Web Series – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 04 Nov 2024 07:54:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Web Series – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Unveiling the Epic: Dive Into the Explosive World of ‘Scam 2019’! – Prantik Deka https://rupaliparda.com/archives/31118 https://rupaliparda.com/archives/31118#respond Mon, 04 Nov 2024 07:54:10 +0000 https://rupaliparda.com/?p=31118 The highly awaited web series, ‘Scam 2019’, has recently released its official teaser. This launch event was attended by renowned actor Jatin Bora, along with Maytrayee Goswami, Yankee Parasar, Aabhijeet Sharma, RK, Dhrubajyoti Talukdar, and Manik Roy. Producer Aabhijeet Sharma shared his enthusiasm for the teaser’s debut and revealed that the official trailer will be launched on November 24th, marking the 24th anniversary of Assam Public Works (APW). Scheduled for release on December 24th, the series will be available on Red Cinemas 18+, the first 18+ Assamese OTT platform, which will offer the series with multilingual subtitles to reach audiences in the region and internationally, including in Bangladesh and the Middle East.

Scam 2019

Viewers can watch the series for a nominal fee of Rs 69/-. ‘Scam 2019’ is a fictional narrative that explores the tale of a corrupt officer who, while assigned to protect a community’s identity and culture, finds himself caught up in a large-scale scam. This scandal results in significant financial damage and sparks a complex crisis impacting the state’s physical, emotional, and cultural landscape.

The series features an impressive cast, including Jatin Bora, Bibhuti Bhushan Hazarika, Maytrayee Goswami, Manik Roy, Yankee Parasar, Bhabesh Das, Arsana Pujari, and RK. Directed by RK, with the story written and produced by Aabhijeet Sharma, the series showcases a screenplay and dialogues by Bhaskar Deka, cinematography by Bitul Das, editing by Jhulan Krishna Mahanta, and music by Rideep Das.

]]>
https://rupaliparda.com/archives/31118/feed 0 31118
ReelDrama ৰ চিৰিজ ‘মৃত্যুঞ্জয়’ লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ https://rupaliparda.com/archives/28543 https://rupaliparda.com/archives/28543#respond Thu, 30 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28543 Reeldrama ৰ উল্লেখনীয় প্ৰকল্প ‘মৃত্যুঞ্জয়’ য়ে শেহতীয়াকৈ ইতিবাচক মন্তব্য লাভ কৰিবলৈ সক্ষম হৈছে। ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব। ৯ টা ৰহস্যধৰ্মী হত্যাৰ আঁৰত থকা এটা হত্যাকাৰীক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা চিৰিজখনে আপ্লুত কৰিছে সকলোকে। ৱেব চিৰিজখনৰ কাহিনীভাগৰ লগতে ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ সুন্দৰ তথা যথোপযুক্ত অভিনয়ে চিৰিজখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে ৰাইজৰ মাজত। আমাৰ সমাজখনত ধনাত্মক আৰু ঋণাত্মক এই দুই শক্তিয়ে ক্ৰিয়া কৰি থাকে, আমাৰ মনৰ মাজটো এই দুই শক্তিয়ে বাহৰ পাতি থাকে কিন্তু এই দুই শক্তিৰ মাজৰ কোনবিধে আমাক আগ্ৰাসনত ল’ব পাৰে অথবা কোনবিধ শক্তিক আমি আমাৰ জীৱনত অধিক প্ৰাধান্য দিওঁ, সেই আটাইবোৰ নিৰ্ভৰ কৰে আমাৰ কৰ্মসমূহৰ ওপৰত। এই চিৰিজখনত এনে কিছু কথাক সাঙুৰিয়ে কাহিনীভাগৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 1


উক্ত চিৰিজখনত অভিনীত জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙীয়াই নিজ নিজ চৰিত্ৰসমূহক সুন্দৰভাৱে ৰাইজৰ আগত উপস্থাপনৰ চেষ্টা কৰিছে। বিশেষকৈ,এই ক্ষেত্ৰত আমি জয় কাশ্যপ আৰু উদয়ন দুৱৰাৰ নাম ল’ব লাগিব, এওঁলোক দুয়োগৰাকীৰ মাজত থকা অভিনয়ৰ দক্ষতা চিৰিজখনৰ জৰিয়তে সুন্দৰভাৱে ওলাই পৰিছে। চিৰিজখনৰ আন এক মনোগ্ৰাহী দিশ এয়াও যে ৯ টা হত্যাকাণ্ডৰ কাহিনীৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাঁচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনৰ সংযোজনে কাকনো উৎসাহিত নকৰে! নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণৰ মাজত চিনাকী লাভ কৰাটো সঁচাকৈ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। অসমীয়া সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত জনসাধাৰণৰ বাবে একাংশই কৰা প্ৰচেষ্টা তথা প্ৰয়াস নুই কৰিব পৰা নাযায়। বৰ্তমান সময়ছোৱাত মনোৰঞ্জন জৰুৰী হৈ পৰিছে জনসাধাৰণৰ বাবে; হতাশগ্ৰস্ততাই প্ৰভাৱ বিস্তাৰ কৰা একাংশৰ বাবে একমাত্ৰ মনোৰঞ্জনেই হৈছে যিয়ে এজন ব্যক্তিক নিজৰ চিন্তাৰ পৰা কিছু সময় বিৰত ৰাখি আমোদ প্ৰদান কৰিব পাৰে।

