Zubeen Garg Latest Song – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 27 Aug 2021 06:55:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Zubeen Garg Latest Song – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দীৰ্ঘ বিৰতিৰ অন্তত জুবিন গাৰ্গ-জুবলী বৰুৱাৰ নতুন গীত “মিলনৰ মুৰুলী”- https://rupaliparda.com/archives/28157 https://rupaliparda.com/archives/28157#respond Fri, 27 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=28157 আকৌ নতুন গান, আকৌ নতুন উৎসাহ। একোটা নতুন গীতৰ অপেক্ষা প্ৰতিজন সংগীত প্ৰেমীয়ে কৰে, কিয়নো সংগীতক লৈ জনসাধাৰণৰ মোহ সঁচাকৈ অসাধাৰণ। প্ৰতিটো গীতৰ সৈতে একোগৰাকী শ্ৰোতা এনেদৰে জড়িত হোৱা দেখিছোঁ যেন সেই গীতটি তেওঁলোকৰ আপোনহে কোনোবা। প্ৰায় প্ৰতিটো সময়ত তেওঁলোকে গীতটিক লৈয়ে জীয়াই থকা দেখিবলৈ পাওঁ। অৱশ্যে, এটা কথা ঠিক যে আমি যেতিয়া কোনো এটা বস্তু অথবা এটা বিষয়ক ভাল পাবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি সমষ্ট খিনি সেইটো বিষয়ক দি উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। শেহতীয়াকৈ এটা নতুন গীতৰ খবৰে উৎসাহিত কৰিছে সকলোকে, দীৰ্ঘদিনৰ বিৰতিৰ অন্তত অসমীয়া শ্ৰোতা-দৰ্শকৰ মাজত এটি পূৰণি যুটিৰ নতুন গীত “মিলনৰ মুৰুলী” আত্মপ্ৰকাশৰ দিশে আগবাঢ়িছে। গীতটিত কণ্ঠদান কৰিছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ অতিকৈ জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জুবলী বৰুৱাই। এওঁলোকৰ যুটীয়া কণ্ঠৰে বহু দিনৰ পিছত এটি নতুন গীতৰ মুক্তিৰ খবৰে আনন্দিত কৰিছে শিল্পীদ্বয়ৰ অনুৰাগী সকলক। এক কথাত ক’বলৈ গ’লে জুবিন-জুবলীৰ যুটিৰ গীতলৈ উৎকণ্ঠিত ৰাইজৰ অপেক্ষাৰ অন্ত পৰিব “মিলনৰ মুৰুলী” শীৰ্ষক গীতটিৰ জৰিয়তে।

