Features – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 22 Aug 2026 14:33:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Features – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “Manuhar Gaan” goes into social, socio-political aspects of Bhupen Hazarika’s songs https://rupaliparda.com/archives/33536 https://rupaliparda.com/archives/33536#respond Sat, 22 Aug 2026 14:33:09 +0000 https://rupaliparda.com/?p=33536

• Film features Dr Hazarika’s associates and several grassroots singers in its effort to assess the impact of his songs across generations.

• An academic documentary through which the makers have sought to pay tribute to the genius on his birth centenary year.

• After the much-acclaimed “Baruar Xongxar” (The House of Baruas), Utpal Borpujari takes up another subject highlighting pathbreakers of Assamese culture.

“Manuhar Gaan” goes into social, socio-political aspects of Bhupen Hazarika’s songs 4Guwahati, Aug 22: As Assam prepares to celebrate the finale of Dr Bhupen Hazarika’s birth centenary this September, renowned filmmaker Utpal Borpujari has come up with a feature-length documentary film that aims at making people beyond Assam and Bengal aware about how many of his songs had strongly taken up social and socio-political issues. Titled “Manuhar Gaan” (The Hum of Humanity), the 82-minute film analyses how many of Dr Hazarika’s songs chronicled social injustice as well as social and historical events, making him a creative genius who passionately spoke for the downtrodden all through his life. “While entire India knows him as a great musician, except for his ‘Dil Hoom Hoom Kare’ and ‘Ganga Behti Ho Kyon’, very few outside Assam and Bengal know the depth of his social commitment as an artiste. This film strives to fill that gap in its own small way, even though we are fully aware that only one film cannot do justice to the huge expanse of his creative genius,” Borpujari said after the release of the poster and trailer of the documentary. The poster and trailer were released by Dr Bhupen Hazarika Cultural Trust president and noted singer Manisha Hazarika. “It’s our tribute to the humanist that Dr Hazarika was.“Manuhar Gaan” goes into social, socio-political aspects of Bhupen Hazarika’s songs 5

He wrote and sang songs across genres, ranging from the most-sensuous love ditty to songs celebrating Assam’s seasons, but it is his social responsibility that he consciously practiced throughout his life is something that makes him one of India’s most-important artistes ever,” Borpujari said. “We also have plans to release the unused footages, especially portions of interviews that could not be included in the final film, on YouTube later so that they can be of use for academics, researchers and others interested in Dr Hazarika’s music,” said producer Abhijit Bhuyan. The launch ceremony was followed by an engrossing panel discussion on “Have we failed to adequately share the vastness of Dr Bhupen Hazarika’s creativity with the outside world?” Moderated by senior journalist Bhupendra Nath Bhattacharyya, the discussants were singer and Dr Hazarika’s nephew Mayukh Hazarika, senior theatre and film personality Nayan Prasad, scientist and poet Bipuljyoti Saikia, critic and poet Aparajita Pujari and author Manaswinee Runumi Mahanta. Produced by Dolly Borpujari, Prabhat Chandra Borpujari and Abhijit Bhuyan under the banner of 92X26 Films, “Manuhar Gaan” took eight years to complete as it was purely a passion project that faced funding issues during and after the Covid pandemic. “While we had filmed a major portion of the film in 2018, the remaining portions were filmed last year even while editing of the large amount of footage had been going on all these years,” Borpujari says about the film that was shot across Assam.“Manuhar Gaan” goes into social, socio-political aspects of Bhupen Hazarika’s songs 6

The film features noted personalities like the late (Dr) Dilip Kumar Datta who authored the iconic “Bhupen Hazarikar Geet Aru Jiwan Rath”, Dr Hazarika’s sister the late Sudakshina Sarma and nephew, the late Hrishiraj Sarma, close associate the late Ratna Ojah and Dilip Hazarika, musicians Kamal Kataki and Rupam Talukdar who perfomed with Dr Hazarika for many years, noted singer-author Loknath Goswami, singers Nayan Axom Koliaboriya, Asha Sarmah Kataki, Bipul Kathar, Ranjan Kumar Dutta, noted journalist-author Dr Samudra Gupta Kashyap and several others. Grassroots singers like Manik Chandra Bordoloi of Boko and Molan Gogoi of Dhalpur village near North Lakhimpur, as well as child singer Chaokhun Gogoi of Sivasagar also features in the film. The crew of the film include Chida Bora (Cinematographer), the late Bhaskar Jyoti Das (Associate director-editor), Diganta Bora (Editor), Debajit Gayan (Sound Design), Uday Bhaskar Patar (Assistant director), Rituraj Shivam (2nd unit cameraman)., The evocative poster of the film has been designed by Samudra Kajal Saikia. (PRESS RELEASE)

]]>
https://rupaliparda.com/archives/33536/feed 0 33536
Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka https://rupaliparda.com/archives/33507 https://rupaliparda.com/archives/33507#respond Mon, 17 Aug 2026 01:59:46 +0000 https://rupaliparda.com/?p=33507 Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka 12

The Nehru Centre in London came alive with the vibrant rhythms of Northeast India as it hosted Nritya Sangam, a cultural evening celebrating the rich artistic heritage of Assam, on July 24.

Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka 13

The event opened with a graceful Krishna Vandana performed by acclaimed Assamese Sattriya dancer and actor Rodali Bora. This serene invocation set a high standard for an evening designed to bridge India’s classical and folk traditions. A major highlight was the confluence of two celebrated classical dance forms: Sattriya and Kathak.

Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka 14

Renowned Kathak exponent Meghranjani Medhi, a recipient of the prestigious Sangeet Natak Akademi Ustad Bismillah Khan Yuva Puraskar, mesmerised the packed audience with her powerful presentation. Shifting from classical precision to folk energy, the Luitporia Nasoni Group took the stage next.

Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka 15

Their performance brought the vivid colours and infectious dynamism of Assam’s traditional folk dances to life. The evening also featured an emotional high point with a heartfelt musical tribute to Assam’s cultural icon, Zubeen Garg, which drew a warm emotional response from the crowd.

Celebrating Indian Culture: Rodali Bora and Meghranjani Medhi Lead Nritya Sangam in London—Prantik Deka 16

The event drew a house-full audience, bringing together members of the British public and diverse diaspora communities. Through its seamless blend of music and dance, Nritya Sangam concluded as a memorable celebration of Assamese culture in the heart of London.

]]>
https://rupaliparda.com/archives/33507/feed 0 33507
Kok Kok Kokok | লুকানিয়াত অসমৰ চিনেমাৰ বিজয় https://rupaliparda.com/archives/33501 https://rupaliparda.com/archives/33501#respond Sun, 16 Aug 2026 14:51:25 +0000 https://rupaliparda.com/?p=33501 Kok Kok Kokok | লুকানিয়াত অসমৰ চিনেমাৰ বিজয় 19অসমীয়া চিনেমাৰ সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত ২০২৬ চনৰ আগষ্ট মাহে এটা গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰিলে। অসমৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’-এ ইটালীৰ পিষ্টিচ্চিত অনুষ্ঠিত ২৭সংখ্যক লুকানিয়া ফিল্ম ফেষ্টিভেলত লাভ কৰিলে ‘ছিক্ৰেট প্ৰগ্ৰাম ফেলিনি এৱাৰ্ড’। কিংবদন্তি ইটালীয় পৰিচালক ফেডেৰিকো ফেলিনিৰ নামেৰে নামকৰণ কৰা এই বিশেষ স্বীকৃতি ছবিখনে লাভ কৰিছে উৎসৱৰ ‘ছিক্ৰেট প্ৰগ্ৰাম’ৰ অন্তৰ্গত প্ৰদৰ্শনৰ পাছত। বঁটাটো প্ৰদান কৰে বিশ্বখ্যাত ইৰানী চলচ্চিত্ৰকাৰ মহছেন মাখমালবাফে।

 

|| লুকানিয়া ফিল্ম ফেষ্টিভেল : পটভূমি ||

 

বাছিলিকাটা অঞ্চলৰ পিষ্টিচ্চিত অনুষ্ঠিত লুকানিয়া ফিল্ম ফেষ্টিভেল ইটালীৰ এটা গুৰুত্বপূৰ্ণ স্বাধীন চলচ্চিত্ৰ উৎসৱ। ২০২৬ চনৰ ২৭সংখ্যক সংস্কৰণৰ মূল উৎসৱ ৫ৰ পৰা ৯ আগষ্টলৈ পিষ্টিচ্চিত অনুষ্ঠিত হয়; ২ৰ পৰা ৪ আগষ্টলৈ পিষ্টিচ্চি, মাতেৰা আৰু টলভেত আগতীয়া বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। উৎসৱৰ সামগ্ৰিক কাৰ্যসূচীত ২ৰ পৰা ৯ আগষ্টলৈ সাত দিনীয়া চলচ্চিত্ৰ, আলোচনা, প্ৰদৰ্শন আৰু সাংস্কৃতিক কাৰ্যসূচী আছিল।

২০২৬ৰ উৎসৱৰ কেন্দ্ৰীয় বিষয় আছিল ‘অপৰাধবোধ’—এজন মানুহৰ অন্তৰ্জগত, সমাজ, স্মৃতি, বৰ্তমান, বিবেক আৰু পৰিৱৰ্তনৰ সৈতে জড়িত এক গভীৰ মানৱীয় অনুভূতি। বিভিন্ন দেশ আৰু ভাষাৰ ছবিৰ মাজেৰে এই বিষয়টোক ভিন্ন ভিন্ন দৃষ্টিকোণৰ পৰা অনুসন্ধান কৰা হৈছিল।

উৎসৱৰ প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় বিভাগত পূৰ্ণদৈৰ্ঘ্যৰ ছবি, স্বল্পদৈৰ্ঘ্যৰ কাহিনীধৰ্মী ছবি, তথ্যচিত্ৰ আৰু এনিমেচন আছিল। ইয়াৰ সমান্তৰালভাৱে আছিল ইটালীয় ছবিৰ বাবে ‘স্পাজিঅ’ ইটালিয়া’ বিভাগ।

 

মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ক’কক’ অসমীয়া ভাষাৰ চিনেমা। সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত অধ্যয়ন কৰি থকা সময়ত নিৰ্মাণ কৰা এই ছবিখন তেওঁৰ স্নাতকোত্তৰ পৰ্যায়ৰ ডিপ্ল’মা ছবি।

চিনেমা খনৰ কেন্দ্ৰীয় চৰিত্ৰ ছিকেন—এজন প্ৰব্ৰজিত কুকুৰা বিক্ৰেতা। তেওঁৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত এখন RX100 মটৰচাইকেল। মটৰচাইকেলখন তাৰ জীৱন-যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ।

এটা ঘটনাৰ পাছত মটৰচাইকেলখন নোহোৱা হৈ যায়। তাৰ সৈতে জড়িত হৈ পৰে আৰক্ষীৰ গোচৰত ফচি যোৱাৰ ভয়। এই ভয়, উদ্বেগ আৰু মটৰচাইকেলখনৰ প্ৰতি তেওঁৰ অস্বাভাৱিক আসক্তি ক্ৰমাৎ এনে এক পৰিস্থিতিৰ সৃষ্টি কৰে, য’ত বাস্তৱ আৰু অবাস্তৱৰ সীমাৰেখা ভাঙিবলৈ আৰম্ভ কৰে। শেষত ছিকেন নিজেই যেন মটৰচাইকেলখনত ৰূপান্তৰিত হৈ পৰে।

এই ৰূপান্তৰেই চিনেমা খনক সাধাৰণ সামাজিক বাস্তৱবাদৰ সীমাৰ পৰা আঁতৰাই মায়া বাস্তৱতা, ব্যংগ আৰু অবাস্তৱতাৰ এক স্বতন্ত্ৰ চলচ্চিত্ৰ-ভাষালৈ লৈ যায়। চিনেমা খনে সমকালীন অসম আৰু ভাৰতৰ ৰাজনীতিৰ লগতে প্ৰব্ৰজিত মানুহৰ অনিশ্চয়তা আৰু ভংগুৰ অস্তিত্বকো অনুসন্ধান কৰে।