ReelDrama ৰ চিৰিজ 'মৃত্যুঞ্জয়' লৈ ৰাইজৰ ইতিবাচক মন্তব্যঃ 2


চিৰিজখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28543/feed 0 28543
আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 https://rupaliparda.com/archives/25443 https://rupaliparda.com/archives/25443#respond Thu, 15 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25443 প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত ৮-৯ মাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনৰ বহু ন-ন প্ৰকল্পৰ শুভাৰম্ভণি ঘটিছে। ইতিমধ্যে আপোনালোকে প্ৰায় প্ৰত্যেকটো দিনত শুনিবলৈ পোৱা শব্দ দুটা হৈছে ক্ৰমে “Illegal” আৰু “Niri9″। বিগত ২৯ জানুৱাৰী তাৰিখে আপোনালোকৰ দুৱাৰডলিত উপস্থিত হোৱা ৱেব চিৰিজখন আছিল “Illegal”। দৰ্শকক আমোদ প্ৰদানৰ অৰ্থে ৱেব চিৰিজখনৰ প্ৰতিটো দিশতেই যে যথোপযুক্ত তথা পুংখানুপুংখ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। দৰ্শকক উৎসাহিত তথা আকৰ্ষণ কৰিব পৰা কাহিনী, একচন, ড্ৰামা আৰু থ্ৰীলাৰৰ সম্পূৰ্ণ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে “Illegal”। উঠি অহা প্ৰজন্মৰ নিৰ্মাতা সকলে নিজ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত সদায় একোটা প্লেটফৰ্মৰ সন্ধান কৰে আৰু ইয়াৰে ভিতৰত এটা হয় ৰাইজৰ মাজলৈ আহিছে “Niri9” এপটো । “Illegal” ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰে এপটোত আগন্তুক সময়ত সন্নিৱিষ্ট কৰা হ’ব আন ভিন্ন নৱপ্ৰজন্মৰ সোঁৱাদনুযায়ী প্ৰকল্প। Niri9ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, চলিত মাহৰ ১৮ তাৰিখে এই এপটোৰ তিনি মাহ সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ অসমীয়াকে ধৰি হিন্দী, বঙালী, বড়ো, মিছিং তথা ভোজপুৰী আদি ভিন্ন ভাষাতো ৱেব চিৰিজ উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, বহু কেইখন দেশত উপলদ্ধ হ’ব Niri9 ।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 3


বৰ্তমান প্ৰেক্ষাপটৰ লগত সংগতি ৰাখি নিৰ্মিত বহুল প্ৰত্যাশিত প্ৰকল্প সমূহৰ সোঁৱাদ এই এপটোৰ জৰিয়তেই ল’ব পাৰিব দৰ্শকে। কল্পজ্যোতি দাস ৰ অসমীয়া ৱেব চিৰিজ ‘ৰমিঅ’ ইন জেং”, পশ্চিমবংগৰ চিনেমা জগতৰ জনপ্ৰিয় পৰিচালক শুভজিৎ গাঙ্গুলিৰ বঙালী ৱেব চিৰিজ নিষিদ্ধ, অসমৰ মিচিং সম্প্ৰদায়ৰ জনপ্ৰিয় পৰিচালক নাৰায়ণ শীলৰ মিচিং ছবি “লি-লেন” অসমৰ বড়ো সম্প্ৰদায়ক বহু কেইখন ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ধীৰাজ বড়োৰ ছবি “SWLW এ ৰিয়েল গেম”, অসমৰ নৱ পৰিচালক কৌশিক নাথৰ অসমীয়া হৰৰ ৱেব চিৰিজ মৃত্যদূত আৰু পঞ্জাবৰ অধিক জনপ্ৰিয় পৰিচালক গুৰপিত সিং ৰ ” হিন্দী ৱেব চিৰিজ ৰোল প্লে” এই সকলোবোৰ নতুন ৱেব চিৰিজ আৰু ছবি মুকলি কৰা হ’ব Niri9 এপটোত । ইতিমধ্যে এই এপটোৰ দ্বাৰা আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বহু সংখ্যক চুটি ছবিৰ মাজৰ পৰা ২০ খনকৈ চুটি ছবি বাচনি কৰি উলিওৱা হৈছে; যিকেইখন অহা ২৩ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল পৰ্যন্ত গুৱাহাটী অনুৰাধা ছবিগৃহত প্ৰদৰ্শিত কৰা হ’ব।

আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে সাজু হৈছে ডিজিটেল প্লেটফৰ্ম Niri9 4

আনহাতে, ৩০ এপ্ৰিল তাৰিখেই চুটি ছবি সমূহৰ মাজৰ পৰা পুৰষ্কাৰ পাবলগীয়া সমূহ বাচি উলিওৱা হ’ব। Niri9 ৰ এই যাত্ৰাটোক লৈ এতিয়া উৎসাহিত হৈ পৰিছে জনসাধাৰণো। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25443/feed 0 25443
ReelDrama ৰ “ফিছা”; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ https://rupaliparda.com/archives/25064 https://rupaliparda.com/archives/25064#respond Mon, 29 Mar 2021 08:30:00 +0000 https://rupaliparda.com/?p=25064 শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন পোষ্টাৰে খলকনিৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত দেখিবলৈ পোৱা চৰিত্ৰটোৱেও ইতিমধ্যে এই নতুন প্ৰকল্পটোক লৈ আকৰ্ষিত কৰি তুলিছে দৰ্শকক। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছো। এনে পৰিপ্ৰেক্ষিততে, আগন্তুক সময়ত মুক্তি পাবলগীয়া এখন বহু প্ৰত্যাশিত ৱেব চিৰিজ “ফিছা” ৰ মুকলি কৰা হৈছে ট্ৰেইলাৰ তথা ফাৰ্ষ্ট লুক পোষ্টাৰ। প্ৰকল্পটোৰ সৈতে জনসাধাৰণক চিনাকী কৰোৱা উক্ত ট্ৰেইলাৰ তথা পোষ্টাৰখনে খলকনি লগাবলৈ সক্ষম হৈছে সচেতন মহলত। ReelDrama নামে এক নতুন ডিজিটেল প্লেটফৰ্মত এই ৱেব চিৰিজখনে লাভ কৰিব মুক্তি। পূৰ্ণদৈৰ্ঘ্যৰ এখন ছবিতকৈ ৱেব চিৰিজসমূহৰ প্ৰাধান্য এতিয়া ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে; লগতে, এই ৱেব চিৰিজখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰত দেখিবলৈ পোৱা অভিনেতা কমল লোচনৰ লুকটোৱে এতিয়া তেওঁৰ অনুৰাগীসমূহক “ফিছা” ৰ বাবে অপেক্ষাৰত কৰি তুলিছে।

ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ 5


ইতিমধ্যে ট্ৰেইলাৰটোত দেখিবলৈ পোৱা এই ৱেব চিৰিজখনৰ কাহিনীভাগত অন্তৰ্ভূক্ত থ্ৰীলে ইতিমধ্যে আকৰ্ষণ কৰিছে দৰ্শকবৃন্দক। ৮ টা খণ্ডযুক্ত “ফিছা” ৰ পৰিচালনাৰ দায়িত্বত আছে পৰিচালক সংকল্পজিৎ হাজৰিকা। সম্প্ৰতি সময়ছোৱাত মনোৰঞ্জন দিশটোৱে কৰা “ডিমাণ্ড” আৰু নৱপ্ৰজন্মৰ ইচ্ছা সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই আচলতে এনে একাংশ প্ৰকল্পৰ নিৰ্মাণ হৈছে যিয়ে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক আৰু এঢাপ ওপৰলৈ তুলি নিয়াত সহায় কৰিছে। জানিব পৰা মতে, “ফিছা” ৰ কাহিনী প্ৰণৱ বৰুৱাৰ। মাৰ্ডাৰ থ্ৰীলাৰ সম্পন্ন এই ৱেব চিৰিজখনত অভিনয় কৰিছে ন-পূৰণি একাংশ জনপ্ৰিয় অসমীয়া তাৰকাই। সেইকেইজন হৈছে ক্ৰমে বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, ৰাজীৱ গোস্বামী, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে। “ফিছা” ক দেখুওৱা দৰ্শকৰ ইচ্ছাই এতিয়া ৱেব চিৰিজখনৰ পৰিচালক সংকল্পজিৎ হাজৰিকাকো উৎকন্ঠিত কৰি তুলিছে।

ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ 6

আহিবলগীয়া সময়ত, একাংশ নতুন প্ৰকল্প আৰু নৱপ্ৰজন্মৰ বিভিন্ন প্ৰতিভাক সুবিধা প্ৰদানৰ ক্ষেত্ৰত ডিজিটেল প্লেটফৰ্ম “ReelDrama” য়ে যে সহায় আগবঢ়াব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো এওঁলোকক অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25064/feed 0 25064
কল্পজ্যোতি দাসৰ “ৰমিঅ’ ইন জেং” ৰ মুক্তিৰ নতুন পথঃ “Niri9” ত এইবাৰ পৰিচালক গৰাকী- https://rupaliparda.com/archives/24979 https://rupaliparda.com/archives/24979#respond Thu, 25 Mar 2021 08:30:00 +0000 https://rupaliparda.com/?p=24979 “মই সৰু মানুহ, সৰু সৰু কাম কৰি ডাঙৰ হোৱাৰ আশাত” শীৰ্ষক এক পৰিকল্পনাৰে আগবঢ়া কল্পজ্যোতি দাসৰ প্ৰকল্প “ৰমিঅ’ ইন জেং” ৰ মুক্তিৰ দিশত আহিছে এক নতুন খবৰ। সৰু সৰু আশাবোৰক বুকুত বান্ধিয়ে আগবঢ়া এইগৰাকী পৰিচালকৰ নতুন প্ৰকল্পটো মুক্তি লাভ কৰিব নতুনকৈ মনোৰঞ্জন প্ৰদানৰ দৰ্শকৰ কাষচপা ডিজিটেল প্লেটফৰ্ম “NIRI9” এপটোত। নৱপ্ৰজন্মৰ পৰিচালক গৰাকীৰ “ৰমিঅ’ ইন জেং” ক লৈ ইতিমধ্যে জনসাধাৰণৰ মাজত সৃষ্টি হৈছে উৎসাহৰ। আচলতে, কল্পজ্যোতি দাসে শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবাঢ়িছে। ইতিমধ্যে জানিব পৰা অনুসৰি, একোগৰাকী নৱপ্ৰজন্মৰ কেৱল মাত্ৰ প্ৰতিভাক গুৰুত্ব দিয়া হৈছে পৰিচালক গৰাকীৰ এই প্ৰকল্পটোত। আপোনালোকে হয়টো নিজেও অনুভৱ কৰিছে যে, পূৰ্বতকৈ কিছু প্ৰেম নিবেদনৰ মাধ্যম সলনি হৈছে যদিও বৰ্তমানেও এই “প্ৰেম” বোলা অনুভৱটোৱেই সুকীয়া, ভাল লগা। কেতিয়াবা ভাল লগাবোৰ ভালপোৱালৈ পৰিৱৰ্তন হয় আৰু ভালপোৱাবোৰ ক্ৰমশ বাঢ়িবলৈ লয়। সৰু সৰু বস্তুবোৰতেই লাভ কৰিব পৰা যায় সুখানুভূতি; উৰ্দ্ধ শাৰী কেইটা পঢ়ি থকা সময়তে আপোনাৰ মুখত ফুটি উঠা সেই হাঁহিটোৱেই আচলতে আপোনাৰ এই সৰু সৰু সুখ।

কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ৰ মুক্তিৰ নতুন পথঃ "Niri9" ত এইবাৰ পৰিচালক গৰাকী- 7


কল্পজ্যোতি দাসৰ প্ৰকল্পটোত আন অইন প্ৰসংগ টানি অনাৰ পূৰ্বে আপোনালোকে জানি থওঁক যে কল্পজ্যোতিৰ “ৰমিঅ’ ইন জেং” কিছু সৰু বিষয়বস্তুক লৈয়ে সু-পৰিকল্পিতভাৱে নিৰ্মাণ কৰি জনসাধাৰণক মনোৰঞ্জন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। “ৰমিঅ’ ইন জেং” চিৰিজখন মুঠ ১০ টা খণ্ডযুক্ত; যাৰ প্ৰথম খণ্ডৰ ট্ৰেইলাৰটোক মুকলি ইতিমধ্যে কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। থ্ৰীলাৰ, ৰোমান্টিক তথা কমেডী আদি বিভিন্ন কাহিনী অন্তৰ্ভূক্ত এই চিৰিজ খনক লৈয়ে পৰিচালক কল্পজ্যোতি দাসো হৈছে উৎকন্ঠিত। পৰিচালক কল্পজ্যোতি দাসৰ এই পৰিকল্পনাটোত তেওঁক সহায় কৰিছে ক্ৰমে ৰূপাংকৰ দাস, নিশিৰঞ্জন কে মল্লিকা, নগেন বৈশ্য, মধুস্মিতা দাস, প্ৰাঞ্জল দাস, অনুচৰ, হৰগোবিন্দ মহন্তই। এই চিৰিজখনৰ দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যৰ লগতে পৰিচালকগৰাকীয়ে। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত ইয়াৰ পূৰ্বেও এখন জনপ্ৰিয় ধাৰাবাহিক “দুটি মনৰ জোনাক” ক আপোনালোকে উপভোগ কৰিছে। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাত দৰ্শকৰ বহুল সঁহাৰি লাভ কৰা এখন জনপ্ৰিয় ধাৰাবাহিকৰ মাজৰেই আছিল “দুটি মনৰ জোনাক”।

কল্পজ্যোতি দাসৰ "ৰমিঅ' ইন জেং" ৰ মুক্তিৰ নতুন পথঃ "Niri9" ত এইবাৰ পৰিচালক গৰাকী- 8


আনহাতে, “NIRI9” ৰ স্বত্বাধিকাৰী জোনমণি দেৱী খাউণ্ডৰ এই পদক্ষেপে সঁচা অৰ্থত নৱপ্ৰজন্মক উৎসাহিত কৰাত সক্ষম হৈছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী হ’বলগীয়া “NIRI9” এপটোত কেৱল মাত্ৰ অসমীয়া প্ৰকল্পই নহয়; মুক্তি লাভ কৰিব হিন্দী আৰু বাংলা ভাষাৰো বিভিন্ন ধৰণৰ প্ৰকল্প। থ্ৰীলাৰ, চাইকো’লজিকেল থ্ৰীলাৰ, এক্সন, ড্ৰামা সম্পন্ন কাহিনীও ইয়াত দেখিবলৈ পোৱা যাব; গুগল প্লে ষ্টোৰ তথা এপ্পল প্লে ষ্টোৰত উপলদ্ধ এই এপটোত নৱপ্ৰজন্মৰ সোঁৱাদনুসৰিয়ে বিভিন্ন ধৰণৰ প্ৰকল্প অন্তৰ্ভূক্তি কৰা হৈছে।

]]>
https://rupaliparda.com/archives/24979/feed 0 24979
“NIRI9” ৰ আন প্ৰকল্প; কৌশিক নাথৰ “মৃত্যুদূত”- https://rupaliparda.com/archives/24554 https://rupaliparda.com/archives/24554#respond Fri, 05 Mar 2021 08:30:24 +0000 https://rupaliparda.com/?p=24554 ইখন সিখনকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ জোঁৱাৰ উঠিছে ৱেব চিৰিজৰ। ইতিমধ্যে কেইবাখনো ৱেব চিৰিজৰ আৰম্ভণিৰ খবৰে উৎসাহিতও কৰি তুলিছে প্ৰতিজন মনোৰঞ্জনপ্ৰেমী জনসাধাৰণক। “ILLEGAL” ৰ বহুল সফলতা তথা সফল সমাপ্তিৰ পিছত বৰ্তমান “NIRI9” ত মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন ৱেব চিৰিজ “মৃত্যুদূত”। এই ৱেব চিৰিজখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্বত আছে কৌশিক নাথ। অভিনেতা ৰূপে চিনাকী এইগৰাকী পৰিচালকৰ “মৃত্যদূত” য়ে হৈছে প্ৰথম খন তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰকল্প। ইয়াৰ পূৰ্বে আন আন ছবিৰ সহঃপৰিচালকৰ দায়িত্ব ৰূপায়ন কৰিছে কৌশিক নাথে। ২০১৪-১৫ চনৰ পৰা পৰিচালনা ক্ষেত্ৰখনত নামি পৰা কৌশিক নাথে “মৃত্যুদূত” ক লৈ আশা প্ৰকাশ কৰিছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক “মৃত্যুদূত” ত এনে কি আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব বুলি সোধাত কৌশিক নাথে কয় যে, “মৃত্যুদূত” য়ে দৰ্শকক আকৰ্ষণ কৰা এটা প্ৰধান কাৰণ হৈছে এইখন এখন হ’ৰৰ ৱেব চিৰিজ; লগতে ইয়াত থ্ৰীল তথা চাচপেন্স আছে। গতিকে, দৰ্শকে ইয়াতে বিচৰা ধৰণৰ গোটেইখিনি মছলা পাব বুলি মই ভাবো।” দৰ্শকৰ পৰা পৰিচালক গৰাকীয়ে কেনে আশা কৰে বুলি সোধাত তেওঁ কয় যে,

