Xagoroloi Bohudur – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 23 Mar 2020 09:00:04 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Xagoroloi Bohudur – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ক’ৰ’ণা ভাইৰাছক ৰুধিবলৈ থাকক ঘৰত আৰু চাওঁক অসমীয়া ছবিঃ https://rupaliparda.com/archives/11997 https://rupaliparda.com/archives/11997#respond Mon, 23 Mar 2020 14:00:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11997 পৃথিৱীৰ প্ৰত্যেকজন লোক বৰ্তমান নিজ ঘৰত আবদ্ধ। ঘৰতেই বহি প্ৰায়ে কৰিছে নিজ অফিচৰ কাম তথা কিছুৱে কটাইছে নিজৰ লগত অকণমান সময়। ক’ৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ পিছত সচেতন হোৱা দেখিবলৈ পোৱা গ’ল বিশ্বৰ প্ৰত্যেকজন জনসাধাৰণক। বিভিন্ন জনে বিভিন্ন পোষ্ট কৰি ইজনে সিজনক দিছে ভাইৰাছ বিধৰ প্ৰতি ল’বলগীয়া সচেতনতাৰ ব্যৱহাৰ। এনে সময়তে, বহু চিলেব্ৰেটীয়ে কিতাপ পঢ়াৰ লগতে নিজ পচন্দৰ খাদ্য বনাই থকাও দেখিবলৈ পোৱা গৈছে। গতিকে, আপুনিও যদি এইকেইদিনত ঘৰত আছে; চাবলৈ বিচাৰিছে যদি কিবা অসমীয়া ছবি তেনেহ’লে আমি আপোনাক দিম এনে তিনিখন ছবিৰ নাম; যি কেইখন অসমীয়া ছবিয়ে আপোনাক মনোৰঞ্জন কৰোৱাৰ উপৰিও দিব জীৱনভিত্তিক কিছু শিক্ষাঃ

সাগৰলৈ বহু দূৰঃ

ক'ৰ'ণা ভাইৰাছক ৰুধিবলৈ থাকক ঘৰত আৰু চাওঁক অসমীয়া ছবিঃ 1

১৯৯৫ চনত মুক্তি লাভ কৰা এই ছবিখনত এক সুন্দৰ নিঁভাজ কাহিনীৰ সোঁৱাদ পাব দৰ্শকে। জাহ্নু বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ১০৬ মিনিটৰ এই ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। বিষ্ণু খাৰঘৰীয়া অভিনয় তথা গাঁৱৰ প্ৰাকৃতিক দৃশ্য আৰু শ্ব’ট সমূহৰ নেপথ্যত বাজি ৰোৱা প্ৰাকৃতিক ধ্বনি যেনে নৈ ৰ কুলকুলনি , কুলি-কেতেকীৰ সুৰীয়া মাত আদিবোৰে ছবিখন সফল ৰূপত দাঙি ধৰাত আৰু অধিক অৰিহণা যোগাইছে।
“পোৱাল” চৰিত্ৰটিক জীৱন্ত ৰূপত দাঙি ধৰা বিষ্ণু খাৰঘৰীয়াই ছবিখনত ৰূপায়ন কৰিছিল এজন নাঁৱৰীয়াৰ চৰিত্ৰ। তেওঁ আৰু তেওঁৰ সৈতে থকা নাতিয়েকৰ জীৱন নিৰ্বাহৰ কথা ভাবিয়েই পোৱালে কৰা কিছু কামৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল এই ছবিখন।

অপৰূপাঃ

ক'ৰ'ণা ভাইৰাছক ৰুধিবলৈ থাকক ঘৰত আৰু চাওঁক অসমীয়া ছবিঃ 2

জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবি “অপৰূপা”। ১৯৮২ চনৰ এই ছবিখনত কেইবাগৰাকীও অসমীয়া জনপ্ৰিয় শিল্পীৰ সমাহাৰ ঘটিছিল। বিজু ফুকন, নিপন গোস্বামীৰ অভিনয় আছিল ছবিখনত লেখত ল’বলগীয়া। তথাকথিত সমাজ ব্যৱস্থাত কিদৰে নিজৰ এগৰাকী নাৰীয়ে নিজস্বতা হেৰুৱাই পেলায় তাৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে এই ছবিখন। সমাজৰ কু-চিন্তাৰ বশৰ্ৱতী হৈ নাৰীয়ে নিজৰ ইচ্ছা, আশা আদিৰ লগতে নিজকো হত্যা কৰিবলগীয়া হয় সেই পৰিস্থিতিৰ এখন জীয়া ছবিৰ বৰ্ণনা কৰা হৈছে “অপৰূপা” ত। মূখ্য চৰিত্ৰত অভিনীত সুহাসিনী মূলেৰ অভিনয় লগতে ছবিখনত অন্তৰ্ভূক্ত গীতৰ সংগীত পৰিচালক ভূপেন হাজৰিকাৰ কৰ্মৰে ছবিখন উপভোগ্য।

হিয়া দিয়া নিয়াঃ

ক'ৰ'ণা ভাইৰাছক ৰুধিবলৈ থাকক ঘৰত আৰু চাওঁক অসমীয়া ছবিঃ 3

মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল।ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। ইয়াত অভিনয় কৰিছে ক্ৰমে লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই।

