Tumar Morome Mok – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 29 Aug 2020 08:30:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Tumar Morome Mok – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা”- অমিতাভ বৰা https://rupaliparda.com/archives/19645 https://rupaliparda.com/archives/19645#respond Sat, 29 Aug 2020 08:30:47 +0000 https://rupaliparda.com/?p=19645 “লক-ডাউন” ৰ সময়ছোৱাত য’ত এফালে মনোৰঞ্জনৰ বিভিন্নটা বিষয়বস্তু দেখিবলৈ পোৱা গৈছিল; তাৰ মাজতেই এতিয়া মনোৰঞ্জন ক্ষেত্ৰখনত বহুল ৰূপত সোমাইছে ৰাজনীতি। সকলোৱে “শিল্পী” ক আখ্যা দিছে “চিল্পী” অথবা “সুবিধাবাদী”; চলিছে ৰাজনীতি আৰু তাতেই একাংশই ধুইছে হাত। এই বিষয়ত ৰূপালীপৰ্দাই বিগত দিনত বহুকেইজন অইন লোকৰ পৰা এই বিষয়ত মতামত গ্ৰহণ কৰিছিল; তাৰ মাজতেই এগৰাকী হৈছে পৰিচালক তথা গায়ক অমিতাভ বৰা। তেওঁক এই বিষয়ত প্ৰশ্ন কৰাত যথেষ্ট খিনি কথাৰে নিজ মতামত ব্যক্ত কৰিছে; তেওঁ কয় যে, “শিল্পী হওঁক বা বেলেগ কোনোৱে জনেই হওঁক আৰু ৰাজনীতি হওঁক অথবা অন্য কোনো ক্ষেত্ৰতেই হওঁক; আমাৰ মনোবৃত্তি, উদ্দেশ্য ঠিক হ’ব লাগে। কেৱল ব্যক্তিগত স্বাৰ্থৰ মতলবত যিকোনো কাম কৰাটো বেয়া কথা; কামটোও বেয়া হয় আৰু সমাজ খনৰ অনিষ্টও হয়। এতিয়া ধৰা এগৰাকী ডাক্তৰে মাত্ৰ কেৱল টকা ঘটাৰেই মানসিকতা ৰাখিছে, তেতিয়া সেই ডাক্তৰ জন কেতিয়াও “ভাল ডাক্তৰ” হ’ব নোৱাৰে। ঠিক তেনেদৰেই আমাৰ মাজৰ শিল্পী কেইগৰাকীয়ে ৰাজনীতিত নামিছে; নামক, সেয়া তেওঁলোকৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। কিন্তু, তেওঁলোকৰ বৰ্তমানৰ কথা-চাল চলন ইত্যাদি একেবাৰেই ভৰষাৰ যোগ্য নহয়। সুবিধাবাদী দৰেই অনুভৱ হয়; এতিয়া এনে সময়ত তেওঁলোকে সমাজৰ হৈ কিমান কাম কৰিব সেয়া একেবাৰে সন্দেহৰ আৱৰ্তত।”

"কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা"- অমিতাভ বৰা 1


আনহাতে অমিতাভ বৰাই কয় যে, “এনেই সমাজত দূনীৰ্তি আৰু লেতেৰা ৰাজনীতিয়ে নিজৰ ঠাই বিস্তাৰ কৰিছে। আৰু, তাতেই যদি খেলি-মেলি মানুহবোৰ সোমাই পৰে তেতিয়া পৰিৱেশটো আৰু অধিক নষ্ট হ’ব পাৰে বুলি মই ভাৱো। লগতে, মই আশা কৰো যে আমাৰ অসমৰ মানুহ খিনিয়ে যাতে ভোট প্ৰদান কৰাৰ সময়ত প্ৰাৰ্থীজনক চালি-জাৰি চায়। ভাল গান গায় অথবা ৰাইজৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী হ’ল বুলিয়ে যদি ভোট প্ৰদান কৰে তেতিয়াহ’লে সেয়া বেয়া কথা হ’ব। কিন্তু এটা কথা কি জানানে? “কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা”। মই এইটোও কোৱা নাই যে আমি সকলো ভাল অথবা ধোৱা তুলসীৰ পাত; আমাৰ সকলোৰে বেয়া-ভাল আছেই, তথাপিও তাৰ মাজতো মই আশা কৰিছো যাতে সকলোৱে অলপ হ’লেও দেশ আৰু সমাজৰ চিন্তা কৰি কামবোৰ কৰক। নিজৰ স্বাৰ্থটোৱে যাতে চাই নুফুৰক।”

"কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা"- অমিতাভ বৰা 2


অমিতাভ বৰাৰ লগতে আন বহু কলা-কুশলীয়ে কৰা কিছুমান মন্তব্যই পূৰ্বতকৈ কিছু হ’লেও সঁকাহ প্ৰদান কৰিবলৈ সক্ষম হৈ পৰিছে। “তোমাৰ মৰমে মোক” শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰিচালক লগতে এগৰাকী সংগীত শিল্পীৰ বহু কথাই পূৰ্বেও তেওঁৰ অনুৰাগী কৰি তুলিছিল বহু অসমীয়া সৰ্বসাধাৰণ ৰাইজক।

]]>
https://rupaliparda.com/archives/19645/feed 0 19645
“সমাজে ভাল কিবা এটা দেখাৰ স্বাৰ্থত মই বাধা নহওঁ “জনকনন্দিনী” ৰ বাটত”- অমিতাভ বৰা https://rupaliparda.com/archives/15772 https://rupaliparda.com/archives/15772#respond Sun, 31 May 2020 09:30:09 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15772 ধাৰাবাহিক ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈছিল এখন ধাৰাবাহিক “তোমাৰ মৰমে মোক”। ধাৰাবাহিকখনৰ কাহিনীভাগৰ লগতে প্ৰত্যেকটো চৰিত্ৰৰ অভিনয়ৰ পুংখানুপুংখতাই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। ধাৰাবাহিকখনৰ এনে সফলতাৰ আঁৰত থকা ব্যক্তি গৰাকীয়েই হৈছে পৰিচালক অমিতাভ বৰা। পৰিচালক গৰাকীৰ নামটো অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে এক চিনাকী নাম; তেওঁ কেৱল ধাৰাবাহিক অথবা ছবিৰ লগতেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত বহুল ৰূপত চৰ্চিত হৈছিল পৰিচালক অমিতাভ বৰা। আগন্তুক অসমীয়া ছবি “জনকনন্দিনী” ৰ পৰা অমিতাভ বৰাৰ নাম আঁতৰাই দিয়াৰ ফলত খলকনিৰ সৃষ্টি হৈছিল সচেতন মহলত। পৰিচালক গৰাকীৰ সৈতে হোৱা এনে ঘটনাৰ পিছতো তেওঁ অকলশৰীয়া যুঁজত অৱতীৰ্ণ হৈছিল।

