Vicky Kalita – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 12 Oct 2021 07:40:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Vicky Kalita – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে ‘তই নাচাবি আনলৈ’, অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ https://rupaliparda.com/archives/28720 https://rupaliparda.com/archives/28720#respond Wed, 13 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28720 কিছুদিন পূৰ্বে এটি আধুনিক ৰোমাণ্টিক গীতে আকৰ্ষণ কৰিছিল সকলোকে। গীতটিৰ সৈতে জড়িত আৱেগ, অনুভূতিয়ে আচলতে শ্ৰোতা-দৰ্শকক অধিক আকৰ্ষণ কৰিছিল। গীতটিৰ নাম হৈছে ‘তই নাচাবি আনলৈ’। গীতটিৰ অডিঅ’টিয়ে লাভ কৰা বহুল সমাদৰৰ পিছত শেহতীয়াকৈ গীতটিৰ ভিডিঅ’টিয়ে টানিছে শ্ৰোতা-দৰ্শকক। গীতটিত কণ্ঠদান কৰিছে দুগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে,তেওঁলোক হৈছে ক্ৰমে ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতা। দুয়োৰে কণ্ঠৰ অনুৰাগীয়ে ইতিমধ্যে সদ্যমুক্তিপ্ৰাপ্ত গীতটিক জনপ্ৰিয়তাৰ শিখৰলৈ তুলি নিছে। আমি পূৰ্বেও গীতটিৰ বিষয়ে জনাইছিলোঁ, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে সংগীত ক্ষেত্ৰখনত তেওঁলোকৰ এইটো প্ৰথমটো গীত যদিও তেওঁলোকে নিজাববীয়াকৈ মুকলি কৰা প্ৰতিটো গীতত আছে ৰাইজৰ সঁহাৰি। ইনষ্টাগ্ৰামত ইটোৰ পিছত সিটো ভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰি জনসাধাৰণক মনোৰঞ্জন প্ৰদান কৰি আহিছে ৰাজশ্ৰীয়ে। সম্প্ৰতি এটা গীতৰ অডিঅ’ৰ সৈতে সংগতি ৰাখি গীতটিৰ ভিডিঅ’টো প্ৰস্তুত কৰি উলিয়াই হয়। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিৰ ভিডিঅ’টোৰ সামগ্ৰিক বিষয়বস্তুটোৱে আচলতে মন কৰিবলগীয়া।


গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰেই আন এগৰাকী অন্যতম পৰিচালক অপুৰাজৰ পৰিচালনাৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো গীতৰ বিষয়বস্তু সুকীয়া। প্ৰতিটো গীতৰ নিজস্বতা বজাই ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে পৰিচালক গৰাকীক। ইয়াত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু ৰাজশ্ৰী শইকীয়াই, দীপজ্যোতি মহন্তৰ পূৰ্বৰ গীতসমূহৰ তুলনাত সদ্যমুক্তিপ্ৰাপ্ত ‘তই নাচাবি আনলৈ’ শীৰ্ষক এই গীতটিত তেওঁক নতুন ৰূপত দেখা পোৱা গ’ল। আপোনালোকৰ মাজৰ যিসমূহে গীতটি উপভোগ কৰিছে তেওঁলোকে নিশ্চয় এই বিষয়টোক লৈ অৱগত। গীতটিত সুৰ কৰিছে বিকি কলিতাই আৰু সংগীত কৰিছে বাবন বৰ্ণিলে। শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। বৰ্তমান সময়ত ভাল ভাল গীতৰ সমাহাৰ ঘটিছে অসমীয়া সংগীত জগতত। এটি গীতৰ স্থায়ীয়তা লাভ কৰিব হ’লে প্ৰথমতে গীতটি শ্ৰুতিমধুৰ হোৱাৰ লগতে গীতৰ সুৰ আৰু কণ্ঠশিল্পী গৰাকীৰ উপস্থাপনৰ দিশটো হ’ব লাগিব অনবদ্য। সংগীতৰ অলংকাৰে মনত আলোড়নৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকিলেই গীতে সমাদাৰ লাভ কৰাটো নিশ্চিত হৈ পৰে।

ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে 'তই নাচাবি আনলৈ', অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ 1


ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে আন বহু গীতৰ বাবে অপেক্ষা কৰিছে বৰ্তমান প্ৰতিগৰাকী জনসাধাৰণে। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28720/feed 0 28720
এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে “তই নাচাবি আনলৈ”- https://rupaliparda.com/archives/28074 https://rupaliparda.com/archives/28074#respond Sat, 21 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28074 সংগীত ক্ষেত্ৰখনলৈ আহিছে এটা নতুন যুটি, হয়টো বহু সংগীত প্ৰেমীৰ দ্বাৰা অপেক্ষাৰত এটা যুটি। অহা ২৩ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰে এটি সুন্দৰ গীত “তই নাচাবি আনলৈ”। ইতিমধ্যে গীতটিৰ এটি টিজাৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে, উক্ত দুয়োগৰাকী কণ্ঠশিল্পীৰেই সুকীয়া চিনাকী তথা বৈশিষ্ট্য এই জগতখনত আছে। দুয়োগৰাকীৰ অনুৰাগীৰ শাৰীটোকো আমি নুই কৰিব নোৱাৰো, গতিকে সংগীতপ্ৰেমী শ্ৰোতাসকলৰ বাবে এয়া উৎসাহৰ বিষয় য’ত তেওঁলোকে বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ যুটীয়া কণ্ঠৰে শুনিবলৈ পাব এটি গীত। গীতটিৰ কথা জগত প্ৰতিম ভৰালীৰ, সুৰ বিকি কলিতাৰ নিজৰেই। লগতে, সংগীতৰ দায়িত্বত আছে বাবন বৰ্ণিল তথা শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ। ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰ মাদকতাৰ উপৰিও শেহতীয়াকৈ জনপ্ৰিয়তাৰ শিখৰত বগাবলৈ আৰম্ভ কৰা বিকি কলিতাৰ ন-ন গীতৰ খবৰে উৎকণ্ঠিত কৰিছে সকলোকে। কিছুদিন পূৰ্বে আপোনালোকক ৰাজশ্ৰী শইকীয়াৰ বিষয়ে জনাইছিলোঁ লগতে কৈছিলোঁ যে, ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও অৱশ্যে একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত।

এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 2


আনহাতে, নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিৰে সংগীত ক্ষেত্ৰখনে নতুনত্ব পাবলৈ সক্ষম হৈছে। নতুন কণ্ঠ, নতুন গীতে প্ৰতিদিনে সমাদৰ লাভ কৰি আহিছে। চচিয়েল মিডিয়াৰ যুগত আমি কোনো এটা গীতৰ যেতিয়া ততোধিক চৰ্চা ৰাইজৰ মাজত হোৱা দেখিবলৈ পাওঁ তেতিয়া একাষাৰে সেই গীতটিৰ জনপ্ৰিয়তাক আমি বুজিবলৈ সক্ষম হওঁ। বিকি কলিতাৰ “তোমাকে নাপালে” শীৰ্ষক গীতটি ঠিক তেনেধৰণে আকৰ্ষণ কৰিছিল ৰাইজক, গীতটিত উপস্থাপিত ভিডিঅ’ অথবা ইয়াৰ কথা লগতে কণ্ঠশিল্পী গৰাকীৰ কণ্ঠ আছিল লেখত ল’বলগীয়া। এই দুয়োগৰাকীৰ কণ্ঠৰে মুক্তিপাবলগীয়া “তই নাচাবি আনলৈ” শীৰ্ষক গীতটিৰ বাবে সেইবাবেই অপেক্ষাৰত বহুজন। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে।

এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 3
এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 4


মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ আহিবলগীয়া গীতটিৰ বাবে তেওঁলোকক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28074/feed 0 28074
প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ https://rupaliparda.com/archives/27937 https://rupaliparda.com/archives/27937#respond Thu, 12 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27937 বিকি কলিতা, বাবন বৰ্ণিল আৰু প্ৰশান্ত দাস যুটিৰে মুক্তিপ্ৰাপ্ত এটি নতুন গীতে কিছুদিন পূৰ্বৰে পৰা খলকনিৰ সৃষ্টি কৰিছিল ৰাইজৰ মাজত। গীতটি হয়টো আপোনাৰো মনত আছে, সেই গীতটি আছিল “তোমাকে নাপালে”। গীতটিয়ে ইনষ্টাগ্ৰাম ৰীল ভিডিঅ’তেই হওঁক অথবা আন কোনো চচিয়েল মিডিয়া মাধ্যমতেই হওঁক ই চৰ্চিত হৈছিল বহুল হাৰত। বিকি কলিতাৰ কণ্ঠইও অধিক হাৰত সঁহাৰি লাভ কৰিছিল এই গীতটিৰ পৰাই আৰু এক কথাত ক’বলৈ গ’লে সংগীত ক্ষেত্ৰখনত ইতিমধ্যে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ লাভ কৰিছে উক্ত তিনিওগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই। কিছুমান গীতৰ শব্দই আমাক এনেদৰে মোহাচ্ছন্ন কৰে যে আমি গীতটি শুনিবলৈ উৎসাহিত হওঁ; কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও যেতিয়া ৰূপালীপৰ্দাৰ তৰফৰ পৰা বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে।


গীতটি হিতেশ দেউৰী প্ৰডাকচন বেনাৰত মুক্তি লাভ কৰিছে। ইয়াৰ পূৰ্বেও হিতেশ দেউৰী প্ৰডাকচনৰ বেনাৰত বাবন বৰ্ণিলৰ সংগীত আৰু বিদ্যুৎ বিকাশৰ সুৰেৰে নীল আকাশৰ কণ্ঠৰ “নীলিম হাঁহি” গীতটিয়ে সমাদৰ লাভ কৰিছিল। অনাগত দিনত উক্ত প্ৰডাকচন হাউচৰ বেনাৰত বহুটো কাম অহাৰ লগতে নতুন প্ৰতিভাক সুযোগত আগ-ভাগ লৈছে হাউচটোৱে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। আনহাতে, এনে সুন্দৰ কথাৰ সৈতে যেতিয়া শ্ৰোতাই এটা হৃদয়স্পৰ্শী কন্ঠক শুনিবলৈ পায় তেতিয়াই আচলতে এটি গীত সফলতাৰ শাৰীত খোজ দিয়ে। শেহতীয়াকৈ ওপৰত উল্লেখ কৰা প্ৰতিভা কেইগৰাকীৰ প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছিল এটি নতুন গীত “চালে চকুলে”। গীতটিত দ্বৈতভাৱে কণ্ঠদান কৰিছে বিকি কলিতা আৰু বাবন বৰ্ণিলে। আনহাতে, ইয়াত কথা প্ৰশান্ত দাসৰ আৰু সুৰ কৰিছে বিকি কলিতাই নিজেই। ইয়াৰ লগতে, গীতটিত সংগীত কৰিছে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিভাবান হৰ্ষৰাজ পাঠকে। সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া একোজন নৱপ্ৰজন্মই নিজৰ সৰ্বস্ব দি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে তেতিয়া তাতকৈ অধিক ভাল লগা বিষয় আৰু কি হ’ব পাৰে! আমি সকলোৱে বৰ্তমান প্ৰজন্মৰ কৰ্মত সেই কিবা এটা কৰাৰ অযুত ইচ্ছা দেখিবলৈ পাইছো। অইন পেছাৰ তুলনাত যেন সংগীত সাধনাই তেওঁলোকৰ জীৱনৰ একমাত্ৰ ধৰ্ম; ঠিক তেনে এক ভাৱনাৰে উঠি অহা বহু কন্ঠশিল্পীৰ গীত আমি ইতিমধ্যে শুনিছো। সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই এনে নৱপ্ৰজন্মই ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰে, শ্ৰদ্ধা কৰে।