দীৰ্ঘ বিৰতিৰ অন্তত জুবিন গাৰ্গ-জুবলী বৰুৱাৰ নতুন গীত "মিলনৰ মুৰুলী"- 1


নৱপ্ৰজন্মৰ প্ৰতিভাৱান সুৰকাৰ তথা সংগীত ব্যৱস্থাপক দৰ্শনৰ বিগত তিনিবছৰীয়া পৰিকল্পনাৰ পিছত এই গীতটি শ্ৰোতা-দৰ্শকৰ মাজলৈ আহিবলৈ প্ৰস্তুত হৈছে। ভূপেন উজীৰ, দ্ৰুৱজ্যোতি ফুকন, যতীন শৰ্মা, দিগন্ত ভাৰতীকে প্ৰমুখ্য কৰি অসমৰ সংগীত জগতৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা প্ৰশংসিত তথা মাজুলীত অনুষ্ঠিত হোৱা ‘মনগীত’ শীৰ্ষক সংগীত মহোৎসৱত বিশেষ ভাৱে সমাদৃত হোৱা এই গীতটিৰ সুৰ, সংগীত আৰু কথাই শ্ৰোতাৰ মনত বিশেষ প্ৰভাৱ পেলাব বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। জানিব পৰা মতে, হিমাচল প্ৰদেশৰ লোকসংগীতৰ লগতে অসমীয়া থলুৱা সংগীতৰ সংযোজনে উক্ত গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে। সংগীত ক্ষেত্ৰখনৰ বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত দিয়া কথাৰে শ্ৰোতাক নিজৰ অনুৰাগী কৰি তোলা ডানিশৰ কথাৰে “মিলনৰ মুৰুলী” ৰ ৰচনা কৰা হৈছে। ডানিশৰ কথাত দৰ্শনৰ সুৰে এই গীতটিক গ্ৰহণযোগ্য কৰি তুলিবলৈ সক্ষম হৈছে। ভিডিঅ’সহ মুক্তিপাবলগীয়া এই গীতটিত অভিনয় কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবাখনো চিনাকী মুখে। গুঞ্জন ভৰদ্বাজকে ধৰি পঞ্চি প্ৰিয়া, মধুষ্মিতা দিহিঙীয়া আৰু দীপজ্যোতি কলিতাক দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’ ত। শিশু শিল্পী আমাইৰা ৱাহলাঙকো দেখিবলৈ পোৱা যাব এই গীতটিত। ইয়াৰ ভিডিঅ’ পৰিচালনা কৰিছে আন এগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় তথা বহুল অনুৰাগীৰে পৰিপূৰ্ণ পৰিচালক টিৰাপ সীমান্ত মেধিয়ে। TONE (ত’ন) মিডিয়া নামে প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এই গীতটিক অতিশীঘ্ৰে মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে। সম্পৰ্কবোৰৰ উপস্থাপনৰ জৰিয়তে সমাজলৈ এক ইতিবাচক সামাজিক বাৰ্তা প্ৰেৰণ কৰিব “মিলনৰ মুৰুলী” য়ে।

দীৰ্ঘ বিৰতিৰ অন্তত জুবিন গাৰ্গ-জুবলী বৰুৱাৰ নতুন গীত "মিলনৰ মুৰুলী"- 2


গীতটিৰ সৈতে জড়িত প্ৰতিজন শিল্পী তথা কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা মই ৰীমা দত্তই জনাইছোঁ অশেষ শুভকামনা। গীতটিৰ সফলতা কামনা কৰিছোঁ।

]]>
https://rupaliparda.com/archives/28157/feed 0 28157
স্বাধীনতা দিৱসৰ অলেখ শুভকামনা সকলোলৈ, জুবিন গাৰ্গৰ কণ্ঠৰে শুনক “বন্দে মাতৰম”- https://rupaliparda.com/archives/28007 https://rupaliparda.com/archives/28007#respond Sun, 15 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28007 আজি স্বাধীনতা দিৱস। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন, দেশমাতৃৰ হকে যুঁজ কৰি প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী যুঁজাৰুক স্মৰণ কৰি দেশবাসীয়ে আজিৰ দিনটো উৎসাহ-উদ্দীপনাৰ মাজেৰে অতিবাহিত কৰে। চচিয়েল মিডিয়াত আৰম্ভ হয় বিভিন্ন জনে বিভিন্ন জনক প্ৰদান কৰা শুভকামনাৰ বাৰ্তা, ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা আমি প্ৰতিজন কৰ্মকৰ্তাই আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। স্বাধীন ভাৰতৰ স্বপ্নক সাকাৰ ৰূপ দিবলৈ অদম্য সাহস আৰু ত্যাগেৰে স্বাধীনতা সংগ্ৰামৰ যুঁজত নিজকে আত্মনিয়োগ কৰি দেশক স্বাধীন কৰোৱা প্ৰতিগৰাকী দেশৰ অমৃত সন্তানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত দেশৰ প্ৰগতি আৰু উন্নয়নৰ যাত্ৰা সক্ষমতাৰে অব্যাহত থাকক। দেশৰ জনতাৰ বুকুত একতাৰ দৃঢ়সংকল্পই স্বাধীনতাৰ অনুভৱক সুদৃঢ় ভাৱে স্থাপন কৰাৰ আন্তৰিক কামনা কৰিলোঁ। এই স্বাধীনতা দিৱসৰ মাজতেই আমি আপোনালোকক যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ভাৰতৰ স্বাধীনতা আন্দোলনত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা “বন্দে মাতৰম” শীৰ্ষক এই গীতটিক লৈ আনিছোঁ। সংস্কৃত আৰু বঙালী মিশ্ৰিত ভাষাত লিখা এই গীতটি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ “আনন্দমঠ” উপন্যাসৰ অন্তৰ্ভুক্ত।