 

|| মানুহ আৰু যন্ত্ৰৰ মাজৰ সীমাৰেখা ||

‘কক কক ক’কক’ৰ অন্যতম আকৰ্ষণীয় দিশ হৈছে মানুহ আৰু বস্তুৰ সম্পৰ্ক। RX100খন চিনেমা খনত ছিকেনৰ জীৱন। মটৰ চাইকেলখন হেৰুৱাই ছিকেনে যেন নিজৰ অস্তিত্বৰেই এটা অংশ হেৰুৱায়।

সেয়ে শেষৰ ৰূপান্তৰক কেৱল কাহিনীৰ এক অদ্ভুত ঘটনা বুলি চালে চিনেমা খনৰ গভীৰতা ধৰা নপৰে। মানুহে নিজৰ জীৱন, পৰিচয়, সম্পত্তি আৰু অস্তিত্বৰ সৈতে কেনেদৰে এক জটিল সম্পৰ্ক গঢ়ি তোলে—ছবিখনে তাৰেই এক ব্যতিক্ৰমী ৰূপক সৃষ্টি কৰিছে।

প্ৰব্ৰজন, ভয় আৰু ‘অন্য’ হৈ থকাৰ অভিজ্ঞতা

ছিকেন এজন প্ৰব্ৰজিত মানুহ। সমাজৰ কেন্দ্ৰৰ পৰা অলপ আঁতৰত থকা এই মানুহজনৰ জীৱনত আইন, আৰক্ষী, সন্দেহ আৰু সামাজিক অনিশ্চয়তা একেলগে উপস্থিত।

লুকানিয়া ফিল্ম ফেষ্টিভেলৰ ২০২৬ৰ কেন্দ্ৰীয় বিষয় ‘অপৰাধবোধ’ৰ সৈতে চিনেমা খনৰ এই দিশটোৰ এক তাৎপৰ্যপূৰ্ণ সংযোগ আছে। ব্যক্তি আৰু সমাজৰ সম্পৰ্ক, ভয়, সন্দেহ, বিবেক আৰু ৰূপান্তৰ—এইবোৰ চিনেমা খনৰ ভিতৰতো বিভিন্ন স্তৰত উপস্থিত।

 

|| ‘কক কক কুকুক’ৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা ||

লুকানিয়াই চিনেমা খনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত নতুন অধ্যায় যোগ কৰিছে। চিনেমা খনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল Busan International Film Festivalত। তাৰ পাছত ই International Film Festival of Kerala আৰু Dhaka International Film Festivalতো প্ৰদৰ্শিত হয়। লুকানিয়াত চিনেমা খনৰ ইউৰোপীয় প্ৰিমিয়াৰ অনুষ্ঠিত হয়।

 

চিনেমা খনৰ কলাকুশলী:

প্ৰযোজক এছ. এম. নাজমুল হক। চিত্ৰগ্ৰহণ কৰিছে শিংখানু মাৰ্মা, সম্পাদনা সাদাং আৰাংহাম, আৰু শব্দ-নক্সাৰ দায়িত্বত অৰ্ণৱ বৰা। মুখ্য অভিনয়ত আছে ৰাজু ৰয় আৰু এষ্টাৰ জামা পলিনো কেনি।

 

মহৰ্ষি তুহিন কাশ্যপ : এটা ধাৰাবাহিক চলচ্চিত্ৰ-যাত্ৰা

‘কক কক ক’কক’ৰ সফলতা হঠাৎ অহা ঘটনা নহয়। মহৰ্ষি তুহিন কাশ্যপে ইয়াৰ আগতেই স্বল্পদৈৰ্ঘ্য আৰু তথ্যধৰ্মী চিনেমাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰিসৰত নিজৰ উপস্থিতি প্ৰকাশ কৰিছে।

তেওঁৰ ‘দ্য হৰ্চ ফ্ৰম হেভেন’ ২০২৩ চনৰ অস্কাৰৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হিচাপে প্ৰেৰণ কৰা হৈছিল আৰু ছবিখনে VGIK International Student Festival, Golden Raven International Film Festival আৰু Bengaluru International Short Film Festival আদি উৎসৱত স্বীকৃতি লাভ কৰিছিল।

পৰিচালক গৰাকীৰ তথ্যধৰ্মী চিনেমা ‘ফ্লাৱাৰ্ছ ইন এ হেইলষ্টৰ্ম’ জাপানৰ Nara International Film Festivalত প্ৰদৰ্শিত হৈছিল। তেওঁ ‘বৰষুণ – চংছ ফৰ ৰেইনছ’, ‘বুলু ফিল্ম’ আৰু ‘গুডবাই গুৰ্জী’, ‘xyz’ আদি চিনেমাৰ চিত্ৰনাট্যৰ সৈতেও জড়িত।

তুহিনে ২০২৫ চনত SRFTIৰ পৰা স্নাতক হয়।

 

|| লুকানিয়া ২০২৬ : প্ৰতিযোগিতাৰ সম্পূৰ্ণ ফলাফল ||

 

আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ বিভাগত নিৰ্বাচিত চিনেমা সমূহৰ ভিতৰত আছিল ‘পেল উইণ্ড’, ‘স্পেচটাইম ক্ৰনিকলছ’, ‘ষ্টাৰ্ছ অৱ লিটল ইম্পৰ্টেন্স’, ‘লা কালে পুৰা’, ‘হোৱেৰ দ্য ছান শ্বাইনছ ব্ৰাইট’, ‘গ্ৰীন ডেজাৰ্ট’ আৰু ‘নিউ বিগিনিংছ’। এই ছবিসমূহৰ ভিতৰত ‘গ্ৰীন ডেজাৰ্ট’, ‘লা কালে পুৰা’, ‘নিউ বিগিনিংছ’ আৰু ‘পেল উইণ্ড’ তথ্যচিত্ৰধৰ্মী, আনহাতে ‘হোৱেৰ দ্য ছান শ্বাইনছ ব্ৰাইট’ কাহিনীধৰ্মী চিনেমন।

স্বল্পদৈৰ্ঘ্যৰ কাহিনীধৰ্মী বিভাগত আছিল ‘এষ্ট্ৰ’নাউটা’, ‘লাষ্ট শ্বট’, ‘টেলিছমেন’, ‘মাই ডাৰ্লিং’, ভাৰতৰ ‘লিপি: দ্য আনৰিটেন স্ক্ৰিপ্ট’, ‘উইণ্ড’, ‘লাষ্ট ট্ৰপিক্স’, ‘ইছহাক’, ‘কৰ্পি এষ্ট্ৰানেয়ি’, ‘শ্ব’টাইম’, ‘দাঁ লা গ্যুল দ্য ল’ৰ্ছ’, ‘ফিগ্লিঅ’ আৰু ‘নাৰমুক’।

স্বল্পদৈৰ্ঘ্যৰ তথ্যচিত্ৰ বিভাগত আছিল ‘ড’ভে ছামুৱেল?’, ‘এভৰিডে ইন গাজা’, ‘লা কণ্ডিজিঅ’নে দেল গ্ৰাম্বে’, ‘হিষ্ট্ৰী ডাজ়ণ্ট ন’ মাই নেম ইয়েট’, ‘ইল ছুৱোনো দেল লেনো’, ‘ছাফুৰা’, ‘লা কিলোনে’, ‘৩ ডেইজ, ৩ নাইটছ’ আৰু ‘গালিনা ভাছিলিয়েভনা ভি.এছ.’।

এনিমেচন বিভাগত আছিল ‘প্ৰফিটেবল প্লেচ’, ‘ফিন পিপল’, ‘বাৰ্ডছং’, ‘উন ফ্যুগ’, ‘একুৱেৰিয়াম’, ‘লাইক ফ্ৰেণ্ড, লাইক ডিয়াৰ’ আৰু ‘ৰুপেলি’।

ইটালীয় ছবিৰ ‘স্পাজিঅ’ ইটালিয়া’ বিভাগতো ‘লা ত্ৰুফা’, ‘জাকো’, ‘ফৰ্টুনা’, ‘দালা লানা আল্লা লুনা’, ‘ইল নেমিকো’, ‘পাৰ ল’আমোৰে’, ‘ই পিংগুইনি’, ‘কমাণ্ডো ইঅ’, ‘ইল ভেলো’ আৰু ‘হ’ল্ড অন’ আছিল।Kok Kok Kokok | লুকানিয়াত অসমৰ চিনেমাৰ বিজয় 20

ভাৰতীয় উপস্থিতি

এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল অনীশ এছ.-ৰ ‘লিপি: দ্য আনৰিটেন স্ক্ৰিপ্ট’-এ। ১৪ মিনিটৰ ছবিখন ৱায়ানাডৰ এখন দূৰৱৰ্তী জনজাতীয় বিদ্যালয়, পাণিয়া জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ সংকট আৰু এগৰাকী শিক্ষকৰ বিদ্যালয় পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি নিৰ্মিত।

এই ছবিখনৰ উপস্থিতি বিশেষভাৱে উল্লেখযোগ্য, কাৰণ ‘লিপি’ আৰু ‘কক কক ক’কক’—দুয়োখনেই ভাৰতৰ প্ৰান্তীয় জীৱন, পৰিচয় আৰু সামাজিক বাস্তৱক নিজৰ নিজস্ব ভাষাত বিশ্বৰ আগত উপস্থাপন কৰিছে।

|| ‘ছিক্ৰেট প্ৰগ্ৰাম’ আৰু ফেলিনি বঁটা ||

‘কক কক ক’কক’ৰ ক্ষেত্ৰত এটা কথা স্পষ্ট কৰা প্ৰয়োজন— লুকানিয়াৰ মূল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ তালিকাত থকা চিনেমি নহয়। আছিল ‘ছিক্ৰেট প্ৰগ্ৰাম’ৰ অংশ।

উৎসৱৰ ৬ আগষ্টৰ কাৰ্যসূচীত মহছেন মাখমালবাফে প্ৰথমখন ‘secret film’ ইউৰোপীয় প্ৰিমিয়াৰত উপস্থাপন কৰাৰ কথা উল্লেখ আছিল; চিনেমা খনৰ নাম আৰু পৰিচালকৰ নাম প্ৰদৰ্শনৰ আগলৈকে গোপন ৰখা হৈছিল। ৭ আগষ্টতো দ্বিতীয়খন secret filmৰ বাবে একে পদ্ধতি অনুসৰণ কৰা হৈছিল।

এই বিশেষ কাৰ্যসূচীৰ পৰা ‘কক কক ক’কক’ লাভ কৰে ‘ছিক্ৰেট প্ৰগ্ৰাম ফেলিনি এৱাৰ্ড’। উৎসৱৰ এই স্বীকৃতিৰ কথা ১৬ আগষ্টত অসমৰ সংবাদমাধ্যমতো প্ৰকাশ পাইছে।

অৰ্থাৎ ‘ফেলিনি বঁটা’ক মূল প্ৰতিযোগিতাৰ ‘শ্ৰেষ্ঠ ছবি’ বঁটা বুলি কোৱা উচিত নহয়। ছিক্ৰেট প্ৰগ্ৰামৰ বিশেষ স্বীকৃতি। এই পাৰ্থক্যটো তথ্যগতভাৱে গুৰুত্বপূৰ্ণ।

