিখলৈ T Series Stage Works Academy Guwahati (An Academy of Film, Television & Performing Arts) শীৰ্ষক প্ৰতিষ্ঠানটোৱে জনসাধাৰণৰ বাবে লৈ আনিছে এক মনোৰঞ্জনধৰ্মী অনুষ্ঠান। আৰ্থিকভাৱে পিছপৰি ৰোৱা কিছু শিল্পীক সহায় আগবঢ়োৱাৰ অৰ্থে অসমীয়া শিল্পী সমূহক একগোট কৰি কৰা হৈছে এই প্ৰচেষ্টা। কাইলৈৰ পৰা প্ৰত্যেকটো সন্ধিয়া ৮ বজাত লাইভ যোগে দেখিবলৈ পোৱা যাব একাংশ শিল্পীক। শিল্পী সমূহৰ সৈতে কথা পতাৰ উপৰিও প্ৰিয় কন্ঠশিল্পীৰ পৰা গীত উপভোগ কৰি কোনোৱে যদি বিচাৰিছে এই প্ৰতিষ্ঠানটোৰ দ্বাৰাই তেওঁলোকে সহায় কৰিব পাৰিব অসহায় জনক।

View this post on Instagram

Join us Live on Instagram with Neel Akash and Prastuti Parashar and help us making the #শিল্পীয়ে শিল্পীৰ বাবে (Xilpi Xilpir Babei) fundraising event a success on 21st of April, Starting from 8 PM (IST). #শিল্পীয়ে_শিল্পীৰ_বাবে is an fundraising initiative by T-Series Stageworks Guwahati for the Daily wage earners in the Assamese Film and Television Industry. To contribute and show support you can donate by clicking the link in our bio. Show your support for a good cause, the Film fraternity of Assam has united together to show their support for their co-workers by putting up this LIVE EVENT and making it possible. We will be LIVE on Instragram from 21st April to 1st May along with different celebrities of Assam. For more uptades stay tuned on our Instagram and Facebook handles. Mr. Vreegu Kashyap will be hosting this Live Event. Hope Everyone will join hand with us for a cause and help whom we can in this hour of need. #Staystrong #Joinforacause #NoCorona You can donate by clicking the link below tseriesstageworks.in/pay-now/ Follow us on : fb.me/tseriesstageworksguwahati instagram.com/tseriesstageworksg youtube.com/tseriesstageworksguwahati Visit our website at www.tseriesstageworks.in For more details you can call us at 022-4896-9999 /+91- 6913347757 #covid #covid19 #lockdown #staysafehome #instalive #xilpixilpirbabei #staypositive #staystrong #donateforacause #nocorona #standforpeoplewhoneedshelp #unitedwebeatcorona #fightagainstcorona #nocovid19 #arstistofassam #instragramliveshow #zubeengarg #vreegukashyap #ravisharma #jatinborah #barsharanibishaya #neelakash

A post shared by T-Series Stageworks Guwahati (@tseriesstageworksg) on


প্ৰথমদিনাই উক্ত অনুষ্ঠানটোৰ লাইভত দৰ্শকে দেখিবলৈ পাব নীল আকাশ ও প্ৰস্তুতি পৰাশৰক। উল্লেখ্য যে, এই অনুষ্ঠানটিৰ আঁত ধৰিব কন্ঠশিল্পী ভৃগু কাশ্যপে। জুবিন গাৰ্গকে ধৰি যতীন বৰা, ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, ৰিম্পী দাস, সুবাসনা দাস, কল্পনা কলিতা, অনন্যা কাশ্যপ, মন্টু মণি শইকীয়া,তনভী শৰ্মা, গীতালী, প্ৰীতি কংকনা, আচুৰ্য্য বৰপাত্ৰ, ৰূপাংকৃতা,অলংকৃতা, দীপলিনা ডেকা, ৰাকেশ ৰিয়ান তথা প্ৰিয়ম পল্লৱী আদি জনপ্ৰিয় শিল্পী সমূহে অংশগ্ৰহণ কৰিব এই লাইভ অনুষ্ঠানত।

https://www.instagram.com/p/B_J8zUYlRnH/?utm_source=ig_web_copy_link


শিল্পীয়ে শিল্পীৰ বাবে থিয় হোৱা এনে প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। “কভিড ১৯” য়ে বিহু মঞ্চৰ পৰা শিল্পী সমূহক আঁতৰাই পঠিয়ালেও কিন্তু এতিয়া এওঁলোকে নিজাববীয়াকৈ বিচাৰি লৈছে মনোৰঞ্জনৰ বাট।

