Tridib Lahon – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 13 Dec 2020 08:38:35 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Tridib Lahon – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ব্যয়বহুল হাস্যমধুৰ আৰু ভয়ানক “ভূতীয়া” অতিশীঘ্ৰে আপোনালোকৰ মাজলৈঃ https://rupaliparda.com/archives/22757 https://rupaliparda.com/archives/22757#respond Mon, 14 Dec 2020 12:30:50 +0000 https://rupaliparda.com/?p=22757 অহা বৰ্ষলৈ আহিবলগীয়া বহু প্ৰত্যাশিত প্ৰকল্পৰ মাজৰ এটা হৈছে “ভূতীয়া”। পূৰ্ণদৈৰ্ঘ্যৰ এই ছবিখনক লৈ ইতিমধ্যে চচিয়েল মিডিয়াতো চলিছে চৰ্চা। ত্ৰিদীব লাহনৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে আহিবলগীয়া এই ছবিখনক লৈ তেওঁ নিজেও চচিয়েল মিডিয়া যোগে জনাইছে জনসাধাৰণক। আগন্তুক এই ছবিখনে আপোনাক হহুঁৱাই হহুঁৱাই ভয় খুওৱাব বুলিয়ে প্ৰকাশ কৰিছে পৰিচালক ত্ৰিদীবে। এই ব্যয়বহুল হাস্যমধুৰ আৰু ভয়ানক ছবিখনত দৰ্শকে দেখিবলৈ পাব অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ অভিনয়। গুঞ্জন ভৰদ্বাজৰ পৰা আৰম্ভ কৰি “ভূতীয়া” ত অভিনয় কৰিছে ক্ৰমে কল্পনা কলিতা,সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট, বিবেক বৰা, অৰুণ হাজৰিকা, ত্ৰিদীব লাহনৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পী, কলা-কুশলীয়ে। দৰ্শনা হাজৰিকাৰ প্ৰযোজনাৰে এই ছবিখনত সহযোগী পৰিচালক ৰূপে আছে অৰিন্দম কাশ্যপ। সুমন দুৱৰাৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে লগতে গীতসমূহ লিখিছে ক্ৰমে ৰাহুল গৌতম আৰু শশাংক সমীৰে। মণি ৰাজকোঁৱৰৰ সম্পাদনা তথা ছবিখনত সাজসজ্জাৰ দায়িত্বত আছে গৰিমা শইকীয়া গাৰ্গ।

ব্যয়বহুল হাস্যমধুৰ আৰু ভয়ানক "ভূতীয়া" অতিশীঘ্ৰে আপোনালোকৰ মাজলৈঃ 1
ব্যয়বহুল হাস্যমধুৰ আৰু ভয়ানক "ভূতীয়া" অতিশীঘ্ৰে আপোনালোকৰ মাজলৈঃ 2


ৰূপসজ্জাৰ দায়িত্বত আছে ভাস্কৰ দত্ত আৰু বিজিয়েতা পাটগিৰি। কৰিঅ’গ্ৰাফী অসীম গগৈ আৰু দীপক দে’ ৰ। আহিবলগীয়া সময়ৰ অসমীয়া এনে এখন ছবিৰ বাবে আচলতে অপেক্ষাৰত আমি সকলো। ত্ৰিদীব লাহনৰ পৰিচালনাৰে নিৰ্মিত বহুখিনি প্ৰকল্পই ইতিমধ্যে আমোদ দিবলৈ সক্ষম হৈছে দৰ্শক সকলক। “ভূতীয়া” ৰ মুক্তিৰ নিৰ্দ্দিষ্ট তাৰিখ দিয়া হোৱা নাই ছবিখনে এতিয়াৰ পৰাই দৰ্শক টানিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/22757/feed 0 22757