Vreegu Kashyap – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 26 Sep 2021 07:51:47 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Vreegu Kashyap – Rupaliparda.com https://rupaliparda.com 32 32 163073109 কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “ৰাধা ৰুক্মিণী”- https://rupaliparda.com/archives/28498 https://rupaliparda.com/archives/28498#respond Mon, 27 Sep 2021 10:30:00 +0000 https://rupaliparda.com/?p=28498 কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত “ৰাধা-ৰুক্মিণী”। গীতটিয়ে মুক্তি লাভৰ পূৰ্বেই লাভ কৰিছে চৰ্চা। গীতটিত সংগীত কৰিছে পুলক নাথে। ভিডিঅ’ আকাৰে মুক্তিপাবলগীয়া এই গীতটিত ভৃগু কাশ্যপৰ পত্নী প্ৰিয়ম পল্লৱী সহ এগৰাকী নৱাগতা ভাৱনা কাশ্যপক দেখিবলৈ পোৱা যাব। কণ্ঠশিল্পী গৰাকীৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ইয়াৰ ব্যতিক্ৰম হয়টো নহ’ব। বিগত বহু দিনৰ অন্তত আন এটা গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হোৱা ভৃগু কাশ্যপৰ এই নতুন গীতটিৰ বাবে অপেক্ষাৰত অনুৰাগী। তেওঁৰ প্ৰায় কেইটা গীতত পত্নী প্ৰিয়ম পল্লৱীক দেখিবলৈ পোৱা যায়, অৱশ্যে স্বামী স্ত্ৰীৰ এই যুটিটোৱে আকৰ্ষিতও কৰিছে বহুতক। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। উল্লেখ্য যে, শেহতীয়াকৈ ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে যুটীয়াভাৱে গুৱাহাটীে হাতীগাঁওত মুকলি কৰিছে এখন চেলুন, ইয়াৰ নাম হৈছে “Style Stuff Unisex & Family Salon”।


ইয়াৰোপৰি, কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছিল এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত অৰ্থাৎ বিগত বৰ্ষত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

]]>
https://rupaliparda.com/archives/28498/feed 0 28498
ভৃগু কাশ্যপৰ নতুন শ্ব’ “যদি মই প্ৰশ্ন কৰোঁ”- https://rupaliparda.com/archives/26953 https://rupaliparda.com/archives/26953#respond Wed, 23 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=26953 Vk entertainment অৰ্থাৎ কণ্ঠশিল্পী ভৃগু কাশ্যপৰ সৌজন্যত তেওঁৰ ব্যক্তিগত ইউটিউব চেনেল যোগে মুক্তি পাবলৈ সাজু হৈছে এটি নতুন ব্যতিক্ৰমী শ্ব’ “যদি মই প্ৰশ্ন” কৰোঁ। ইতিমধ্যে শ্ব’টোৰ প্ৰমো’ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে; এই শ্ব’টোক ব্যতিক্ৰম বুলি এইবাবেই কোৱা হৈছে কাৰণ ইয়াত ভৃগু কাশ্যপে কোনো কণ্ঠশিল্পী, পৰিচালক অথবা অভিনেতা-অভিনেত্ৰীৰ সাক্ষাৎকাৰ নলয়। তেওঁৰ সৈতে শ্ব’টোৰ অনুষ্ঠানসমূহত উপস্থিত থাকিব একোজনকৈ জনপ্ৰতিনিধি। ৰাজ্য তথা ৰাইজৰ কিছু প্ৰশ্ন ভৃগু কাশ্যপে এই শ্ব’টোৰ জৰিয়তে কৰিব। ইতিমধ্যে ৰাইজৰ মাজত আগবঢ়াই দিয়া শ্ব’টোৰ প্ৰথমটো প্ৰমো’ত দেখিবলৈ পোৱা গৈছে খাদ্য, অসামৰিক আৰু গ্ৰাহক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক। উল্লেখ্য যে, উক্ত শ্ব’টোক লৈ শেহতীয়াকৈ ভৃগু কাশ্যপৰ অনুৰাগী উৎসাহী হৈ পৰিছে। কিছুদিন পূৰ্বে অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ভৃগু কাশ্যপ প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চিত বিষয়। সমান্তৰালকৈ, কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”।

ভৃগু কাশ্যপৰ নতুন শ্ব' "যদি মই প্ৰশ্ন কৰোঁ"- 1

আনহাতে, মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক বিগত বৰ্ষৰ পৰা ক’ৰোণাই বিভীষিকাৰ সৃষ্টি কৰি ৰখা তথা আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