স্বাধীনতা দিৱসৰ অলেখ শুভকামনা সকলোলৈ, জুবিন গাৰ্গৰ কণ্ঠৰে শুনক "বন্দে মাতৰম"- 3


হাৰ্টথ্ৰৱ গৰাকীৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “বন্দে মাতৰম” ৰ নতুন সংস্কৰণত সংগীত কৰিছে শ্বেখৰজ্যোতি গোস্বামীয়ে। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিক সঁহাৰি জনাইছে সকলোৱে। জুবিন গাৰ্গৰ কণ্ঠত গীতটি শুনাৰ লগে লগে একাংশ শিঁহৰিত হৈ উঠা বুলি মন্তব্য কৰাৰ লগতে জুবিন গাৰ্গৰ “বন্দে মাতৰম” ৰ সংস্কৰণটোক মৰম যাচিছেঁ সুদূৰ জয়পুৰ, ৰাজস্থানৰ পৰাও। আজিৰ দিনটোত আমি আপোনালোকৰ পৰা অধিক সময় নলওঁ, কিন্তু এইখিনিতে এটা কথা ক’বই লাগিব যে গীতটিৰ কণ্ঠ যিমানেই সুমধুৰ সিমানেই ইয়াৰ ভিডিঅ’ উপস্থাপনো হৈছে সুন্দৰ। গীতটি উপভোগ কৰিবলৈ তলত আপোনালোকক লিংক দি দিয়া হৈছেঃ

]]>
https://rupaliparda.com/archives/28007/feed 0 28007
“চিলা” ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ https://rupaliparda.com/archives/23332 https://rupaliparda.com/archives/23332#respond Fri, 08 Jan 2021 12:30:31 +0000 https://rupaliparda.com/?p=23332 “চিলা” এলবামৰ চতূৰ্থটো গীতৰ মুক্তিৰ বাবে সাজু হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। “অগ্নিবীণাৰ তান” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত আহিবলগীয়া গীতটিক লৈ উৎসাহী তেওঁৰ সমগ্ৰ অনুৰাগী। গীতেৰে জনসাধাৰণৰ কাষ চপাৰ উপৰিও জুবিন গাৰ্গে শেহতীয়াকৈ নিজ উদ্যোগত মুকলি কৰিছে “পথাৰ আমাৰ বজাৰ আমাৰ’ নামে এক প্ৰকল্প। মুকলিৰ পিছতই তেওঁৰ তাত থকা থলুৱা খাদ্যৰ বিক্ৰী আকাশলংঘী হৈ পৰিছে। মুঠতে, কেৱল মাত্ৰ গীতেই নহয়; সমাজ সংস্কাৰক লৈও যে কন্ঠশিল্পী জুবিন গাৰ্গ যে দায়বদ্ধ তাক আকৌ এবাৰ উনুকিয়াই নিদিলেও সকলোৰে বোধগম্য। বৃন্দাবন চুপাৰ মাৰ্কেটত “পথাৰ আমাৰ বজাৰ আমাৰ” নামে এখন সুন্দৰ বিপণীৰ মুকলি কৰে কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ পত্নীয়ে। কিছুদিন পূৰ্বে এই বিষয়ক লৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। বিভিন্ন জনে শিল্পী গৰাকীক ফটোখনৰ ভিত্তিত প্ৰশ্ন কৰাৰ লগতে সমালোচনা কৰাও আৰম্ভ কৰিছিল; ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ যোৱা অৱস্থাত এই ফটোখন লোৱা হৈছিল আৰু তেওঁৰ সৈতে ফটোখনত আছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো।

"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 4
"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 5


বিতৰ্কিত “কা” বিৰোধী আইনৰ বিৰোধিতাত বিগত দিনত জুবিন গাৰ্গে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিছিল; গতিকে এনেক্ষেত্ৰত কন্ঠশিল্পী গৰাকী মূখ্যমন্ত্ৰী সোণোৱালৰ কাষ চপাত প্ৰত্যেকেই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক লৈ নানানটা প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিনক ৰাজহুৱাকৈ দিবলৈ আৱেদন জনাইছিল তেওঁৰ অনুৰাগীয়ে আৰু আটাইবোৰ প্ৰশ্নৰ উত্তৰ হাৰ্টথ্ৰৱ গৰাকীয়ে এখন সংবাদ পত্ৰযোগে দিয়ে। উল্লেখ্য যে, অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত মুকলি কৰি দিয়া হৈছিল “অগ্নি বীণাৰ তান”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো।