প্ৰশান্ত দাসৰ কথাত আকৌ বিকি কলিতা, বাবন বৰ্ণিলৰ কণ্ঠ; আছে হৰ্ষৰাজৰ সংগীতঃ 5


“চালে চকুলে” শীৰ্ষক এই গীতটিৰ সফলতা কামনাৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ।

]]>
https://rupaliparda.com/archives/27937/feed 0 27937
ক’ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক’লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ https://rupaliparda.com/archives/25482 https://rupaliparda.com/archives/25482#respond Sat, 17 Apr 2021 05:30:00 +0000 https://rupaliparda.com/?p=25482 ৰঙালী বিহুৰ সমান্তৰালকৈ এতিয়া প্ৰায়বোৰ ঠাইত আৰম্ভ হৈছে বিহু অনুষ্ঠান সমূহ। আকৌ আনহাতে গা কৰি উঠিছে ক’ৰোণাৰ দ্বিতীয়টো ঢৌ; বহু জনসাধাৰণ ইয়াৰ আগ্ৰাসনত সোমাই পৰাৰ লগতে ই আন একাংশক সন্ত্ৰাসগ্ৰস্তও কৰি তুলিছে। মুঠতে, আকৌ এবাৰ চিন্তিত হৈছে জনসাধাৰণ। কিন্তু, শেহতীয়াকৈ চিন্তাত পৰিছে সাধাৰণ কন্ঠশিল্পী অথবা সংগীতশিল্পী সকলহে। বিগত বৰ্ষত বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত নহ’ল আৰু তাৰ পিছতেই এইবাৰ আকৌ এবাৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৰ ফলত অনুষ্ঠানসমূহ সামৰণিৰ বাবে সময়সীমা বান্ধি দিয়া হৈছে নিশা ১১ টা বজাত। গতিকে, তেনেক্ষেত্ৰত উপায়হীন হৈ পৰিছে সাধাৰণ কন্ঠশিল্পী। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি এনে একাংশ কন্ঠশিল্পীৰ কাষ চাপিছিলো; ক’ৰোণাই আকৌ এবাৰ গা কৰি উঠিছে। তেনেক্ষেত্ৰত আকৌ এবাৰ বিহু অনুষ্ঠান সমূহত ইয়াৰ প্ৰভাৱ পৰিছে; গতিকে, সাধাৰণ কন্ঠশিল্পী সমূহৰ মানসিক অৱস্থা কেনে বুলি প্ৰশ্ন কৰাত তেওঁলোকে দিয়া উত্তৰসমূহ চাওঁচোন আহকঃ

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 6

পল্লৱ চাংঘৰঃ প্ৰথম কথা, ক’ৰোণাৰ ভয়াৱহতা আমি নুই কৰিব নোৱাৰোঁ; বিহু বুলিলেই আমাৰ মনবোৰ সুকীয়া অনুভৱেৰে ভৰি পৰে। গীত-মাত, নাচ-গানৰ লগত আমি বিলীন হৈ যাওঁ । যিহেতু বিগত বৰ্ষত আমি বিহু পালন কৰিব নোৱাৰিলোঁ, গতিকে তাৰ ফলস্বৰূপে অসমৰ বহু কন্ঠশিল্পী বিহু অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লগা হ’ল । এই ভয়াৱহতাৰ কাৰণে এইবাৰো অসমৰ বিভিন্ন ঠাইত বিহু অনুষ্ঠান সমূহ পাতিবলৈ সাহস কৰিব পৰা নাই। অসমৰ বহু কন্ঠশিল্পী বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি ৰাইজক আমোদ দিয়াৰ লগতে নিজৰ পৰিয়াল চলাই আহিছে; কিন্তু ক’ৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা সকলো শংকিত হৈ পৰিছে; বিভিন্ন ঠাইৰ লোক সংস্কৃতিৰ লগত জড়িত শিল্পী সকলৰ যি আগৰ উৎসাহ সেইখিনি প্ৰায়ে কমি অহা দেখিবলৈ পাইছোঁ । শিল্পী সকলে বিহুৰ পৰিৱেশৰ কাৰণে আখৰা আৰম্ভ কৰিছিল । কিন্তু, বৰ্তমান পৰিস্থিতিৰ বাবে তেওঁলোকেমনত বাৰুকৈ আঘাত পাইছে। আগৰ ষ্ফুৰ্তি , বিহুৰ আমেজ , এইখিনি কমি অহা দেখিবলৈ পাইছোঁ ।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 7