]]>
https://rupaliparda.com/archives/26953/feed 0 26953
বিবাহৰ যুগঃ ভৃগু কাশ্যপ, নীল আকাশৰ জীৱনৰ দ্বিতীয় ইনিংছ- https://rupaliparda.com/archives/24494 https://rupaliparda.com/archives/24494#respond Mon, 01 Mar 2021 12:30:24 +0000 https://rupaliparda.com/?p=24494 বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনত আৰম্ভ হৈছে বিয়াৰ বতৰ। ইখনৰ পিছত সিখন বিয়াক লৈ ব্যস্ত হৈছে চচিয়েল মিডিয়া লগতে সাধাৰণজন। য’ত বৰ্ষাৰাণী আৰু ভাস্কৰ বৰুৱাৰ বিবাহ সম্পন্ন কৰা হ’ল তাৰ পিছতেই এতিয়া যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে ভৃগু কাশ্যপৰ লগতে নীল আকাশ। তেওঁলোকৰ বিবাহৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ থকা ফটোসমূহৰ ইখনৰ পিছত সিখন ভাইৰেল হ’বলৈ ধৰিছে চচিয়েল মিডিয়াত। দ্বিতীয় ইনিংছৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী দুগৰাকী। নেনচী ফুকনে য’ত নীল আকাশৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে তাতেই আকৌ অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে হোমৰ সাক্ষী হৈ স্বামীৰূপে গ্ৰহণ কৰিব ভৃগু কাশ্যপক। ২৮ ফেব্ৰুৱাৰী তাৰিখে ৫ বছৰীয়া প্ৰেমৰ সৈতে নীল আকাশ বহিছে বিবাহত। পেচাত এগৰাকী অধিবক্তা নেনচী ফুকনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে নীল আকাশ; নেনচীৰ ঘৰ মাৰ্ঘৰিটাত। এওঁলোকৰ ভাইৰেল হোৱা ফটো সমূহ চাওঁ চোন আহকঃ

]]>
https://rupaliparda.com/archives/24494/feed 0 24494
কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “মানুহজনী মেইন”- https://rupaliparda.com/archives/23757 https://rupaliparda.com/archives/23757#respond Wed, 27 Jan 2021 12:30:40 +0000 https://rupaliparda.com/?p=23757 কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মানুহজনী মেইন”। লিৰিকেল ভিডিঅ’ৰে গীতটি মুক্তি লাভ কৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ মাজত। ভৃগু কাশ্যপৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ই ব্যতিক্ৰম নহয়। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিয়েও মুক্তিৰ পিছতেই লাভ কৰে জনপ্ৰিয়তা। গীতটিৰ কথা সুনীত গগৈৰ লগতে সংগীত কৰিছে পুলক নাথে । গীতটিত সুৰ শৰৎ আৰু ভৃগুৰ; আনহাতে শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। “মানুহজনী মেইন” শীৰ্ষক গীতটিৰ যদিও লিৰিকেল ভিডিঅ’য়েহে মুক্তি লাভ কৰিছে তথাপিও গীতটিৰ ভিডিঅ’ৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈ পৰিছে।

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মানুহজনী মেইন"- 2


কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

]]>
https://rupaliparda.com/archives/23757/feed 0 23757
কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “মুন মুন”- https://rupaliparda.com/archives/22610 https://rupaliparda.com/archives/22610#respond Tue, 08 Dec 2020 12:30:50 +0000 https://rupaliparda.com/?p=22610 কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মুন মুন”। লিৰিকেল ভিডিঅ’ৰে গীতটি মুক্তি লাভ কৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ মাজত। ভৃগু কাশ্যপৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ই ব্যতিক্ৰম নহয়। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিয়েও মুক্তিৰ পিছতেই লাভ কৰে জনপ্ৰিয়তা। গীতটিৰ কথা আৰু সুৰৰ দায়িত্বত আছে ৰিতু ৰাজ কোঁচ লগতে ইয়াত সংগীত দিছে পলাশ গগৈয়ে। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু “মুন মুন” ক বাণীবদ্ধ কৰিছে পিংকল প্ৰত্যুষে। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। শেহতীয়াকৈ নিজ চুলিৰ ষ্টাইলৰ বাবেও সমালোচনাৰ সন্মুখীন হৈছিল কন্ঠশিল্পী গৰাকী।