]]>
https://rupaliparda.com/archives/23332/feed 0 23332
অসমীয়া ছবি “ৰাজনীতি” ৰ আৰম্ভ হৈছে শ্বুটিংঃ https://rupaliparda.com/archives/23314 https://rupaliparda.com/archives/23314#respond Thu, 07 Jan 2021 12:30:36 +0000 https://rupaliparda.com/?p=23314 আহিবলগীয়া সময়ৰ এখন বহু প্ৰত্যাশিত ছবি “ৰাজনীতি”। অসমীয়া এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে ছবিখনৰ আৰম্ভ হৈছে শ্বুটিং চিড্যুল। শেহতীয়াকৈ বৰষা ৰাণী বিষয়াইও চচিয়েল মিডিয়াত আপলোড কৰিছে এখন ফটো য’ত তেওঁক ছবিখনৰ শ্বুটিং কৰা দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় অভিনেতা তপন দাসৰ সৈতে। যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ ২১ তাৰিখে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনত এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা এটা গীতৰো মুকলি কৰি দিয়া হৈছে। ছবিখনে আৰম্ভণিৰ পৰাই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সচেতন মহলত। ছবিখনে দৰ্শকক আকৰ্ষণ কৰিব পৰা আন এক বিষয় এয়াও যে এই ছবিখনত অভিনয় কৰিব জুবিন গাৰ্গ, বৰষা ৰাণী, তপন দাসৰ লগতে গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাই। ৰামধেনু প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখন পোনপ্ৰথমবাৰৰ পৰিচালনাৰ এই দিশটোত আগবাঢ়ি অহা মনুজিৎ শৰ্মাই। মুক্তিপ্ৰাপ্ত দুই-তিনিখন পোষ্টাৰে জনসাধাৰণৰ মন ছবিখন উপভোগৰ বাবে উৎসাহিত কৰি তুলিছে।

অসমীয়া ছবি "ৰাজনীতি" ৰ আৰম্ভ হৈছে শ্বুটিংঃ 6
অসমীয়া ছবি "ৰাজনীতি" ৰ আৰম্ভ হৈছে শ্বুটিংঃ 7


ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে অভিজিৎ ভট্টাচাৰ্য্য। আনহাতে, ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা, জয়ন্ত কাকতি, অজয় ফুকন আৰু দৰ্শনে। নতুনৰ আৰম্ভণিয়ে দিছে নতুনৰ খবৰ; আহিবলগীয়া “ৰাজনীতি” শীৰ্ষক এই ছবিখনত সম্প্ৰতি ৰাজনৈতিক পৰিস্থিতিৰ ভিন্ন কথা সমূহক উপস্থাপন কৰিব নে নাই সেয়া হ’ব আগন্তুক সময়ত লক্ষ্যণীয়।

]]>
https://rupaliparda.com/archives/23314/feed 0 23314
“চিলা” ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি “অগ্নি বীণাৰ তান”- https://rupaliparda.com/archives/22890 https://rupaliparda.com/archives/22890#respond Sat, 19 Dec 2020 12:30:42 +0000 https://rupaliparda.com/?p=22890 অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন তথা “চেতনা দিৱস” উপলক্ষে যোৱা কালি মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ আন এটি গীত “অগ্নি বীণাৰ তান”। “চিলা” এলবামত অন্তৰ্ভূক্ত তৃতীয়টো গীতক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত। এটা কবিতাক গীত আকাৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিছে হাৰ্টথ্ৰৱ গৰাকীয়ে। অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “অগ্নি বীণাৰ তান”। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।

"চিলা" ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "অগ্নি বীণাৰ তান"- 8


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। সঁচা কথা ক’বলৈ তেওঁ বিচাৰ তথা চিন্তা সমূহক ৰাইজে আকোঁৱালি লোৱাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ “কা” বিৰোধী আন্দোলনক লৈও নিজ মন্তব্য প্ৰদান কৰিছিল জুবিন গাৰ্গে।

