The Sky is Pink – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 12 Oct 2019 09:00:22 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 The Sky is Pink – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ https://rupaliparda.com/archives/6689 https://rupaliparda.com/archives/6689#respond Sat, 12 Oct 2019 13:24:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6689 প্ৰিয়ংক চোপ্ৰা তথা ফাৰহান আখতাৰ অভিনীত “দা স্কাই ইজ পিংক” ছবিখনে প্ৰথমটো দিনা আশা কৰা মতে লাভ নকৰিলে বস্ক অফিচ কালেকচন। বস্ক অফিচ ইণ্ডিয়া ডট কমে দিয়া তথ্য অনুসৰি ছবিখনে মুক্তি লাভ কৰা দিনা কেৱল মাত্ৰ ২.৫০ কোটি টকাৰহে ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ 1


কিন্তু তেওঁলোকৰ মতে, ছবিখনে শনিবাৰ আৰু ৰবিবাৰ দিনটোত কিছু সুফল দেখুৱাব পাৰে। উল্লেখযোগ্য যে, “দিল ধড়কনে দো” ৰ পিছত প্ৰিয়ংকা চোপ্ৰা বহুদিন অভিনয়ৰ পৰা বিৰত হৈ আছিল আৰু মুঠ তিনি বছৰৰ অন্তত তেওঁ উভতি আহে।

আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ 2


ছবিখনে ছবিগৃহ সমূহত মুক্তি পোৱাৰ পূৰ্বে “টৰেন্টো ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শিত কৰাৰ বাবে মনোনয়ন লাভ কৰিছিল। শোনালী বোসৰ দ্বাৰা নিৰ্মিত “ডা স্কাই ইজ পিংক” ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও জায়ৰা ৱসীম আৰু ৰোহিত সৰাফে মূখ্য চৰিত্ৰত অভিনয় কৰে।

]]>
https://rupaliparda.com/archives/6689/feed 0 6689
পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ https://rupaliparda.com/archives/6555 https://rupaliparda.com/archives/6555#respond Wed, 09 Oct 2019 15:25:59 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6555 যোৱা ৩ টা বছৰৰ অন্তত বলীউডত দেখিবলৈ পোৱা যাব প্ৰিয়ংকা চোপ্ৰাক। বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি “ডা স্কাই ইজ পিংক” ৰ প্ৰমোচনত ব্যস্ত হৈ থকা প্ৰিয়ংকা চোপ্ৰাৰ এই ছবিখনক লৈ উৎসাহী প্ৰায় সংখ্যক দৰ্শক।

পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ 3


টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱা পিছতেই ছবিখনে লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সঁহাৰি। দৰ্শকৰ সঁহাৰি লাভ কৰাৰ পিছত এতিয়া অভিনেত্ৰী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে তেওঁৰ স্বামী নিক জোনাস।


নিক জোনাসে নিজৰ ইনষ্টাগ্ৰাম যোগে কৰা এটি পোষ্টৰ জৰিয়তে প্ৰিয়ংকাৰ প্ৰশংসা কৰে। “ডা স্কাই ইজ পিংক” ছবিখনৰ এখন পোষ্টাৰ আপলোড কৰি কেপছনত নিজ পত্নীক লৈ গৌৰৱ অনুভৱ কৰা বুলি কয় নিকে।

পত্নীক লৈ গৌৰৱ অনুভৱ নিক জোনাসৰঃ 4


ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে আৰু চলিত মাহৰ ১১ তাৰিখে ছবিখন মুক্তি পাব।

]]>
https://rupaliparda.com/archives/6555/feed 0 6555
শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ https://rupaliparda.com/archives/6356 https://rupaliparda.com/archives/6356#respond Thu, 03 Oct 2019 15:04:28 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6356 অহা ১১ অক্টোবৰত মুক্তি পাবলগীয়া ছবি “ডা স্কাই ইজ পিংক” ৰ প্ৰচাৰত ব্যস্ত হৈ আছে বি-টাউনৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। এই প্ৰচাৰৰ মাজতেই এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে জনায় নিজ বিবাহৰ কিছু মধুৰ ক্ষণৰ কথা। অভিনেত্ৰী গৰাকী বিবাহ “ডা স্কাই ইজ পিংক” ছবিখনৰ শ্বুটিং চলি থকা সময়ছোৱাতে সম্পন্ন হৈছিল।

শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 5
শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 6


বিয়াৰ প্ৰায় ২০ দিন পূৰ্বে নিক জোনাস আহিছিল আৰু তেওঁ তথা মাতৃয়ে মিলি বিয়াৰ সম্পূৰ্ণ দায়িত্বভাৰ লৈছিল। প্ৰিয়ংকাই কেৱল বস্তুবোৰৰ শেষ সিদ্ধান্তটোহে দিছিল। অভিনেত্ৰী গৰাকীয়ে কয় যে, “মোক ছবিখনৰ গোটেই টীমটোৱেই বহুত সহায় কৰিছিল। প্ৰযোজকে শ্বুটিং চেটত মোৰ বাবে এটা নিৰ্দ্দিষ্ট কোঠা বনাই দিছিল য’ত মোক বিয়াৰ সময়ছোৱাত লগ কৰিবলৈ অহা লোকবোৰ বহিব পাৰে আৰু শ্বুটিঙৰ মাজে মাজে গৈ মই তেওঁলোকক লগ কৰি বস্তুবোৰৰ সিদ্ধান্ত লৈছিলো”।

শ্বুটিঙৰ মাজতেই নিৰ্ধাৰণ কৰিছিল বিবাহৰ বস্তুঃ 7


উল্লেখ্য যে, উক্ত ছবিখনৰ যোগেদি প্ৰিয়ংকা চোপ্ৰা প্ৰায় ৩ বছৰৰ বিৰতিৰ পিছত বলীউডলৈ উভতিছে।

]]>
https://rupaliparda.com/archives/6356/feed 0 6356