]]>
https://rupaliparda.com/archives/33501/feed 0 33501
ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত কৰ্ণাটকৰ লোকনাট্য ‘দেৱী মহাত্মে’ মঞ্চস্থ https://rupaliparda.com/archives/33499 https://rupaliparda.com/archives/33499#respond Sat, 15 Aug 2026 04:01:28 +0000 https://rupaliparda.com/?p=33499 গুৱাহাটী, ১৪ আগষ্ট: দক্ষিণ কৰ্ণাটকৰ পৰম্পৰাগত লোকনাট্যধাৰা ‘মূডলাপায়া যক্ষগান’ৰ আধাৰত কানাড়া ভাষাত প্ৰস্তুত কৰা ‘দেৱী মহাত্মে’ নাটখন ১৩ আগষ্টৰ সন্ধিয়া গুৱাহাটীৰ ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত মঞ্চস্থ কৰা হয়। অভিনয়, লোকসংগীত, নৃত্য আৰু পৰম্পৰাগত নাট্যশৈলীৰ সুন্দৰ সমন্বয়েৰে প্ৰস্তুত কৰা নাটখনে দৰ্শকক কৰ্ণাটকৰ সমৃদ্ধ লোকসংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়ে।

ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত কৰ্ণাটকৰ লোকনাট্য ‘দেৱী মহাত্মে’ মঞ্চস্থ 25

কৰ্ণাটক সংঘ, মাণ্ড্যই কৰ্ণাটক মূডলাপায়া যক্ষগান পৰিষদ, বেংগালুৰুৰ সহযোগত আৰু ছিগাল থিয়েটাৰৰ সহযোগিতাত নাটখন মঞ্চস্থ কৰে। নাটখনৰ পৰিচালনামূলক দিশত পৰামৰ্শ আগবঢ়ায় সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অধ্যাপক জয়প্ৰকাশ গৌড়া, বিশিষ্ট থিয়েটাৰকৰ্মী শ্ৰীনিবাস জি. কাপ্পানা আৰু এম. কে. হৰিশ কুমাৰে।

ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত কৰ্ণাটকৰ লোকনাট্য ‘দেৱী মহাত্মে’ মঞ্চস্থ 26

নাটখনত গণ্য, পৰিণীতা, ভানুপ্ৰিয়া, গণৱী, কুসুম, ললিতা, প্ৰকৃতি, যোগেশ আৰু জয়ন্তই বিভিন্ন চৰিত্ৰত অভিনয় কৰে। লোকসংগীতৰ পৰিচালনা কৰে স্বামী গমনহল্লী আৰু হনুমন্তু যদগনহল্লীয়ে।

ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত কৰ্ণাটকৰ লোকনাট্য ‘দেৱী মহাত্মে’ মঞ্চস্থ 27

‘দেৱী মহাত্মে’ৰ লগতে শিল্পীসকলে কৰ্ণাটকৰ এটা পৰম্পৰাগত লোকনৃত্যও পৰিৱেশন কৰে।

অনুষ্ঠানৰ শেষত কৰ্ণাটকৰ পৰা অহা শিল্পীসকলৰ সন্মানাৰ্থে অসমৰ পৰম্পৰাগত বিহু পৰিৱেশন কৰা হয়। বি. পাল্কী, মনময়ূৰী বৰ্মন, ডেইজী গগৈ, জিলমিল, অংকিতা আৰু তেজস্বিতাকে ধৰি আন শিল্পীসকলে বিহু পৰিৱেশন কৰি অতিথি শিল্পীসকলক উষ্ম আদৰণি জনায়।

ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত কৰ্ণাটকৰ লোকনাট্য ‘দেৱী মহাত্মে’ মঞ্চস্থ 28

এই সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকীও বিশিষ্ট থিয়েটাৰকৰ্মী, চলচ্চিত্ৰ পৰিচালক, শিল্পী আৰু নাট্যপ্ৰেমী উপস্থিত থাকে। দৰ্শকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহত সমগ্ৰ অনুষ্ঠানটোৱে উষ্ম সঁহাৰি লাভ কৰে।

‘দেৱী মহাত্মে’ৰ এই মঞ্চায়নে কেৱল কৰ্ণাটকৰ এক সমৃদ্ধ লোকনাট্য পৰম্পৰাক গুৱাহাটীৰ দৰ্শকৰ সন্মুখত তুলি ধৰাই নহয়, অসম আৰু কৰ্ণাটকৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ এক সুন্দৰ পৰিৱেশো সৃষ্টি কৰে।

]]>
https://rupaliparda.com/archives/33499/feed 0 33499
Kannada Folk Theatre ‘Devi Mahatme’ Staged at Seagull Theatre Studio https://rupaliparda.com/archives/33491 https://rupaliparda.com/archives/33491#respond Sat, 15 Aug 2026 03:57:53 +0000 https://rupaliparda.com/?p=33491 GUWAHATI, Aug 14: A vibrant presentation of ‘Devi Mahatme’, a Kannada play in the traditional folk theatre form of Moodalapaya Yakshagana of South Karnataka, was staged at the Seagull Theatre Studio here on the evening of August 13.

Kannada Folk Theatre ‘Devi Mahatme’ Staged at Seagull Theatre Studio 33

The production was presented by the Karnataka Sangha, Mandya, in cooperation with the Karnataka Moodalapaya Yakshagana Parishat, Bengaluru, and in association with Seagull Theatre. The performance offered the audience an opportunity to experience the rich folk theatre traditions of Karnataka through a blend of acting, music, dance and storytelling.

Kannada Folk Theatre ‘Devi Mahatme’ Staged at Seagull Theatre Studio 34

The play was staged under the mentorship of Prof. Jayaprakasha Gowda, a Sangeet Natak Akademi Awardee, theatre activist Srinivasa G. Kappana and M. K. Harish Kumar.

 

Ganya, Parinitha, Bhanupriya, Ganavi, Kusum, Lalita, Prakruthi, Yogesh and Jayanth portrayed the various characters in the production. The folk music was directed by Swamy Gamanahalli and Hanumanthu Yadaganahalli.

Along with ‘Devi Mahatme’, the visiting artistes also presented a folk dance from Karnataka, adding to the cultural richness of the evening.

Kannada Folk Theatre ‘Devi Mahatme’ Staged at Seagull Theatre Studio 35

The programme concluded on a warm note with a Bihu presentation by B. Palkee, Monmayuri Barman, Daisy Gogoi, Jilmil, Ankita and Tejaswita, among others, as a gesture of honour to the visiting artistes.

The evening brought together several prominent theatre activists, film directors, artistes and theatre enthusiasts. The auditorium remained packed as the audience responded warmly to the performance and the cultural exchange between Karnataka and Assam.

Kannada Folk Theatre ‘Devi Mahatme’ Staged at Seagull Theatre Studio 36

The presentation not only showcased the distinctive traditions of Moodalapaya Yakshagana but also created a meaningful cultural bridge between the folk traditions of Karnataka and Assam.

]]>
https://rupaliparda.com/archives/33491/feed 0 33491
Not a Hero | ৰীমা দাসৰ চিনেমা | IFFM-2026- লাভ  https://rupaliparda.com/archives/33482 https://rupaliparda.com/archives/33482#respond Fri, 14 Aug 2026 10:58:14 +0000 https://rupaliparda.com/?p=33482  


|উৎপল মেনা

Not a Hero | ৰীমা দাসৰ চিনেমা | IFFM-2026- লাভ  40মেলবৰ্ণত ৰীমা দাসৰ শেহতীয়া চিনেমি “Not a Hero” -ই Indian Film Festival of Melbourne (IFFM) 2026-ত লাভ কৰিলে শ্ৰেষ্ঠ ইণ্ডি চিনেমা (Best Indie Film)-ৰ বঁটা।

–অসমীয়া চিনেমাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এয়া নিঃসন্দেহে আন এটা গৌৰৱৰ মুহূৰ্ত।

ৰীমা দাসৰ নামৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ সম্পৰ্ক অৱশ্যে নতুন নহয়। “Village Rockstars” -ৰ অভূতপূৰ্ব সাফল্যৰ পৰা “Bulbul Can Sing”, “Tora’s Husband” আৰু এতিয়া “Not a Hero” লৈ এই চিনে-যাত্ৰাই এটা কথাকে প্ৰতিষ্ঠা কৰি আহিছে– অসমীয়া ভাষাত, অসমৰ মাটি আৰু মানুহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা চিনেমায়ো বিশ্বৰ দৰ্শক আৰু সমালোচকৰ সৈতে গভীৰ সংলাপ স্থাপন কৰিব পাৰে।Not a Hero | ৰীমা দাসৰ চিনেমা | IFFM-2026- লাভ  41

“Not a Hero” মই এতিয়াও চোৱাৰ সুযোগ পোৱা নাই। সেয়েহে চিনেমাখনৰ নান্দনিকতা, অভিনয় বা নিৰ্মাণশৈলীৰ বিষয়ে ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত কোনো মন্তব্য কৰা সমীচীন নহ’ব। গতিকে চিনেমাখন ইতিমধ্যে চাই প্ৰকাশ কৰা সমালোচকসকলৰ পাঠৰ মাজেৰে ৰূপালী গল্পটো বুজিবলৈ চেষ্টা কৰাটোৱেই অধিক যুক্তিসংগত।

“Not a Hero”-ৰ কাহিনীৰ কেন্দ্ৰত আছে ১১ বছৰীয়া মিভান। নগৰীয়া পৰিৱেশত ডাঙৰ হোৱা ল’ৰাজন কিছু দিনৰ বাবে পিতৃৰ পৈতৃক গাঁৱলৈ যায় আৰু তাত পেহীয়েক পাহিৰ সৈতে থাকিবলৈ লয়। নগৰৰ জীৱন আৰু গাঁৱৰ জীৱন– দুটা সম্পূৰ্ণ পৃথক জগতৰ মাজত মিভানৰ এই অৱস্থানেই ক্ৰমাৎ তেওঁৰ ভিতৰৰ পৰিৱৰ্তনৰ সূচনা কৰে।

গাঁওখনৰ মানুহ, স্থানীয় শিশুসকল, বিদ্যালয় আৰু বিশেষকৈ এটা ঘোঁৰাৰ সৈতে গঢ়ি উঠা সম্পৰ্কই মিভানক ধীৰে ধীৰে এক নতুন জগতৰ সৈতে পৰিচিত কৰায়। একে সময়তে পেহীয়েক পাহিৰ সৈতে তেওঁৰ দূৰত্বও ক্ৰমাৎ কমিবলৈ ধৰে। বাহ্যিক ভাৱে সৰু সৰু ঘটনাৰ মাজেৰেই চিনেমা খনৰ কাহিনী-ৰেখাৰ গতি। শিশুমনৰ পৰিৱৰ্তন, সম্পৰ্কৰ উষ্ণতা, নিঃসংগতা, সংবেদনশীলতা আৰু মানুহৰ সৈতে মানুহৰ সংযোগৰ এক সূক্ষ্ম কাহিনী নিৰ্মাণ কৰা যেন অনুভৱ হয়।

এইখিনিতে “Not a Hero” নামটোৰ তাৎপৰ্যও গুৰুত্বপূৰ্ণ। চিনেমা খনে যেন ‘নায়ক’ৰ প্ৰচলিত ধাৰণাটোকেই প্ৰশ্ন কৰে। পৰম্পৰাগত চিনেমাত নায়কত্ব সাধাৰণতে শক্তি, বিজয়, সাহস বা spectacular action-ৰ সৈতে জড়িত। কিন্তু “Not a Hero”-ৰ পৃথিৱীত নায়কত্ব বিচাৰি পোৱা যায় vulnerability, compassion, সহানুভূতি আৰু আন এজন মানুহক বুজিবলৈ চেষ্টা কৰাৰ মাজতো।

বিশিষ্ট চিনেমা সমালোচক মীনাক্ষী শ্বেড্ডেৰ লেখাত–

এই দিশটো গুৰুত্ব লাভ কৰিছে। সমালোচক গৰাকীৰ মতে, চিনেমা খনে নায়কত্বৰ পৰম্পৰাগত ধাৰণাক প্ৰশ্ন কৰাৰ লগতে সাধাৰণ মানুহৰ অনুভূতি আৰু দুৰ্বলতাৰ মাজতো একধৰণৰ নায়কত্ব বিচাৰি লয়।Not a Hero | ৰীমা দাসৰ চিনেমা | IFFM-2026- লাভ  42

