zaira wasim – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 22 Nov 2020 12:52:15 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 zaira wasim – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ফেনপেজ সমূহকলৈ অসুখী একালৰ অভিনেত্ৰী জাইৰা ৱসীমঃ https://rupaliparda.com/archives/22254 https://rupaliparda.com/archives/22254#respond Mon, 23 Nov 2020 15:30:50 +0000 https://rupaliparda.com/?p=22254 বলীউড ছবি “ডংগল” ত অভিনীত অভিনেত্ৰী জাইৰা ৱসীমে বিগত বৰ্ষত অৰ্থাৎ ২০১৯ চনতে ছবিক্ষেত্ৰখন এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ নিজ অভিনয় কেৰিয়াৰ সামৰি ধৰ্মৰ ৰাষ্টাৰে আগবঢ়াৰ কথা প্ৰকাশ কৰিছিল; যি কথাই তেওঁৰ বহু অনুৰাগীক অসন্তোষ কৰি তুলিছিল। বহুতে তেওঁৰ এনে সিদ্ধান্তক বহুল ৰূপত সমালোচনা কৰাৰ উপৰিও তেওঁক অভিনয় কেৰিয়াৰ এৰি নাযাবলৈও আহ্বান জনাইছিল। কিন্তু এই আটাইবোৰ কথাক উফৰাই জাইৰাই ধৰ্মৰ প্ৰতি নিজ মূৰ দোৱাইছিল। অভিনয় ক্ষেত্ৰখন এৰিলেও জাইৰা চচিয়েল মিডিয়াত প্ৰায় সক্ৰিয় ৰূপত থাকে যদিও তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে সাঙুৰ খোৱা কথাবোৰ তেওঁ কোনো কাৰণতে ৰাজহুৱা নকৰে। কেৱল মাত্ৰ জীৱন আৰু ধৰ্মক লৈ কিছু মেছেজ তেওঁ চচিয়েল মিডিয়া যোগে ৰাইজলৈ আগবঢ়ায়। কিন্তু, যদিও জাইৰাই বৰ্তমান চচিয়েল মিডিয়াত নিজৰ ব্যক্তিগত জীৱনক লৈ একো পোষ্ট নকৰে তথাপিও একাংশ তফেন পেজে এতিয়াও তেওঁৰ বহু ফটো দৈনন্দিন হিচাপত পোষ্ট কৰি থকা দেখিবলৈ পোৱা যায়। ফলত, এই কথাটোক লৈ অসুখী হৈ পৰিছে বৰ্তমান জাইৰা।

ফেনপেজ সমূহকলৈ অসুখী একালৰ অভিনেত্ৰী জাইৰা ৱসীমঃ 1


জাইৰাই নিজ চচিয়েল মিডিয়া একাউন্ট যোগেৰে এটা মেছেজ সকলোলৈ প্ৰেৰণ কৰে য’ত তেওঁ আটাইবোৰ ফেন পেজকেই আহ্বান জনায় যে তেওঁৰ যাতে আৰু কোনোধৰণৰ ফটো ফেন পেজে শ্বেয়াৰ নকৰে কিয়নো অভিনয় জীৱনত তেওঁ কেতিয়াবাই বিৰাম লগাই পেলাইছে। ফেন পেজ সমূহে বৰ্তমানলৈ জাইৰাৰ যিমান বোৰ ফটো আপলোড কৰিছে সেই আটাইবোৰকো তেওঁ ডিলিট কৰি পেলাবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা যায়।

]]>
https://rupaliparda.com/archives/22254/feed 0 22254
আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ https://rupaliparda.com/archives/6689 https://rupaliparda.com/archives/6689#respond Sat, 12 Oct 2019 13:24:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6689 প্ৰিয়ংক চোপ্ৰা তথা ফাৰহান আখতাৰ অভিনীত “দা স্কাই ইজ পিংক” ছবিখনে প্ৰথমটো দিনা আশা কৰা মতে লাভ নকৰিলে বস্ক অফিচ কালেকচন। বস্ক অফিচ ইণ্ডিয়া ডট কমে দিয়া তথ্য অনুসৰি ছবিখনে মুক্তি লাভ কৰা দিনা কেৱল মাত্ৰ ২.৫০ কোটি টকাৰহে ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।

আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ 2


কিন্তু তেওঁলোকৰ মতে, ছবিখনে শনিবাৰ আৰু ৰবিবাৰ দিনটোত কিছু সুফল দেখুৱাব পাৰে। উল্লেখযোগ্য যে, “দিল ধড়কনে দো” ৰ পিছত প্ৰিয়ংকা চোপ্ৰা বহুদিন অভিনয়ৰ পৰা বিৰত হৈ আছিল আৰু মুঠ তিনি বছৰৰ অন্তত তেওঁ উভতি আহে।

আশা কৰা অনুসৰি সুফল নাপালে প্ৰিয়ংকা-ফাৰহানেঃ 3


ছবিখনে ছবিগৃহ সমূহত মুক্তি পোৱাৰ পূৰ্বে “টৰেন্টো ফিল্ম ফেষ্টিভেল” ত প্ৰদৰ্শিত কৰাৰ বাবে মনোনয়ন লাভ কৰিছিল। শোনালী বোসৰ দ্বাৰা নিৰ্মিত “ডা স্কাই ইজ পিংক” ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও জায়ৰা ৱসীম আৰু ৰোহিত সৰাফে মূখ্য চৰিত্ৰত অভিনয় কৰে।

]]>
https://rupaliparda.com/archives/6689/feed 0 6689
“জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে”-ফাৰহান আখতাৰ https://rupaliparda.com/archives/6164 https://rupaliparda.com/archives/6164#respond Sun, 29 Sep 2019 10:42:25 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6164 প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখতাৰ অভিনীত আহিবলগীয়া “ডা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনৰ প্ৰমোচনক লৈ ব্যস্ত এতিয়া সমূহ অভিনেতা-অভিনেত্ৰী। ছবিখনত প্ৰিয়ংকা-ফাৰহানৰ উপৰিও দৰ্শকে দেখিবলৈ পাব জাইৰা ৱসীমক।

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 4

জাইৰা ৱসীমৰ অভিনয়ৰ পৰা বিৰতি লোৱা- নোলোৱা ক্ষেত্ৰত বহু জনে বিভিন্ন মন্তব্য কৰা দেখা পোৱা গৈছিল। অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত আপলোড কৰা সেই পোষ্টটোত তেওঁৰ অনুৰাগীয়েও বিভিন্ন ধৰণে কমেন্ট কৰি জাইৰাক নিজৰ সিদ্ধান্ত সলনি কৰাৰ বাবে অনুৰোধ কৰিছিল।


ঠিক এনে পৰিপ্ৰেক্ষিততে, ফাৰহান আখতাৰেও জাইৰা ৱসীমক নিজৰ সিদ্ধান্ত সলনি কৰাৰ অনুৰোধ জনায়। লগতে ফাৰহানে কয় যে “জাইৰাৰ এনে সিদ্ধান্তত তেওঁক কোনোৱে বিচাৰ অথবা প্ৰশ্ন কৰিব নালাগে। কিয়নো এনে সিদ্ধান্ত তেওঁৰ নিজৰেই। কিন্তু মই তেওঁৰ লগত বহু দিন ধৰি কাম কৰি আহিছো বাবেই মোৰ এনে অনুভৱ হয় যে তেওঁ অভিনয় এৰাৰ সিদ্ধান্ত সলনি কৰিব লাগে।”

"জাইৰাই অভিনয়ক লৈ লোৱা সিদ্ধান্ত সলনি কৰিব লাগে"-ফাৰহান আখতাৰ 5


আপোনালোকক জনাই থওঁ যে সঁচা ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন অহা ১১ অক্টোবৰ তাৰিখে মুক্তি পাব।

]]>
https://rupaliparda.com/archives/6164/feed 0 6164
বিবাহৰ ৪ দিন আগলৈ কাম কৰিছিল ছবিখনতঃ https://rupaliparda.com/archives/5234 https://rupaliparda.com/archives/5234#respond Mon, 09 Sep 2019 09:27:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5234 বিবাহৰ ৪ দিন আগলৈ “দা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনত কাম কৰি আছিল প্ৰিয়ংকা চোপ্ৰাই। টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত মনোনীত হোৱাৰ লগতে ছবিখনে মুক্তিৰ আগেয়ে দৰ্শকৰ মাজতো লাভ কৰিছে চৰ্চা।