বিকি কলিতাঃ বৰ চিন্তনীয় বিষয় হৈ উঠিছে; এনেয়ে যোৱাবছৰ যিটো ক্ষতি শিল্পী সকলৰ হ’ল সেয়া বৰ দুখ লগা কথা। তথাপিও, সকলো পাহৰি বিহুখন হ’ব বুলিয়ে অলপ সন্তুষ্টি লাভ কৰিছিল কিন্তু এতিয়া আকৌ ক’ৰোণাৰ উত্থানে শিল্পী সমাজক জুৰুলা কৰি তুলিব। শুনিবলৈ পাইছোঁ ভালে সংখ্যক কণ্ঠশিল্পীৰ ঠিক হৈ থকা অনুষ্ঠানসমূহ বাতিল হ’বলৈ ধৰিছে। এনেকৈ হ’লে কণ্ঠশিল্পী বুলিয়ে নহয় বাদ্যযন্ত্ৰী , কলা-কুশলী সকলো বৰ বিপাঙত পৰিব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 8

বাবন বৰ্ণিলঃ নিশ্চয়কৈ আকৌ এবাৰ ক’ৰোণাই গা কৰি উঠাৰ ফলত শিল্পী সমাজ পুনৰ এবাৰ শংকিত হৈ উঠিছে। বিগত বৰ্ষত কোনো এখন অনুষ্ঠান হোৱা নাছিল; গতিকে চলিত বৰ্ষত নহ’লে বৰ ডাঙৰ সমস্যা হ’ব বুলিয়ে মই ভাবো। তথাপিও, ক’ৰোণাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ সচেতনতাৰে চৰকাৰী নিয়ম খিনি মানি অনুষ্ঠান বোৰ কৰি যাব লাগিব; আৰু যেতিয়ালৈ অনুষ্ঠান কৰিব পৰা বিধৰ অৱস্থা থাকে তেতিয়ালৈ আমি কৰি যাম। যিহেতু, দেহা থাকিলেহে বেহা। এই বেমাৰটোৰ প্ৰভাৱ বেছি হ’লে বাৰুকৈয়ে বিষয়টো চিন্তনীয় হ’ব।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 9

নিহাৰ কাশ্যপঃ লোকগীত বাদ্যবাদক আৰু সাধাৰণ শিল্পী সমাজৰ বাবে এয়া বৰ বেয়া সময়। লোকবাদ্য বাদক বোৰৰ প্ৰসংগ মই এইটো বাবেই আনিছো কিয়নো এই সময়ছোৱাত লোকবাদ্য বাদক বোৰে এইখিনি সময়তে কিছুপৰিমাণে হ’লেও নিজক আৰ্থিকভাৱে উন্নত কৰি তোলে গতিকে এয়া ক’ৰোণা কালছোৱা তেওঁলোকৰ বাবেই প্ৰত্যাহ্বানমূলক।

ক'ৰোণাৰ বাবে প্ৰত্যাহ্বানমূলক হৈছে ৰঙালী বিহু; কি ক'লে বিকি কলিতা, বাবন বৰ্ণিলৰ লগতে আন কন্ঠশিল্পীয়েঃ 10

অঞ্জন ফুকনঃ এচাম কণ্ঠশিল্পী মানসিকভাৱে ভাগি পৰিব। কিয়নো বহুতৰে বাবে সংগীতেই হৈছে তেওঁলোকৰ উপাৰ্জনৰ পথ। যোৱা বছৰৰ দৰে এইবাৰো তেনে পৰিস্থিতি নহওঁক তাৰে আশা কৰিছোঁ।

… উক্ত প্ৰতিজন কন্ঠশিল্পীয়ে বৰ্তমান সজাগ-সচেতনতাৰে ক’ৰোণাক নাশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁলোক কোনোবাখিনিত হতাশ হৈ ৰোৱাও পৰিলক্ষিত হৈছে। আগন্তুক কালছোৱাত পৰিস্থিতি বোৰ সাম কটাৰ আশাৰে ৰূপালীপৰ্দাৰ তৰফৰ পৰা আটাইলৈ জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25482/feed 0 25482
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে “তোমাক নাপালে” ৰ ভিডিঅ’ মুক্তিঃ https://rupaliparda.com/archives/25339 https://rupaliparda.com/archives/25339#respond Sat, 10 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25339 “তোমাক নাপালে” শীৰ্ষক গীতটিৰ লিৰিকেল ভিডিঅ’ৰ বহুল জনপ্ৰিয়তাৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰিছে গীতটিৰ ভিডিঅ’ সংস্কৰণটোৱেও। অডিঅ’টোৱে যেনেদৰে সংগীতপ্ৰেমী শ্ৰোতাৰ সঁহাৰি লাভ কৰিছে ঠিক তেনে অনুৰূপ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ভিডিঅ’টোৱেও। এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে; “আছো থাকিম তোমাৰ স’তে আন একো মোক সুখ নালাগে” আদি গীতটিত অন্তৰ্ভূক্ত কেইটামান বিশেষ শাৰীয়ে গীতটিক অধিক হাৰত উপভোগ্য কৰি তুলিছে। এই গীতটিত কন্ঠদান কৰিছে ক্ৰমে বিকি কলিতা আৰু বৰষা বৰাই; আনহাতে, ইয়াত কথা প্ৰশান্ত দাসৰ লগতে সংগীত পৰিচালনা বিকি কলিতাৰ। গীতটিত সংগীত বাবন বৰ্ণিলৰ। আমি কেতিয়াবা সাধাৰণ হয় জীয়াবলৈ ভাল পাওঁ, যান্ত্ৰিকতাৰ পৰা ওলাই আহি সৰু সৰু বস্তুতেই আমি সুখানুভূতি অনুভৱ কৰিবলৈ বিচাৰো। সকলো সা-সুবিধাৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ তুলনাত দুবেলা-দুমুঠি খাবলৈ নিতৌ ৰাতিপুৱাৰ পৰাই কষ্ট কৰি যোৱা পৰিয়ালটোৰ সদস্যকেইজনৰ নিজৰ মানুহখিনিৰ বাবে সেই একেই অনুভৱ হয়। সময় নাথাকিলেও তেওঁলোকে প্ৰতিটো সময়ত আপোনজনৰ কথা ভাবিয়েই সকলো কষ্টক আওঁকান কৰিবলৈ বিচাৰে? মই কোৱা কথাখিনিৰ সৈতে আপোনালোকে যদিহে সংযোগ কৰিব পাৰিছে তেতিয়াহ’লে যিসকলে সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটি উপভোগ কৰা নাই, সোনকালে কৰক।