–এই চৰ্চা ৰীমা দাসৰ সামগ্ৰিক চিনেমা-দৰ্শনৰ সৈতেও সংগতিপূৰ্ণ। “Village Rockstars” -ৰ ধুনুৰ সৰু সপোন, “Bulbul Can Sing”-ৰ কৈশোৰৰ অস্থিৰতা অথবা “Tora’s Husband” -ৰ পাৰিবাৰিক আৰু মানসিক সংকট– ৰীমাৰ চিনেমাত বৃহৎ ঘটনাৰ তুলনাত মানুহৰ সৰু সৰু অনুভূতি আৰু দৈনন্দিন জীৱনৰ মুহূৰ্তবোৰেই অধিক গুৰুত্ব লাভ কৰি আহিছে। “Not a Hero” তো যেন সেই অনুসন্ধানেই নতুন ৰূপ লৈছে।

চিনেমা সমালোচক আনা এম. এম. ভেটিকাডে

চিনেমা খনত ৰীমা দাসৰ “quiet observation” -ৰ শক্তি লক্ষ্য কৰিছে। সমালোচক গৰাকীৰ চৰ্চা মতে, ৰীমা দাসে জীৱনক অতিৰিক্ত নাটকীয় কৰি তোলাৰ পৰিৱৰ্তে তাৰ স্বাভাৱিক গতি আৰু সৰু সৰু মুহূৰ্তৰ পৰাই অৰ্থ আহৰণ কৰিছে।

আনহাতে দেবাঞ্জন ধৰৰ মতে, “Not a Hero”-ত ৰীমা দাসৰ আগৰ কামৰ (heart, fragility, melancholy and hope) হৃদয়, ভংগুৰতা, বিষাদ আৰু আশাৰ সেই পৰিচিত উপাদানসমূহ উপস্থিত আছে। বৃহৎ নাটকীয় ঘটনাৰ তুলনাত চিনেমা খনে ক্ষণস্থায়ী অথচ তাৎপৰ্যপূৰ্ণ মুহূৰ্তবোৰৰ প্ৰতি অধিক মনোযোগ দিছে।

এই মন্তব্য সমূহ একেলগে ৰাখিলে “Not a Hero”-ৰ এটা বিশেষ বৈশিষ্ট্য স্পষ্ট হয়– ৰীমা দাসৰ বাবে চিনেমা– মানুহক লক্ষ্য কৰাৰ, মানুহৰ ভিতৰখন বুজিবলৈ চেষ্টা কৰাৰ এক পদ্ধতি। –এইখিনিতে “IFFM 2026” -ৰ বঁটাটোৰ তাৎপৰ্য আৰু বৃদ্ধি পায়।

ভাৰতীয় স্বাধীন চিনেমাৰ বৃহৎ পৰিসৰত এখন অসমীয়া চিনেমাই “শ্ৰেষ্ঠ ইণ্ডি চিনেমা”ৰ স্বীকৃতি লাভ কৰা খবৰটো নিশ্চয় স্পষ্ট কৰিছে– ভাষা, ভূগোল অথবা বজাৰৰ সীমাবদ্ধতা সত্ত্বেও নিজস্ব চিনেমা-ভাষা শক্তিশালী হ’লে, অসমীয়া চিনেমাই-ও আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিব পাৰে।

ৰীমা দাসৰ ক্ষেত্ৰত কথাটো আৰু অধিক তাৎপৰ্যপূৰ্ণ।

তেওঁ বিশ্বজনীন হ’বলৈ অসমৰ পৰা আঁতৰি যোৱা নাই। অসমৰ মানুহ, প্ৰকৃতি, শিশু, গাঁও, সম্পৰ্ক আৰু দৈনন্দিন জীৱনৰ গভীৰতালৈ গৈ তেওঁ বিশ্বজনীন অনুভৱৰ সন্ধান কৰিছে। স্থানীয়ৰ মাজেৰেই বিশ্বজনীনতাক বিচাৰি উলিওৱা ৰীমা দাসৰ অন্যতম চিনে-শক্তি।

“Not a Hero”-ৰ এই সাফল্য কোনো বিচ্ছিন্ন স্বীকৃতিও নহয়। চিনেমা খনে ২০২৬ৰ “Berlin International Film Festival” -ৰ “Generation Kplus” শাখাত প্ৰদৰ্শিত হৈ “Crystal Bear Special Mention” লাভ কৰিছিল। মেলবৰ্ণৰ এই বঁটাটোৱে চিনেমা খনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত নতুন এক গুৰুত্বপূৰ্ণ সংযোজন ঘটালে।

“Village Rockstars” -ৰ পৰা “Not a Hero” -লৈ ৰীমা দাসৰ যাত্ৰা লক্ষ্য কৰিলে এটা কথাই বিশেষভাৱে মনত পৰে– পৰিচালক গৰাকীৰ চিনেমাৰ কেন্দ্ৰত বৃহৎ নায়ক নাই; আছে সাধাৰণ মানুহ, সৰু সৰু সপোন, অসম্পূৰ্ণ সম্পৰ্ক, শিশুৰ চকুৰে দেখা পৃথিৱী আৰু জীৱনৰ নিঃশব্দ মুহূৰ্ত। অথচ সেই সৰু পৃথিৱীবোৰেই আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে অৰ্থৱহ হৈ উঠিছে। অসমৰ মাটিৰ পৰা বিশ্বলৈ– এইটোৱেই যেন ৰীমা দাসৰ চিনেমাৰ যাত্ৰা।

]]>
https://rupaliparda.com/archives/33482/feed 0 33482
ভ্ৰাম্যমাণ থিয়েটাৰ | ২০২৬–২৭ বৰ্ষৰ নাটক সাজু | কহিনুৰ, আৱাহন, হেঙুল…  https://rupaliparda.com/archives/33474 https://rupaliparda.com/archives/33474#respond Thu, 13 Aug 2026 13:09:48 +0000 https://rupaliparda.com/?p=33474 ভ্ৰাম্যমাণ থিয়েটাৰ | ২০২৬–২৭ বৰ্ষৰ নাটক সাজু | কহিনুৰ, আৱাহন, হেঙুল...  46২০২৬–২৭ ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ বাবে অসমৰ অধিকাংশ ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ। যোৱা জুলাই মাহৰ পৰা আৰম্ভ হোৱা নাটক, গীত, নৃত্য আৰু সংগীতৰ আখৰা এতিয়া অন্তিম পৰ্যায়ত। অহা ১৫ আগষ্টৰ ভিতৰত আখৰা সম্পূৰ্ণ কৰি দৰ্শকৰ সন্মুখলৈ যাবলৈ সাজু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলী আৰু কাৰিকৰী কৰ্মীসকল।

নতুন নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অধিকাংশ দল সম্পূৰ্ণ সাজু। নাটক, গীত, নৃত্য আৰু শিল্পীসকলক কেন্দ্ৰ কৰি নাট্যৰসিকৰ মাজতো বৃদ্ধি পাইছে উৎসাহ। বিভিন্ন মহলত আৰম্ভ হৈছে নতুন নাট্যবৰ্ষৰ নাটকক লৈ চৰ্চা। কোনটো নাট্যদলে কেনে বিষয়বস্তু দৰ্শকৰ সন্মুখলৈ আনিছে, কোনজন নাট্যকাৰে কি নতুন কাহিনী উপস্থাপন কৰিছে, কোন শিল্পীয়ে কি চৰিত্ৰত অভিনয় কৰিছে—এইবোৰক লৈও সৃষ্টি হৈছে কৌতূহল।

এইবাৰৰ নাট্যবৰ্ষৰ আন এটা লক্ষণীয় দিশ হৈছে—একাংশ প্ৰধান নাট্যকাৰে একাধিক নাট্যদলৰ বাবে নাট ৰচনা কৰিছে। বিশেষকৈ অভিজিৎ ভট্টাচাৰ্য, চম্পক শৰ্মা, প্ৰণৱ বৰুৱা, প্ৰণৱ বৰ্মন, ধ্ৰুৱজ্যোতি শৰ্মা, জিতেন শৰ্মা আৰু প্ৰশান্ত মেনাৰ দৰে নাট্যকাৰৰ কেইবাখনো নাটক বিভিন্ন দলৰ নাট্যসূচীত স্থান লাভ কৰিছে।

বৰদৈচিলা থিয়েটাৰ–

প্ৰযোজক– নজৰুল ইছলাম, বৰদৈচিলা থিয়েটাৰে এইবাৰ তিনিখন নাটক লৈ দৰ্শকৰ সন্মুখলৈ আহিব। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মৰি যাম তোমাৰ বাবে’, চম্পক শৰ্মাৰ ‘দফা ৩০২’ আৰু প্ৰণৱ বৰ্মনৰ ‘অভিমান’ দলটোৰ নাট্যসূচীত আছে।

‘দফা ৩০২’ ইতিমধ্যে নাট্যৰসিকৰ মাজত চৰ্চিত হৈছে। আনহাতে ‘মৰি যাম তোমাৰ বাবে’ আৰু ‘অভিমান’ৰ বিষয়বস্তুক লৈও দৰ্শকৰ মাজত আগ্ৰহ সৃষ্টি হৈছে। বৰদৈচিলাৰ মঞ্চত অভিনয় কৰিব ‌মৃদুল ভূঞা, যোগেশ কাশ্যপ, কাজল শৰ্মা আদি। ভ্ৰাম্যমাণ থিয়েটাৰ | ২০২৬–২৭ বৰ্ষৰ নাটক সাজু | কহিনুৰ, আৱাহন, হেঙুল...  47

ৰাজমুকুট থিয়েটাৰ

প্ৰযোজক– মানস কলিতা

ৰাজমুকুট থিয়েটাৰে এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মহাযুদ্ধৰ খলনায়িকা’ আৰু ‘মনালিছাৰ চিৎকাৰ’ মঞ্চস্থ কৰিব। ইয়াৰ লগতে পল্লৱ পৱনৰ ‘মালিক’ দলটোৰ আন এখন উল্লেখযোগ্য প্ৰযোজনা।

তিনিখন নাটকৰ বিষয়বস্তুৰ বৈচিত্ৰ্যই ৰাজমুকুটৰ এইবাৰৰ নাট্যসূচীক বিশেষ আকৰ্ষণীয় কৰি তুলিছে।

ৰাজমুকুট মঞ্চত অভিনয় কৰিব ক্ৰমে সঞ্জীৱ শৰ্মা, জেফি বক্সি, মুনমী ফুকন, শ্যামন্তিকা শৰ্মা, ভাস্কৰ বৰ্মণ আদি।

সূৰ্য থিয়েটাৰ-

প্ৰযোজক– মুনীন্দ্ৰ বৰ্মন

সূৰ্য থিয়েটাৰৰ ২০২৬–২৭ নাট্যবৰ্ষৰ নাট্যসূচীত আছে অভিজিৎ ভট্টাচাৰ্যৰ ‘মায়াহীন ৰাতিৰ কোলাত’ আৰু ‘মই তোমাৰ কাষতে আছো’। ইয়াৰ লগতে প্ৰশান্ত মেনাৰ ‘অংগুলিমানৰ অনামিকা’ নাটখনো এইবাৰৰ প্ৰযোজনা।

বিশেষকৈ ‘মই তোমাৰ কাষতে আছো’ ইতিমধ্যে সামাজিক মাধ্যমৰ প্ৰচাৰৰ জৰিয়তে দৰ্শকৰ মাজত পৰিচিত হৈছে। সূৰ্যৰ মঞ্চত অভিনয় কৰিব ক্ৰমে প্ৰসেনজিৎ বৰা, সুকন্যা ৰাজগুৰু, অৰুণ বৰা, মঞ্জিল বৰুৱা আদি।