গতিকে এই বহু চৰ্চিত ছবিখনৰ ইতিমধ্যে মুক্তি পাইছে “ফাৰ্ষ্ট লুক” পোষ্টাৰ; য’ত ছবিখনত অভিনীত প্ৰিয়ংকা চোপ্ৰা, ফাৰহান আখতাৰ, জাইৰা ৱসীম আৰু ৰোহিত নজৰক একেলগে এটা সুখী পৰিয়ালত বাস কৰা দেখিবলৈ পোৱা গৈছে। সোণালী বসৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে।

]]>
https://rupaliparda.com/archives/5234/feed 0 5234
ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ https://rupaliparda.com/archives/5150 https://rupaliparda.com/archives/5150#respond Sun, 08 Sep 2019 03:33:06 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5150 ধৰ্মৰ দোঁহাই দি বলীউড জগতৰ পৰা ফালৰি কটা জাইৰা ৱসীমক একাংশ চলচিত্ৰ অনুৰাগীয়ে শুনালে কটু বাক্য। ১১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া “দা স্কাই ইজ পিংক” শীৰ্ষক ছবিখনে টৰেন্টো ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছিল। অহা ১৩ চেপ্তেম্বৰত কৰা হ’ব উক্ত ছবিখনৰ স্ক্ৰীণিং। গতিকে, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ফেষ্টিভেল খনলৈ গৈ থকা সময়ছোৱাতে আপলোড কৰে এখন ফটো; য’ত দেখা পোৱা যায় জাইৰাক।

ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ 6
ফটোত দেখি জাইৰাক শুনালে অনুৰাগীয়ে কটু বাক্যঃ 7


আছলতে, নিজৰ ধৰ্মৰ বাবে অভিনয় নকৰো বুলি সিদ্ধান্ত লোৱা কথাটোৱে দুখ দিছিল জাইৰাৰ অনুৰাগীক। বহুতে তেওঁক ঘূৰি আহিবলৈও মেছেজ দিছিল চচিয়েল মিডিয়াত। কিন্তু, তেওঁ নিজৰ সিদ্ধান্ততে অটল আছিল ফলত অনুৰাগী সকলে প্ৰিয়ংকাৰ সৈতে তেওঁক দেখি ক্ৰোধিত হৈ পৰে আৰু ফটোখনক উদ্দেশ্যি কমেন্টত জাইৰাক শুনায় কটু বাক্য।

]]>
https://rupaliparda.com/archives/5150/feed 0 5150
“মই আৰু কষ্ট সহ্য কৰিব নোৱাৰো”- জাইৰা ৱসীম https://rupaliparda.com/archives/2773 https://rupaliparda.com/archives/2773#respond Mon, 01 Jul 2019 11:49:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2773 ডংগল গাৰ্ল খ্যাত জাইৰা ৱসীমে চচিয়েল মিডিয়াত কৰা এক স্পষ্টীকৰণে এতিয়া কঁপাই তুলিছে সমগ্ৰ বলীউড জগত। ২০১৬ চনত মুক্তিপ্ৰাপ্ত চিনেমা “ডংগল” ৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা অভিনেত্ৰীগৰাকীয়ে নিজ অভিনয়ৰ বাবে লাভ কৰিছিল প্ৰশংসা ও কেইবাটাও বঁটা। তৎস্বত্বেও অভিনয় ক্ষেত্ৰখন এৰাৰ সিদ্ধান্ত লয় পেলাই অভিনেত্ৰী জাইৰাই। ৫ বছৰৰ পূৰ্বে লোৱা সিদ্ধান্তই তেওঁৰ পৃথিৱীখন সলনি কৰাৰ লগতে তেওঁ বহু দিন ধৰি স্ব-মনৰ লগতে সংঘৰ্ষত লিপ্ত হৈ আছিল বুলি প্ৰকাশ কৰে চচিয়েল মিডিয়াত। ফলত ইমান সৰু বয়সতে ইমান কষ্ট সহ্য কৰিব নোৱাৰাৰ বাবেই তেওঁ বলীউডৰ পৰা বিদায় ল’ম বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, “স্কাই ইজ পিংক” নামৰ আহিবলগীয়া ছবিখনত ডংগল গাৰ্লক দেখা পোৱা যাব প্ৰিয়ংকা চোপ্ৰাৰ জীয়ৰীৰ চৰিত্ৰত।

]]>
https://rupaliparda.com/archives/2773/feed 0 2773