"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 9
"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 10


“দৰ্শকৰ পৰা আমি আশা কৰা মতেই সঁহাৰি পাম বুলি ভাবিছো। যদিও ৱেব চিৰিজখন সীমিত বাজেটেৰে প্ৰস্তুত কৰা হৈছে তথাপিও ইয়াত সৰুতকৈ সৰু চৰিত্ৰ এটাৰ কাষ্টিংগ কৰা ক্ষেত্ৰতো আমি যথেষ্ট গুৰুত্ব দিছো। যেতিয়াই “মৃত্যুদূত” ৰ কাহিনী লিখিছিলো তেতিয়াই চৰিত্ৰ সমূহ মনলৈ আনিহে মই কাহিনীভাগ লিখিছিলো। আৰু, ইয়াত প্ৰতিটো চৰিত্ৰৰ বাবেই আমি অভিনয় জনা অভিনেতা-অভিনেত্ৰীক গ্ৰহণ কৰিছিলো। এই ৱেব চিৰিজখনৰ কাহিনীভাগে প্ৰথমৰ পৰা শেষলৈ একোজন দৰ্শকক ধৰি ৰাখিব বুলি মোৰ বিশ্বাস; ৰাইজে ৱেব চিৰিজখন উপভোগ কৰি নিৰাশ হৈ উভতিব লগীয়া নহয় বুলি সম্পূৰ্ণ বিশ্বাস আছে।” কেতিয়াবা ক’ৰবাত কাৰোবাৰ সাধাৰণ অমনোযোগিতাৰ বাবে জীৱনৰ দৰেই একোটা মূল্যৱান বস্তু নিঃশেষ হৈ যাব পাৰে; এই ৱেব চিৰিজখনৰ কাহিনীভাগো ঠিক এনে ধৰণে আৰম্ভ হয় আপোনালোকক লৈ যাব ৰহস্যৰ মাজলৈ। য’ৰ পৰা হয়টো আপুনি নিজেই ওলাই আহিবলগীয়া হ’ব পাৰে।

"NIRI9" ৰ আন প্ৰকল্প; কৌশিক নাথৰ "মৃত্যুদূত"- 11


ইয়াত অভিনয় কৰিছে প্ৰদ্যুৎ বিকাশ দাস, দ্বীপজ্যোতি মালী, অপূৰ্ব ঠাকুৰীয়া, দীপান্বিতা দাস, কৌশিক নাথ, স্বপন দাস, জিতেন দাস, বৰষা ধৰিত্ৰী দাস, চিকন দাস, মনোৰঞ্জন দাস,চিন্ময় ৰাজকুমাৰ আৰু ৰণ্টু ৰাজবংশীয়ে।ৱেব চিৰিজখনৰ সংলাপ কৌশিক নাথ আৰু দ্বীপজ্যোতি মালীৰ। আনহাতে, দৃশ্যগ্ৰহণ আৰু সম্পাদনা প্ৰাঞ্জল পি কে কলিতাৰ। সংগীত পৰিচালনা কুশল মিৰ্জাৰ। শব্দ জ্যোতি প্ৰকাশ ৰাভা আৰু প্ৰসাধন স্মৃতি আৰ দত্তৰ।

]]>
https://rupaliparda.com/archives/24554/feed 0 24554
নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ https://rupaliparda.com/archives/23752 https://rupaliparda.com/archives/23752#respond Wed, 27 Jan 2021 10:30:17 +0000 https://rupaliparda.com/?p=23752 The Filmy Jokers ৰ সৌজন্যত আৰু Jonaki Mon & Soulmates সহযোগিতাত মুক্তিলাভ কৰা ৱেব চিৰিজ নষ্টালজিয়া.com ৰ প্ৰথমটো খণ্ডই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে চচিয়েল মিডিয়াত। আমি যিমানেই ডাঙৰ হৈ আহিছো অথবা আমাৰ ওপৰত যিমানেই দায়িত্বভাৰ বৃদ্ধি হোৱা যেন অনুভৱ কৰিছো সিমানেই আমি আশাৰ শৈশৱ তথা স্কুলীয়া জীৱনটোলৈ উভতি যোৱাৰ ইচ্ছা কৰিছো। শেষৰখন বেঞ্চত বহি কৰি থকা আঁক-বাঁক লগতে জীৱনৰ অৰ্থহীন কথাবোৰে দিয়া ৰসবোৰে এতিয়াও যেন আমাক উৎসাহিত কৰি ৰাখিছে। নহয়নে? আচলতে, আমি প্ৰত্যেকেই তেতিয়াৰ জীৱনটো ভালকৈ আকৌ এবাৰ জীয়াবলৈ বিচাৰো। এনে কিছু অনুভূতিক লৈয়ে নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰা হৈছে এই ৱেব চিৰিজখন। নৱপ্ৰজন্মৰে কেইবাগৰাকীও প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰে নিৰ্মাণ কৰা ৱেব চিৰিজখনৰ প্ৰথমটো খণ্ডৰ দৈৰ্ঘ্য হৈছে ১৫ মিনিট। এই ১৫ মিনিট সময়ত প্ৰতিটো চৰিত্ৰৰ ভিন্নতা উপস্থাপন কৰিবলৈ বিচৰা হৈছে। ক্লাছৰুম, আড্ডা আৰু বন্ধুৰ মাজত হোৱা উৎপাতক লৈ নিৰ্মিত নষ্টালজিয়া.com ত দৰ্শকেও হয়টো ক’ৰবাত বিচাৰি পাব নিজক।

নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ 12


ৱেব চিৰিজ খনৰ পৰিচালনা কৰিছে ধ্ৰুৱ হাজৰিকাই।চিত্ৰনাট্য ডানিশৰ লগতে দৃশ্যগ্ৰহণ কৰিছে ৰিয়ান দ্বীপেন নাথে। ধ্ৰুৱ হাজৰিকাৰ সৈতে সহযোগী পৰিচালনা সুমন পাটৰৰ। আনহাতে, ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে মনিদ্বীপ শৰ্মা আৰু দেৱাশীষ হাজৰিকা। সংগীত পৰিচালনা জোনাকী মনৰ লগতে ইয়াত সম্পাদনা কৰিছে প্ৰিয়াংশু মালিকে। ৱেব চিৰিজখনৰ বিভিন্ন খণ্ডত অভিনয় কৰিছে ক্ৰমে জুবিন দাস, দানৱিৰ ভৌমিক, পৰিস্মিতা নাথ, নিহাৰ দাস, অভিজিৎ শৰ্মা, পৰিস্মিতা শৰ্মা, সুভম হাজৰিকা, চিৰঞ্জিতা শইকীয়া, গুণজিৎ বড়ো, বৰষা দত্ত, ৰজলিন ভাৰতী আৰু লক্ষী বৰাই। শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ নিৰ্মিত “নষ্টালজিয়া.com” ৰ আহিবলগীয়া খণ্ডসমূহক লৈ এতিয়া উৎকন্ঠা সাধাৰণজনৰ।

নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ 13


স্কুলীয়া দিনবোৰৰ ভিন্ন স্মৃতিক লৈ নিৰ্মাণ হোৱা বাবেই হয়টো উক্ত ৱেব চিৰিজখনে আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক এনেদৰে, এওঁলোকৰ প্ৰতিটো খণ্ডৰ বাবে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/23752/feed 0 23752
নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত “NIRI 9”- আহি আছে “Illegal” https://rupaliparda.com/archives/23690 https://rupaliparda.com/archives/23690#respond Sat, 23 Jan 2021 12:30:08 +0000 https://rupaliparda.com/?p=23690 প্ৰায়ে শুনিবলৈ পাওঁ যে অন্ধকাৰৰ পিছত পোহৰে পাখি মেলে; কথাষাৰৰ ওপৰত শেহতীয়াকৈ বিশ্বাস কৰিবলৈ আচলতে মন গৈছে। বিগত ৮-৯ মাহৰ স্তব্ধতাৰ পিছত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে কেৱল মাত্ৰ বহু নতুন প্ৰকল্প বুলিয়ে নহয়; উপভোগ কৰিছে বহু নতুন প্ৰতিভাক। এই প্ৰতিভা সমূহকেই আৰু এখোজ আগুৱাই নিয়াৰ স্বাৰ্থত অথবা এওঁলোকক উদ্গনি যোগোৱাৰ স্বাৰ্থত এই ক্ষেত্ৰখনৰ বহু ন-ন প্ৰকল্পৰ শুভাৰম্ভণি ঘটিছে। ইতিমধ্যে আপোনালোকে প্ৰায় প্ৰত্যেকটো দিনত শুনিবলৈ পোৱা শব্দ দুটা হৈছে ক্ৰমে “Illegal” আৰু “NIRI 9″। মাজত মাত্ৰ আৰু কেইদিনমানৰ অপেক্ষা; অহা ২৯ জানুৱাৰী তাৰিখে আপোনালোকৰ দুৱাৰডলিত উপস্থিত হ’বহি ৱেব চিৰিজ “Illegal”। দৰ্শকক আমোদ প্ৰদানৰ অৰ্থে ৱেব চিৰিজখনৰ প্ৰতিটো দিশতেই যে যথোপযুক্ত তথা পুংখানুপুংখ গুৰুত্ব প্ৰদান কৰা হৈছে সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। ইতিমধ্যে এই ৱেব চিৰিজ খনৰ ট্ৰেইলাৰটোৱে ব্যক্ত কৰি পেলাইছে এই আটাইবোৰ; দৰ্শকক উৎসাহিত তথা আকৰ্ষণ কৰিব পৰা কাহিনী, একচন, ড্ৰামা আৰু থ্ৰীলাৰৰ সম্পূৰ্ণ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে “Illegal”। এগৰাকী পৰিচালকৰ দায়িত্বত থকা সুব্ৰত কাকতিয়ে নিজৰ পৰিচালনাৰ মজবুত দিশটোৰে নিৰ্মাণশৈলীত তেওঁ যথেষ্ট নিজক ঠাই দি উক্ত ৱেব চিৰিজ খন পৰিচালনা কৰিছে। এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক ৰূপে নিজৰ সৰ্বাংগ দিশটো দাঙি ধৰাৰ চেষ্টা কৰিছে সুব্ৰত কাকতিয়ে।

নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 14
নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 15