গীতটিৰ ভিডিঅ’টোত আন এক নতুন যুঁটিক দেখিবলৈ পোৱা গৈছে; বিকি কলিতা আৰু সুৰভী দাসৰ এই যুঁটিটোক শেহতীয়াকৈ পচন্দও কৰিছে অনুৰাগীয়ে।ইয়াৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। সহঃ দৃশ্যগ্ৰহণকাৰী লাচিত নাথ আৰু বিশ্বনয়ন বৰুৱা। ৰূপসজ্জা প্ৰিয়াশ্ৰীৰ। বৰ্তমান প্ৰায়বোৰ প্ৰকল্পৰ সৈতে জড়িত সুৰভী দাস পৰিচালক সকলৰ বাবে প্ৰথমটো নিৰ্বাচন বুলিলেও হয়টো অতিৰঞ্জিত নহ’ব। লগতে, অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ শাৰীটোও আচলতে দীঘলীয়া; তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে।

বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ 11
বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰে "তোমাক নাপালে" ৰ ভিডিঅ' মুক্তিঃ 12

বিকি কলিতা আৰু সুৰভী দাসৰ নতুন যুঁটিৰ লগতে তেওঁলোকৰ এই গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25339/feed 0 25339
“আছো থাকিম তোমাৰ স’তে”; বৰ্ষা বৰা আৰু বিকি কলিতাৰ ৰোমান্টিক গীতৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/24522 https://rupaliparda.com/archives/24522#respond Wed, 03 Mar 2021 12:30:41 +0000 https://rupaliparda.com/?p=24522 “আছো থাকিম তোমাৰ স’তে”, “যিকণ পোৱা দুয়োয়ে ভগাম”; উঠি অহা প্ৰজন্মৰ দুটা চিনাকী নামৰ যুঁটিৰে মুক্তি লাভ কৰা এটি নতুন গীত। য’ত হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত “নেপোটিজিম” অথবা অইন কিছু নচলিবলগীয়া প্ৰসংগৰ চৰ্চা চলিছে তাতেই আকৌ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ সুন্দৰ প্ৰতিভাৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। ইজনে আনজনক কৰা সহায়েৰে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কৰা চেষ্টাবোৰে আচলতে সৃষ্টি হোৱা বিষয়বোৰক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। শেহতীয়াকৈ বৰ্ষা বৰা আৰু বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি সুন্দৰ ৰোমান্টিক গীত “তোমাকে নাপালে”। “নিহাৰিকা” ৰ পিছতেই বিকি কলিতাৰ আহিবলগীয়া গীত হৈছে “তোমাকে নাপালে”; আনহাতে বৰ্ষা বৰাৰ কথাৰে কিছুদিন পূৰ্বে মুক্তিপাপ্ত ৰোমান্টিক গীত “তুমি নহ’লে” হয়টো পুনৰ বাৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। গীতটিয়ে মুক্তিৰ পিছত লাভ কৰা জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত হৈ আছে। গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া নতুন গীতটিক লৈ উৎসাহিতও প্ৰতিজন সংগীত প্ৰেমী জনসাধাৰণ।


“তোমাকে নাপালে” শীৰ্ষক এই গীতটিৰ কথাই আপ্লুত কৰি তুলিছে সকলোকে। এই গীতটিত কথা প্ৰশান্ত দাসৰ লগতে ইয়াত সংগীত পৰিচালনা বিকি কলিতাৰ। “তোমাকে নাপালে” শীৰ্ষক গীতটিত সংগীত দিছে কন্ঠশিল্পী বাবন বৰ্ণিলে। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰ্ষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে। আহিবলগীয়া উক্ত গীতটিৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।