ইতিহাস থিয়েটাৰ–

প্ৰযোজক–সুভাষ চন্দ্ৰ দাস

ইতিহাস থিয়েটাৰে এইবাৰ তিনিখন নাটক লৈ সাজু হৈছে। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনি খন নাটক ক্ৰমে –‘‘সাগৰ বৰুৱা আহি আছে’’, ‘’কাবুলীৱালা’’ আৰু ‘’ভিক্ষাৰী’’ ইতিহাস নাট্য দলটোৰ ২০২৬–২৭ নাট্যবৰ্ষৰ মূল আকৰ্ষণ।

তিনিখন নাটকৰ নামতেই ভিন্ন সামাজিক আৰু মানৱীয় অনুষংগৰ ইংগিত পোৱা যায়। অভিনয় কৰিব তপন দাস, চিন্ময় কটকী, বিপুল বৰা, প্ৰণৱ শৰ্মা, দিপাংকৰ কৌশিক, বাবলি বৰা, পংকজ বৰা, কস্তুৰী বৰা, শিশু শিল্পী জেনেলিয়া ৰাজবংশী আদি।

ৰাজধানী থিয়েটাৰ–

প্ৰযোজক– মল্লিকা ৰয়

ৰাজধানী থিয়েটাৰৰ এইবাৰৰ নাট্যসূচীত আছে চম্পক শৰ্মাৰ ‘খলনায়ক’, প্ৰণৱ বৰুৱাৰ ‘মায়াজাল’ আৰু প্ৰশান্ত মেনাৰ ‘মহাবলীৰ মধুবালা’।

বিষয়বস্তু আৰু নাট্য-শৈলীৰ ক্ষেত্ৰত তিনিওখন নাটকৰ মাজত বৈচিত্ৰ্য থকাৰ সম্ভাৱনাই ৰাজধানীৰ নাট্যবৰ্ষক আকৰ্ষণীয় কৰি তুলিছে।

অভিনয় কৰিব ক্ৰমে চম্পক শৰ্মা, মৃদুল বৰুৱা, ৰাতুল দাস, ৰাতুল শইকীয়া, সীমান্ত কাশ্যপ, কবিতা চুতীয়া, হিমানী কলিতা, মনোজ কাশ্যপ আদি।

ৰাজতিলক থিয়েটাৰ–

প্ৰযোজক– মধুমিতা দেৱী।

ৰাজতিলক থিয়েটাৰে এইবাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘বাট চাম তোমালে বন্ধু’, জিতেন শৰ্মাৰ ‘ৰণক্ষেত্ৰ’ আৰু অভিজিৎ ভট্টাচাৰ্যৰ ‘যৌৱন এজাক ধুমুহা’ লৈ নাট্য যাত্ৰা কৰিব।

দলটোৰ প্ৰযোজনা আৰু প্ৰস্তুতিক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ‘যৌৱন এজাক ধুমুহা’ নামটোৱে যুৱ-মনস্তত্ত্ব আৰু সমকালীন আবেগৰ প্ৰতি ইংগিত বহন কৰিছে।

ৰাজতিলকৰ মঞ্চত অভিনয় কৰিব ক্ৰমে ৰাগ ঐনিতম, নন্দিনী কাশ্যপ,

নিতুল বালাজী, উত্তম দত্তকে অন্যান্য সকল।

বৃন্দাবন থিয়েটাৰ–

প্ৰযোজক- গণেশ ৰায় মেধি (বঙ্কিম)

বৃন্দাবন থিয়েটাৰৰ এইবাৰৰ নাট্যসূচীত আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘মৰমৰ প্ৰতিদান’, ৰাজদ্বীপৰ ‘বিদায় বন্ধু’ আৰু প্ৰণৱ বৰুৱাৰ ‘ৰণহুংকাৰ’।

তিনিওখন নাটকৰ নামৰ মাজত প্ৰেম, বিচ্ছেদ আৰু সংঘাতৰ ভিন্ন নাট্য-অনুষংগ প্ৰতিফলিত হৈছে। অভিনয় কৰিব ক্ৰমে ‍‍গুঞ্জন ভৰদ্বাজ, প্ৰিয়ংকা শইকীয়া, বীৰেন ভূঞা, ভায়োলিনা বৰুৱা, চন্দন বৰা, জীৱনজ্যোতি বৰুৱা আদি।

থিয়েটাৰ ভাগ্যদেৱী-

প্ৰযোজক– সুবোধ মজুমদাৰ

থিয়েটাৰ ভাগ্যদেৱীয়ে এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মৃতদেহত এপাহি গোলাপ’ আৰু ‘মেঘে মেঘে বৰষা’ মঞ্চস্থ কৰিব। ইয়াৰ লগতে প্ৰণৱ বৰুৱাৰ ‘ৰাজদ্ৰোহী’ দলটোৰ নাট্যসূচীত আছে।

অভিজিৎ ভট্টাচাৰ্যৰ দুটা পৃথক স্বৰৰ নাটকৰ সৈতে প্ৰণৱ বৰুৱাৰ ‘ৰাজদ্ৰোহী’—এই সংমিশ্ৰণে দলটোৰ নাট্যসূচীত বিষয়গত বৈচিত্ৰ্য আনিছে। এই বৰ্ষত ভাগ্যদেৱীৰ মঞ্চত অভিনয় কৰিব চিন্ময় ফুকন, শ্ৰীমন্ত মাধৱ দত্ত, দীপাংকৰ ৰয়, ৰূপৰেখা গোস্বামী, হিমাক্ষী কলিতা, নিতুল পাঠক আদি।

বীণাপাণি থিয়েটাৰ-

প্ৰযোজক– প্ৰণৱ বৰ্মন (পুতু)

বীণাপাণি থিয়েটাৰে এইবাৰ জিতেন শৰ্মাৰ ‘দস্যুৰাণী ফুলণ দেৱী’, নৱৰত্ন পাটোৱাৰীৰ ‘মালিনী’ আৰু চম্পক শৰ্মাৰ ‘প্ৰচণ্ড এজাক ধুমুহা’ লৈ দৰ্শকৰ সন্মুখলৈ আহিব।

বিশেষকৈ ‘দস্যুৰাণী ফুলণ দেৱী’ৰ দৰে ঐতিহাসিক-জীৱনভিত্তিক চৰিত্ৰকেন্দ্ৰিক কাহিনীৰ লগতে ‘মালিনী’ আৰু ‘প্ৰচণ্ড এজাক ধুমুহা’ৰ দৰে নাটক একেলগে থকাটোৱে দলটোৰ নাট্য-নিৰ্বাচনৰ বৈচিত্ৰ্য প্ৰকাশ কৰিছে। বীণাপাণিৰ মঞ্চত অভিনয় কৰিব ক্ৰমে প্ৰাঞ্জনা দত্ত, চন্দন ডেকা, হেমাংগ ৰাজ আদি।

ইয়াৰ সমান্তৰালভাৱে আৱাহন থিয়েটাৰ, হেঙুল থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, থিয়েটাৰ কলাগুৰু, থিয়েটাৰ ৰুদ্ৰ, থিয়েটাৰ ব্ৰহ্মপুত্ৰ, থিয়েটাৰ সূৰ্য্য আদি দলেও ২০২৬–২৭ নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে।

আৱাহন থিয়েটাৰৰ নাট্যসূচীত অভিজিৎ ভট্টাচাৰ্যৰ ‘’মীনা কুমাৰী সপোন এজাক ধুমুহা’’, আৰু “অমাৱস্যা”ৰ দৰে নাটকৰ উল্লেখ পোৱা গৈছে। আনহাতে চম্পক শৰ্মাৰ “ৰূম নম্বৰ ৫০৮” নাটক খন লৈও চৰ্চা চলি আছে।

আৱাহন থিয়েটাৰৰ

অভিন কৰিব ক্ৰমে-

প্ৰস্তুতি পৰাশৰ, নিৰঞ্জন দাস, ৰমেন তামুলী, কল্যাণজ্যেতি, প্ৰয়াসী পৰাশৰ, মিলন শইকীয়া আদি।

হেঙুল থিয়েটাৰ-

প্ৰয়োজক- সংকল্পজিৎ হাজৰিকা।‌

নতুন নাট্যবৰ্ষৰ আয়োজনক ‘ঝংকাৰ’ নামেৰে প্ৰচাৰ কৰা হৈছে।

লগতে আছে ৰাজদ্বীপৰ “ঈশ্বৰ পুত্ৰ” আৰু প্ৰণৱ বৰুৱাৰ “ডাক্তৰ ফৰ টুৱেন্টি”।

এই বৰ্ষত হেঙুলত অভিনয় কৰিব সিদ্ধাৰ্থ শৰ্মা (কে কে), ময়ুৰী গৌতম, কমল ৰেৱতী, ননী দেৱী, জীৱন হাতীকাকতী জয়ন্ত বৰ্মন, ঋত্বিক নাথ, অনামিকা শৰণীয়া আদি।

কহিনুৰ থিয়েটাৰ-

প্ৰয়োজক- তপন লহকৰ।

২০২৬–২৭ৰ প্ৰযোজনাৰ ভিতৰত প্ৰণৱ বৰুৱাৰ “বীভৎস”, ভাস্কৰজ্যোতি শৰ্মাৰ “ডাইন’চৰৰ আতংক” আৰু চম্পক শৰ্মাৰ “আপোন যদি পৰ হয়”। কহিনুৰৰ মঞ্চত

অভিনয় কৰিব ক্ৰমে অৰূপ বৈশ্য, কৃষ্ণমণি নাথ, অংকিতা শইকীয়া, গিৰীজা শৰ্মা, ৰাজ ভৈৰৱ আদি।ভ্ৰাম্যমাণ থিয়েটাৰ | ২০২৬–২৭ বৰ্ষৰ নাটক সাজু | কহিনুৰ, আৱাহন, হেঙুল...  48

থিয়েটাৰ কলাগুৰু-

প্ৰয়োজক- ধ্ৰুৱজ্যোতি তালুকদাৰ।

নাট্যসূচীত অভিজিৎ ভট্টাচাৰ্যৰ ‘‘মনত জ্বলে হোমৰ জুই’’ আৰু ”মন্দিৰৰ বলিশাল” আৰু

ভাস্কৰজ্যোতি শৰ্মাৰ “জোনাকৰ জুনুকা”

উল্লেখ আছে। তেনেদৰে

ক’লাগুৰু থিয়েটাৰৰ মঞ্চত অভিনয় কৰিব ক্ৰমে উৎপল দাস, নিৰ্মল দত্ত, শংকৰজ্যোতি ৰাজখোৱা, অমেৰেন্দ্ৰ অ’লেমান, মানস শইকীয়া, আশাৰিয়া ফুকন আদি।

ইফালে নতুন নাট্য দ’ল ৰুদ্ৰ, ব্ৰহ্মপুত্ৰ থিয়েটাৰে

২০২৬–২৭ নাট্যবৰ্ষত বিশেষ ভাৱে আত্ম প্ৰকাশৰ বাবে সাজু হৈছে।

ইফালে সুদৰ্শন, ৰূপৰাজ, নটসূৰ্য, সুৰুজকে ধৰি ভ্ৰাম্যমাণ থিয়েটাৰ সমুহেও সম্পূৰ্ণ তথা আংশিক ভাবে

সাজু হৈ উঠিছে।

এইবাৰৰ নাট্যবৰ্ষত কি নতুন?

