Udayan Duara – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 06:30:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Udayan Duara – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে ‘দ্য ক্লিনিক’- https://rupaliparda.com/archives/28628 https://rupaliparda.com/archives/28628#respond Thu, 07 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28628 অসমীয়া এখন নতুন ৱেব চিৰিজ মুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। শেহতীয়াকৈ মহুৰত সম্পন্ন হৈছে এখন নতুন ৱেব চিৰিজ ‘দ্য ক্লিনিক’ ৰ। এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ ৱেব চিৰিজসমূহৰ গ্ৰহণযোগ্যতা আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ, বিশেষকৈ এই একোখন ৱেব চিৰিজত একোটা কাহিনীৰ অথবা একোটা নিৰ্দ্দিষ্ট বিষয়বস্তুৰ পুংখানুপুংখ বিৱৰণ থাকে যাৰ বাবে ই জনপ্ৰিয়তাৰ শিখৰত আছে। হিন্দী অথবা ইংৰাজীৰ লগতে এনে কিছুমান উল্লেখনীয় বিষয়বস্তুৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন দৰ্শকৰ বাবে উৎকণ্ঠাৰ বিষয়ে হৈ পৰিছে। ‘দ্য ক্লিনিক’ ৱেব চিৰিজখনটো বহু বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন ঘটোৱা হৈছে। আপোনালোকক আন এক উৎসাহিত হোৱা বিষয় জনাওঁ যে, ময়ূৰ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজখনত আপোনালোকে যুৱপ্ৰজন্মৰ বহুকেইগৰাকী প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীক উপভোগ কৰিবলৈ সক্ষম হ’ব।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 1


সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ উপস্থাপন কৰাৰ লগতে ৱেব চিৰিজখনৰ সংযোজিত কাহিনীভাগৰ জৰিয়তে জনসজাগতা সৃষ্টি কৰিবলৈও চেষ্টা কৰা হৈছে। সমাজৰ একঘেয়ামী দিশটোৰ লগতে কু-সংস্কাৰৰ কিছু আভাস প্ৰদান কৰাৰ উপৰিও মহানগৰীৰ কৰ্পোৰেট কালচাৰ আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ ওপৰত পৰা চাপকো বৰ্ণনা কৰা হৈছে। ৱেব চিৰিজখনৰ খণ্ড অনুসৰি দৰ্শকসকল কাহিনীভাগৰ ভিতৰত আৰু অধিক সোমাই গৈ থাকিব বুলি একাষাৰে কৈ দিব পাৰি। ‘দ্য ক্লিনিক’ ৰ পৰিচালনাৰ দায়িত্বত আছে হিতাৰ্থ বৰাই। ইয়াত অভিনয় কৰিছে ক্ৰমে প্ৰসেনজিৎ বৰা, হিৰণ্য ডেকা, অপৰ্ণা দত্ত চৌধুৰী, উদয়ন দুৱৰা, অৰ্ঘ্যদ্বীপ বৰুৱা, বেদব্ৰত বৰা, বেদান্ত প্ৰকাশ বৰা আৰু হিতাৰ্থ বৰাই। অসমীয়া দুইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠও এই ৱেব চিৰিজখনত সংযোজন কৰা হৈছে। গীত দুটিত কণ্ঠদান কৰিছে ক্ৰমে শংকুৰাজ কোঁৱৰ আৰু প্ৰবীণ বৰাই। মূলসুঁতিৰ বিষয়বস্তুৰ বহু আঁতৰৰ চিৰিজখন দৰ্শনীয় আৰু নতুন চিন্তাৰ বাহক হ’ব বুলি আশা কৰা হৈছে।

বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন উপস্থাপনেৰে আহি আছে 'দ্য ক্লিনিক'- 2