]]>
https://rupaliparda.com/archives/11997/feed 0 11997
নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি “সাগৰলৈ বহু দূৰ”- https://rupaliparda.com/archives/7532 https://rupaliparda.com/archives/7532#respond Sun, 03 Nov 2019 08:30:18 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7532 ১৯৯৫ চনতে মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত “সাগৰলৈ বহু দূৰ” । ১০৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনত আছে এজন নাৱৰীয়াৰ জীৱন-সংগ্ৰাম। দিহিং নদীৰ পাৰতেই নাওঁ চলাই জীৱন নিৰ্বাহ কৰা “পোৱাল” ৰ কাহিনীৰে উপস্থাপন কৰা হৈছে চিনেমাখন। নেমুগুৰি গাঁৱৰ নিবাসী “পোৱাল” ৰ কেইবাটাও প্ৰজন্মই গাঁৱৰ লোকক নৈ পাৰ কৰোৱাই আছিল তেওঁলোকৰ কৰ্ম।

নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- 4


পৰিচালক, প্ৰযোজক তথা লেখক জাহ্নু বৰুৱাৰ উক্ত বোলছবিখনত মূখ্য চৰিত্ৰ চাৰিটা। গাঁৱৰ নিঁভাজ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ এখন জীৱন্ত ছবি ডাঙি ধৰা হৈছে চিনেমাখনত। এজন ককাকৰ নিজৰ লগত ৰখা নাতিয়েকৰ প্ৰতি যি মৰম-দায়বদ্ধতা তাৰ সুন্দৰ প্ৰকাশ ঘটিছে “বোলছবি” খনত। নাতি ল’ৰাৰ বাবে ৰাতিপুৱাই উঠি ভাত ৰন্ধা অথবা সি স্কুল যোৱা, তাৰ পঢ়া-শুনা আদিকে ধৰি সকলোবোৰ দায়িত্ব বহন কৰে “পোৱাল” অৰ্থাৎ ককাকে।

নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- 5


নাওঁখন আৰু বঁঠা ডালক লৈয়ে “পোৱাল” ৰ জীৱনৰ আশা-ভৰসা। নাওঁখনত আশাবোৰ উলমি আছে অথচ নাওঁ ন’হলে জীৱন শূণ্য। “পোৱাল” চৰিত্ৰটোত থকা বিষ্ণু খাৰঘৰীয়াৰ অভিনয় একেবাৰেই নিঁখুট। তেওঁৰ অভিনয়ে বোলছবিখনক বাৰুকৈয়ে এখন জীয়া ছবিত পৰিণত কৰিছে। চহৰলৈ যাবলৈ হ’লে নাইবা ইপাৰ-সিপাৰ হ’বলৈ গাওঁখনৰ প্ৰত্যেকজনেই নিৰ্ভৰ কৰিবলগীয়া হয় “পোৱাল” ক।

নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- 6


বোলছবি খনৰ অন্য এটা চৰিত্ৰ হৈছে “হেমেন্ত” অৰ্থাৎ পোৱালৰ পুত্ৰ। গুৱাহাটী মহানগৰীত আভিজাত্যৰ উদাহৰণেৰে বাস কৰা পুত্ৰই পিতৃক কৰা ব্যৱহাৰৰ দৃশ্যই দৰ্শকক আৱেগবিহ্বল কৰি তুলিবলৈ সক্ষম হৈছে। সামান্য এটা “চহী” ৰ বাবেই ৫ বছৰে খবৰ নোলোৱা পিতৃক দিয়া দুখ ৰ বহিঃপ্ৰকাশ ঘটিছে চিনেমাখনত। গাঁৱৰ সাধাৰণ এগৰাকী নাৱৰীয়াৰ মাটি লেপি থোৱা ঘৰ লগতে ঘৰৰ ভিতৰত নাতিয়েক “সুমণ” ৰ চিত্ৰকলাই পৰিৱেশ আৰু বেছি সুন্দৰ কৰি তুলিছে।

নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- 7


নেমুগুৰি গাঁৱৰ নৈ খনৰ ওপৰত দলং এখন হোৱা কেইবা বছৰীয়া পৰিকল্পনা অৱশেষত সফল হোৱাত “পোৱাল” ৰ দিক-বিদিক হেৰুৱা দৃশ্য কোনো শব্দ অবিহনেই ধুনীয়া। নিজৰ জীৱন -নিৰ্বাহৰ থল হেৰুৱাই কৰিবলৈ যোৱা ঋণাত্মক কৰ্মত নাতিয়েকৰ হাতত ধৰা পৰা আৰু তাৰ বাবে খোজা ক্ষমাপ্ৰাৰ্থনা ৰ এখন জীয়া ছবি প্ৰতিফলিত হৈছে বোলছবিখনত।

নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- 8


অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত উক্ত বোলছবিখনত গাঁৱৰ প্ৰাকৃতিক দৃশ্য আৰু শ্ব’ট সমূহৰ নেপথ্যত বাজি ৰোৱা প্ৰাকৃতিক ধ্বনি যেনে নৈ ৰ কুলকুলনি , কুলি-কেতেকীৰ সুৰীয়া মাত আদিবোৰে বোলছবি সফল ৰূপত দাঙি ধৰাত আৰু অধিক অৰিহণা যোগাইছে।

]]>
https://rupaliparda.com/archives/7532/feed 0 7532