আনহাতে, আমি যদি “NIRI 9” ৰ প্ৰসংগলৈ আহো তেতিয়াহ’লে এটা কথা ক’বই লাগিব যে উঠি অহা প্ৰজন্মৰ নিৰ্মাতা সকলে নিজ প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত সদায় একোটা প্লেটফৰ্মৰ সন্ধান কৰে আৰু ইয়াৰে ভিতৰত এটা হয় ৰাইজৰ মাজলৈ আহিছে “NIRI 9” এপটো । “Illegal” ৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰে এপটোত আগন্তুক সময়ত সন্নিৱিষ্ট কৰা হ’ব আন ভিন্ন নৱপ্ৰজন্মৰ সোঁৱাদনুযায়ী প্ৰকল্প। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিনাকী হ’বলগীয়া এই এপটোত কেৱল মাত্ৰ অসমীয়াই নহয়; থাকিব হিন্দী আৰু বাংলা ভাষাতো ভিন্ন প্ৰকল্প। হৃদয়স্পৰ্শী কাহিনীৰে সৈতে “NIRI 9” য়ে প্ৰতিটো দিনে দৰ্শকক আমোদ প্ৰদানৰ এক বিশ্বাস দিছে। গুগল প্লে ষ্টোৰ তথা এপল ষ্টোৰত ইতিমধ্যে উপলদ্ধ হৈছে এই এপটো; এইখিনিতে উল্লেখ্য যোগ্য যে, থ্ৰীলাৰ ধৰ্মী কাহিনীৰে আহিবলগীয়া ৱেব চিৰিজ “Illegal” ত মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা ৰবি শৰ্মাই অইন কোনো ষ্টন্ট মেনৰ অবিহনেই “ফাইটিং” চিকুৱেল সমূহত উপভোগ্য অভিনয় কৰিছে বুলি জানিব পৰা গৈছে।

নৱপ্ৰজন্মৰ পৰিচালকক সঁহাৰি দিয়াৰ স্বাৰ্থত "NIRI 9"- আহি আছে "Illegal" 16


কাৰিকৰী দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া এই ৱেব চিৰিজখনৰ কাহিনী, সংলাপ আৰু পাণ্ডুলিপিৰ দায়িত্বত আছে ৰবি শৰ্মা। দৃশ্যগ্ৰহণ সম্পন্ন কৰিছে জ্ঞান গৌতমে লগতে সহঃ দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। একচন পৰিচালনা কৰিছে দীপক চেট্টীয়ে। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থজ্যোতি মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ, জ্যোতিষ্মান চেতিয়া, পুনম খনিকৰ, অংশু প্ৰতীম শইকীয়া, সন্ধ্যা ৰাণী হাজৰিকা, দেশ অধিকাৰী অধিকাৰী। ৰূপসজ্জা বিজিয়েতাৰ আৰু সাজসজ্জা কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে প্ৰশান্ত শালৈ আৰু শব্দ প্ৰযোজনা অৰ্ণৱ বৰাৰ।

]]>
https://rupaliparda.com/archives/23690/feed 0 23690
নতুন ৱেব চিৰিজ “ফিছা”; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ https://rupaliparda.com/archives/23384 https://rupaliparda.com/archives/23384#respond Mon, 11 Jan 2021 08:30:51 +0000 https://rupaliparda.com/?p=23384 ক’ৰোণা মহামাৰীৰ ফলত হোৱা লক-ডাউনে মনোৰঞ্জন প্ৰেমী জনসাধাৰণৰ দৈনন্দিন ক্ৰিয়া-কলাপৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সৃষ্টি কৰি কিছু অভ্যাসৰ গঢ় দিছিল। ইয়াৰ ভিতৰত এক অভ্যাস স্বৰূপ আছিল ৱেব চিৰিজৰ উপভোগ; ফোনতেই একোখন ৱেব চিৰিজৰ উপভোগ কৰাৰ লগতে এইসমূহৰ প্ৰতি তেওঁলোকৰ এক বিশেষ টান দেখিবলৈ পোৱা গৈছিল। বৰ্তমান ৱেব চিৰিজৰ সময়; আমি আগতেও কেইবাবাৰো কৈছিলো যে একোখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন ৱেব চিৰিজৰ একোটা খণ্ড খণ্ড কাহিনীয়ে সাধাৰণজনক অধিক আকৰ্ষণ কৰা পৰিলক্ষিত হয়। হলীউড অথবা হিন্দী মনোৰঞ্জন জগতৰ সমান্তৰালকৈ বৰ্তমান এই ৱেব চিৰিজৰ ট্ৰেণ্ডটো দেখিবলৈ পোৱা গৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনটো। আমি ইতিমধ্যে কেইবাখনো অসমীয়া ৱেব চিৰিজৰ সোঁৱাদ লৈছো অথবা এই আটাইবোৰৰ কাহিনীয়ে আমাক বহুল হাৰত আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছো। কিছুদিন পূৰ্বে আগন্তুক এখন ৱেব চিৰিজ “ফিছা” ৰ এটি টিজাৰে লাভ কৰিছিল মুক্তি।

নতুন ৱেব চিৰিজ "ফিছা"; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ 17


মুক্তিৰ পিছতেই টিজাৰটোৱে লাভ কৰা সমাদৰৰ উপৰিও ৱেব চিৰিজ খনক লৈও অপেক্ষাৰত হৈ পৰিছে অসমীয়া দৰ্শক বৃন্দ। “Reel Drama” নামে এক নতুন প্লেটফৰ্মত মুক্তি লাভ কৰিব উক্ত ৱেব চিৰিজখন। জানিব পৰা মতে, সমাগত মাঘ বিহুৰ পিছতেই “Reel Drama” ক উদ্ধোধন কৰা হ’ব আৰু ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহলৈ “ফিছা” ৱেব চিৰিজখনক সম্প্ৰচাৰ কৰা হ’ব। ৮ টা খণ্ড সমৃদ্ধ এই ৱেব চিৰিজখনৰ প্ৰযোজনাৰ দায়িত্বত আছে পৰিচালক সংকল্পজিৎ হাজৰিকা; শেহতীয়াকৈ অহা তথ্যনুসৰি ৱেব চিৰিজ খন বৰ্তমান ব্যস্ত আছে পোষ্ট-প্ৰডাকচনত। মাৰ্ডাৰ থ্ৰীলাৰ যুক্ত কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ৱেব চিৰিজখনত অভিনয় কৰিছে অসমীয়া কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। সেইকেইজন হৈছে ক্ৰমে বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, ৰাজীৱ গোস্বামী, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে।