"সমাজে ভাল কিবা এটা দেখাৰ স্বাৰ্থত মই বাধা নহওঁ "জনকনন্দিনী" ৰ বাটত"- অমিতাভ বৰা 3

ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আমাৰ সৈতে আছে পৰিচালক অমিতাভ বৰা; পাতিছিলো তেওঁৰ সৈতে কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি পৰিচালনাৰ সৈতে কেতিয়াৰ পৰা জড়িত?

অমিতাভ বৰাঃ পৰিচালনাৰ ক্ষেত্ৰ খনলৈ মই অকণমান দেৰিকৈ আহিছো যদিও মোৰ প্ৰথম প্ৰেম “সংগীত”। সৰুৰ পৰা সংগীতৰ সৈতে জড়িত থকা উপৰিও স্কুল, কলেজ আদিত মই সাংস্কৃতিক ক্ষেত্ৰত সক্ৰিয় হৈ কাম কৰিছিলো। সেয়া লাগিলে তবলা বজোৱাই হওঁক অথবা গান গোঁৱাই হওঁক। সদায় গান এটা শুনিলে মোৰ কাল্পনিক পৃথিৱীখনত গীতটিৰ ভিডিঅ’টো ঘূৰি থাকে। এইবোৰৰ বাবেই দিল্লীত মই দুবছৰৰ পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰিলো আৰু মুম্বাইলৈ গৈ এবছৰ মান সময় সহঃ পৰিচালকৰ দায়িত্বত থাকিলো। ইয়াৰ পিছতেই মই উভতি আহিলো অসমলৈ আৰু নিজৰ শিক্ষানুযায়ী তথা সৃজনীশিল কাম সমূহ কৰিবলৈ আৰম্ভ কৰিলো; এনেকৈয়ে আৰম্ভ হ’ল মোৰ পৰিচালনাৰ যাত্ৰা। কিন্তু, এতিয়াও মোৰ বাবে প্ৰথম প্ৰেম সংগীত। মই যদি এতিয়াও কিবা এটা দৃশ্য চিন্তা কৰিবলগীয়া হয় তেতিয়াও মই গান শুনো। Music is my Inspiration, My source of Everything”। পৰিচালনাৰ আগত মোক গায়ক হিচাপেই চিনি পাইছিল লোকবোৰে; “দিচাং ৰাঙলী” গীতটি জনপ্ৰিয়ও হৈছিল মোৰ।

প্ৰশ্নঃ সদ্যসমাপ্ত “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনে বহুল দৰ্শকৰ সহাঁৰি লাভ কৰিছিল; এজন পঅৰিচালক ৰূপে আপুনি কি ক’ব?

অমিতাভ বৰাঃ “তোমাৰ মৰমে মোক” বৰ ধুনীয়া অভিজ্ঞতা; যদিও গোটেই যাত্ৰাটোত সংগ্ৰাম আছিল তথাপিও ইয়াৰ দ্বাৰা বহু কথা শিকিলো আৰু বুজিলো। বহু সুন্দৰ সম্পৰ্ক কিছুমানো গঢ়ি উঠিল; আমি আচলতে প্ৰত্যেকজনেই এটা ডাঙৰ পৰিয়ালৰ দৰেই আছিলো। হাঁহি- স্ফূৰ্তি, ধেমালিৰ মাজেৰে কামবোৰ কৰো। লগতে, ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰ মোৰ বৰ মৰমৰ; সেয়া লাগিলে পাৰিজাতে হওঁক অথবা জয়, মল্লিকা নাইবা ধ্ৰুৱই নহওঁক কিয়! ইয়াত অন্তৰ্ভূক্ত প্ৰতিটো চৰিত্ৰকে মৰমেৰে সঁজাইছিলো; সেইবাবেই হয়টো ৰাইজেও আমাক ইমান বেছিকৈ মৰম দিলে। এতিয়াও ধাৰাবাহিকখনৰ কথা পাতে বহুতে, শুনি ভাল লাগে। আমি বোৰ প্ৰায় লগ হ’লেই কথা পাতো যে “TMM” ৰ পাৰ্ট ২ বনাব পৰা যায় নেকি বুলি!!

"সমাজে ভাল কিবা এটা দেখাৰ স্বাৰ্থত মই বাধা নহওঁ "জনকনন্দিনী" ৰ বাটত"- অমিতাভ বৰা 4

প্ৰশ্নঃ শেহতীয়াকৈ আপোনাৰ লগত সংগতি থকা এক বিষয়বস্তুয়ে চৰ্চা লাভ কৰিছিল সংবাদ জগতত; “জনকনন্দিনী” ৰ বিষয় লৈ। কি ক’ব বিচাৰিব?

অমিতাভ বৰাঃ “জনকনন্দিনী” বিষয়ে আৰু কি ক’ম; ইমান কষ্ট কৰি যেতিয়া কাম এটা কৰা হয় আৰু তাৰ যেতিয়া প্ৰতিদান পোৱা নাযায় তেতিয়া মনত আঘাত লাগে। ছবিখনৰ একো একোটা বস্তু মই নিজ হাতেৰে সজাইছিলো তথাপিও শেষত ফল একো নোলালে। ধ্বংস কৰি পেলোৱা দৰেই হ’ল ছবিখন; বৰ ভাল এখন চিনেমা দৰ্শকে উপভোগ কৰিব পালেহেঁতেন কিন্তু এই আটাইবোৰ হ’ল কেৱল মাত্ৰ অহংকাৰৰ বাবে। এতিয়া মই আৰু কাৰো বিষয়ে একো ক’ব নিবিচাৰো। তাত জড়িত থকা শিল্পী, কলা-কুশলীয়ে ছবিখনক লৈ বহুত কষ্ট কৰিছে বাবেই মই আজি নিজৰ মুখ বন্ধ কৰি পেলালো। ছবিখন মুক্তি পালেই হ’ব; সমাজে কিবা এটা ভাল বস্তু পাব বুলিয়ে মই আৰু বাধা নহওঁ ছবিখন মুক্তিৰ ক্ষেত্ৰত।