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মুন মুন"- 3


কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

]]>
https://rupaliparda.com/archives/22610/feed 0 22610
চুলিৰ ষ্টাইল আৰু মদ্যপানৰ বাবে এইবাৰ সমালোচনা ভৃগু কাশ্যপকঃ https://rupaliparda.com/archives/21468 https://rupaliparda.com/archives/21468#respond Mon, 26 Oct 2020 12:31:00 +0000 https://rupaliparda.com/?p=21468 কন্ঠশিল্পী ভৃগু কাশ্যপ আকৌ এবাৰ জনসাধাৰণৰ ৰোষত। তেওঁৰ এখন ফটো আকৌ এবাৰ চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ উপৰিও সমালোচনাৰ সন্মুখীন হয় কন্ঠশিল্পী ভৃগু কাশ্যপ। মদিৰাৰ এটা ব্ৰেণ্ডৰ সৈতে উঠা এখন ফটোৰ বাবে ভৃগু কাশ্যপ সন্মুখীন হৈছে বহুল সমালোচনাৰ। সমান্তৰালকৈ, তেওঁৰ চুলিৰ ষ্টাইলকো যেন সহ্য কৰিব পৰা নাই অসমীয়া ৰাইজে। শেহতীয়াকৈ, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

চুলিৰ ষ্টাইল আৰু মদ্যপানৰ বাবে এইবাৰ সমালোচনা ভৃগু কাশ্যপকঃ 4
চুলিৰ ষ্টাইল আৰু মদ্যপানৰ বাবে এইবাৰ সমালোচনা ভৃগু কাশ্যপকঃ 5


আনহাতে, চলিত বৰ্ষৰ প্ৰথম ভাগতেই অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ভৃগু কাশ্যপে। তথাপিও যেন সমালোচনাই বাট ভেঁটি ধৰে কন্ঠশিল্পী গৰাকীৰ; তেওঁৰ ষ্টাইলেই হওঁক অথবা তেওঁৰ সংগীতেই হওঁক প্ৰায়ে ট্ৰোল হয় জনসাধাৰণৰ সমুখত।

]]>
https://rupaliparda.com/archives/21468/feed 0 21468
বিগত বৰ্ষৰ পৰা ধৰি বৰ্তমানলৈ নিজ গীতৰ পৰ্যালোচনা ভৃগু কাশ্যপৰঃ https://rupaliparda.com/archives/18042 https://rupaliparda.com/archives/18042#respond Wed, 15 Jul 2020 12:30:38 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18042 বিগত বৰ্ষৰ পৰা কন্ঠশিল্পী ভৃগু কাশ্যপৰ প্ৰায় কেইবাটাও গীতে লাভ কৰিছে মু্ক্তি। বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা এক পৰ্যালোচনা আগবঢ়ায় কন্ঠশিল্পী গৰাকীয়ে। “ৰামধেনু” ৰ পৰা আৰম্ভ কৰি কন্ঠশিল্পী গৰাকীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “হিটছ অৱ ফৌৰ” লৈ মুক্তিপ্ৰাপ্ত গীতকেইটিত থকা ভিউৱাৰচৰ সংখ্যাও পোষ্ট যোগে দিয়ে ভৃগুৱে। প্ৰায়ে গীত সমূহক লৈ ভিন্ন জনৰ সমালোচনাৰ সন্মুখীন হ’লেও কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া; তেওঁ নিজ অনুৰাগী ও শুভকাংক্ষী সমূহক পোষ্টযোগে তেওঁৰ গীতত হোৱা ভুল সমূহ শুধৰাই দিবলৈও আহ্বান জনায়। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা ভৃগু কাশ্যপে প্ৰায়ে তেওঁৰ হ’বলগীয়া অৰ্ধাগিংনী ও পত্নী প্ৰিয়ম পল্লৱীৰ সৈতে বিভিন্ন পোষ্ট দি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, কন্ঠশিল্পী গৰাকীয়ে সামাজিক দায়বদ্ধতাৰ প্ৰতিও ৰাখিছে লক্ষ্য। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াই ১০ হাজাৰ ১ শ ১ টকা।

https://www.instagram.com/p/CCkiG4qJgP3/?utm_source=ig_web_copy_link
বিগত বৰ্ষৰ পৰা ধৰি বৰ্তমানলৈ নিজ গীতৰ পৰ্যালোচনা ভৃগু কাশ্যপৰঃ 6


আগন্তুক সময়ত “ক’ভিড ১৯” ৰ পৰা সমগ্ৰ মানৱ গোষ্ঠী সোনকালে হাত সাৰি আহিব বুলিও আশ্বাস দিয়ে তেওঁ। উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম ভাগতেই অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ভৃগু কাশ্যপে।

