The Clinic – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 06:30:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 The Clinic – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে ‘দ্য ক্লিনিক’- https://rupaliparda.com/archives/28628 https://rupaliparda.com/archives/28628#respond Thu, 07 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28628 অসমীয়া এখন নতুন ৱেব চিৰিজ মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। শেহতীয়াকৈ মহুৰত সম্পন্ন হৈছে এখন নতুন ৱেব চিৰিজ ‘দ্য ক্লিনিক’ ৰ। এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ ৱেব চিৰিজসমূহৰ গ্ৰহণযোগ্যতা আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ, বিশেষকৈ এই একোখন ৱেব চিৰিজত একোটা কাহিনীৰ অথবা একোটা নিৰ্দ্দিষ্ট বিষয়বস্তুৰ পুংখানুপুংখ বিৱৰণ থাকে যাৰ বাবে ই জনপ্ৰিয়তাৰ শিখৰত আছে। হিন্দী অথবা ইংৰাজীৰ লগতে এনে কিছুমান উল্লেখনীয় বিষয়বস্তুৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন দৰ্শকৰ বাবে উৎকণ্ঠাৰ বিষয়ে হৈ পৰিছে। ‘দ্য ক্লিনিক’ ৱেব চিৰিজখনটো বহু বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন ঘটোৱা হৈছে। আপোনালোকক আন এক উৎসাহিত হোৱা বিষয় জনাওঁ যে, ময়ূৰ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজখনত আপোনালোকে যুৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীক উপভোগ কৰিবলৈ সক্ষম হ’ব।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 1


সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ উপস্থাপন কৰাৰ লগতে ৱেব চিৰিজখনৰ সংযোজিত কাহিনীভাগৰ জৰিয়তে জনসজাগতা সৃষ্টি কৰিবলৈও চেষ্টা কৰা হৈছে। সমাজৰ একঘেয়ামী দিশটোৰ লগতে কু-সংস্কাৰৰ কিছু আভাস প্ৰদান কৰাৰ উপৰিও মহানগৰীৰ কৰ্পোৰেট কালচাৰ আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ ওপৰত পৰা চাপকো বৰ্ণনা কৰা হৈছে। ৱেব চিৰিজখনৰ খণ্ড অনুসৰি দৰ্শকসকল কাহিনীভাগৰ ভিতৰত আৰু অধিক সোমাই গৈ থাকিব বুলি একাষাৰে কৈ দিব পাৰি। ‘দ্য ক্লিনিক’ ৰ পৰিচালনাৰ দায়িত্বত আছে হিতাৰ্থ বৰাই। ইয়াত অভিনয় কৰিছে ক্ৰমে প্ৰসেনজিৎ বৰা, হিৰণ্য ডেকা, অপৰ্ণা দত্ত চৌধুৰী, উদয়ন দুৱৰা, অৰ্ঘ্যদ্বীপ বৰুৱা, বেদব্ৰত বৰা, বেদান্ত প্ৰকাশ বৰা আৰু হিতাৰ্থ বৰাই। অসমীয়া দুইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠও এই ৱেব চিৰিজখনত সংযোজন কৰা হৈছে। গীত দুটিত কণ্ঠদান কৰিছে ক্ৰমে শংকুৰাজ কোঁৱৰ আৰু প্ৰবীণ বৰাই। মূলসুঁতিৰ বিষয়বস্তুৰ বহু আঁতৰৰ চিৰিজখন দৰ্শনীয় আৰু নতুন চিন্তাৰ বাহক হ’ব বুলি আশা কৰা হৈছে।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 2


ৱেব চিৰিজখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। লগতে, সফলতাৰ কামনা কৰি ৱেব চিৰিজখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28628/feed 0 28628