ৱেব চিৰিজখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক সমাজ। লগতে, সফলতাৰ কামনা কৰি ৱেব চিৰিজখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28628/feed 0 28628
কন্যাৰ বাবে শ্ৰেষ্ঠ পুৰুষ হিচাবে থিয় দিব অভিনেতা উদয়ন দুৱৰাইঃ https://rupaliparda.com/archives/27982 https://rupaliparda.com/archives/27982#respond Sat, 14 Aug 2021 10:30:00 +0000 https://rupaliparda.com/?p=27982 অমৃতা গগৈ, ৰাকেশ ৰিয়ানৰ সমান্তৰালকৈ এইবাৰ জীৱনৰ তৃতীয়খন ইনিংছত অৱতীৰ্ণ হৈছে অভিনেতা উদয়ন দুৱৰাই। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰাই শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে স্পষ্ট কৰিছে যে পিতৃত্বৰ সুখ প্ৰাপ্তিৰ পিছত কিমান সুখী তেওঁ। এগৰাকী কন্যা সন্তানৰ পিতৃ বৰ্তমান অভিনেতা গৰাকী, কন্যা গৰাকীৰ সৈতে ইনষ্টাগ্ৰাম যোগে এখন ফটো আপলোড কৰি শেহতীয়াকৈ অভিনেতা গৰাকী প্ৰতিজ্ঞাবদ্ধ হৈ যে অনাগত দিনত নিজ সন্তানৰ বাবে তেওঁ এগৰাকী শ্ৰেষ্ঠ পুৰুষ হিচাবে নিজক প্ৰমাণিত কৰিব। তেওঁলোকৰ সুখৰ সময়কণত বহুকেইগৰাকী অসমীয়া অভিনেতা- অভিনেত্ৰীয়ে শুভকামনাও জ্ঞাপন কৰিছে। অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰূপে পৰিগণিত উদয়ন দুৱৰাৰ অনুৰাগীৰ শাৰীখন আচলতে যথেষ্ট দীঘলীয়া। তেওঁক বৰ্তমান পডকাষ্ট শ্ব “অযান্ত্ৰিক” ত নৱপ্ৰজন্মৰ পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ সৈতে ঘোষক ৰূপে দেখিবলৈ পোৱা যায়। খুবেই জনপ্ৰিয় হৈ উঠা এই শ্ব’টোত বৰ্তমানলৈ ভালকেইজন প্ৰভাৱশালী ব্যক্তিৰ আগমন ঘটিছে। বিগত বৰ্ষত “UD Talks” নামে এক অনলাইন সাক্ষাৎকাৰ অনুষ্ঠানৰো পোষকতা কৰিছিল অভিনেতা গৰাকীয়ে। এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটা দেখিবলৈ পোৱা গৈছিল। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা এই অনুষ্ঠানটো জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই আৰম্ভ কৰা হৈছিল।


উল্লেখ্য যে, উদয়ন দুৱৰাক আহিবলগীয়া সময়ত এখন বহু প্ৰত্যাশিত ছবি “গুৱাহাটী ডায়েৰিজ” ত দেখিবলৈ পোৱা যাব। আনহাতে, তেওঁৰ জীৱনলৈ আহিবলগীয়া সন্তানটিৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে অভিনেতা গৰাকীৰ অনাগত দিনবোৰ সুখময় হওক ৰূপালীপৰ্দাৰ তৰফৰ পৰা তাৰেই আশা ৰাখিছোঁ।

]]>
https://rupaliparda.com/archives/27982/feed 0 27982
অতিশীঘ্ৰে পিতৃৰ মুকুট শিঁৰত পিন্ধিব উদয়ন দুৱৰাইঃ https://rupaliparda.com/archives/27500 https://rupaliparda.com/archives/27500#respond Mon, 19 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27500 অমৃতা গগৈ, ৰাকেশ ৰিয়ানৰ সমান্তৰালকৈ এইবাৰ জীৱনৰ তৃতীয়খন ইনিংছত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাইছে অভিনেতা উদয়ন দুৱৰাই।অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰাই শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে স্পষ্ট কৰিছে যে পিতৃত্বৰ সুখ প্ৰাপ্তিৰ দিশে আগবাঢ়িছে তেওঁ।পত্নী সুনেইনাৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে তেওঁ চচিয়েল মিডিয়াত; তেওঁলোকৰ সুখৰ সময়কণত বহুকেইগৰাকী অসমীয়া অভিনেতা- অভিনেত্ৰীয়ে শুভকামনাও জ্ঞাপন কৰিছে। অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰূপে পৰিগণিত উদয়ন দুৱৰাৰ অনুৰাগীৰ শাৰীখন আচলতে যথেষ্ট দীঘলীয়া। তেওঁক বৰ্তমান পডকাষ্ট শ্ব “অযান্ত্ৰিক” ত নৱপ্ৰজন্মৰ পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ সৈতে ঘোষক ৰূপে দেখিবলৈ পোৱা যায়। খুবেই জনপ্ৰিয় হৈ উঠা এই শ্ব’টোত বৰ্তমানলৈ ভালকেইজন প্ৰভাৱশালী ব্যক্তিৰ আগমন ঘটিছে। বিগত বৰ্ষত “UD Talks” নামে এক অনলাইন সাক্ষাৎকাৰ অনুষ্ঠানৰো পোষকতা কৰিছিল অভিনেতা গৰাকীয়ে। এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটা দেখিবলৈ পোৱা গৈছিল। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা এই অনুষ্ঠানটো জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই আৰম্ভ কৰা হৈছিল।