]]>
https://rupaliparda.com/archives/18042/feed 0 18042
বাবু, ভৃগু, নেকিব, ৰিংকু এইবাৰ একেলগেঃ ২৭ তাৰিখে মুক্তি পাব এওঁলোকৰ গীতৰ “Mashup”- https://rupaliparda.com/archives/16988 https://rupaliparda.com/archives/16988#respond Wed, 24 Jun 2020 12:30:17 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16988 অসমীয়া সংগীত জগতৰ চাৰিজনীয়া জনপ্ৰিয় কন্ঠশিল্পীৰ যুঁটিৰে আহি আছে এটি অসমীয়া গীতৰ “Mashup”। চাৰিগৰাকী কন্ঠশিল্পীৰ কেইটামান মনপৰশা গীতক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Hits Of Four”। বাবুবৰুৱা, ভৃগু কাশ্যপ, নেকিব আৰু ৰিংকু প্ৰিয়মৰ চাৰিটা গীত ক্ৰমে “পেডেল মাৰি মাৰি”, “টেক্সি গাড়ী, “অটোৱালা মই”, “আমেৰিকা জাপানত”, “বাৰিষাৰে বানত” আৰু “ABCD” ক লগ কৰি প্ৰস্তুত কৰা এই নতুন গীতটি মুক্তি লাভ কৰিব চলিত মাহৰ ২৭ তাৰিখে। উক্ত গীত কেইটিক আকৌ এবাৰ নতুন ৰূপত সজাই দৰ্শকৰ মাজত উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে বৰ্তমান এওঁলোকে। উক্ত গীত কেইটিৰ জনপ্ৰিয়তা আচলতে নুই কৰিব নোৱাৰি; ইউটিউবত মুক্তি লাভ কৰা পিছৰে পৰাই গীত সমূহে লক্ষাধিক ভিউৱাৰচ গোটাবলৈ সক্ষম হয়।

বাবু, ভৃগু, নেকিব, ৰিংকু এইবাৰ একেলগেঃ ২৭ তাৰিখে মুক্তি পাব এওঁলোকৰ গীতৰ "Mashup"- 7


অহা ২৭ জুন তাৰিখে আহিবলগীয়া “Mashup” টোৰ ভিতৰত অন্তৰ্ভূক্ত গীতকেইটিৰ পৰিচালনা আছিল ক্ৰমে শেখৰ গোস্বামী, দ্বীপকেশ বৰগোঁহাই, পলাশ গগৈ, অৰূপ দত্ত আৰু পিংকল প্ৰত্যুেষে। গীত কেইটিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল বাবু, ৰেকিনুল, চন্দন কাকতি, ভগৱান আৰু ভৃগু। বিগত কেইবাদিনো চাৰিওগৰাকী কন্ঠশিল্পীকে এই “Mashup” ৰ শ্বুটিঙৰ কামত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছিল। আটাইকেইজন কন্ঠশিল্পীয়েই গীতটিক উদ্দেশ্যি ষ্টেটাচ দি আকৰ্ষণ কৰি ৰাখিছিল দৰ্শকক।

]]>
https://rupaliparda.com/archives/16988/feed 0 16988
বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ “Mashup”- https://rupaliparda.com/archives/16410 https://rupaliparda.com/archives/16410#respond Sat, 13 Jun 2020 10:30:39 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16410 সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পীক বৰ্তমান দেখিবলৈ পোৱা যাব একেলগে একেটা গীতত। চাৰিওগৰাকীৰ কেইটামান মনপৰশা গীতক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Hits Of Four”। বাবু বৰুৱা, ভৃগু কাশ্যপ, নেকিব আৰু ৰিংকু প্ৰিয়মৰ চাৰিটা গীত ক্ৰমে “পেডেল মাৰি মাৰি”, “টেক্সি গাড়ী, “অটোৱালা মই”, “আমেৰিকা জাপানত”, “বাৰিষাৰে বানত” আৰু “ABCD” ক লগ কৰি প্ৰস্তুত কৰা এই নতুন গীতটিৰ বাবে অপেক্ষাৰত তেওঁলোকৰ অনুৰাগীও।

বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ "Mashup"- 8
https://www.instagram.com/tv/CBPq4cUpSK8/?utm_source=ig_web_copy_link

অহা কাইলৈ অৰ্থাৎ ১৪ তাৰিখে মুক্তি কৰি দিয়া হ’ব এই গীতটিক। সংগীত ক্ষেত্ৰখনত সুকীয়া চিনাকী থকা এই কেইগৰাকী কন্ঠশিল্পীৰ উক্ত গীতকেইটিয়ে মুক্তিৰ পিছতেই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল। গীতকেইটিক আকৌ এবাৰ এওঁলোকে “MashUp” ৰ দৰে সৃষ্টি কৰি অনুৰাগীৰ মাজত উলিয়াই দিবলৈ সাজু হৈ পৰিছে।