]]>
https://rupaliparda.com/archives/13524/feed 0 13524
নীলোৎপল বৰাৰ গীতত প্ৰাণ ঢালিছে তনভীৰ নৃত্যইঃ https://rupaliparda.com/archives/13029 https://rupaliparda.com/archives/13029#respond Sat, 11 Apr 2020 08:30:51 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13029 নীলোৎপল বৰাৰ সংগীতত তনভী শৰ্মাৰ নৃত্যই এতিয়া দৰ্শকক বহুল অংকত আকৰ্ষিত কৰি তুলিছে। “কভিড ১৯” ৰ ফলত কিছুদিন পূৰ্বে অসমত জাতিভেদক কেন্দ্ৰ কৰি চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট আপলোড হোৱা দেখিবলৈ পোৱা গৈছিল। চচিয়েল মিডিয়াত এনে জাতি ভেদ কৰি পোষ্ট কৰা একাংশক জনসাধাৰণে ককৰ্থনা কৰাৰ উপৰিও এয়া যে জাতি, ধৰ্ম তথা ভাষাক লৈ কাজিয়া কৰা সময় নহয় সেয়াও বুজাই দিয়াৰ চেষ্টা কৰে। কিছু জনসাধাৰণক কোনো কথা শিকোৱাৰ ক্ষেত্ৰত মূল উপায়টোৱে হৈছে মনোৰঞ্জন। মনোৰঞ্জনৰ জৰিয়তে কোনো এটা বস্তু শিকাবলৈ চেষ্টা কৰিলে সি সোনকালে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এনেক্ষেত্ৰত “সংগীত” তকৈ ভাল সঁজুলি কি হ’ব পাৰে!! কন্ঠশিল্পী নীলোৎপল বৰাই এনে প্ৰচেষ্টাৰে সৈতে ইউটিউবত মুকলি কৰি দিছিল “ক’ৰ’ণা ভাইৰাছ” ক উদ্দেশ্যি এটি গীত; “ভাইৰাছৰ শিকলি”। গীতটিত নীলোৎপলে বেমাৰবিধৰ যে কোনো জাতি, ধৰ্ম, ভাষাৰ বিভিন্নতা নাই তাক বুজাই দিয়াৰ উপৰিও গীতটিৰ জৰিয়তে তেওঁ জনসাধাৰণক সুন্দৰকৈ ঘৰত থকা আহ্বান জনায়।


গীতটিক সাধাৰণ জনে আকোঁৱালি লোৱাৰ লগতে ইয়াক অসমীয়া বিভিন্ন শিল্পীয়েও যে সঁহাৰি জনাইছে তাৰ উদাহৰণ অভিনেত্ৰী তনভী শৰ্মাৰ নৃত্যৰ জৰিয়তেই পাব পৰা যায়। বলীউডত ইজনে আনজনক কৰা প্ৰশংসা ও ঠাট্টা-মস্কৰাই বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়; কিন্তু এইবাৰ কন্ঠশিল্পী নীলোৎপলৰ উক্ত গীতটিত তনভীৰ নৃত্যটিয়েহে যেন অধিক প্ৰাণ ঢালিছে সেয়া অনুভৱ কৰিব পাৰি। মানস মহন্তৰ কথাৰে নিৰ্মিত উক্ত গীতটিত সংগীত নিলোৎপল বৰাৰ লগতে ইয়াত শব্দ সংমিশ্ৰণ কৰিছে ডনী হাজৰিকাই। কোৱাৰেন্টাইনৰ এই সময়ছোৱাত নীলোৎপল বৰাই আন এক মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতাৰো আয়োজন কৰিছে। য’ত তেওঁৰ গীত সমূহক নিজ কন্ঠৰে গাই নাইবা নৃত্য কৰি তেওঁলৈ পঠিয়াব লাগিব। তেওঁ এই প্ৰতিযোগিতাখনৰ নাম দিয়ে “#Mysongyourway”।


