Voice of Clubhouse(Tamil) – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 24 Sep 2021 05:18:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Voice of Clubhouse(Tamil) – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “Voice of Clubhouse (Tamil)” ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ https://rupaliparda.com/archives/28464 https://rupaliparda.com/archives/28464#respond Sat, 25 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28464 ‘Club House’, চচিয়েল মিডিয়াত চলি থকা এই বিশেষ নামটো কি অথবা ই কেনেধৰণে কাম কৰি আছে সেয়া হয়টো আপোনালোকক আকৌ এবাৰ বুজাই দিয়াৰ প্ৰয়োজন নাই। যুৱপ্ৰজন্মৰ একাংশই ব্যস্ত এই ‘Club House’ য়ে তেখেতসকলক আজৰি সময়ত সংগ প্ৰদান কৰাৰ লগতে কিবা এটা নতুনকৈ শিকাৰ অৱকাশ দিছে। বহুতৰ নিশাৰ লগৰী এই ‘Club House’ ৰ জৰিয়তে শেহতীয়াকৈ আহিছে এক ভাল খবৰ। ক’ৰোণা মহামাৰীৰ দুৰ্যোগৰ ফলত সমগ্ৰ বিশ্বতেই স্তব্ধতাই বিৰাজ কৰিছিল। পঢ়া-শুনা, নাচ-বাগ, আমোদ-প্ৰমোদৰ লগতে আন প্ৰতিটো বস্তু ঘৰৰ ভিতৰতে বন্দী হৈ জনসাধাৰণে নিজৰ মাজতেই তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে কৰিবলগীয়া হৈছিল। কিন্তু, হয় ইয়াত এটা ‘কিন্তু’ আছে। উল্লেখিত ‘Club House’ ৰ জৰিয়তে এইবাৰ এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী প্ৰিয়াক্ষী পাচনীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈ সুবিধা অৰ্জন কৰিছে। সংগীতৰ ভাষা যিয়েই নহওঁক কিয়, যেতিয়া শ্ৰুতিমধুৰ কণ্ঠই কোনো এটি গীত পৰিৱেশন কৰে তেতিয়া সেয়া সকলোৰে বাবেই সুন্দৰ আৰু আকৰ্ষণীয় হৈ উঠে। শ্ৰেষ্ঠ ৬ গৰাকী কণ্ঠশিল্পীৰ মাজৰ এগৰাকী হৈ প্ৰিয়াক্ষী পাচনীয়ে “Voice of Clubhouse (Tamil)” ত ফাইনেল ৰাউণ্ডলৈ যাবলৈ সুবিধা লাভ কৰিছে। আজি সন্ধিয়া ৭.৩০ বজাত এই প্ৰতিযোগিতাখনৰ ফাইনেল ৰাউণ্ড অনুষ্ঠিত হ’ব।

"Voice of Clubhouse (Tamil)" ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ 1
"Voice of Clubhouse (Tamil)" ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ 2


ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাগৰাকীও তাৰকা কণ্ঠশিল্পী ক্ৰমে Ashwin Vinayagamoorthy, Chinmayi Sripada, Swagata S Krishnan ৰ দ্বাৰা অনুষ্ঠিত হৈছে “Voice of Clubhouse (Tamil)” নামে এই প্ৰতিযোগিতাখনি। প্ৰথমে ১০০০ ৰ তকৈ অধিক প্ৰতিযোগী তাৰ পিছত ৫৬ গৰাকী আৰু পৰৱৰ্তী সময়ত চেমি ফাইনেল মুঠ ১৩ গৰাকী প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দিতা কৰি প্ৰিয়াক্ষী পাচনীয়ে ফাইনেল ৰাউণ্ড পাবলৈ সক্ষম হৈছে। মাত্ৰ ৫ বছৰ বয়সৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰিয়াক্ষী পাচনীয়ে বৰ্তমানলৈকে শাস্ত্ৰীয় সংগীতৰ শিক্ষা অব্যাহত ৰাখিছে। Ridip Abhilash Craftlet ৰ বেনাৰত নিৰ্মিত ‘ভাগৰৰ দিনলিপি, ‘ঈশানী মলয়া’ আদি গীতবোৰতেই প্ৰিয়াক্ষীৰ কণ্ঠৰ সুমধুৰতাৰ অনুমান কৰিব পৰা যায়। সাম্প্ৰতিক সময়ত একোগৰাকী প্ৰতিভাশালী নৱপ্ৰজন্মই প্ৰতিটো মূহুৰ্ততে নিজ কৰ্মসমূহেৰে জনসাধাৰণক আপ্লুত কৰি ৰাখিছে। তেওঁলোকৰ দৃঢ়তা, নিষ্ঠা তথা সততাই আচলতে উন্নতিৰ দিশে আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিছে। এক কথাত ক’বলৈ গ’লে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ ক্ৰমশঃ গতি কৰিবলৈ আৰম্ভ কৰা প্ৰিয়াক্ষীয়ে গৌৰৱান্বিত কৰিছে অসমবাসীক।

"Voice of Clubhouse (Tamil)" ৰ ফাইনেলিষ্ট প্ৰিয়াক্ষী পাচনীলৈ শুভকামনাঃ 3


প্ৰিয়াক্ষী পাচনীক আজিৰ দিনটোৰ বাবে শুভকামনা জ্ঞাপন কৰাৰ সমান্তৰালকৈ অনাগত দিনত তেওঁ যাতে আৰু অধিক সুন্দৰ গীতেৰে ৰাইজৰ কাষ চাপিব পাৰে, ৰূপালীপৰ্দাৰ তৰফৰ পৰা তাৰেই কামনা কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28464/feed 0 28464