জীৱনত প্ৰতিটো বস্তুই কিবা নহয় কিবা এটা শিকাই যাব; “জনকনন্দিনী” ৰ পৰাও মই বহুখিনি অভিজ্ঞতা গোটাইছো। কিন্তু এইখিনিতে, নতুন প্ৰজন্মৰ যিখিনি পৰিচালক; তেওঁলোকক এটা কথা ক’ব বিচাৰিম যে কেতিয়াও কাৰো ওপৰত সম্পূৰ্ণ ভৰষা কৰি প্ৰকল্প এটা আৰম্ভ নকৰিব কিয়নো কোনে কোনটো মূহুৰ্তত আঘাত দিব পাৰে সেয়া বহুতেই বুজিব নোৱাৰে। কাৰো ওপৰত বিশ্বাস কৰিব নালাগে মানে সকলো বস্তু পুংখানুপংখভাৱে লিখা হ’ব লাগিব। টকা-পইচাৰ শুদ্ধ উল্লেখ কৰি চুক্তি হ’ব লাগিব; নহ’লে এতিয়া মুখেৰে কোৱা কথাৰ মূল্য নাই।


আমাৰ ছবিক্ষেত্ৰৰ এটা ডাঙৰ অসুবিধা হৈছে যে ইয়াত ছবিখনৰ ফাইনেঞ্চাৰ এজনেই ছবিখনৰ প্ৰযোজক হৈ যায়। প্ৰযোজক গৰাকীৰ যেতিয়া ছবি বিষয়ে কোনোধৰণৰ শিক্ষা নথকাকৈ আহি শ্বুটিং ছেটত দপদপাই ফুৰে তেতিয়া বৰ বেয়া লাগে; সকলোৱে হাঁহে। বাকী ভগৱান আছে; মই বিশ্বাস কৰো তেওঁৰ ওপৰত। তেওঁ সকলো চাই আছে, মই সেইকাৰণে নিশ্চিন্ত।

"সমাজে ভাল কিবা এটা দেখাৰ স্বাৰ্থত মই বাধা নহওঁ "জনকনন্দিনী" ৰ বাটত"- অমিতাভ বৰা 5

প্ৰশ্নঃ “লক-ডাউন” য়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত কেনে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে?

অমিতাভ বৰাঃ “লক-ডাউন” ৰ প্ৰভাৱ বৰ বেয়া। আমাৰ ক্ষেত্ৰখন এনেও বৰ বেছি ভাল নহয়; শিল্পী; কলা-কুশলীকে ধৰি প্ৰায় সকলোবোৰ অৰ্থনৈতিকভাৱে ইমান বেছি সক্ষম নহয়। এতিয়া আকৌ “লক-ডাউন”; ইয়াৰ বাবেই বহুখিনি কাম ৰৈ গৈছে। আমি প্ৰায়বোৰেই ভাড়াঘৰত থাকো; গোটেই মাহটো চলাটো এনে সময়ত অসুবিধা হৈ পৰে। মই মাত্ৰ বিচাৰো চৰকাৰৰ ফালৰ পৰা কোনো এটা ব্যৱস্থা হাতত লোৱাটো নহ’লে আমিও যদি উপাৰ্জনৰ অইন ৰাষ্টা বিচাৰিব নোৱাৰো তেনেহ’লে অসুবিধা হ’ব আমাৰ। কেৱল চৰকাৰৰ ওপৰত ভৰষা কৰি বহি থকাটোও আচলতে ভাল কথা নহয়।

"সমাজে ভাল কিবা এটা দেখাৰ স্বাৰ্থত মই বাধা নহওঁ "জনকনন্দিনী" ৰ বাটত"- অমিতাভ বৰা 6

প্ৰশ্নঃ আগন্তুক প্ৰজেক্ট বিষয়ে জানিব খুজিম।

অমিতাভ বৰাঃ আগন্তুক প্ৰজেক্ট বুলি ক’বলৈ বৰ্তমান একো ক’ব নোৱাৰো। পৰিস্থিতি কি হয়; একেবাৰে সকলো অনিশ্চিত হৈ পৰিছে। কিন্তু ইচ্ছা বহুত আছে; অসমীয়া ক্ষেত্ৰখন আগুৱাই লৈ যোৱা ইচ্ছা আছে । বাহিৰৰ মানুহখিনিক দেখুৱাব মন আছে। এয়া ইচ্ছাহে… সপোন। জুবিন দাই গাইছে যে “মন যায়” ; মাত্ৰ এই সকলোবোৰ মন যায়। বাকী আগন্তুক সময়লৈ চাওঁ, ভগৱানে কি ৰাষ্টা দেখুৱায়।

… ধন্যবাদ দাদা। আপোনাৰ আগন্তুক সকলো সপোন সাৰ্থক হওঁক।

অমিতাভ বৰাঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/15772/feed 0 15772
ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ https://rupaliparda.com/archives/13131 https://rupaliparda.com/archives/13131#respond Mon, 13 Apr 2020 12:30:01 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13131 বলীউডৰ প্ৰায় সমূহ তাৰকাৰ ব্যক্তিগত ইউটিউব চেনেল থকা আমি সকলোৱে দেখিছো। তেওঁলোকৰ এই চেনেল সমূহত বিভিন্ন কমেডী ভিডিঅ’ নাইবা দৰ্শকক ফিটনেছ টিপ কিছুমান দি ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায়। শিল্পা ছেট্টী, আলিয়া ভাট, বৰুণ ধৱন,দিশা পাটানীৰ সমান্তৰালকৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ মাজতো এনে এক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান ভিডিঅ’ বহুল দৰ্শকৰ মাজত শ্বেয়াৰ কৰিবলৈ এওঁলোকে ইউটিউবৰ সহায় লোৱা দেখা যায়; এনেক্ষেত্ৰত কিছুদিন পূৰ্বে ব্যক্তিগত ইউটিউব চেনেল খুলিছিল অভিনেত্ৰী কৰৱী শৰ্মাই। কোৱাৰেণ্টাইনৰ এই সময়ভাগত দৰ্শক ও নিজ অনুৰাগীক অকণমান মনোৰঞ্জন কৰোৱাৰ মানসেৰে কৰৱী শৰ্মাই তেওঁৰ বান্ধৱী সকলৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছে এটা নৃত্য।