"আছো থাকিম তোমাৰ স'তে"; বৰ্ষা বৰা আৰু বিকি কলিতাৰ ৰোমান্টিক গীতৰ জনপ্ৰিয়তাঃ 13


উল্লেখ্য যে, নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।

]]>
https://rupaliparda.com/archives/24522/feed 0 24522
বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে “তোমাকে নাপালে”- https://rupaliparda.com/archives/22285 https://rupaliparda.com/archives/22285#respond Fri, 27 Nov 2020 10:30:21 +0000 https://rupaliparda.com/?p=22285 উঠি অহা প্ৰজন্মৰ দুই চিনাকী নামৰ যুঁটিৰে এটি নতুন গীত। য’ত হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত “নেপোটিজিম” অথবা অইন কিছু নচলিবলগীয়া প্ৰসংগৰ চৰ্চা চলিছে তাতেই আকৌ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিতৌ সুন্দৰ প্ৰতিভাৰ আৱিৰ্ভাৱ ঘটা দেখিবলৈ পোৱা গৈছে। ইজনে আনজনক কৰা সহায়েৰে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কৰা চেষ্টাবোৰে আচলতে সৃষ্টি হোৱা বিষয়বোৰক আৰু অধিক গ্ৰহণযোগ্য কৰি তোলে। অতিশীঘ্ৰে বৰষা বৰা আৰু বিকি কলিতাৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি নতুন আধুনিক গীত “তোমাকে নাপালে”। “নিহাৰিকা” ৰ পিছতেই বিকি কলিতাৰ আহিবলগীয়া গীত হৈছে “তোমাকে নাপালে”; আনহাতে বৰষা বৰাৰ কথা আৰু সুৰেৰে কিছুদিন পূৰ্বে মুক্তিপাপ্ত ৰোমান্টিক গীত “তুমি নহ’লে” হয়টো পুনৰ বাৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। গীতটিয়ে মুক্তিৰ পিছত লাভ কৰা জনপ্ৰিয়তা বৰ্তমানলৈ অব্যাহত হৈ আছে। গতিকে, এনেক্ষেত্ৰত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া নতুন গীতটিক লৈ উৎসাহিতও প্ৰতিজন সংগীত প্ৰেমী জনসাধাৰণ।

বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে "তোমাকে নাপালে"- 14


আহিবলগীয়া গীতটিৰ কথা প্ৰশান্ত দাসৰ লগতে গীতটিৰ পৰিচালনা বিকি কলিতাৰ। “তোমাকে নাপালে” শীৰ্ষক গীতটিত সংগীত দিছে কন্ঠশিল্পী বাবন বৰ্ণিলে। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বৰষা বৰাই কেৱল মাত্ৰ গীতত কন্ঠদান কৰাই নহয়; তেওঁ নিজে লিখা কিছু গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। আনহাতে, নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে বিকি কলিতাই অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নিৰ্দ্দিষ্ট ঠাই গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰা নিৰৱিচ্চিন্ন সাধনাই বৰ্তমান তেওঁৰো অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তুলিছে। আহিবলগীয়া উক্ত গীতটিৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই।

বৰষা বৰা আৰু বিকি কলিতা নতুন যুঁটিৰে "তোমাকে নাপালে"- 15


উল্লেখ্য যে, নৱপ্ৰজন্মৰ সৃষ্টি ইমানেই অধিক গ্ৰহণযোগ্য হৈ পৰিছে যে প্ৰতিষ্ঠিত প্ৰায় প্ৰতিগৰাকী সংগীতশিল্পীয়ে এতিয়া তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ। কৃত্ৰিমতাৰ মাজত কিছু সময় জনসাধাৰণক মনোৰঞ্জনৰ অৱকাৰ দিয়াত এতিয়া সফল নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতী সকল।

]]>
https://rupaliparda.com/archives/22285/feed 0 22285
বিকি কলিতাৰ “নিহাৰিকা” ৰ জনপ্ৰিয়তাঃ গীতটিয়ে মুহিছে শ্ৰোতা-দৰ্শকক https://rupaliparda.com/archives/21852 https://rupaliparda.com/archives/21852#respond Tue, 10 Nov 2020 10:30:12 +0000 https://rupaliparda.com/?p=21852 সদ্যমুক্তিপ্ৰাপ্ত বিকি কলিতাৰ “নিহাৰিকা” ই লাভ কৰিছে দৰ্শক-শ্ৰোতাৰ সমাদৰ। সংগীত ক্ষেত্ৰখনত নিজ প্ৰতিভাৰে এখোজ দুখোজকৈ আগবাঢ়ি সোমাবলৈ চেষ্টা কৰা বিকি কলিতাৰ এই গীতটোৱেও পূৰ্বৰ প্ৰতিটো গীতৰ দৰেই জনসাধাৰণৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰ, দ্বীপেন বৰুৱা, জয়ন্ত হাজৰিকাৰ প্ৰতিটো সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সংগীত ক্ষেত্ৰখনৰ প্ৰতি বহুল ৰূপত আকৰ্ষিত হোৱা বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰা এই গীতটিয়ে মুক্তিৰ পূৰ্বৰ পৰাই সচেতন মহলত চৰ্চা লাভ কৰিবলৈ সন্মুখীন হৈছে। উক্ত গীতটিৰ কথা প্ৰশান্তৰ লগতে ইয়াত সংগীত পৰিচালনা ৰোহিত সোণাৰ আৰু বিকিৰ। লগতে, ইয়াত সংগীত দিছে হৰ্ষ আৰু মনে; গীতটিৰ শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰা হৈছে Red Av Studio ত পিংকু দাসে।গীতটিৰ ভিডিঅ’ পৰিচালনা শিৱম ৰয়ৰ।