]]>
https://rupaliparda.com/archives/22890/feed 0 22890
জুবিন গাৰ্গৰ জন্মদিন বিশেষঃ মুক্তিপ্ৰাপ্ত দুটা গীতৰ জনপ্ৰিয়তা অব্যাহত- https://rupaliparda.com/archives/22108 https://rupaliparda.com/archives/22108#respond Thu, 19 Nov 2020 12:30:00 +0000 https://rupaliparda.com/?p=22108 জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁক লৈ নিৰ্মিত এটি গীতে শেহতীয়াকৈ খলকনিৰ সৃষ্টি কৰিছে। “গানে জুবিনে” শীৰ্ষক গীতটিত জুবিন গাৰ্গক কৰা বাখ্যাই গীতটিক আৰু অধিক সুন্দৰ কৰি তুলিছে। দিগন্ত ভাৰতীৰ কথা, পৰিচালনা তথা বিষয়বস্তুৰে নিৰ্মিত “গানে জুবিনে’ শীৰ্ষক গীতটিয়ে ইতিমধ্যে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিছে। গীতটিৰ আন এক ভাল লগা বিষয় এয়াও যে গীতটিত নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে কন্ঠদান কৰি জুবিন গাৰ্গলৈ যাঁচিছে জন্মদিনৰ শুভকামনা। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ আচলতে প্ৰত্যেকজন নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ লগতে তেওঁৰ অনুৰাগী উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। “গানে জুবিনে” শীৰ্ষক গীতটিৰ কেইটিমান শাৰীত জুবিন গাৰ্গেও কন্ঠদান কৰিছে। “যি কোৱা, কৈ যোৱা… চিধা কথা; শুনোতাই চোন ভালেই পায়”; গীতটিৰ শাৰীটোৱে জুবিন গাৰ্গৰ যেনেদৰে এটি স্বৰূপ উদঙাইছে ঠিক তেনেদৰে উক্ত সম্পূৰ্ণ গীতটোতেই আছে জুবিনৰ কৰ্মৰ সংজ্ঞা।


“গানে জুবিনে” গীতটিৰ সংগীত ব্যৱস্থাপনা অনুপম কোঁৱৰৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে Red Av Studio ৰ পিংকু দাসে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ লগতে ইয়াৰ সম্পাদনা শিৱমৰ। আনহাতে, জুবিন গাৰ্গে নিজেও “চিলা” এলবামটোত অন্তৰ্ভূক্ত আন এটি গীত “উভতি চোৱা” ৰ মুক্তি দিয়ে। তেওঁৰ জন্মদিনৰ দিনা মুক্তিপ্ৰাপ্ত উক্ত দুয়োটা গীতেই বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক।

]]>
https://rupaliparda.com/archives/22108/feed 0 22108
জুবিন গাৰ্গ বিশেষঃ জন্মদিন উপলক্ষে একাংশ কন্ঠশিল্পীৰ হাৰ্টথ্ৰৱলৈ শুভকামনা- https://rupaliparda.com/archives/22101 https://rupaliparda.com/archives/22101#respond Wed, 18 Nov 2020 08:30:08 +0000 https://rupaliparda.com/?p=22101 জুবিন গাৰ্গৰ জন্মদিন; ৯০ দশক মানৰ পৰাই সংগীত ক্ষেত্ৰখনত নিজৰ চিনাকী দিবলৈ অহৰহ প্ৰয়াস কৰা এগৰাকী সংগীতশিল্পী, এগৰাকী সামাজিক দায়বদ্ধ নাগৰিক আৰু প্ৰায় প্ৰতিজন যুৱপ্ৰজন্মৰ সকলোতকৈ আপোন ব্যক্তি জুবিন গাৰ্গৰ জন্মদিন। অসমীয়া বৰগীত, লোকগীত, ৰোমান্টিক আদিকে ধৰি হিন্দী সংগীত ক্ষেত্ৰখনতো নিজৰ কামেৰে চিনাকী দি অহা এইগৰাকী হাৰ্টথ্ৰৱৰ জন্মদিনটোক লৈ প্ৰায় প্ৰত্যেকগৰাকী ব্যক্তিয়েই উৎসাহী হৈ থকা দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গ এটা ব্ৰেণ্ড; যি বহুতৰ বাবে অনুপ্ৰেৰণা। নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক যেতিয়া সংগীত ক্ষেত্ৰখনত তেওঁলোক কেতিয়াৰ পৰা জড়িত অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া তেওঁলোক প্ৰত্যেকেই নাম লোৱা ব্যক্তিগৰাকী হয় জুবিন গাৰ্গ। তেতিয়াৰ অনামিকা, মায়াৰ পৰা আৰম্ভ কৰি এতিয়াৰ জুবিন গাৰ্গৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “চিলা” শীৰ্ষক গীতটিলৈ হাৰ্টথ্ৰৱ গৰাকীৰ জনপ্ৰিয়তা অব্যাহত আছে। এতিয়াও হয়টো বহুতেই এয়াও ক’ব যে, ৰাতি টোপনিটো আহিবলৈও সেই জুবিন গাৰ্গৰ “মন যায়” গানটোৰেই প্ৰয়োজন। ইয়াতেই আচলতে অংকুৰিত হৈ আছে জুবিন গাৰ্গৰ সফলতা আৰু জনপ্ৰিয়তা। ৰূপালীপৰ্দা পেজটোৰ জৰিয়তে একাংশ নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে জুবিন গাৰ্গলৈ জনাইছে জন্মদিনৰ শুভকামনা। চাওঁচোন আহকঃ