বলীউডত জনপ্ৰিয় হৈ পৰা ৰিটৱিজৰ এটি গীত “লিগ্গি” ত নৃত্য কৰি কৰৱী শৰ্মাই ইউটিউবত আপলোড কৰিছে ভিডিঅ’। এগৰাকী সহজ-সৰল ভনীয়েকৰ পৰা পিছলৈ গৈ এজনী খঙাল ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা কৰৱীয়ে ৰিয়েল লাইফত খুবেই ধেমালি কৰে। “তোমাৰ মৰমে মোক” কৰা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গৰাকী অভিনেত্ৰী বৰ্তমান সময়ৰ পৰিচালকৰ বাবে প্ৰিয় নাম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ 7


অভিনয়ৰ কোনো ধৰণৰ শিক্ষা নাই লোৱা যদিও একাগ্ৰতাৰ দ্বাৰা আৰম্ভণি হোৱা কৰৱীৰ অভিনয় জীৱনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক সময়ত কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা যাব কৰৱী শৰ্মাক।

]]>
https://rupaliparda.com/archives/13131/feed 0 13131
“পাৰিজাত” ক চাবলৈ অনুৰাগীয়ে কৰিব লাগিব কিছু অপেক্ষাঃ শিক্ষা জীৱনত মনোনিৱেশ কৰিছে ময়ূৰীয়ে- https://rupaliparda.com/archives/11173 https://rupaliparda.com/archives/11173#respond Mon, 09 Mar 2020 13:32:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11173 অসমীয়া সংস্কৃতিৰ প্ৰতি তীব্ৰ শ্ৰদ্ধাশীল এগৰাকী অসমীয়া অভিনেত্ৰী। নৱাগতা এই গৰাকী অভিনেত্ৰীয়ে অভিনয় জীৱনৰ প্ৰথমটো প্ৰকল্পতেই লাভ কৰিছিল দৰ্শকৰ যথেষ্ট সমাদৰ। এই গৰাকী হৈছে ময়ূৰী গৌতম কলিতা। “পাৰিজাত” চৰিত্ৰটোৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা এই গৰাকী অভিনেত্ৰীয়ে “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ পৰা বুটলিছিল সঁহাৰি। কিন্তু, এই গৰাকী অভিনেত্ৰীক যদিহে আকৌ এবাৰ টেলিভিছন পৰ্দাত অনুৰাগীয়ে চাব বিচাৰে তেতিয়াহ’লে তেওঁলোকে কৰিব লাগিব অকণমান অপেক্ষা।

"পাৰিজাত" ক চাবলৈ অনুৰাগীয়ে কৰিব লাগিব কিছু অপেক্ষাঃ শিক্ষা জীৱনত মনোনিৱেশ কৰিছে ময়ূৰীয়ে- 8
"পাৰিজাত" ক চাবলৈ অনুৰাগীয়ে কৰিব লাগিব কিছু অপেক্ষাঃ শিক্ষা জীৱনত মনোনিৱেশ কৰিছে ময়ূৰীয়ে- 9


অভিনয়ৰ লগতে শিক্ষাগত জীৱনক সমানে আগবঢ়াই নিয়া ময়ূৰীয়ে বৰ্তমান সম্পূৰ্ণ মনোনিৱেশ কৰিছে তেওঁৰ শিক্ষাগত জীৱনত। কিছু সময়ৰ বাবে অভিনয় জীৱনৰ পৰা ফালৰি কাটি ময়ূৰী এতিয়া ব্যস্ত এম.এ এনেট্ৰেন্স পৰীক্ষাৰ বাবে। আনহাতে, হোলীৰ সময়ছোৱাত আবিৰৰ সৈতে খেলি আপলোড কৰা ময়ূৰীৰ ফটোৱে এতিয়া হৃদয় জিনিছে দৰ্শকৰ।

]]>
https://rupaliparda.com/archives/11173/feed 0 11173
কৰৱী ওৰফে মল্লিকা ওৰফে “কাউ গাৰ্ল”- আপোনাৰ পচন্দ ক’ত?? https://rupaliparda.com/archives/10971 https://rupaliparda.com/archives/10971#respond Thu, 05 Mar 2020 08:36:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10971 আপোনালোকৰ বাৰু “মল্লিকা বৰুৱা” ক মনত আছেনে? অসমীয়া ধাৰাবাহিক সমূহৰ নিগেটিভ চৰিত্ৰবোৰৰ ভিতৰত এটা উল্লেখনীয় নিগেটিভ চৰিত্ৰ আছিল মল্লিকা বৰুৱাৰ। প্ৰেমত প্ৰতাৰণা সহ্য কৰিব নোৱাৰি নিজ প্ৰেমিকৰেই হত্যা কৰি পেলাইছিল এই মল্লিকাই। কিন্তু আজি আমি মল্লিকা নহয়; আপোনালোকক জনাম মল্লিকাৰ চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী কৰৱী শৰ্মাই কি কৰি আছে বৰ্তমান। ইখনৰ পিছত সিখন ধাৰাবাহিকত কৰা অভিনয় যোগে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে কৰৱী শৰ্মা। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে অভিনয় জগতত নামি পৰিছিল তেওঁ।

কৰৱী ওৰফে মল্লিকা ওৰফে "কাউ গাৰ্ল"- আপোনাৰ পচন্দ ক'ত?? 10
কৰৱী ওৰফে মল্লিকা ওৰফে "কাউ গাৰ্ল"- আপোনাৰ পচন্দ ক'ত?? 11


“তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা পিছত তেওঁৰ অনুৰাগীৰ সংখ্যা এতিয়া লেখত ল’বলগীয়া। কৰৱীক আকৌ এবাৰ টেলিভিছন পৰ্দাত চাবলৈ উৎসাহিত হৈ আছে তেওঁৰ অনুৰাগী সকল। কিছুদিন পূৰ্বে সফল সমাপ্তি ঘটা উক্ত ধাৰাবাহিকখনৰ পিছত চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গ’ল তেওঁৰ এক নিউ লুক। “কাউ গাৰ্ল” থীম লৈ কৰা ফটোশ্বুট টোৱে দৃষ্টি আকৰ্ষণ কৰিছে কৰৱীৰ অনুৰাগীৰ। খঙাল “মল্লিকা” ক নতুন ৰূপত দেখিবলৈ পাই অনুৰাগীয়ে কমেন্টো কৰা দেখিবলৈ পোৱা গ’ল তেওঁৰ ফটোখনত।