২০২৬–২৭ নাট্যবৰ্ষৰ প্ৰস্তুতিৰ ছবিখনলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট—ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়াও অসমৰ জনজীৱনৰ এক শক্তিশালী সাংস্কৃতিক মাধ্যম। ডিজিটেল বিনোদন, OTT আৰু সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰৰ পাছতো নতুন নাট্যবৰ্ষক লৈ দৰ্শকৰ আগ্ৰহ কমি যোৱা নাই।

বৰং নাট্যদলসমূহে এতিয়া আগতীয়াকৈ সামাজিক মাধ্যমত নাটকৰ নাম, গীত, প্ৰ’মো শিল্পী আৰু আখৰাৰ দৃশ্য প্ৰকাশ কৰি দৰ্শকৰ মাজত একধৰণৰ আগ্ৰহ সৃষ্টি কৰিছে। অৰ্থাৎ নাটক মঞ্চস্থ হোৱাৰ আগতেই নাটকটোক লৈ এক সামাজিক-সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে।

আনহাতে এইবাৰৰ নাট্যসূচীত প্ৰেম, পাৰিবাৰিক সম্পৰ্ক, সামাজিক সংঘাত, ইতিহাস, বিদ্ৰোহ, নাৰী-চৰিত্ৰ, যুৱ-মনস্তত্ত্ব আৰু মানৱীয় আবেগ—বিভিন্ন বিষয়ৰ উপস্থিতি দেখা গৈছে।

কিন্তু শেষ বিচাৰত প্ৰশ্নটো কেৱল কিমানখন নাটক মঞ্চস্থ হ’ব, সেইটো নহয়। প্ৰশ্নটো হ’ল—এই নাটকবোৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যভাষাত নতুন কিবা সংযোজন কৰিব পাৰিবনে?

আজিৰ দৰ্শকৰ মনোযোগ লাভ কৰিবলৈ কেৱল তাৰকা শিল্পী, চমকপ্ৰদ মঞ্চসজ্জা বা জনপ্ৰিয় গীতেই যথেষ্ট নহয়। কাহিনীৰ শক্তি, অভিনয়ৰ বিশ্বাসযোগ্যতা, পৰিচালনাৰ দৃষ্টিভংগী, পোহৰ-সংগীতৰ নান্দনিক ব্যৱহাৰ আৰু সমকালীন দৰ্শকৰ মনস্তত্ত্ব বুজি উঠাৰ ক্ষমতাই এখন নাটকৰ স্থায়িত্ব নিৰ্ধাৰণ কৰিব।

সেয়ে ২০২৬–২৭ নাট্যবৰ্ষৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হ’লেও প্ৰকৃত পৰীক্ষা আৰম্ভ হ’ব মঞ্চত। আখৰাৰ ঘাম কিমানদূৰ নাট্য-অভিজ্ঞতালৈ ৰূপান্তৰিত হয়, আৰু নতুন নাটকবোৰে দৰ্শকৰ মনত কিমান গভীৰ ছাপ পেলাব পাৰে—তাৰ উত্তৰেই নিৰ্ধাৰণ কৰিব এই নাট্যবৰ্ষৰ সফলতা।

]]>
https://rupaliparda.com/archives/33474/feed 0 33474
ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৬-২৭ | খবৰ |  https://rupaliparda.com/archives/33452 https://rupaliparda.com/archives/33452#respond Tue, 11 Aug 2026 13:04:18 +0000 https://rupaliparda.com/?p=33452  

|বীৰেণ কলিতা

ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৬-২৭ | খবৰ |  52২০২৬-২৭ ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ প্ৰায়বোৰ নাট্যদলৰ প্ৰস্তুতি, নাটক, নৃত্য, গীতৰ আখৰা সম্পূৰ্ণ হৈ উঠিছে। যোৱা জুলাই মাহত আৰম্ভ কৰা আখৰা এতিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰি এতিয়া দৰ্শক ৰাইজৰ সম্মুখলৈ আহিবলৈ ৰৈ আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী তথা ক’লা কুশলী সকলে। ইতিমধ্যে প্ৰতিটো নাট্য দলৰ বছৰটোৰ নাট্য যাত্ৰাৰ শুভাৰম্ভণি কৰিবলৈ সম্পূৰ্ণ সাজু। চলিত নাট্যবৰ্ষত নাটক, গীত নৃত্য আদিক লৈ নাট্যৰসিকৰ মাজত বৃদ্ধি পাইছে উছাহ। বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে নাটকক লৈ, শিল্পী ক’লা কুশলীক লৈ। কোন নাট্যকাৰে কি বিষয়বস্তুক লৈ নাট ৰচনা কৰি দৰ্শকক আকৰ্ষিত কৰিব। ইত্যাদি।

বৰদৈচিলা থিয়েটাৰ–

প্ৰয়োজক: নজৰুল ইছলাম।

নাটক:

অভিজিত ভট্টাচাৰ্যৰ “মৰি যাম তোমাৰ বাবে”,

চম্পক শৰ্মাৰ “দফা ৩০২”

আৰু প্ৰণৱ বৰ্মনৰ “অভিমান”।

ৰাজমুকুট থিয়েটাৰ–

প্ৰয়োজক: মানস কলিতা

নাটক:

অভিজিত ভট্টাচাৰ্যৰ “মহাযুদ্ধৰ খলনায়িকা” আৰু “মনালিছাৰ চিৎকাৰ”।

পল্লৱ পৱনৰ “মালিক”

সূৰ্য থিয়েটাৰ– 

প্ৰয়োজক: মুনীন্দ্ৰ বৰ্মন

নাটক:

অভিজিত ভট্টাচাৰ্যৰ “মায়াহীন ৰাতিৰ কোলাত”আৰু “মই তোমাৰ কাষতে আছো”

প্ৰশান্ত মেনাৰ “অংগুলিমানৰ অনামিকা”।

ইতিহাস থিয়েটাৰ:

প্ৰয়োজক: সুভাষ চন্দ্ৰ দাস

নাটক:

অভিজিত ভট্টাচাৰ্যৰ: “সাগৰ বৰুৱা আহি আছে”, “কাবুলিৱালা”,আৰু “ভিক্ষাৰী”।ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৬-২৭ | খবৰ |  53

ৰাজধানী থিয়েটাৰ–

প্ৰয়োজক: মল্লিকা ৰয়

নাটক:

চম্পক শৰ্মাৰ “খলনায়ক”,

প্ৰণৱ বৰুৱাৰ “মায়াজাল”,

প্ৰশান্ত মেনাৰ “মহাবলীৰ মধুবালা”।

ৰাজতিলক থিয়েটাৰ–

প্ৰয়োজক: মধুমিতা দেৱী

নাটক– ধ্ৰুৱজ্যোতি শৰ্মাৰ ” বাট চাম তোমালে বন্ধু”

জিতেন শৰ্মাৰ “ৰণক্ষেত্ৰ” আৰু অভিজিত ভট্টাচাৰ্যৰ–“যৌৱন এজাক ধুমুহা”।

বৃন্দাবন থিয়েটাৰ– 

প্ৰয়োজক: গণেশ ৰায় মেধি (বঙ্কিম)

নাটক:

ধ্ৰুৱজ্যোতি শৰ্মাৰ “মৰমৰ প্ৰতিদান”,

ৰাজদ্বীপৰ: “বিদায় বন্ধু”

প্ৰণৱ বৰুৱাৰ “ৰণহুংকাৰ”।

থিয়েটাৰ ভাগ্যদেৱী– 

প্ৰয়োজক: সুবোধ মজুমদাৰ

নাটক:

অভিজিত ভট্টাচাৰ্যৰ “মৃতদেহত এপাহি গোলাপ ” আৰু “মেঘে মেঘে বৰষা”,

প্ৰণৱ বৰুৱাৰ “ৰাজদ্ৰোহী”। ভ্ৰাম্যমাণ থিয়েটাৰ ২০২৬-২৭ | খবৰ |  54

বীণাপাণি থিয়েটাৰ– 

প্ৰয়োজক; প্ৰণৱ বৰ্মন (পুতু)

নাটক:

জিতেন শৰ্মাৰ “দস্যুৰাণী ফুলণ দেৱী”,

নৱৰত্ন পাটোৱাৰীৰ “মালিনী”

চম্পক শৰ্মাৰ “প্ৰচন্দ এজাক ধুমুহা”।

(বিশদ তথ্যৰ অভাৱত কেইটামান নাট্যদলৰ নাটক সমুহৰ প্ৰকাশ কৰা নহ’ল।)

]]>
https://rupaliparda.com/archives/33452/feed 0 33452
সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | https://rupaliparda.com/archives/33439 https://rupaliparda.com/archives/33439#respond Tue, 11 Aug 2026 12:35:46 +0000 https://rupaliparda.com/?p=33439  

 |উৎপল মেনা

সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | 60নাটকৰ মানুহ সীমান্ত ফুকন। চিনেমাৰো মানুহ!

“কমলা কুৱৰী” চাইছিলোঁ, ৰূপালীম চাইছিলোঁ– মঞ্চত। চুই যোৱা এটা দিশ আছিল– পৰিচালনা শৈলী। নাটক এখনৰ প্ৰযোজনা আৰ্হি (Production Design) প্ৰস্তুত কৰা হয় নিৰ্দিষ্ট নাটক খনৰ পৰিচালকৰ নিৰ্দেশত। এই দিশতো উল্লেখিত নাটক দুখন আছিল– চহকী, চমৎকৃত।

নাটক দুখনৰ পৰিচলনা শৈলীত এটা দিশ স্পষ্ট– গতি “চিনেমাৰ দৰে”, চিনেমাৰ ওচৰৰ। –এই যে চিনেমাৰ দৰে, সেই বাবেই হয়তো পৰিচালক গৰাকীৰ প্ৰতিটো (মই চোৱা) চিনেকৰ্ম “নাটক” পৰা বহু দূৰত। (এই খিনিতে উল্লেখ কৰিব লাগিব– পৰিচালক ফুকনে আজি ১৯ ফেব্ৰুৱাৰী ২০২৬ -লৈকে পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ কাম কৰা নাই। চুটি চিনেমা, ভিডিঅ’ চিনেমা, সৰুপৰ্দাৰ বাবে অন্য কিছু চিনেকৰ্মহে কৰিছে। পৰিচালক এগৰাকীৰ চিনেশক্তি, চিনেচিন্তা অনুভৱৰ বাবে “চুটি”, “সৰু” চিনকৰ্ময়ে যথেষ্ট। এয়াও ঠিক– সৰুপৰ্দা আৰু ডাঙৰ পৰ্দাৰ কামৰ, কেমেৰা ডিজাইন ইত্যাদিৰ দূৰত্ব আছে।

–এতিয়া আমি সৰহ সংখ্যক চিনেকৰ্ময়ে “সৰুপৰ্দা’ OTT platforms) -তে অনুভৱ নকৰো জানো! এই খিনিতে আৰু উল্লেখ কৰিব পাৰি– যোৱা দুই-তিনি বছৰত অসমীয়া “পূৰ্ণদৈৰ্ঘ”কৈ “চুটি” ভাল, নতুন-নতুন চিনেচিন্তাৰ চিনেকৰ্ম বেছি হৈছে।)

সীমান্ত ফুকনৰ চিনেকৰ্মৰ তালিকা খন এনে ধৰণৰ–

“জিতু নীতুৰ অভিযান” (টিভি চিৰিয়েল/ কাহিনী:ৰঞ্জু হাজৰিকা/ চিত্ৰনাট্য:অমূল্য কাকতি।)

“গোবৰধন চৰিত” (টিভি চিৰিয়েল/ কাহিনী,সংলাপ,

চিত্ৰনাট্য:তৰুন শইকীয়া)।

“সেউজীয়া গাড়ী” (ভিডিঅ’ চিনেমা/ কাহিনী-চিত্ৰনাট্য: পংকজজ্যোতি ভূঞা)

“Teares of Rain” (চুটি চিনেমা/ কাহিনী:অজন্তা চিত্ৰনাট্য: সীমান্ত ফুকন,গৌতম বৰা)।সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | 61

“পাপ” (চুটি চিনেমা/ কাহিনী:মনোজ কুমাৰ গোস্বামী/ চিত্ৰনাট্য:সীমান্ত ফুকন আৰু অসীম কুমাৰ নাথ)।

“অন্য আকাশ” (চুটি চিনেমা/কাহিনী:সীমান্ত ফুকন,চিত্ৰনাট্য-সংলাপ:নৱজ্যোতি বৰা)।

“শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ (ভিডিঅ’ চিনেমা/ কাহিনী সংলাপ: ড°ভবেন্দ্ৰ নাথ শইকীয়া, চিত্ৰনাট্য: মুনিন বৰুৱা)