জুবিন গাৰ্গ বিশেষঃ জন্মদিন উপলক্ষে একাংশ কন্ঠশিল্পীৰ হাৰ্টথ্ৰৱলৈ শুভকামনা- 9

ভাস্বতী ভাৰতীঃ যাৰ গীতে জীৱন আনে, ফুল হৈ ফুলক তেওঁৰ জীৱন। সুখী হওঁক আজীৱন। জন্মদিনৰ অলেখ অযুত শুভকামনা…

ৰিতুপৰ্ণ বৰাঃ ৰূপালী পৰ্দাৰ তৰফৰ পৰা মই ৰিতুপৰ্ণ বৰাই মৰমৰ শিল্পী জুবিন গাৰ্গক তেখেতৰ জন্মদিনত শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰত তেওঁ আৰু অধিক সুখী হওঁক, স্বাস্থ্যবান হওঁক, সপোনবোৰ পূৰণ হওঁক। সুৰ আৰু সংগীতৰ নৈ বৈ থাকক তেওঁৰ কণ্ঠৰ পৰা।

বিদ্যুৎ বিকাশঃ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ মৰমৰ জুবিন দালৈ ওপজা দিনৰ বহুত বহুত শুভকামনা। গানৰ সুৰেৰে জগত জিনি সকলোৰে হৃদয়ত ঠাই লোৱা জুবিন দাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
“HAPPY Birthday Zubeen Daa”…

বাবন বৰ্ণিলঃ গান মানেই জুবিন গাৰ্গ। সৰুতে অডিঅ’ কেছেটত তেওঁৰ গান শুনি চিঞঁৰি থাকিছিলো; তেনেকৈয়ে হয়টো এই সংগীত ক্ষেত্ৰখনৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল। জুবিন গাৰ্গৰ গীত শুনাৰ পিছতহে হয়টো অইনৰ গান শুনা অভ্যাস গঢ় লৈছিল; কিন্তু আৰম্ভণি সদায় জুবিন দাৰ গানত আছিল। এতিয়া ভাল লাগে যেতিয়া জুবিন দাক কাষত পাওঁ, তেওঁৰ পৰা কিবা এটা শিকাৰ সুবিধা লাভ কৰো। তেওঁৰ ওপজা দিনটোত ৰূপালীপৰ্দাৰ পেজটোৰ ফালৰ পৰা মই বাবন বৰ্ণিলে তেওঁলৈ যাঁচিছো মৰম; সদায়ে এনেদৰে সৃষ্টি কৰি যাওঁক আৰু সূস্থ হৈ থাকক তাৰেই কামনা কৰিছো।