আনহাতে, তনভী শৰ্মাই নিজ বাসগৃহতে থাকি বিভিন্ন সুস্বাদু ব্যঞ্জন বনোৱাৰ উপৰিও ট্ৰেণ্ডিং গীতত নৃত্য প্ৰদৰ্শন কৰি দৰ্শক ও অনুৰাগীক মনোৰঞ্জন কৰোৱাইছে। শিল্পী সমূহৰ এনেবোৰ পদক্ষেপে এতিয়া অসমীয়াক এই আমনিদায়ক সময়কণতো অকণমান প্ৰশান্তি লোৱাৰ অৱকাশ প্ৰদান কৰিছে।

]]>
https://rupaliparda.com/archives/13029/feed 0 13029
Arth Art For Humanity ৰ ৰঙীণ প্ৰচেষ্টাঃ https://rupaliparda.com/archives/12705 https://rupaliparda.com/archives/12705#respond Sat, 04 Apr 2020 09:30:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12705 বিহু বুলি ক’লেই অসমীয়াৰ গা সাতখন-আঠখন হয়। বাপতি সাহোন এই বিহুটোক লৈ কিমানজনে যে নতুন সপোন ৰঁচে সেয়া ছাগে নক’লেও বুজিব পৰা যায়। কুলি-কেতেকীৰ মাত লগতে গছ-গছনিত ওলোৱা ন-কুঁহিপাতে প্ৰত্যেকজন জনসাধাৰণৰ মনত প্ৰশান্তি দিয়াটো নিশ্চিত কিন্তু বৰ্তমান এই প্ৰশান্তি যেন ক’তোৱে লাভ কৰা নাই কোনোৱে। সকলো এতিয়া সন্ত্ৰাসগ্ৰস্ত হৈ পৰিছে। “কভিড ১৯” ৰূপী দানৱটোৱে সকলোকে নিজৰ আগ্ৰাসনলৈ আনি বৰ্তমান কাকো অকণমান স্ফূৰ্তিৰো অৱকাশ দিয়া নাই। নিজ প্ৰাণ বচোৱাৰ খাতিৰত এতিয়া সাধাৰণজন আৱদ্ধ হৈছে ঘৰৰ ভিতৰত; গৃহবন্দী সকলো। গতিকে, এনেসময়ত কি ৰঙালী বিহু আৰু কি বিনন্দীয়া কুলি-কেতেকীৰ মাত! কিন্তু, এনে সময়তো একাংশই চেষ্টা কৰিছে অসমীয়াক ঘৰত বহিয়ে ব’হাগ বিহুৰ প্ৰশান্তি যাঁচিবলৈ।

https://www.instagram.com/p/B-jFwTpDtwH/?igshid=1p988td39sjwk
Arth Art For Humanity নামে এটা এন.জি.অই বৰ্তমান ঘৰতে বহি অসমীয়া জনসাধাৰণক বাপতি সাহোন বিহুটো উপভোগ কৰোৱাবলৈ চেষ্টা কৰিছে। কেওঁদিশে হৈ থকা এই গধুৰ পৰিস্থিতিটোক পাতলোৱাৰ উদ্দেশ্যে এই প্ৰচেষ্টা হাতত লৈছে এওঁলোকে। তেওঁলোকৰ সৈতে এই প্ৰচেষ্টাত জড়িত হৈছে অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে তনভী শৰ্মা তথা অনন্যা কাশ্যপ, ভৃগু কাশ্যপ, দীপলিনা ডেকা, মৃদুস্মিতা দাস বৰা, ঋতৃষা শৰ্মা আদিয়ে । উক্ত এন.জি.অ’টোৰ এই চেষ্টাত বৰ্তমান সঁহাৰিও জনাইছে বহু দৰ্শকে। লগতে, এওঁলোকৰ এই চেষ্টাত সহযোগিতা আগবঢ়াইছে Storyweavers নামে পেজখনেও।