উল্লেখ্য যে, উদয়ন দুৱৰাক আহিবলগীয়া সময়ত এখন বহু প্ৰত্যাশিত ছবি “গুৱাহাটী ডায়েৰিজ” ত দেখিবলৈ পোৱা যাব। আনহাতে, তেওঁৰ জীৱনলৈ আহিবলগীয়া সন্তানটিৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে অভিনেতা গৰাকীৰ অনাগত দিনবোৰ সুখময় হওক ৰূপালীপৰ্দাৰ তৰফৰ পৰা তাৰেই আশা ৰাখিছোঁ।

]]>
https://rupaliparda.com/archives/27500/feed 0 27500
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি “গুৱাহাটী ডাইৰীজ”- https://rupaliparda.com/archives/22504 https://rupaliparda.com/archives/22504#respond Fri, 04 Dec 2020 08:30:23 +0000 https://rupaliparda.com/?p=22504 “লক-ডাউন” সমাপ্তিৰ পিছত স্তব্ধ হৈ থকা ভালেখিনি ছবিৰ পুনৰ আৰম্ভ হৈছে কাম। আকৌ এবাৰ প্ৰস্তুতি চলিছে একাংশ অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ। আচলতে, আহিবলগীয়া সময়ত অসমীয়া ভালেসংখ্যক প্ৰত্যাশিত ছবিৰ মুক্তিৰ ইতিমধ্যে যো-জা পূৰ্ণগতিত চলিছে। আমি প্ৰায়ে একোজন অভিনেতা আৰু অভিনেত্ৰীৰ এটি ন-যুঁটিক ডাঙৰ অথবা টেলিভিছন পৰ্দাত চাবলৈ উৎসাহিত হৈ থাকো। কিন্তু এইবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব দুগৰাকী অভিনেত্ৰীৰ যুঁটিক। দুইগৰাকী প্ৰতিষ্ঠিত তথা বহুল অনুৰাগীৰে পৰিপূৰ্ণ অভিনেত্ৰীৰ আকৰ্ষণীয় যুঁটিৰ সৈতে আহি আছে এখন অসমীয়া ছবি “গুৱাহাটী ডাইৰীজ”। পূৰ্বতে নিৰ্মিত “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ছবি দুখনৰ পৰিচালক প্ৰশান্ত শইকীয়াৰ পৰিচালনাৰে তথা ড° প্ৰণীতা শইকীয়াৰ প্ৰযোজনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ছবিখন। কাহিনী পৰিচালক গৰাকীৰ নিজৰেই। লগতে ইয়াৰ সহকাৰী প্ৰযোজনা হৈছে প্ৰশান্ত শইকীয়াৰ। পৰিচালক প্ৰশান্ত শইকীয়াৰ দ্বাৰা ইতিমধ্যে পৰিচালিত “যি গল্পৰ শেষ নাই” ছবিখনে ঘৰুৱা দৰ্শকৰ মাজত মুক্তি লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে বৃহৎ সংখ্যাত সঁহাৰি। ছবিখনৰ চিত্ৰনাট্য নীল বৰ্মনৰ; আনহাতে জানিব পৰা মতে, ছবিখনৰ পোষ্ট-প্ৰডাকচনৰ কাম চলি থকা হৈছে। হয়টো, অহা বৰ্ষলৈ ছবিখনে জনসাধাৰণৰ মাজত লাভ কৰিব মুক্তি।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 3
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 4