কুমাৰেশ কৌশিকঃ ক্লান্তহীন কন্ঠ আৰু সংগীতৰ সীমাহীন যাত্ৰাৰ গৰাকী জনলৈ মোৰ তৰফৰ পৰা শুভ জন্ম দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । জুবিন দাৰ সুস্বাস্থ্যৰ লগতে তেওঁৰ জীৱনযাত্ৰা সূৰ্য্যমুখী হওঁক তাৰে কামনাৰে মৰমৰ ডাঙৰ ভাতৃলৈ জন্মদিনৰ অলেখ অভিন্দন |

বিকি কলিতাঃ জুবিন দা বুলিলেই আবেগ, জুবিন দা বুলিলেই গান , জুবিন দা বুলিলেই অনুপ্ৰেৰণা। অসমবাসীৰ হিয়াৰ আমঠু জুবিন দালৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।

ইয়াৰ লগতে, অসমীয়া সংগীত ক্ষেত্ৰখনৰ উত্থানৰ লগতে অসমীয়াৰ বাবে সদায় থিয় দি থকা এইগৰাকী সুযোগ্য অসম সন্তানক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অযুত শুভকামনা।

]]>
https://rupaliparda.com/archives/22101/feed 0 22101
জন্মদিনৰ দিনাই জুবিন গাৰ্গে মুকলি কৰিব “উভতি চোৱা”- https://rupaliparda.com/archives/21889 https://rupaliparda.com/archives/21889#respond Wed, 11 Nov 2020 14:30:20 +0000 https://rupaliparda.com/?p=21889 আকৌ জুবিন গাৰ্গ; আকৌ এবাৰ যেন জুবিনে নিজৰ পূৰণি সুন্দৰ সংজ্ঞাৰে আগবাঢ়ি অনুৰাগীৰ মাজত ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তি দিবলৈ সাজু হৈছে। “চিলা” এলবামৰ শীৰ্ষ গীতটিৰ মুক্তিৰ পিছতেই এইবাৰ উক্ত এলবামটোৰে দ্বিতীয়টো গীত “উভতি চোৱা” ৰ বাবে প্ৰস্তুতি চলাইছে কন্ঠশিল্পী গৰাকীয়ে। ব্যক্তিগত ইনষ্টাগ্ৰাম একাউন্টৰ পৰা নিজেই এই কথাৰ খবৰ দিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। একক কন্ঠৰে মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ “চিলা” শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছতেই অনুৰাগীৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিৰ কথাৰ লগতে জুবিনৰ সুন্দৰ কন্ঠই ক্ষন্তেকতে গীতটিক গ্ৰহণযোগ্য কৰি তুলিছিল। উল্লেখ্য যে, আহিবলগীয়া “উভতি চোৱা” শীৰ্ষক এই গীতটি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ জন্মদিনৰ দিনা ৰাতিপুৱা ১১ বজাত। গীতটিক লৈ এতিয়াৰ পৰাই উৎসাহী হাৰ্টথ্ৰৱ গৰাকীৰ অনুৰাগী।

জন্মদিনৰ দিনাই জুবিন গাৰ্গে মুকলি কৰিব "উভতি চোৱা"- 10


বিধায়ক শ্বেৰমান আলিয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰা পিছতেই শেহতীয়াকৈ সংবাদ মাধ্যমত জুবিন গাৰ্গেও এই বিষয়ত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰায়ে প্ৰতিটো বিষয়ত সক্ৰিয় হৈ মাত মতা হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মিঞা মিউজিয়ামৰ বিষয়টো তাচ্ছিল্য কৰি কয় যে “বাংলাদেশীৰ উৎপাতত এনেই ৰাজ্যবাসী জীয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে তাতেই আকৌ মিঞা মিউজিয়ামৰ কথা আহে ক’ৰ পৰা।” নৱপ্ৰজন্ম তথা ৰাজ্যৰ প্ৰতিটো দিশত নিজ মতামত পূৰ্ণ ৰূপত দাঙি ধৰা জুবিন গাৰ্গৰ মন্তব্যক লৈ আচলতে অপেক্ষাও কৰি ৰয় অনুৰাগীয়ে।