“জয়মতী” (ভিডিআ’ চিনেমা/ কাহিনী বিন্যাস, সংলাপ: অসীম কৃষ্ণ বৰুৱা, চিত্ৰনাট্য পৰিচালকৰ)।

“কমলা কুৱৰী” (ড° পৰমানন্দ ৰাজবংশীৰ একে নামৰ মঞ্চ নাটকৰ আধাৰত চিত্ৰনাট্য: ড’ অৰূপ বৰঠাকুৰ, সংলাপ ড’ অৰূপ বৰঠাকুৰ আৰু ড° পৰমানন্দ ৰাজবংশী)।

–এই চিনেকৰ্ম কেইটাত মন দিলে (অধ্যয়ন কৰিলে) স্পষ্ট হয় পৰিচালক গৰাকীৰ কেমেৰাৰ ভাষা প্ৰয়োগৰ বিশেষত্ব, দক্ষতা। নাটকৰ মানুহৰ “নাটকৰ ৰূপান্তৰেই অনেক সময়ত চিনেমা হৈ পৰে।” নাটকৰ মানুহৰ চিনেকৰ্ম সততে “নাটকৰ বান্ধোন” (Structure of a Drama) -ত থাকে। পৰিচাল ফুকনে স্বাভাৱিকতে এই “বান্ধোন’ৰ মাজত থাকিয়ো দৃশ্যমানতা (Visual Storytelling) -ত মন দিছে। “নাটক মুক্ত” কৰাত বহু পৰিমানে সফল হৈছে, উল্লেখিত চিনেকৰ্ম কেইটাত। সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | 62

উদাহৰণ: মনোজ কুমাৰ গোস্বামীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা “পাপ”। পৰিচালকে (চিত্ৰনাট্যকাৰে) কাহিনীৰ মূল চৰিত্ৰটোৱে কি অনুভৱ কৰিছে সেয়া সাহিত্যৰ ভাষাৰে বৰ্ণনা নকৰি চৰিত্ৰটোৰ কাম-কাজ বা পৰিৱেশৰ জৰিয়তে (কেমেৰাৰ ভাষাক গুৰুত্ব দি) দেখুৱাছে। (চুটি চিনেমা খনৰ প্ৰসংগত পৰিচালক ফুকনৰ ব্যাখ্যা: পৰিৱৰ্তিত সময়ৰ মেৰপেচত ক্ৰমে খঁহিপৰা সামাজিকতাৰ এক নগ্নৰূপ হ’ল “পাপ”।প্ৰতিটো পুৱা যেন এক ভয় লগা ৰুঢ় বাস্তৱ আমাৰ দুৱাৰ দলিত ৰৈ থাকে হি গোপণে-সংগোপনে। আৰু এক অজান আশংকা,ভয় তথা অনামি উত্তেজনাৰে পাৰ হয় আমাৰ প্ৰতিনিয়ত।আচলতে উদ্দেশ্যহীন ভাৱে গঢ়ি উঠা নগৰীয়া চঞ্চলতাত বিব্ৰত হোৱা মানুহৰ কষ্টকৰ শ্বাস-প্ৰশ্বাসৰ অনুৰণনৰ নিৰ্মোহ ৰেখাংকনেই হ’ল “পাপ”।) –কাহিনীৰ মূল বিন্দু (চৰিত্ৰটো নিৰ্মাণ কৰিছে দক্ষ অভিনেতা অৰুন নাথক লৈ।) -ক গতি দিছে কেমেৰাৰ ভাষাৰে। পুৱাতেই শেতেলি এৰি দুৱাৰ মেলি “মূল বিন্দু”ই তপোলা এটা দেখে, দুৱাৰ মুখত। তপোলাটোত এটি সদ্যজাত শিশু। মৃত। দুটা “চৰিত্ৰ”ই পেলাই যোৱা (পৰিচালকে কেমেৰাৰ ভাষাৰে দেখুৱাই, “মূল বিন্দু”ক কেমেৰাৰ ফ্ৰেমলৈ অনাৰ আগতে।) কাৰোবাৰ “পাপ” হয়তো! আনৰ “পাপ”ৰ পৰা মুক্ত হ’বলৈ “মূল বিন্দু”ই ঘৰৰ পৰা ওলাই, তপোলাটো মোনা এখনতলৈ চাইকেলত ওলমাই অঞ্চলটোৰ বিভিন্ন স্থানত ঘুৰিলে। কোনো স্থানতে তপোলাটো পেলোৱাৰ পৰিবেশ বা সুযোগ নাপালে। বেলি পৰিল। এন্ধাৰ নামিল। শেষত (কাহিনী-ৰেখাৰ শেষ বিন্দুত) “মূল বিন্দু”ই নিজৰ ঘৰতে মৃত শিশুটি পুটি পেলোৱাৰ সিদ্ধান্ত লয়। (কাহিনীটোৰ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে চিমি গোস্বামীক লৈ। কাহিনীৰ গতিত চকা-মকাকৈ আন কেইটামান চৰিত্ৰ আহিছে যদিও মূল চৰিত্ৰ এটা, এটা সহযোগী চৰিত্ৰ।)

সাহিত্যৰ অতি কম ভাষা ব্যৱহাৰ কৰি পৰিচালকে কাহিনীক গতি দিছে কেমেৰাৰ ভাষা প্ৰয়োগেৰে, কেমেৰা-শব্দৰে পৰিবেশ নিৰ্মাণ কৰি। কাহিনী বিন্যাসৰ নামত অযথা ফুটেজ, সাহিত্যৰ ভাষা ব্যৱহাৰ কৰা নাই।সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | 63

তেনেদৰে “Teares of Rain”-ৰ প্ৰসংগ চৰ্চালৈ আনিব পাৰোঁ। (পৰিচালকৰ কথা: একৈশ শতিকাৰ আধুনিক জীৱনশৈলীয়ে গৰকি যোৱা বিজ্ঞানৰ যুগতো “কিন্নৰ” সকলৰ প্ৰতি মানুহৰ মানসিকতা হয়তো যৎ-কিঞ্চিতহে সলনি হৈছে বা কোনো কোনো ক্ষেত্ৰত সমাজ তথা পৰিয়াল সাপেক্ষে সলনি হোৱাই নাই। কিন্নৰ সকল অ-প্ৰাকৃতিক নহয়। মাথো কিছু শাৰীৰিক পার্থক্যৰ বাবেই তেওঁলোক সমাজৰ আনকি পৰিয়ালৰো অৱহেলিত। শাৰীৰিক পার্থক্য থাকিলেও তেওঁলোকৰ হৃদয়ৰ তাড়না সাধাৰণ লোকৰ সৈতে একে। ‘Teares of Rain’ মূলতঃ তৃতীয় লিংগ সকলৰ প্ৰেম ভালপোৱা, আবেগ অনুভূতি, খং ৰাগ, মান-অভিমান, আক্ষেপ,অভিযোগ আৰু অন্তৰৰ হাঁহাকাৰৰ বর্হি: প্ৰকাশ।)

কাহিনীৰ মূল বিন্দু তৃতীয় লিংগৰ। কাহিনী-ৰেখাৰ গতিত মূল বিন্দুৰ চকুলোক “বৰষুণৰ চকুলো” লৈ ৰূপান্তৰ কৰি অপূৰ্ব চিনে-কাব্যিক ছিকুৱেন্স নিৰ্মাণ কৰিছে। কাহিনী-ৰেখাত সামান্যও নাটকৰ আছোঁৰ নাই। চৰিত্ৰ নিৰ্মাণত বাস্তৱিক অভিনয় (Realistic Acting) স্পষ্ট। নাটকৰ মানুহ এজনে নাটকীয়তা বৰ্জন কৰি চিনেমেটিক অভিনয় (বিস্তৱিক অভিনয়) প্ৰয়োগ কৰা দিশটো চিনেশক্তিৰ এটা উদাহৰণ বুলিব পাৰি।

[প্ৰসংসক্ৰমে: সত্যজিৎ ৰায়ৰ কোৱা এটা কথা– নাটক আৰু চিনেমা দুয়োটা পৃথক মাধ্যম আৰু চিনেমাৰ ভাষা নাটকৰ পৰা সম্পূৰ্ণ সুকীয়া হোৱা। ৰায়ে চিনেমাত অত্যাধিক নাটকীয়তা বা মেলোড্ৰামা (melodrama) অপছন্দ কৰিছল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰিছিল– ভাৰতীয় চিনেমা বহুলাংশে থিয়েটাৰৰ দ্বাৰা প্ৰভাৱিত, যিটো চিনেমাৰ স্বকীয়তাৰ বাবে ক্ষতিকৰ। “চিনেমাৰ অভিনয় আৰু পৰিৱেশ নাটকীয় মঞ্চৰ দৰে অতিৰঞ্জিত নহৈ স্বাভাৱিক হোৱা উচিত। কেৱল সংলাপৰ ওপৰত নিৰ্ভৰ কৰাটো নাটকৰ ধৰ্ম, কিন্তু চিনেমা হ’ল দৃশ্যশ্ৰাব্য মাধ্যম য’ত কেমেৰাৰ কাম আৰু চকুৰ ভাষাই গুৰুত্ব পাব লাগে। এই ‘দিশ’ কেইটা নাটকৰ পৰিচালক সকলে চিনেমা পৰিচালনা কৰিব আহিলে মনত ৰখা উচিৎ।” –সন্দেহ নাই সীমান্ত ফুকনে মনত ৰাখিছে।] চৰ্চা কৰা চিনেকৰ্মত চেহেৰা অভিনয় (Facial Expression বা Facial Acting) -ক গুৰুত্ব দিয়া দিশটো এই খিনিতে উল্লেখ কৰিব পাৰি।

পৰিচালক ফুকনে চিনেকৰ্মত যে সাহিত্যৰ ভাষাক গুৰুত্ব নিদিয়ে তেনে নহয়। উদাহৰণ: চুটি চিনেমা “অন্য আকাশ”। (চুটি চিনেমা খনৰ প্ৰসংসত পৰিচালক ফুকন: বয়স বৃদ্ধি এটা স্বাভাবিক প্ৰক্ৰিয়া।এই চুটি ছবিখনত এগৰাকী বয়স্ক ভদ্ৰলোক সৌৰভ হাজৰিকাৰ আবেগ আৰু চহৰীয়া জীৱনৰ বস্তুবাদী সুখ স্বাচ্ছন্দ্যৰ সতে খাপ খাব নোৱাৰা তেওঁৰ অৱস্থাক আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।ব্যক্তিৰ জীৱনত অতীত স্মৃতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে।গ্ৰাম্যাঞ্চলত জন্ম হৈ ডাঙৰ দীঘল হোৱা এজন ব্যক্তিয়ে সেই জীৱনৰ সতে সম্পৃক্ত থকা স্মৃতি কেতিয়াও এৰি চলিব নোৱাৰে । মৰম সাদৰ অথবা সকলো প্ৰয়োজনীয়তা পূৰ্ণ হৈ থাকিলেও তেওঁ স্মৃতিকাতৰ হৈ কটায়।জীৱনৰ অধিক সময় যি ঠাইত পাৰ কৰে সেই ঠাইখনলৈ যাবলৈ বা তাতে থাকিবলৈ তেওঁৰ ইচ্ছা হয়।সৌৰভৰ দৰে মানুহে তেনে ঠাইতে মুকলিমুৰিয়া , স্বাধীনতা অনুভৱ কৰে। অৰ্ণবৰ দৰে সততে তেওঁৰ যত্ন লৈ থকা পুত্ৰ থাকিও,অপৰ্ণাৰ দৰে সাদৰী বোৱাৰী থকাৰ পিচতো,ছাঁ‌ৰ দৰে থকা বিজিত আৰু মৰমলগা নাতিনী আদৰ পাইয়ো তেওঁ অসম্পূৰ্ণ যেন অনুভৱ হয়।বয়স বৃদ্ধি এক সংবেদনশীল বিষয়।) সীমান্ত ফুকনৰ কিছু চিনেমাটিক কথা | চৰ্চা | 64