নতুন ৱেব চিৰিজ "ফিছা"; সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে আহি আছে ন-ৱেব চিৰিজঃ 18


উল্লেখ্য যে, “Reel Drama” নামে এই প্লেটফৰ্মটোত কেৱল মাত্ৰ ৱেব চিৰিজেই নহয়; থাকিব আন বহু ভিন্ন প্ৰকল্প। এক কথাত ক’বলৈ গ’লে, ঠন ধৰি উঠা এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত প্ৰত্যেকদিনাই ন-ন প্ৰকল্পৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। আগন্তুক এই প্ৰকল্পৰ বাবে ইয়াৰ সৈতে জড়িত আটাইকে জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা।

]]>
https://rupaliparda.com/archives/23384/feed 0 23384
“ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক”- সুব্ৰত কাকতি https://rupaliparda.com/archives/23121 https://rupaliparda.com/archives/23121#respond Wed, 30 Dec 2020 08:30:34 +0000 https://rupaliparda.com/?p=23121 আমি বৰ্তমানলৈ কেইবাবাৰো অসমীয়া আহিবলগীয়া ৱেব চিৰিজ “ILLEGAL” ৰ কথা পাতিছো। আপোনালোকক এই চিৰিজখনৰ বিষয়ে বহু কিবা কিবি জনোৱাৰ লগতে শেহতীয়াকৈ ইয়াৰ মশ্বন পোষ্টাৰেও লাভ কৰিছে মুক্তি। মশ্বন পোষ্টাৰৰ মুক্তিৰ পিছতেই চিৰিজখনক লৈ উৎসাহিত হৈ পৰিছে প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শক। ৰূপালীপৰ্দাৰ ফালৰ পৰা চিৰিজখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ দায়িত্বত থকা সুব্ৰত কাকতিৰ সৈতে মই ৰীমা দত্তই পাতিছিলো কিছু কথা। অহা বৰ্ষৰ জানুৱাৰী মাহৰ শেষলৈ মুক্তি পাবলগীয়া এই ৱেব চিৰিজখনৰ “ক’ৰোণা”অথবা “লক-ডাউন” ৰ সৈতে কিবা সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “পোনপটীয়াকৈ “ILLEGAL” ৰ কাহিনীৰ সৈতে ক’ৰোণা অথবা লক-ডাউনৰ কোনো সম্পৰ্ক নাই যদিও উমৈহতীয়াকৈ এই দুয়োটা বস্তুৰ আমাৰ এই প্ৰকল্পটোৰ সৈতে সম্পৰ্ক আছে। আমাৰ চিৰিজখনৰ যিগৰাকী প্ৰযোজক জোনমণি দেৱী খাউণ্ড; “লক-ডাউন” ৰ মাজতেই যে এই ৱেব চিৰিজ সমূহ চোৱা এক ঢৌ উঠিছিল; সেইবোৰক প্ৰত্যেক্ষ কৰিয়েই তেওঁ এই নতুন প্ৰকল্পটোৰ কথা ভাবি উলিয়াইছিল। অসমৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিনাকী হ’বলগীয়া “Niri 9” নামে এই এপটোত অসমৰ উপৰিও থাকিব হিন্দী আৰু বাংলা ভাষাৰ প্ৰকল্পসমূহ। তেওঁৰ ইচ্ছাৰ সৈতে সংলগ্ন কৰিয়েই আমি আচলতে “ILLEGAL” ক লৈ আগবাঢ়িলো।”

"ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক"- সুব্ৰত কাকতি 19


থ্ৰীলাৰৰ উপৰিও অসমীয়া দৰ্শকে চিৰিজ খনত আৰু কি নতুন উপভোগ কৰিবলৈ পাব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “ৰবি শৰ্মাই চিৰিজখনত বিৰাট টান টান একচন কোনো এগৰাকী প্ৰশিক্ষক অবিহনে নিজেই কৰিছে। ৰবি দাই কোনো “ফাইট টীম” ৰ অবিহনে চিৰিজখনক লৈ সাংঘাতিক কষ্ট কৰা আমি সকলোৱে দেখিছো। আনহাতে, এই “ILLEGAL” ৰ সমগ্ৰ কনচেপ্টটোৱে আচলতে নতুন; আপোনালোকে ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক। ইয়াৰ উপৰিও, আমি সকলোৱে চিৰিজখনৰ সংগীত, শব্দ, আদি বোৰক আপডেট কৰিবলৈ যথেষ্ট চেষ্টা কৰিছো। পোষ্ট-প্ৰডাকচনতো আমি আপডেট বস্তুসমূহেই ব্যৱহাৰ কৰিছো য’ত দৰ্শকে আপডেট বিষয় এটা উপভোগ কৰিবলৈ পাব।”

"ট্ৰেইলাৰটো উপভোগ কৰিলেই দেখিবলৈ পাব চিৰিজখন কিমান অগতানুগতিক"- সুব্ৰত কাকতি 20


চিৰিজখনৰ কাহিনী, সংলাপ আৰু পাণ্ডুলিপিৰ দায়িত্বত আছে ৰবি শৰ্মা। “ILLEGAL” ৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সহযোগী দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থজ্যোতি মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ৰূপসজ্জা আৰু সাজসজ্জা বিজিয়েতা লগতে কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ।

]]>
https://rupaliparda.com/archives/23121/feed 0 23121