]]>
https://rupaliparda.com/archives/21889/feed 0 21889
“বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী”-জুবিন গাৰ্গ https://rupaliparda.com/archives/21769 https://rupaliparda.com/archives/21769#respond Sat, 07 Nov 2020 12:33:48 +0000 https://rupaliparda.com/?p=21769 কিছুদিন পূৰ্বে বিধায়ক শ্বেৰমান আলিয়ে মিঞা মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰা পিছতেই ৰাজ্যত বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। শেহতীয়াকৈ সংবাদ মাধ্যমত জুবিন গাৰ্গেও এই বিষয়ত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰায়ে প্ৰতিটো বিষয়ত সক্ৰিয় হৈ মাত মতা হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মিঞা মিউজিয়ামৰ বিষয়টো তাচ্ছিল্য কৰি কয় যে “বাংলাদেশীৰ উৎপাতত এনেই ৰাজ্যবাসী জীয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে তাতেই আকৌ মিঞা মিউজিয়ামৰ কথা আহে ক’ৰ পৰা।” বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন জন শিল্পীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত “চিলা” শীৰ্ষক এটি গীতৰে আকৌ এবাৰ অনুৰাগীৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। বিগত দীঘলীয়া সময়ৰ পৰাই জুবিন গাৰ্গৰ একক কন্ঠক লৈ অপেক্ষাৰত হৈ ৰৈছিল অনুৰাগী; তাৰ পিছতেই মুক্তি লাভ কৰা “চিলা” ই অসমীয়া শ্ৰোতা দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে।

"বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী"-জুবিন গাৰ্গ 11
"বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই ৰাজ্যবাসী"-জুবিন গাৰ্গ 12


উল্লেখ্য যে, অনামিকা”, “পাখি” তথা বৰ্তমানেও জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত আছে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়; প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ।

]]>
https://rupaliparda.com/archives/21769/feed 0 21769
“চিলা” ৰ প্ৰমো’ৱে উৎকন্ঠা বঢ়াইছে অনুৰাগীৰঃ জুবিন গাৰ্গৰ নতুন ৰূপ- https://rupaliparda.com/archives/21112 https://rupaliparda.com/archives/21112#respond Tue, 13 Oct 2020 12:30:24 +0000 https://rupaliparda.com/?p=21112 মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আহিবলগীয়া গীত “চিলা” ৰ প্ৰমো। | বহু দিনৰ পৰা তেওঁৰ আহিবলগীয়া এই গীতটিক লৈ বহুল প্ৰস্তুতি দেখিবলৈ পোৱা গৈছিল। অহা ১৮ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ আজিৰ প্ৰমো’টোৱে উৎকন্ঠাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত। গীতটিৰ কথাৰ লগতে ইয়াৰ পৰিচালনা আৰু ইয়াত সংগীত দিয়াৰ দায়িত্বতো আছিল হাৰ্টথ্ৰৱ গৰাকী। গীতটিৰ ভিডিঅ’ পৰিচালনা বিতুপন কাশ্যপৰ আৰু দৃশ্যগ্ৰহণ বিতুল দাসৰ; ভিডিঅ’টোত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছে নীলিম মহন্ত আৰু শ্ৰেয়া বৰঠাকুৰে। চলিত বৰ্ষৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক কিছুদিন জিৰণি লোৱাৰ মানসেৰে লৈ যোৱা হৈছিল মুম্বাইলৈ। মায়ানগৰীৰ পৰা উভতি অহা পিছতেই একক কন্ঠৰ “চিলা” ক লৈ ব্যস্ত আছিল জুবিন গাৰ্গ।

"চিলা" ৰ প্ৰমো'ৱে উৎকন্ঠা বঢ়াইছে অনুৰাগীৰঃ জুবিন গাৰ্গৰ নতুন ৰূপ- 13


অৰ্থনৈতিক বিপ্লৱ অনাৰ মানসেৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাৰ পিছত জুবিন গাৰ্গক লৈও একাংশই সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল। তৎস্বত্বেও, জুবিন গাৰ্গে বাৰম্বাৰ নিজৰ স্থিতি অটল থকাৰ সিদ্ধান্ত লৈ “কা” বিৰোধী আন্দোলনত সক্ৰিয় ৰূপে পুনৰ বাৰ থিয় দিয়াৰো কথা সুঁৱৰাই দিয়ে।

]]>
https://rupaliparda.com/archives/21112/feed 0 21112