কিছু ব্যক্তিগত কাৰণত কোনো ডাঙৰ প্ৰজেক্ট হাতত লোৱা নাই যদিও অতি সোনকালে তেওঁ অনুৰাগীৰ মাজলৈ আহিব বুলি আশ্বাস দিয়ে।

]]>
https://rupaliparda.com/archives/10971/feed 0 10971
“ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো”- শুভাশীষ ৰিয়ান https://rupaliparda.com/archives/9797 https://rupaliparda.com/archives/9797#respond Sun, 26 Jan 2020 09:35:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9797 নাটকৰ পৰা ধাৰাবাহিক আৰু ধাৰাবাহিকৰ পৰা আগন্তুক সময়ত সফলতাৰ অনন্তলৈ যোৱাৰ চেষ্টাত বৰ্তমান এগৰাকী অভিনেতা। ৰং চেনেলত প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক “ভাড়াঘৰ” ৰ তৃতীয়টো সংস্কৰণত কাকতিৰ জোঁৱায়েক ৰূপে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা এই গৰাকী অভিনেতাই নিজ শেষৰটো খণ্ডলৈ অহা “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ ৰাঘৱ চৰিত্ৰটোৰ জৰিয়তে অনুৰাগীৰ সংখ্যা নবঢ়োৱাকৈ নিশ্চয় থকা নাই। এই গৰাকী অভিনেতাৰ নাম হৈছে শুভাশীষ ৰিয়ান কাশ্যপ।

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 12


শুভাশীষ ৰিয়ান কাশ্যপক ৰূপালী পৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আপোনালোকে লগ পাব; জানিব পাৰিব তেওঁৰ বিষয়ে কিছু কথাঃ

প্ৰশ্নঃ তুমি নাটকত কৰা অভিনয়ৰ যোগেৰে এই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত। তুমি শেহতীয়াকৈ এখন ধাৰাবাহিকো সম্পূৰ্ণ কৰিলা; গতিকে এই নাটক আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ মাজত কোনটো তোমাৰ প্ৰিয় আছিল??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 13

শুভাশীষঃ উমম…… নাটক আৰু ধাৰাবাহিক দুয়োটাই পৃথক; দুয়োখন ক্ষেত্ৰৰে সুকীয়া এক আমেজ আছে। গতিকে, মই যদি মোৰ ফালৰ পৰা একেষাৰে ক’বলৈ যাওঁ; তেতিয়াহ’লে মই “নাটক” হে প্ৰিয় বুলি ক’ম।
কাৰণ “লাইভ অডিয়েন্স” ৰ আগত যেতিয়া কোনো প্ৰতিভা প্ৰদৰ্শন কৰা হয়; তাৰ মজাটোৱে আছলতে বেলেগ ধৰণৰ। মজাটো ধাৰাবাহিকতো আছে; কিন্তু দুইটা এটা আনটোতকৈ ভিন্ন। আৰু, যদি ক’বলৈ যাওঁ তেতিয়াহ’লে নাটকেই “মোক” চিনাকী দিছে। নাটকতেই মই অভিনয়ৰ আদিপাঠ শিকিছো; গতিকে নাটক মোৰ বাবে প্ৰিয়।

প্ৰশ্নঃ “হিৰো” আৰু “ভিলেইন” চৰিত্ৰ দুটাৰ মাজত কোনটো চৰিত্ৰ কৰিবলৈ তুমি বেছি উৎসাহিত হৈ থকা??

https://www.instagram.com/p/B7D95PeB-U2/?utm_source=ig_web_copy_link

শুভাশীষঃ হা হা হা…… এইটো এটা সাংঘাতিক প্ৰশ্ন কৰিলা দেই। আছলতে “হিৰো” হোৱাৰ সপোনটো সকলোৱে দেখে। “হিৰো” চৰিত্ৰটো ৰূপায়ন কৰাৰ ইচ্ছা মোৰো নথকা নহয়; বাকী “ভিলেইন” যিটো চৰিত্ৰ সেইটো কিন্তু বৰ ভাল লগা। কাৰণ তুমি সেইটো সময়ত এজন এনে ব্যক্তিলৈ ৰূপান্তৰ হ’ব লাগে যিজন তুমি ব্যক্তিগত জীৱনত একেবাৰেই নহয়। মই এইবাৰ “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত প্ৰথমবাৰৰ বাবে ভিলেইন চৰিত্ৰটো ৰূপায়ন কৰিছো। চৰিত্ৰটো কৰি মই যথেষ্ট খিনি অভিজ্ঞতা লাভ কৰিছো; বহুখিনি শিকিছো।
আৰু, যদিহে মই কোনো ধাৰাবাহিকৰ প্ৰজেক্ট হাতত লওঁ তেতিয়াহ’লে মই “ভিলেইন” ৰ চৰিত্ৰটোৱে ল’ব বিচাৰিম। কাৰণ, মই প্ৰথমবাৰ এই চৰিত্ৰটো কৰোতে কিছু ক্ৰুটি ৰৈ গৈছে; ভবামতে দৰ্শককো হয়টো দিব পৰা নাই। গতিকে, আগন্তুক যেতিয়া “ভিলেইন” চৰিত্ৰটো ল’ম তেতিয়া আগতে হৈ যোৱা ভুলবোৰ শুধৰোৱাৰ চেষ্টা কৰিম। বাকী “হিৰো” কৰিম কেতিয়াবালৈ; নেদেখা জনে যেতিয়ালৈ মিলায়। হা হা হা……

প্ৰশ্নঃ শ্বুটিঙত আহোতে কেতিয়াবা দেৰি কৰিছানে?? দেৰি কৰাৰ পিছত তুমি সন্মুখীন হোৱা কিবা ভয় লগা অথবা হাঁহি উঠা পৰিস্থিতি মনত আছেনে??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 14