গীতটিৰ ভিডিঅ’টিয়েও জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বে সমাপ্ত হোৱা ৰং চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক “দুটি মনৰ জোনাক” ত অভিনীত উপাসনা প্ৰিয়মক দেখিবলৈ পোৱা গৈছিল এই গীতটিত। বহুল টিআৰপি লাভ কৰা এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত উপাসনা প্ৰিয়মৰ অভিনয়ৰ প্ৰশংসাও কৰিছিল প্ৰায় প্ৰতিজন দৰ্শকে। ২০১৭ চনৰ পৰা পেছাগত ভাৱে সংগীত ক্ষেত্ৰখনত সাঙুৰ খোৱা বিকি কলিতা অসমীয়া জনপ্ৰিয় সংগীতশিল্পী দিগন্ত ভাৰতীৰ ছাত্ৰ। প্ৰায় সময়তে নিজৰ সৃষ্টিৰে জনসাধাৰণক উৎসাহী কৰা নৱপ্ৰজন্মই অব্যাহত ৰাখিছে অসমীয়াক গৌৰন্বম্বিত কৰাৰ নিজ প্ৰচেষ্টা।

বিকি কলিতাৰ "নিহাৰিকা" ৰ জনপ্ৰিয়তাঃ গীতটিয়ে মুহিছে শ্ৰোতা-দৰ্শকক 16
বিকি কলিতাৰ "নিহাৰিকা" ৰ জনপ্ৰিয়তাঃ গীতটিয়ে মুহিছে শ্ৰোতা-দৰ্শকক 17


বিকি কলিতা ব্যক্তিগত ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিউৱাৰচৰ সংখ্যা উল্লেখনীয়।

]]>
https://rupaliparda.com/archives/21852/feed 0 21852
এইবাৰ বিকি কলিতাৰ “নিহাৰিকা” উপাসনা প্ৰিয়মঃ https://rupaliparda.com/archives/21463 https://rupaliparda.com/archives/21463#respond Mon, 26 Oct 2020 10:33:00 +0000 https://rupaliparda.com/?p=21463 বৰ্তমানলৈ কেইবাটাও গীতৰ উপহাৰ দিয়া নৱপ্ৰজন্মৰ কন্ঠশিল্পী বিকি কলিতাৰ কন্ঠৰে মুক্তি লাভ কৰিব আন এটি গীত “নিহাৰিকা”। অতিশীঘ্ৰে মুক্তি পাবলগীয়া এই গীতটিক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চাৰ। প্ৰশান্তৰ কথাৰে এই গীতটিৰ সংগীত পৰিচালনা ৰোহিত সোণাৰ আৰু বিকিৰ। লগতে, ইয়াত সংগীত দিছে হৰ্ষ আৰু মনে; গীতটিৰ শব্দ সংমিশ্ৰণ আৰু বাণীবদ্ধ কৰা হৈছে Red Av Studio ত পিংকু দাসে। গীতটিৰ ভিডিঅ’ ত দেখিবলৈ পোৱা যাব বৰ্তমান সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী উপাসনা প্ৰিয়মক। “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত অভিনীত এই অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ চৰ্চাও হৈছিল সৰ্বত্ৰে। গীতটিৰ ভিডিঅ’ পৰিচালনা শিৱম ৰয়ৰ। ২০১৭ চনত মুক্তিপ্ৰাপ্ত প্ৰথমটো গীতৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত আগবঢ়া বিকি কলিতাই সৰুৰে পৰা হিন্দী ক্লাচিকেল গীত সমূহ ক্ৰমে মহম্মদ ৰফি, কিশোৰ কুমাৰ, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰৰ গীত সমূহ শুনি সেইবোৰৰ প্ৰতিও টান অনুভৱ কৰিছিল। ইয়াৰ উপৰিও, অসমীয়া সংগীত ক্ষেত্ৰৰ ভোটা তৰা ড° ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, জয়ন্ত হাজৰিকাৰ গীত সমূহেও বিকি কলিতাৰ সাংগীতিক জীৱনত বিশেষ প্ৰভাৱ পেলোৱা বুলি এক সাক্ষাৎকাৰ যোগে জানিবলৈ দিছিল কন্ঠশিল্পী গৰাকীয়ে।

এইবাৰ বিকি কলিতাৰ "নিহাৰিকা" উপাসনা প্ৰিয়মঃ 18


ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰ যোগে বিকি কলিতাই নিজেও কৈছিল যে, “মই পেছাগত সংগীত কৰিবলে শিকা নাই এতিয়ালৈকে। গান গাই ভাল পাওঁ, সংগীতৰ মাজত থাকি ভাল পাওঁ কাৰণে এইটোকেই পেছা কৰাৰ হেঁপাহ এটা আছে! কিমান দূৰ আগবাঢ়িব পাৰিম এই সেইটো নাজানো কিন্তু সংগীতৰ বাদে মোৰ আন কামত মন ন’বহে। সেইকাৰণেই কষ্ট কৰি আছোঁ, যাতে সংগীতৰ এই বিশাল পৃথিৱীখনত নিজকে সৰুকৈ হ’লেও প্ৰতিষ্ঠিত কৰি, ভাল ভাল গান গাই মোৰ নিচিনা সপোন দেখি ভাল পোৱা কোনোবাৰ কাৰণে আদৰ্শ হ’ব পাৰোঁ। যাতে পিছৰ চামক ক”ব পাৰোঁ যে “সপোন খেদি থাকিলে সফল হ’বই।”

এইবাৰ বিকি কলিতাৰ "নিহাৰিকা" উপাসনা প্ৰিয়মঃ 19


বিকি কলিতাৰ আহিবলগীয়া এই গীতটোৰ বাবে বৰ্তমান বহুল ৰূপত উৎসাহী অনুৰাগীও। গীতটিৰ মুক্তি লাভ কৰা ফাৰ্ষ্ট লুক পোষ্টাৰেও ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে জনসাধাৰণৰ মাজত।