উক্ত ডফাটোত উল্লেখ কৰা অভিনেত্ৰী দুগৰাকী হৈছে ক্ৰমে উৰ্মিলা মহন্ত আৰু বৰষা ৰাণী বিষয়া। ছবিখনৰ কাহিনীভাগত যদিও “প্ৰেম সম্পৰ্ক” ৰ কাহিনীৰ উপস্থাপন কৰা হৈছে তথাপিও এই ছবিখন হ’ব বহুল ড্ৰামাৰে পৰিপূৰ্ণ। প্ৰহৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত ছবিখনত সংযোজিত কবিতাটি হৈছে শিৱানী হাজৰিকাৰ। ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে পাপু ডেকা আৰু সম্পাদনা অভিজিৎ ৰয়ৰ। দৈনন্দিন আমাৰ জীৱনত অথবা জীৱন শৈলীত ঘটি থকা ঘটনা-পৰিঘটনা সমূহক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “গুৱাহাটী ডাইৰীজ” ৰ কাহিনীভাগ। ছবি খনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, উদয়ন দুৱৰা, অৰ্ঘদ্বীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, মিন্তু বৰুৱা, কমল লোচন আৰু মনীষা হাজৰিকাই। ছবিখনৰ নামটোৱে ছবিখনক লৈ উৎকন্ঠিত কৰি তুলিছে জনসাধাৰণকো।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 5
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 6
পোষ্ট-প্ৰডাকচনত ব্যস্ত অসমীয়া আহিবলগীয়া ছবি "গুৱাহাটী ডাইৰীজ"- 7


উল্লেখ্য যে, নগৰ অঞ্চলত যি সমূহ সম্বন্ধ গঢ় লৈ উঠে; সেই সম্বন্ধ সমূহৰ বিভিন্ন উঠা-নমা আদিক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে “গুৱাহাটী ডায়েৰীজ” ছবিখনৰ কাহিনীভাগ। আহিবলগীয়া সময়ৰ এখন সুন্দৰ ছবি ৰূপে “গুৱাহাটী ডাইৰীজ”।

]]>
https://rupaliparda.com/archives/22504/feed 0 22504
মনীষা বাল্মিকীৰ সৈতে হোৱা কাণ্ডত নিজ ক্ষোভ ব্যক্ত বৰ্ণালী কলিতা আৰু উদয়ন দুৱৰাৰঃ https://rupaliparda.com/archives/20740 https://rupaliparda.com/archives/20740#respond Thu, 01 Oct 2020 12:30:15 +0000 https://rupaliparda.com/?p=20740 উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ কাৰ্যই ইতিমধ্যে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে। এগৰাকী ১৯ বছৰীয়া কিশোৰী মনীষা বাল্মিকীক ৪ জন নৰপিশাচে কৰা ধৰ্ষণে কঁপাইছে দেশৰ সমগ্ৰ জনসাধাৰণক। ১৫ দিন ধৰি মৃত্যুৰ সৈতে যুঁজ দিয়া এই গৰাকী কিশোৰীয়ে যোৱা মংগলবাৰে অৱশেষত মৃত্যুক সাৱতিবলগীয়া হয়। এই কাণ্ডটোক লৈ বৰ্তমান চচিয়েল মিডিয়া যোগে বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বলীউডেই হওঁক বা জলীউডেই হওঁক; উক্ত কাণ্ডটোৱে প্ৰত্যেককে শোকাহত কৰিছে। এগৰাকী বালিকাক খেতিত কাম কৰিবলৈ যোৱা অৱস্থাত চাৰিটা নৰপিশাচে দিয়া যন্ত্ৰণাই পোনপটীয়াকৈ ইয়াকে প্ৰকাশ কৰিছে যে যিমানে উন্নয়নশীল দেশৰ আমি বাসিন্দা নহওঁ কিয় ইয়াত নাৰী এতিয়াও পূৰ্ণৰূপত সুৰক্ষিত হৈ উঠা নাই। উক্ত প্ৰসংগটোক লৈ অভিনেতা উদয়ন দুৱৰাইও নিজকে এজন পুৰুষ আখ্যা দিবলৈ লাজ লগা বুলি ব্যক্ত কৰে আনহাতে মনীষা বাল্মিকীৰ সৈতে হোৱা এনে পৰিস্থিতিক লৈ চচিয়েল মিডিয়াত নিজ ক্ষোভ ব্যক্ত কৰে কন্ঠশিল্পী বৰ্ণালী কলিতাইও।