শুভাশীষঃ শ্বুটিঙত আজিলৈ মোৰ দেৰি হোৱা নাই দেই; বৰ্তমানলৈ তিনি নম্বৰখন ধাৰাবাহিক সম্পূৰ্ণ কৰিলো। খুব বেছি দেৰি নাই হোৱা; মোক যিটো “নিৰ্দ্দিষ্ট সময়ত” মাতে মই তেতিয়াই উপস্থিত হ’বলৈ চেষ্টা কৰো। এজন আৰ্টিষ্ট হিচাপে সময়ত আহি পোৱাটো মই জৰুৰী বুলি ভাবো। গতিকে, আজিলৈ চেষ্টা কৰি আহিছো মই যাতে টাইমটো মেক-আপ কৰিব পাৰো।
আনহাতে, এটা ভয়ো থাকে দেই; যদিহে দেৰিকৈ শ্বুটিঙলৈ পাওঁ তেতিয়াহ’লে প্ৰডাকচন হাউচে কিবা এটা শুনাই দিব বুলি। ইয়াৰ মাজতে এটা উদাহৰণ দিওঁ, “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ শ্বুটিঙৰ দ্বিতীয়টো দিনা মোক সময় দিয়া হৈছিলে ৰাতিপুৱা ৭ বজাত। আৰু, মই নাজানো মোৰ ৰুমটোৰ পৰা শ্বুটিঙ লোকেশ্বনলৈ দূৰ কিমান। আগদিনা খন আহিছিলো যদিও ইমান বেছি মন কৰা নাছিলো।
গতিকে, পিছদিনাখন মই কি কৰিলো ৰাতিপুৱা ৬ টা বজাতেই “ৰেপিডো” এখন লৈ শ্বুটিঙ লোকেশ্বনলৈ গ’লো। বিশ্বাস কৰিবা মই কেইটাত গৈ পালোগৈ জানা?? ৬ বাজি ১৫ মিনিটত। হা হা হা…… সেইদিনা প্ৰডাকচন হাউচে মোক নহয়; মই ৰৈছিলো তেওঁলোকৰ বাবে। আমনি লাগি গৈছিল সেইদিনা……

প্ৰশ্নঃ”তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ সৈতে জড়িত তোমাৰ কিবা ভাল লগা মহুূৰ্ত?? অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ একেখন ধাৰাবাহিকত আছিল; তোমাৰ অনুভৱ কেনেকুৱা?

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 15

শুভাশীষঃ “তোমাৰ মৰম মোক” ধাৰাবাহিকখনত থকা প্ৰথমটো দিনৰ পৰা শেষৰ দিন মোৰ বাবে ভাল লগা আছিল। ইয়াৰ মাজত আমি একেলগে কটোৱা প্ৰত্যেকটো মহুূৰ্তই মোৰ বাবে ভাল লগা আছিল। কৰৱী, ৰাতুল দা, ময়ূৰী,নীলা বা কে ধৰি আমাৰ গোটেই টিমটো লগতে পৰিচালক, ডি.অ.পি নয়ন আদি সকলোৰে লগতে আমাৰ ইমানেই আন্তৰিকতা তথা বন্ধুত্ব গঢ়ি উঠিছিল যে মই মোৰ শেষ শ্বুটিঙৰ দিনা কান্দিবলৈ বাধ্য হৈ গৈছিলো।
ৰাতিপুৱা যোৱা সময়টোৰে পৰা ৰাতি আহি নিজ নিজ ঘৰ পোৱালৈকে; আমি কৰা হাঁহি-ধেমালি,স্ফূৰ্তি-তামছা, আদি সকলোৱে মোৰ বাবে প্ৰিয়। ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটো মূহুৰ্ত মই সযতনে ৰাখিছো। মই ধাৰাবাহিকখনৰ জৰিয়তে এগৰাকী ভাল বান্ধৱী পালো কৰৱী, এজন দাদা হিচাপে ৰাতুল দা, ভণ্টি হিচাপে ময়ূৰী পালো। পৰিচালক অমিতাভ দাদাক মই নিজৰ দাদা ৰূপেই মানিছো; বাকী নীলা বা, মলয়া বাইদেউ হঁতটো আছেই।
আৰু, মই নিজক বৰ সোভাগ্যৱান বুলি ভাবো যে মই মলয়া গোস্বামী বাইদেউৰ সৈতে একেলগে কাম কৰাৰ সুবিধা পাইছো। তেওঁৰ সৈতে কাম কৰাৰ সৰুৰ পৰাই সপোন আছিল; এই সপোন পূৰ কৰা বাবে সঁচাকৈ প্ৰডাকচন হাউচক ধন্যবাদ জনাইছো। তেওঁৰ সৈতে কাম কৰিবলৈ পাই মই ধন্য; তেওঁ আমাক প্ৰত্যেককে বহুখিনি কথা শিকাইছেও। তেওঁৰ সৈতে কথা-পাতি, তেওঁৰ সমুখত বহি অভিনয় চাই খুব ভাল লাগে।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ আৰু কি কি আছে??

"ধাৰাবাহিকখনৰ সৈতে কটোৱা প্ৰত্যেকটা দিনেই ইমান বেছি ভাল লগা আছিল যে; মই কান্দিবলৈ বাধ্য হৈ পৰিছিলো"- শুভাশীষ ৰিয়ান 16

শুভাশীষঃ আগন্তুক প্ৰজেক্ট বুলিবলৈ মই তেনেকৈ হাতত বৰ্তমানলৈ একো লোৱা নাই। অকণমান ঘৰুৱা সমস্যাৰ বাবে মই যোৰহাটলৈ আহিলো; ইয়াতেই এপ্ৰিললৈ থাকিম। বাকী, দুখনমান চিৰিয়েলৰ বাবে কথা পাতি থকা হৈছে; চাওঁচোন কি হয়…

… ধন্যবাদ শুভাশীষ। আমাৰ সৈতে ইমানখিনি সময় কটোৱা বাবে…

শুভাশীষঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/9797/feed 0 9797
জয় ওৰফে ৰাতুলৰ জন্মদিনঃ https://rupaliparda.com/archives/9431 https://rupaliparda.com/archives/9431#respond Sun, 12 Jan 2020 10:43:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9431 প্ৰত্যেকখন ঘৰত টি.ভি ত কি চোৱা হ’ব তাক লৈ এবাৰ হ’লেও ৰিমোটৰ বাবে এখন কাজিয়া হয়েই। এনেস্থলত ধাৰাবাহিক সমূহৰ বাবে মা, আইতা, পেহী, মাহী সকলে সময়ৰ আগতেই আহি টি.ভি ৰ আগত বহি থকা কিছু ঘটনা দেখিবলৈ পোৱা যায়। ধাৰাবাহিকৰ কথা কওঁতে; এখন ধাৰাবাহিকৰ নাম উল্লেখ কৰিবই লাগিব। সেইখন হৈছে “তোমাৰ মৰমে মোক”; ধাৰাবাহিকখনৰ কাহিনী তথা শিল্পীৰ অভিনয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ আজুৰিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত ৰাতুল শৰ্মাই আজি উদযাপন কৰিছে তেওঁৰ জন্মউৎসৱ।

জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 17


কটন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ বাবে লোৱা নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয়ৰ প্ৰতি ৰাপ থকা স্বত্বেও তেওঁ পোৱা নাছিল অভিনয়ৰ জখলাডাল; য’ত বগাই তেওঁ পালেহেঁতেন নিজৰ গন্তব্য স্থান। কিন্তু, কষ্ট কৰোতাই কোনো দিন হাৰি নাযায়; আৰু পিছত হ’লেও ৰাতুল শৰ্মাই লাভ কৰিলে অভিনয়ৰ সুযোগ।

জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 18
জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 19

এই গৰাকী অভিনেতাক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো তেওঁৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা।

]]>
https://rupaliparda.com/archives/9431/feed 0 9431
সতিনী গুচি হ’ল “বেষ্ট-ফ্ৰেইণ্ড”ঃ উঠিলে ফটো- https://rupaliparda.com/archives/9170 https://rupaliparda.com/archives/9170#respond Sat, 04 Jan 2020 10:38:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9170 সতিনীৰ মাজত গঢ়ি উঠিল বন্ধুত্ব। ইজনীয়ে সিজনীৰ লগত উঠিলে ফটো; এই ফটোৱে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। হয়, আপোনালোকে ঠিকেই শুনিছে। ৰীল লাইফত “সতিনী” চৰিত্ৰ ৰূপায়ন কৰা দুগৰাকী অভিনেত্ৰী ৰিয়েল লাইফত হৈছে “বেষ্ট ফ্ৰেইণ্ড”।

https://www.instagram.com/p/B64nrUzHvL2/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B6vmiL_J19E/?utm_source=ig_web_copy_link


আমি আপোনালোকক কৈছো “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা মল্লিকা আৰু পাৰিজাতৰ কথা। ৰীল লাইফত বিভিন্ন যুদ্ধ তথা কথাৰ কটা-কটি চলি থকা এই দুগৰাকী অভিনেত্ৰী ক্ৰমে কৰৱী আৰু ময়ূৰী ৰিয়েল লাইফত এগৰাকী আন গৰাকীৰ প্ৰিয় বান্ধৱী।

সতিনী গুচি হ'ল "বেষ্ট-ফ্ৰেইণ্ড"ঃ উঠিলে ফটো- 20
সতিনী গুচি হ'ল "বেষ্ট-ফ্ৰেইণ্ড"ঃ উঠিলে ফটো- 21


শ্বুটিঙ সময়ছোৱাৰ বিভিন্ন ফটো তথা ভিডিঅ’য়ো একেলগে শ্বেয়াৰ কৰে অভিনেত্ৰী দুগৰাকীয়ে। চাওঁক এই ফটোঃ

]]>
https://rupaliparda.com/archives/9170/feed 0 9170
নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ “শুভাশীষ ৰিয়ান কাশ্যপ”- https://rupaliparda.com/archives/7327 https://rupaliparda.com/archives/7327#respond Sun, 22 Dec 2019 09:30:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7327 প্ৰবল ইচ্ছাই অভীষ্ট লক্ষ্যৰ বাট কাটে।অভিনয়ৰ প্ৰতি প্ৰৱল ইচ্ছা থকা শুভাশীষ ৰিয়ান কাশ্যপ এতিয়া ৰূপালী পৰ্দাৰ এখন চিনাকী মুখ ৷ এমেছাৰ মঞ্চৰ পৰা ৰূপালী পৰ্দাৰ জগতখনলৈ শুভাশীষ ৰিয়ান কাশ্যপৰ এই যাত্ৰা বৰ বেছি দীঘলীয়া নহয় যদিও সফল আৰু সম্ভাৱনাপূৰ্ণ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 22


অসম নাট্য সন্মিলন যোৰহাট শাখাৰ তাপস তৰুণ শইকীয়াৰ তত্বাৱধানত অসমৰ ভিন্ন প্ৰান্তত “বিবাহ : এটি বাঁহীৰ সুৰ ” নাটকত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা শুভাশীষ ৰিয়ান কাশ্যপে বহু প্ৰতিযোগিতাত লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 23

যোৰহাটৰ সন্তান শুভাশীষ বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখ। ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “ভাৰাঘৰ” ৰ তৃতীয় সংস্কৰণৰ বহু কেইটা খণ্ডত বলিষ্ঠ অভিনয় প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় অভিনেতা গৰাকীয়ে ৷ পিছলৈ ৰেঙনি চেনেলত প্ৰচাৰিত ধাৰাবাহিক ‘ অালপনা’ ত কৰা অভিনয়ৰ যোগেৰে ৰাইজৰ মাজত চৰ্চিত হৈ পৰে শুভাশীষ ৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 24


শুভাশীষৰ প্ৰতিভা শেহতীয়াকৈ অধিক জনপ্ৰিয় হৈ পৰিছে ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনৰ “ৰাঘৱ” চৰিত্ৰটোৰ জৰিয়তে ৷ ৰং চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিকৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰা শুভাশীষ ৰিয়ানে ইয়াৰ উপৰিও বহুকেইটা ভিডিঅ’ গীতটো অভিনয় কৰিছে৷

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 25
নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ "শুভাশীষ ৰিয়ান কাশ্যপ"- 26