বাবু, ভৃগু, ৰিংকু আৰু নেকিবৰ জনপ্ৰিয় গীতৰ "Mashup"- 9


“লক-ডাউন” সময়ছোৱাত এই চাৰিগৰাকী কন্ঠশিল্পীয়ে বিভিন্ন ধৰণে মনোৰঞ্জন কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ভৃগু কাশ্যপৰ গীতত আন কন্ঠশিল্পীয়ে কন্ঠদান কৰা “ৰোমান্টিক মাছআপ” আৰু আনহাতে বাবুৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “পৃথিৱীয়ে হাঁহি দিলে” । উক্ত দুয়োটা গীতে আচলতে আঁজুৰিছিলি দৰ্শকৰ মনযোগ। অহা ১৪ তাৰিখে আহিবলগীয়া “Mashup” টোৰ ভিতৰত অন্তৰ্ভূক্ত গীতকেইটিৰ পৰিচালনা আছিল ক্ৰমে শেখৰ গোস্বামী, দ্বীপকেশ বৰগোঁহাই, পলাশ গগৈ, অৰূপ দত্ত আৰু পিংকল প্ৰত্যুেষে। গীত কেইটিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল বাবু, ৰেকিনুল, চন্দন কাকতি, ভগৱান আৰু ভৃগু।

]]>
https://rupaliparda.com/archives/16410/feed 0 16410
ভৃগু কাশ্যপ ও ৰাকেশ ৰিয়ানৰ প্ৰচেষ্টাঃ উৎসাহী জনসাধাৰণ- https://rupaliparda.com/archives/15832 https://rupaliparda.com/archives/15832#respond Mon, 01 Jun 2020 12:30:01 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15832 মুক্তি পালে অসমীয়া কন্ঠশিল্পীৰ সৌজন্যত “Homemade Mashup Video”। “লক-ডাউন” ৫.০ ৰ আৰম্ভণিৰ মাজতেই কন্ঠশিল্পী সমূহৰ ন-ন প্ৰচেষ্টাত বৰ্তমান উৎসাহী তেওঁলোকৰ অনুৰাগী। পূৰণি গীত সমূহক একত্ৰিত কৰি প্ৰস্তুত কৰি উলিওৱা “Homemade Mashup Video” ত এতিয়া বৃদ্ধি হোৱা ভিউৱাৰচৰ সংখ্যাও দেখিবলৈ পোৱা গৈছে। অসমীয়া সংগীত ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰা ক্ৰমে ভৃগু কাশ্যপ, সুবাসনা দত্ত, গীতালী, নিলাক্ষী নেওঁগ, দীপলিনা ডেকা, জ্যোতি শৰ্মা আৰু মানসী চহৰীয়াৰ কন্ঠৰে ৰাইজৰ চিনাকী কিছু গীতক একগোট কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Homemade Mashup Video”। ইয়াত সংগীত দিছে পিংকল প্ৰত্যুষে আৰু আনহাতে ইয়াৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ। আনহাতে, আন এগৰাকী কন্ঠশিল্পী ৰাকেশ ৰিয়ানে অনুৰাগীক আমোদ দিয়াৰ উদ্দেশ্যে কৰিলে আন এক প্ৰচেষ্টা।


তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “অস্ত বেলি” ত অসমীয়া অভিনেতা- অভিনেত্ৰীক একগোট কৰি প্ৰস্তুত কৰিলে এটি ভিডিঅ’। উল্লেখ্য যে, উক্ত গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছিল বহুল জনপ্ৰিয়তা। সুনীতা কৌশিক, অমৃতা গগৈকে আৰম্ভ কৰি কিশোৰ দাস, আলিস্মিতা, বিবেক বৰাইও লগ দিয়ে গীতটিৰ ভিডিঅ’ত। নতুন সুৰুযৰ আশাৰে নিৰ্মিত এই গীতটিক “লক-ডাউন” ৰ মাজতেই প্ৰস্তুত কৰা হৈছিল।

https://www.instagram.com/tv/CA2OzFqJtzK/?utm_source=ig_web_copy_link


অনুৰাগী সমূহৰ মনোৰঞ্জনৰ অৰ্থে শিল্পীসমূহৰ থকা দায়বদ্ধতা সঁচাকৈ লেখত ল’বলগীয়া।

]]>
https://rupaliparda.com/archives/15832/feed 0 15832