মনীষা বাল্মিকীৰ সৈতে হোৱা কাণ্ডত নিজ ক্ষোভ ব্যক্ত বৰ্ণালী কলিতা আৰু উদয়ন দুৱৰাৰঃ 8
মনীষা বাল্মিকীৰ সৈতে হোৱা কাণ্ডত নিজ ক্ষোভ ব্যক্ত বৰ্ণালী কলিতা আৰু উদয়ন দুৱৰাৰঃ 9


শেহতীয়াকৈ বলীউডত ড্ৰাগছ কেছে অধিক প্ৰাধান্য লাভ কৰাৰ ফলত ক্ষোভিত হয় বৰ্ণালীয়ে কয় যে, ” মনীষা বাল্মিকী” নামৰ ১৯ বছৰীয়া পখিলাৰ দৰে ছোৱালী এজনী , উত্তৰ প্ৰদেশৰ হাথৰছৰ, চাৰি জন যুৱকে ১৪ ছেপ্টেম্বৰত গণধৰ্ষণ কৰে, যোৱাকালি মৃত্যু হয় হস্পিটেলত । ছোৱালী জনীৰ জিভা ছিঙি দিছিল, হাত ভৰি ভাঙি দিছিল ,পেৰেলাইজদ হৈ পৰিছিল ছোৱালীজনী ।মিডিয়া বিজি দীপিকা,কৰন জোহৰৰ ড্ৰাগছ পাৰ্টি লৈ…দীপিকাই ড্ৰাগছ খালে বা নাখালে আমাৰ একো আহে নাযায়, এওঁলোক কোনো সমাজৰ আৰ্দশ ব্যক্তি নহয়। ৰিয়াই জেইলত তলত শুইছে নে ওপৰত আমাৰ জীৱনত একো প্ৰভাৱ নেপেলায় । কিন্তু এইবোৰ খবৰে আমাৰ বুকু কঁপায় । কোন দিশে আমাৰ সমাজ। এইকেইটা নৰপিশাচক মাৰি পেলোৱা কোনো নোলাব নে?? #JusticeForManishaValmiki

]]>
https://rupaliparda.com/archives/20740/feed 0 20740
JRU Entertainment ৰ সৌজন্যত উদয়ন দুৱৰাৰ “UD Talks” ৰ আৰম্ভণিঃ https://rupaliparda.com/archives/15609 https://rupaliparda.com/archives/15609#respond Thu, 28 May 2020 12:30:52 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15609 এইবাৰ সকলো বস্তু আৰম্ভ হৈছে ভাৰ্চুৱেলি। ভাৰ্চুৱেলি প্ৰেম নিবেদনৰ পৰা আৰম্ভ কৰি ভাৰ্চুৱেলি সাক্ষাৎকাৰলৈ সকলো বস্তু আৰম্ভ হৈছে চচিয়েল মিডিয়াত। এনে এক প্ৰচেষ্টাৰে আৰম্ভ হোৱা “UD Talks” য়ে আকৰ্ষণ কৰিছে বৰ্তমান দৰ্শকক। ইতিমধ্যে প্ৰচাৰিত কৰা হৈছে উক্ত “UD Talks” ৰ প্ৰথমটো খণ্ড। ইয়াৰ প্ৰথমটো খণ্ডত উদয়ন দুৱৰাৰ সৈতে উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামী আৰু তেওঁৰ স্বামী শয়ন চক্ৰৱৰ্তী। JRU Entertainment ৰ সৌজন্যত অনুষ্ঠিত এই শ্ব’টোলৈ অহা চিলেব্ৰেটী সকলৰ সৈতে শ্ব’টোৰ ঘোষক উদয়ন দুৱৰাই তিনিধৰণৰ বিশেষ খেল খেলে ; য’ত উপস্থিত চিলেব্ৰেটী সকলে সুহুঁতীয়া ধৰণে জীৱনৰ কিছু ব্যক্তিগত প্ৰশ্নৰো উত্তৰ দিয়ে। “লক-ডাউন” ৰ ফলত আয়োজন কৰা শ্ব’টো সম্পূৰ্ণৰূপে মনোৰঞ্জনধৰ্মী। ইতিমধ্যে শ্ব’টোক সঁহাৰি জনোৱাও দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।