অভিনয়ৰ প্ৰতি থকা নিষ্ঠাই তেওঁক এনেদৰেই সুন্দৰৰ পথেৰে আগুৱাই যোৱাৰ অবিৰত ইন্ধন যোগাই যাওঁক। অসমবাসীয়ে এজন নিপুণ অভিনয় শিল্পী লাভ কৰক। অভিনয়ৰ নতুন দিগন্ত উন্মোচন কৰাত তেওঁ সফল হোৱাৰ কামনাৰে ৰূপালী পৰ্দাৰ ফালৰ পৰা শুভাশীষ ৰিয়ানক জনাইছো তেওঁৰ আগন্তুক জীৱনৰ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/7327/feed 0 7327
সাক্ষাৎকাৰ বিশেষঃ “তোল তোল ৰাতুল আহিছে; ফটো তোল”- ৰাতুল শৰ্মা- https://rupaliparda.com/archives/8015 https://rupaliparda.com/archives/8015#respond Sun, 17 Nov 2019 09:30:10 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8015 প্ৰত্যেকখন ঘৰত টি.ভি ত কি চোৱা হ’ব তাক লৈ এবাৰ হ’লেও ৰিমোটৰ বাবে এখন কাজিয়া হয়েই। এনেস্থলত ধাৰাবাহিক সমূহৰ বাবে মা, আইতা, পেহী, মাহী সকলে সময়ৰ আগতেই আহি টি.ভি ৰ আগত বহি থকা কিছু ঘটনা দেখিবলৈ পোৱা যায়। ধাৰাবাহিকৰ কথা কওঁতে; এখন ধাৰাবাহিকৰ নাম উল্লেখ কৰিবই লাগিব। সেইখন হৈছে “তোমাৰ মৰমে মোক”; ধাৰাবাহিকখনৰ কাহিনী তথা শিল্পীৰ অভিনয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ আজুৰিবলৈ সক্ষম হৈছে।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 27


গতিকে, ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি লৈ আহিছো ধাৰাবাহিকখনৰ এটি মূল চৰিত্ৰ জয় ওৰফে ৰাতুল শৰ্মাৰ সৈতে হোৱা এটা টেলিফোনিক ইন্টাৰভিউ। সময়ৰ অভাৱৰ ফলত তেওঁ প্ৰশ্ন সমূহৰ চমু উত্তৰ দিছিল যদিও আমি আপোনাক ক’ম ৰাতুল শৰ্মাক কোনে জোকাইছিল কি??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 28


কটন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ বাবে লোৱা নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয়ৰ প্ৰতি ৰাপ থকা স্বত্বেও তেওঁ পোৱা নাছিল অভিনয়ৰ জখলাডাল; য’ত বগাই তেওঁ পালেহেঁতেন নিজৰ গন্তব্য স্থান। কিন্তু, কষ্ট কৰোতাই কোনো দিন হাৰি নাযায়; আৰু পিছত হ’লেও ৰাতুল শৰ্মাই লাভ কৰিলে অভিনয়ৰ সুযোগ।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 29

……এতিয়া চাওঁ আহক ৰাতুল শৰ্মাৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰঃ

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈছিল??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 30

ৰাতুলঃ অভিনয়ৰ প্ৰতি ৰাপ সৰুৰ পৰাই আছিল; গাঁৱত হোৱা থিয়েটাৰ সমূহ চাবলৈ যাওঁতে অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলো। কিন্তু ঘৰতো তেনেকুৱা বৰ বিশেষ এটা পৰিৱেশ নাছিল গতিকে পিছপৰি ৰৈছিলো।
যেতিয়া কটনলৈ আহিলো গ্ৰেজুৱেচন আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে তেতিয়া তাত সকলোৱে মোক “অভিনয়” কিয় নকৰা বুলি প্ৰশ্ন কৰিছিল। তেনেকৈয়ে পিছলৈ মই এটা ফটোশ্বুট কৰিলো আৰু সুবিধা পালো এখন ধাৰাবাহিক “জোনাকৰ বৰষুণ” ত কাম কৰাৰ। এয়াই আছিল এজন অভিনেতা হিচাপে মোৰ প্ৰথম কাম।

প্ৰশ্নঃ “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনে নিশ্চয় আপোনাক এক নতুন চিনাকী দিবলৈ সক্ষম হৈছে; আপুনি কি ক’ব??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 31

ৰাতুলঃ বৰ্তমানলৈ যিমান কাম কৰিছো; যিমান অভিনয় কৰিছো। সেইসমূহৰ ভিতৰত “তোমাৰ মৰমে মোক” ধাৰাবাহিকখন মোৰ অভিনয় জীৱনৰ এটা ভাল অভিজ্ঞতা। এই ধাৰাবাহিকখনৰ পৰাই ৰাইজৰ মৰম বুটিবলৈ সক্ষম হৈছো।

প্ৰশ্নঃ স্কুল বা কলেজত কিবা জোকোৱা নাম আছিল নে??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 32

ৰাতুলঃ হা হা হা……… জোকোৱা কথাটোৰ পৰা এটা বিৰাট ভাল কথা মনলৈ আহিল। মোৰ জোকোৱা নাম এটাই আছিল আৰু সেইটো ক’লে ৰাইজে হাঁহিবহে। কি আছিল জানা?? “তোল তোল ৰাতুল আহিছে; ফটো তোল”। হা… হা…হা

প্ৰশ্নঃ বৰ্তমান ধাৰাবাহিক খনত দুগৰাকীকৈ যুৱতীয়ে আপোনাক নিজৰ কৰি ল’বলৈ চেষ্টা কৰি আছে। ৰিয়েল লাইফতো এনেকুৱাই নে??

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 33

ৰাতুলঃ এয়াটো অভিনয়; এটা চৰিত্ৰ ৰূপায়ন কৰি আছো মাত্ৰ। ব্যক্তিগত জীৱনত ইমানখিনি এতিয়ালৈ হোৱাগৈ নাই আৰু!

প্ৰশ্নঃ আপোনাৰ আৰু কিবা প্ৰজেক্ট চলি আছে নেকি বা আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

সাক্ষাৎকাৰ বিশেষঃ "তোল তোল ৰাতুল আহিছে; ফটো তোল"- ৰাতুল শৰ্মা- 34

ৰাতুলঃ উমম… ধাৰাবাহিকখনৰ বাদেও এখন চিনেমাৰ প্ৰজেক্ট কৰি আছো। চিনেমাখন হৈছে “চন্দ্ৰাৱলী”।

…ধন্যবাদ ছাৰ; আপুনি ইমান সময়ৰ অভাৱ হোৱা স্বত্বেও আমাক এইকণ সময় দিয়াৰ বাবে।

ৰাতুলঃ ধন্যবাদ ।

]]>
https://rupaliparda.com/archives/8015/feed 0 8015