এই চুটি চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ কৰিছে বিষ্ণু খাৰঘৰীয়া, গীতাৱলী ৰাজকুমাৰী, সুনিল আকাশ, ত্ৰিদীপ শৰ্মা আৰু শিশু শিল্পী হিয়াংগী ফুকনকলৈ। কাহিনীৰ মূল বিন্দু বিষ্ণু খাৰঘৰীয়াকলৈ নিৰ্মাণ কৰা সৌৰভ হাজৰিকা চৰিত্ৰটো। সাহিত্যৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰিছে যদিও কেমেৰা ডিজাইনত মন নিদিয়াকৈ থকা নাই। এই প্ৰসংগতে “জয়মতী”, “শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট”, “কমলা কুৱৰী”ৰ সাহিত্যৰ ভাষা কেন্দ্ৰিক গতিৰ কথা উল্লেখ কৰিব পাৰি। কাহিনী-বিষয়বস্তুৰ কথা মনত ৰাখি আৰম্ভনিতে “জয়মতী”ত সাহিত্যৰ ভাষা প্ৰয়োগ কৰিবলৈ পৰিচালক বাধ্য। কাহিনীক গতি দিয়াৰ পূৰ্বে আগকথাৰ প্ৰয়োজনত। এনধৰণৰ চিনেকৰ্মক আৰম্ভণিতে আগকথা বা প্ৰস্তাৱনাই দুৰ্বল কৰাৰ ঢেৰ উদাহৰণ আছে। পৰিচালক-লেখকৰ পৰিপক্ক কাহিনী ডিজাইনৰ বাবে আগকথা আমনিদায়ক হোৱা নাই, কাহিনীৰ মাজলৈ যোৱাৰ বাট কাটি দিছে। এক শিক্ষামূলক ভ্ৰমণেৰে (ক্ৰেডিট টাইটেল দেখুওৱাৰ সময়ত) কাহিনী আৰম্ভ কৰিছে, আৰু “প্ৰস্তাৱনা” শিক্ষামূলক ভ্ৰমণত যোৱা শিক্ষকৰ মুখত দিছে। “জয়মতী”ৰ ইতিবাচক দিশ কেমেৰাৰ ভাষা প্ৰয়োগ আৰু ডিজাইন। আমাৰ ধাৰণাত এই সৰুপৰ্দাৰ চিনেকৰ্ম ডাঙৰ পৰ্দাত চিত্তাকৰ্ষক হ’ল হেতেন!

[অসমীয়া ভাষাত শিশু-কিশোৰ কেন্দ্ৰিক চিনেকৰ্ম কম হৈছে। মন কৰিছোঁ– এই দিশত সীমান্ত ফুকনে কাম কৰি আহিছে। শিশু চিনেমা (শিশু-কিশোৰ দৰ্শকৰ বাবে চিনেমা) আৰু শিশু কেন্দ্ৰিক চিনেমাৰ মাজত দূৰত্ব আছে। দূৰত্বৰ কথা মনত ৰাখি সীমান্ত ফুকনে পৰিচালনা কৰিছে এই তিনিটা চিনেকৰ্ম “শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট”, “সেউজীয়া গাড়ী” আৰু “জিতু নীতুৰ অভিযান”। এনে শিশু চিনেকৰ্ম ৰূপালী পৰ্দাৰ বাবে চিন্তা কৰাৰ বাট আছে।] ]]>
https://rupaliparda.com/archives/33439/feed 0 33439
চিলা… Wings of Life | নাট্যচৰ্চা  https://rupaliparda.com/archives/33411 https://rupaliparda.com/archives/33411#respond Sun, 09 Aug 2026 10:37:30 +0000 https://rupaliparda.com/?p=33411 চিলা... Wings of Life | নাট্যচৰ্চা  67কালি ৮ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয় শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) -ৰ প্ৰযোজনা “চিলা… Wings of Life”।

 

থোৰতে:

“চিলা… Wings of Life” শিশু মনৰ সপোন, সাহস, ঐক্য, অধ্যৱসায় আৰু জীৱন সংগ্ৰামৰ এক হৃদয়স্পর্শী ৰূপকধর্মী নাটক। অর্ণব, জোনালী, বিষ্ণু, মেঘা আৰু ভায়লীনাহঁতে একেলগে এখন ৰঙীন চিলা নিৰ্মাণ কৰে, যি তেওঁলোকৰ সপোন, আশা আৰু একতাৰ প্ৰতীক।

চিলা উৰোৱাৰ সময়ত ধুমুহাই চিলাখন ছিঙি পেলায়। মুহূর্ততে যেন শিশুসকলৰ সপোনো ভাঙি পৰে। কিন্তু তেওঁলোকে হতাশ নহৈ সাহস, বন্ধুত্ব আৰু ঐক্যৰ শক্তিৰে পুনৰ চিলাখন গঢ়ি তোলে-আগতকৈও অধিক শক্তিশালী আৰু সুন্দৰ ৰূপত।

নাটকৰ অন্তিম মুহূৰ্তত ধুমুহাই বুজাই দিয়ে যে জীৱনৰ বাধা-বিঘিনিসমূহ শত্রু নহয়; সেইবোৰেই মানুহক অধিক দৃঢ়, পৰিপক্ক আৰু সফল কৰি তোলে। “চিলা” কেৱল এখন কাগজৰ চিলা নহয়, ই শিশু মনৰ মুক্ত উৰণ, অদম্য সপোন আৰু আশাৰ প্ৰতীক।

পৰিচালকৰ টোকাঃ

নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) অসমৰ এখন আগশাৰীৰ অভিনয় শিক্ষা প্রতিষ্ঠান। ২০০৬ চনত প্রতিষ্ঠা হোৱা একাডেমী খনৰ পৰা গুৰু সীমান্ত ফুকন ছাৰৰ নেতৃত্বত এদল সুনিপুণ নাট্য যোদ্ধাৰ সৃষ্টি হৈছে। আমিও এই একাডেমীৰে এগৰাকী প্রাক্তন ছাত্র। অসমৰ এগৰাকী চিৰিয়াছ নাট্যকর্মী জ্যোতিপ্রসাদ ভূঞা ছাৰৰ ৰচিত ‘চিলা… Wings of Life’ নাটকখন পৰিচালনাৰ গধুৰ দায়িত্ব সীমান্ত ফুকন চাৰে আমাক অর্পণ কৰে।

নাটকখন পৰিচালনাৰ ক্ষেত্ৰত নাট্যকাৰ আৰু সীমান্ত ফুকন ছাৰৰ পাৰ যথেষ্ট সহায় লাভ কৰিলো। লগতে পৰিচালনাত সহযোগিতা কৰা নেটাৰ বৰ্তমানৰ ছাত্ৰ দেৱাশীষ নেওগ প্রমূখ্যে আটাইলৈকে অশেষ ধন্যবাদ জনালোঁ। প্রচণ্ড গৰমকো নেওচি অভিভাৱক সকলে ছাত্র-ছাত্রী সকলৰ বাবে কৰা ত্যাগক ধন্যবাদ জনালোঁ।

মানুহৰ জীৱনলৈ বহুতো হেঙাৰ আহে এই হেঙাৰ সমুহৰ সতে সততাৰে যুঁজ দি আগবাঢ়ি গ’লেহে জীৱনত সফলতা লাভ কৰিব পাৰি। জীৱনৰ পথচোৱা মসৃণ নহয় কিন্তু সততা আৰু সাহসেৰে যদি হাৰনমনাকৈ আগবাঢ়ি যাব পাৰে তেতিয়া সফলতা লাভ কৰিব পাৰে। এইখিনি কথাকে ডাৱৰ আৰু ক’লা মেঘক ৰূপক হিচাবে লৈ নাটকখন নিৰ্মাণ কৰা হৈছে। প্রথম নাট্য প্রযোজনাত অজানিতে ৰৈ যোৱা ভুল ত্রুটি সমুহ সদাশয় দর্শকে গঠনমুলক দৃষ্টি ভংগীৰে আঙুলিয়াই দিলে শিশু সকলৰ লগতে আমিও উপকৃত হ’ম।

অভিনয়ত–

মেঘাৰ চৰিত্ৰত গীতম নিবিৰ শৰ্মা, অর্ণবৰ চৰিত্ৰত প্রজ্ঞান শর্মা, জোনালীৰ প্রীতিস্মিতা গগৈ, বৈষ্ণৱীৰ চৰিত্ৰত প্রজ্ঞা পাৰমিতা হাজৰিকা, ভায়লীনাৰ চৰিত্ৰত আৰাশী বৰা, ৰিয়াৰ চৰিত্ৰত প্রাগনিকা বৰপূজাৰী, অকমানিৰ চৰিত্ৰত মান্যতা ফুকন, হাঁহিৰামৰ চৰিত্ৰত আয়াংশ হাজৰীকা,

বতাহৰ চৰিত্ৰত প্রত্যাশা বৰা, প্রয়াসী হাজৰিকা, চাহিন আখটাৰ, কলীয়ামেঘৰ চৰিত্ৰত সুদর্শন শইকীয়া, হিয়াংগী ফুকন, প্রতীক্ষা বৰা।

 

মঞ্চৰ আঁৰত–

নাট্যকাৰ: জ্যোতিপ্রসাদ ভূঞা

পৰিচালক: বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ

সহকাৰী পৰিচালক: দেৱাশীষ নেওগ

সংগীত : নিৰজ চৌধুৰী

নৃত্য পৰিচালনা: সৌৰভ ভট্টাচাৰ্য

দৃশ্যসজ্জা: নুৰুদ্দিন আহমেদ

সহযোগী: ৰঞ্জু পাঠক, মৃদুল শইকীয়া

ৰূপসজ্জা: নিতুল ঠেঙ্গাল

লাইট ডিজাইন: দিম্পল দাসচিলা... Wings of Life | নাট্যচৰ্চা  68

 

সমালোচক উৎপল মেনাৰ টোকা:

প্ৰথম আৰু অন্যতম ইতিবাচক দিশ হৈছে পৰিচালনা। পৰিচালকে কিশোৰ অভিনেতা-অভিনেত্ৰী সকলক কেৱল সংলাপ উচ্চাৰণ কৰা অভিনয় শিল্পী হিচাপে ব্যৱহাৰ কৰা নাই; চৰিত্ৰৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাই স্বাভাৱিক আৰু বিশ্বাসযোগ্য অভিনয়ৰ পৰিসৰ সৃষ্টি কৰিছে। চৰিত্ৰ সমূহৰ মাজৰ আন্তঃসম্পৰ্ক, সংলাপৰ গতি আৰু দৃশ্যৰ পৰিৱৰ্তনক সুসংহতভাৱে নিয়ন্ত্ৰণ কৰি পৰিচালকে নাট্য-কাহিনীটোকো সাৱলীল গতি প্ৰদান কৰিছে। ফলত মঞ্চায়নৰ সামগ্ৰিক ছন্দ অক্ষুণ্ণ থকাৰ লগতে নাটকখন দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য আৰু উপভোগ্য হৈ উঠিছে।

এই কথাটো উল্লেখ নকৰিলে লেখাটো আধৰুৱা হৈ ৰ’ব– কিশোৰ অভিনেতা-অভিনেত্ৰী কেইগৰাকীৰ অভিনয়ৰ বিশেষত্ব এয়াই যে নাটকখন শেষ হোৱাৰ পাছতো তেওঁলোকৰ চৰিত্ৰসমূহে মন চুই আছে; মঞ্চৰ পোহৰ নুমাই যোৱাৰ পাছতো তেওঁলোকৰ অভিনয়ৰ অনুৰণন সহজে মাৰ যোৱা নাই।

]]>
https://rupaliparda.com/archives/33411/feed 0 33411