উল্লেখ্য যে, নিশিতা গোস্বামী তথা তেওঁৰ স্বামীৰ সৈতে উদয়নে কৰা এক প্ৰশ্ন উত্তৰ শিতানত যেতিয়া নিশিতাক তেওঁৰ “অভিনেতা ক্ৰাছ” ৰ বিষয়ে সোধা হৈছিল তেতিয়া ইয়াৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে নাম লৈছিল বলীউড অভিনেতা কাৰ্তিক আৰিয়নৰ। ইয়াৰ উপৰিও, উক্ত ২১ মিনিট দৈৰ্ঘ্যৰ এই শ্ব’টোত নিশিতা আৰু শয়নৰ বৈবাহিক সম্পৰ্কৰ পৰা আদি কৰি আন আন ভিন্ন কথা পতাও দেখিবলৈ পোৱা যায়।

JRU Entertainment ৰ সৌজন্যত উদয়ন দুৱৰাৰ "UD Talks" ৰ আৰম্ভণিঃ 10


এইখিনিতে, আপোনালোকক জনাই থওঁ যে; শ্ব’টো শ্বুটিং কৰা সময়লৈ নিশিতা গোস্বামী নিজ বাসগৃহতেই থকা পৰিৱৰ্তে তেওঁৰ স্বামী কলকাতাত আৱদ্ধ হৈ আছিল। আনহাতে, উদয়ন দুৱৰা তেওঁৰ পত্নীৰ সৈতে আৱদ্ধ হৈ আছিল তেওঁলোকৰ মুম্বাইৰ বাসগৃহত।

]]>
https://rupaliparda.com/archives/15609/feed 0 15609
উদয়ন দুৱৰাৰ কমেডী শ্ব’ “UD Talks”- https://rupaliparda.com/archives/15386 https://rupaliparda.com/archives/15386#respond Sun, 24 May 2020 11:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15386 দেশত আৰম্ভ হোৱা চতূৰ্থ পৰ্যায়ৰ “লক-ডাউন” সমাপ্তিলৈ মাজত মাত্ৰ কেইটামান দিন। দুমাহৰ অধিক দিন “লক-ডাউন” বৰ্তি থকাত হতাশাৰ মাজেৰেও দিন পাৰ কৰিছে বহুজনে। এই হতাশা সমূহক আঁতৰোৱাৰ স্বাৰ্থত বিগত দিনত মনোৰঞ্জনৰ বিভিন্ন উপায় উলিওৱা দেখিবলৈ পোৱা গৈছিল শিল্পী সমূহক। দৰ্শকে ইয়াক উপভোগ কৰাৰ লগতে কিছু সময়ৰ বাবে হতাশা, আমনিদায়ক কথাবোৰ পাহৰি মনোৰঞ্জন লাভ কৰিবলৈও সক্ষম হৈছিল। এইকেইটা দিনত প্ৰত্যেক জন শিল্পী, কলা-কুশলী একটিভ ৰূপত থকা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। বিভিন্ন পোষ্ট অথবা বিভিন্ন ভিডিঅ’ৰ যোগান ধৰি এওঁলোকে নিজ নিজ অনুৰাগীৰ কাষ চাপিছে। বলীউডৰ সমান্তৰালকৈ জলীউডৰ শিল্পী সমূহৰো এনে প্ৰচেষ্টা দেখিবলৈ পাইছে ৰাইজে। আকৌ এবাৰ এনে প্ৰচেষ্টাৰ সৈতে আগবাঢ়িছে অসমীয়া অভিনেতা উদয়ন দুৱৰা।

https://www.instagram.com/p/CATGoh2HpgS/?utm_source=ig_web_copy_link


কোৱাৰেন্টাইনত থকা এই শিল্পী গৰাকীয়ে অতি শীঘ্ৰেই আৰম্ভ কৰিব এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান। “UD Talks” শীৰ্ষক অভিনেতাগৰাকীৰ এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটিব। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা হ’ব এই অনুষ্ঠানটো। অহা সপ্তাহলৈ অভিনেতা গৰাকীৰ এই প্ৰচেষ্টাটোক মুক্তি কৰা হ’ব দৰ্শকৰ সমুখত। জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।

উদয়ন দুৱৰাৰ কমেডী শ্ব' "UD Talks"- 11


শেহতীয়াকৈ “ইপাৰ-সিপাৰ” ছবিখনত অমৃতা গগৈৰ সৈতে দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। ইয়াৰ উপৰিও, আগন্তুক সময়ত উৰ্মিলা মহন্ত তথা বৰষা ৰাণী বিষয়াৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা উদয়ন দুৱৰাক। “গুৱাহাটী ডাইৰীজ” ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক।