Arth Art For Humanity ৰ ৰঙীণ প্ৰচেষ্টাঃ 8


জানিব পৰা মতে, Arth Art For Humanity য়ে বিহুভিত্তিক কিছু প্ৰতিযোগিতাৰ আয়োজন কৰিও দৰ্শকক মনোৰঞ্জনৰ কৰোৱাব বিচাৰিছে। ইতিমধ্যে ইনষ্টাগ্ৰামৰ পেজটোত তেওঁলোক ব’হাগ বিহুৰ অন্তৰ্গত কিছু প্ৰশ্নৰ উত্তৰ সুধি দৰ্শকৰ মাজত ষ্টেটাচ আপলোড কৰিছে। ইয়াৰ উপৰিও, ব’হাগ বিহুত ছোৱালীবোৰে লগোৱা জেতুকা ৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব বুলি তেওঁলোকে জনাইছে। ইয়াৰ লগতে এন জি অ’টো পৰা অনুষ্ঠিত কৰা হ’ব বিহু নৃত্য প্ৰতিযোগিতা। ৰঙালী বিহুটো অসমীয়াৰ বাবে যাতে আমনিদায়ক হৈ নপৰক তাৰ বাবেই এই চেষ্টা Arth Art For Humanity ৰ।

]]>
https://rupaliparda.com/archives/12705/feed 0 12705
“চিকেন অমলেট” বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ https://rupaliparda.com/archives/11988 https://rupaliparda.com/archives/11988#comments Mon, 23 Mar 2020 09:00:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11988 ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত উঠালৈ চাৰিওঁফালে প্ৰত্যেকজন লোকেই কেৱল এটাই নাম লোৱা দেখিবলৈ পোৱা গৈছে আৰু সেয়া হৈছে ক’ৰ’ণা ভাইৰাছ। সজাগ আৰু সচেতনতা এই ভাইৰাছ বিধ নিৰামূলৰ মূল ঔষধ বুলি জনাৰ পিছতেই এতিয়া কি সাধাৰণ জন আৰু কি চেলিব্ৰটীয়; সকলোৱে নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি পৰিয়াল তথা নিজৰ সৈতে সময় অতিবাহিত কৰিছে। চীন,ইটালীত ভাইৰাছ বিধে সংহাৰী ৰূপ ধাৰণ কৰা পিছতেই ই বৰ্তমান ভাৰততো ক্ৰমশঃ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে WHO য়ে ইয়াক মহামাৰী আখ্যা দিছে। যোৱা দেওঁবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা “জনতা কাৰফিউ” ক সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গ’ল জনসাধাৰণক। ইয়াৰ মাজতেই বহু চিলেব্ৰেটীয়ে কিতাপ পঢ়াৰ লগতে নিজৰ প্ৰিয় খাদ্যবিধ বনোৱাও দেখিবলৈ পোৱা গৈছে।


পূৰ্বে নিজৰ প্ৰিয় খাদ্যবিধ বনাই চচিয়েল মিডিয়াত আপলোড কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰো’ৰাই। ঠিক তেনেদৰে অসমৰ এগৰাকী অভিনেত্ৰী তনভীয়েও নিজৰ সৈতে সময় কটাই প্ৰস্তুত কৰিছে “চিকেন অমলেট”। প্ৰস্তুতকৰণত কি কি বস্তুৰ দৰকাৰ সেই আটাইবোৰৰ এটা এটাকৈ প্ৰশিক্ষণ দিছে অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে, অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰতো এই গৰাকী অভিনেত্ৰীৰ নাম লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে নিজ ব্যক্তিগত ইউটিউব চেনেলত মুকলি কৰিছে নিজ কন্ঠৰে গীত।

"চিকেন অমলেট" বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ 9
"চিকেন অমলেট" বনাই দেখুৱালে অভিনেত্ৰী তনভীয়েঃ 10


তনভী শৰ্মা বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক ছবি “দাদা তুমি দুষ্ট বৰ” ক লৈ। সমীৰ বুঢ়াগোঁহাইৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ চলিত মাহৰ ১২ তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হৈছিল যদিও বৰ্তমান ক’ৰ’ণা ভাইৰাছৰ ফলত ইয়াক স্থগিত কৰা হৈছে।

]]>
https://rupaliparda.com/archives/11988/feed 1 11988