]]>
https://rupaliparda.com/archives/21463/feed 0 21463
“সপোন খেদি থাকিলে সফল হ’বই”- বিকি কলিতা https://rupaliparda.com/archives/19139 https://rupaliparda.com/archives/19139#respond Thu, 13 Aug 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19139 নৱপ্ৰজন্মৰ কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠিত কৰা বিকি কলিতাই বৰ্তমান এখাপ এখাপকৈ সংগীত ক্ষেত্ৰখনত নিজৰ মূৰটো সোমোৱাবলৈ চেষ্টা কৰি আছে; জনপ্ৰিয় কন্ঠশিল্পী দিগন্ত ভাৰতীৰ একাংশ শিক্ষাৰ্থীৰ মাজত এগৰাকী ৰূপে স্বীকৃতিপ্ৰাপ্ত বিকি কলিতাই কন্ঠদান কৰা গীতসমূহে এতিয়া জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণৰ মাজত। ৰূপালীপৰ্দাই আপোনালোকক দিয়া একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ ভিতৰত অন্যতম বিকি কলিতাৰ বিষয়েও জানিবলৈ বিচৰাত তেওঁ কৈছিল যে, “যদিও সৰুৰে পৰা মঞ্চত গান গাইছিলোঁ, ২০১৭ চনত মুক্তিপ্ৰাপ্ত প্ৰথমটো গান ‘নিশা নিশা তোমাৰে বতৰা’ ষ্টুডিঅ’ত বাণীবদ্ধ কৰাৰ পিছৰে পৰাহে মোৰ এই ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্টতাটো বাঢ়িবলৈ লৈছিল। বৰ বেছি জ্ঞান নাছিল যদিও লাহে লাগে ইটোৰ পিছত সিটো গান কৰি, বহুটো ভুল কৰি কৰি শিকি আহিলো কামবোৰ গতিকে এক কথাত ক’বলৈ গ’লে মই ২০১৭ ৰ পৰাই এই ক্ষেত্ৰখনত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছোঁ বুলি কব পাৰি।”

"সপোন খেদি থাকিলে সফল হ'বই"- বিকি কলিতা 20


কোনবোৰ গীতে কন্ঠশিল্পীগৰাকীক অধিক আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই সকলো ধৰণৰ গীতেই পছন্দ কৰোঁ। যিবোৰ গানে হৃদয় চুই যাব পৰা ক্ষমতা ৰাখে তেনেবোৰ গানে মোক বাৰুকৈয়ে আকৰ্ষণ কৰে। মই সৰুৰে পৰা হিন্দী ক্লাছিক গীতসমূহ- মহম্মদ ৰফি, কিশোৰ কুমাৰ, মান্না দে, মুকেশ চাহাব, লতা মংগেশকাৰ আদিৰ গান বহুত শুনিছোঁ; সেইবোৰ গানৰ প্ৰতিও মোৰ এটা বিশেষ টান আছে। অসমীয়া সংগীতত ড° ভূপেন হাজৰিকা দেৱ, দ্বীপেন বৰুৱা দেৱ , জয়ন্ত হাজৰিকা দেৱৰ গীত সমূহে মোৰ সাংগীতিক জীৱনত প্ৰভাৱ পেলাইছে। এতিয়াটো বলীউডত ৰিমিক্সৰ ঢৌ চলি আছে তথাপিও বিশাল মিশ্ৰা, ৰহমান চাহাবৰ উপৰিও বহুতো স্বাধীন শিল্পীৰ গান মই শুনি থাকোঁ। আৰু, লগতে অসমীয়া সংগীততো মোৰ গুৰু দিগন্ত ভাৰতী ছাৰ, পলাশ সূৰ্য্য গগৈ দাৰ গানৰ উপৰিও আমাৰ প্ৰজন্মৰ মোৰ ভাতৃসম সান্নিধ্য, নিখিলহঁতৰ গানবোৰ মই পছন্দ কৰোঁ। সংগীত “বৃত্তি” নে “নিচা” বুলি প্ৰশ্ন কৰাত তেওঁক কয় যে,

"সপোন খেদি থাকিলে সফল হ'বই"- বিকি কলিতা 21


“সঁচাকৈ ক’ব গ’লে মই পেছাগত সংগীত কৰিবলে শিকা নাই এতিয়ালৈকে। গান গাই ভাল পাওঁ, সংগীতৰ মাজত থাকি ভাল পাওঁ কাৰণে এইটোকেই পেছা কৰাৰ হেঁপাহ এটা আছে! কিমান দূৰ আগবাঢ়িব পাৰিম এই সেইটো নাজানো কিন্তু সংগীতৰ বাদে মোৰ আন কামত মন ন’বহে। সেইকাৰণেই কষ্ট কৰি আছোঁ, যাতে সংগীতৰ এই বিশাল পৃথিৱীখনত নিজকে সৰুকৈ হ’লেও প্ৰতিষ্ঠিত কৰি, ভাল ভাল গান গাই মোৰ নিচিনা সপোন দেখি ভাল পোৱা কোনোবাৰ কাৰণে আদৰ্শ হ’ব পাৰোঁ। যাতে পিছৰ চামক ক”ব পাৰোঁ যে “সপোন খেদি থাকিলে সফল হ’বই”।

]]>
https://rupaliparda.com/archives/19139/feed 0 19139