]]>
https://rupaliparda.com/archives/15386/feed 0 15386
“গুৱাহাটী ডায়েৰীজ”- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ https://rupaliparda.com/archives/11906 https://rupaliparda.com/archives/11906#respond Sun, 22 Mar 2020 11:34:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11906 অসমীয়া ছবি জগতত ইখনৰ পিছত সিখন ছবিৰ মুক্তিয়ে উৎসাহিত নকৰাকৈ থকা নাই দৰ্শকক। নিতৌ নতুন নতুন ছবিৰ শ্বুটিঙৰ খবৰ শুনিবলৈ পোৱা গৈছে। নতুন কনচেপ্ট তথা নতুন কাহিনীৰ সৈতে প্ৰস্তুত এই ছবিসমূহে নিশ্চয়কৈ চলচিত্ৰ জগতত এক নতুনৰ সৃষ্টি কৰাটো সম্ভৱ। “লখিমী”, “গৰু”, “জানমণি ২০২০” আদিৰ দৰে ছবিসমূহৰ মুক্তিৰ খবৰৰ পিছত এইবাৰ অসমীয়া ছবি জগতত দেখিবলৈ পোৱা যাব এক নতুন যুঁটি। ছবিখনত এটি মূখ্য চৰিত্ৰত অভিনীত উদয়ন দুৱৰাই প্ৰায়ে ছবিখনৰ বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰা দেখিবলৈ পোৱা যায়।

"গুৱাহাটী ডায়েৰীজ"- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ 12
"গুৱাহাটী ডায়েৰীজ"- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ 13


এই ছবিখনৰ নাম হৈছে “গুৱাহাটী ডায়েৰীজ”। ছবিখনত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু উৰ্মিলা মহন্তৰ এক উল্লেখনীয় যুঁটি দেখিবলৈ পোৱা যাব । পূৰ্বতে নিৰ্মিত “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ছবি দুখনৰ নিৰ্মাতা প্ৰশান্ত শইকীয়াই পুনৰ এক নতুন তথা সুন্দৰ কাহিনীৰে সৈতে লৈ আনিছে “গুৱাহাঢী ডায়েৰীজ”। ছবিখনৰ কাহিনী তেওঁ নিজেই লিখিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা পৰিচালিত “যি গল্পৰ শেষ নাই” ছবিখন ঘৰুৱা দৰ্শকৰ মাজত মুক্তি লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে বৃহৎ সংখ্যাত সঁহাৰি। নগৰ অঞ্চলত যি সমূহ সম্বন্ধ গঢ় লৈ উঠে; সেই সম্বন্ধ সমূহৰ বিভিন্ন উঠা-নমা আদিক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে “গুৱাহাটী ডায়েৰীজ” ছবিখনৰ কাহিনীভাগ। ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ নীল বৰ্মনৰ।


ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা এই ছবিখনৰ শ্বুটিং মহুূৰ্তৰ এখন ফটো আপলোড কৰে উদয়ন দুৱৰাই। তেওঁৰ সৈতে ফটোখনত থাকে মনীষা হাজৰিকা। ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, মনিষা হাজৰিকা,অঘ্ৰদ্বীপ বৰুৱা, ৰাজীৱ লাল বৰুৱা, মিন্টু বৰুৱা, হেমন্ত দেৱনাথ আৰু কমল লোচনে।

]]>
https://rupaliparda.com/archives/11906/feed 0 11906
“ৰাইনো এক্সপ্ৰেছ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে “বলীউড” মছলা- https://rupaliparda.com/archives/11150 https://rupaliparda.com/archives/11150#comments Mon, 09 Mar 2020 08:34:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11150 চলিত বৰ্ষত মুক্তি পাবলৈ সাজু হৈছে কেইবাখনো অসমীয়া ছবি। অসমীয়া ছবিৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পৰা যায় যে আগন্তুক গোটেই কেইখন ছবিয়ে হয়টো লাভ কৰিব পাৰে দৰ্শকৰ সঁহাৰি। ছবিখনৰ কাহিনী, পৰিচালনাৰ লগতে ছবিখনত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ অভিনয়েও বহু সময়ত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। এইটো বছৰতে মুক্তিপ্ৰাপ্ত ছবি সমূহৰ ভিতৰত উল্লেখযোগ্য এখন হৈছে “ৰাইনো এক্সপ্ৰেছ”। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে। “ৰাফ এণ্ড টাফ”, “ধম ধমা ধম” ৰ পৰিচালক মণি সিনহাৰ পৰিচালনাৰে শেহতীয়াকৈ নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিব ৫ জুন তাৰিখে।

"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 14
"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 15
"ৰাইনো এক্সপ্ৰেছ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ আছে "বলীউড" মছলা- 15


একছন-কমেডি সমৃদ্ধ এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৱাহাটীকে ধৰি চানডুবি অঞ্চলত। অমৃতা গগৈ, বিবেক বৰা, উদয় দুৱৰা, সিদ্ধাৰ্থ শৰ্মা, জিত বৰুৱা, ৰাজীৱ বৰঠাকুৰ, জয়ন্ত ভাগৱতী আৰু ৰেখাশ্ৰুতি নাথৰ অভিনয়েৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে অজয় বাৰ্মাই। ৰাজদ্বীপ দে লগতে ডেনিছ আহমেদে ছবিখনত অন্তৰ্ভূক্ত গীতত কথা দিছে।

]]>
https://rupaliparda.com/archives/11150/feed 1 11150
এইবাৰ “কলিংগ গ্লোৱেল ছবি মহোৎসৱ” ত প্ৰদৰ্শনৰ বাবে সাজু “বহুবৃত্ত”- https://rupaliparda.com/archives/9503 https://rupaliparda.com/archives/9503#respond Wed, 15 Jan 2020 08:34:10 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9503 চলিত মাহৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া “কলিংগ গ্লোৱেল ছবি মহোৎসৱ” ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে কেইবাখনো চুটি ছবিৰ নিৰ্মাতা আৰু সমালোচক উৎপল দত্তৰ শেহতীয়াকৈ নিৰ্মিত চুটি ছবি “বহুবৃত্ত”। অসম চৰকাৰৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়া আৰু লেখক স্বপ্না দত্তৰ একে নামৰ কবিতাৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে উক্ত চুটি ছবিখন।

এইবাৰ "কলিংগ গ্লোৱেল ছবি মহোৎসৱ" ত প্ৰদৰ্শনৰ বাবে সাজু "বহুবৃত্ত"- 17


“বহুবৃত্ত” হৈছে ৯ মিনিট ৩ চেকেণ্ডৰ এখন চুটি ছবি; যাৰ কাহিনীভাগ এটা কবিতাৰ শব্দৰ আশে পাশে বিস্তৃত ভাৱে ঘূৰে। কবিতাৰ চিন্তাক ছবিখনৰ দৃশ্যত ধৰি ৰখাৰ চেষ্টা কৰা হৈছে আৰু ইয়াক চিত্ৰণত পৰিচালক তথা চিত্ৰগ্ৰহণকাৰী সফল বুলি ইতিমধ্যে ছবিখনক উদ্দেশ্যি বহুলোকে মন্তব্য প্ৰদান কৰিছে।

এইবাৰ "কলিংগ গ্লোৱেল ছবি মহোৎসৱ" ত প্ৰদৰ্শনৰ বাবে সাজু "বহুবৃত্ত"- 18


“বহুবৃত্ত” ইণ্ডিয়ান পেনেৰোমা এৱাৰ্ডছ ইন গোৱা” আৰু “কৌটিক ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শিত হৈ কেইবাগৰাকীও সমালোচকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

এইবাৰ "কলিংগ গ্লোৱেল ছবি মহোৎসৱ" ত প্ৰদৰ্শনৰ বাবে সাজু "বহুবৃত্ত"- 19


“বহুবৃত্ত” ৰ মূখ্য চৰিত্ৰত অভিনীত প্ৰণামী বৰাই তেওঁৰ অভিনয়ৰ কৌশলৰে কবিতাটিক আৰু অধিক জীৱন্ত কৰি তুলিছে লগতে ইয়াত সহযোগ কৰা দেখা গৈছে ছবিখনৰ আন এক মূল চৰিত্ৰত অভিনীত উদয়ন দুৱৰাকো।

]]>
https://rupaliparda.com/archives/9503/feed 0 9503