Features – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 05 Mar 2024 07:56:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Features – Rupaliparda.com https://rupaliparda.com 32 32 163073109 দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন https://rupaliparda.com/archives/30001 https://rupaliparda.com/archives/30001#respond Tue, 05 Mar 2024 07:28:26 +0000 https://rupaliparda.com/?p=30001 “দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই ঢাকাৰ দৰে সন্মানীয় এক মহোৎসৱত বিশ্ব চলচিত্র শিতানত প্রদর্শিত হোৱাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটোৱে আছিল মোৰ বাবে অতি প্ৰেৰণাদায়ক।” ‘দ্য লাষ্ট অ’নাৰ’ চিনেমাখনৰ পৰিচালক ৰ’জি বৰাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 3

এগৰাকী চণ্ডালৰ জীৱন সংগ্ৰাম, সমাজ ব্যৱস্থাত চণ্ডালৰ অৱস্থান, ক’ভিড অতিমাৰীৰ সময়ত সন্মূখীন হোৱা সমস্যাক উপস্থাপন কৰা হৈছে দ্য লাষ্ট অ’নাৰ চিনেমাখনত। সম্পূৰ্ণ কাহিনীটোত মানৱীয় মূল্যবোধৰ ভিন্ন স্বৰূপসমূহ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চিনেমাখনৰ কাহিনী জিতুমণি বৰাৰ আৰু চিত্ৰনাট্য কুশল কুমাৰ গগৈ। প্ৰযোজনা মৃণাল বিন কুটুবৰ, সংগীত ০ সৌৰভ মহন্তৰ, শব্দ সংমিশ্ৰণ আৰু ডিজাইন দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ।

জিতুমণি বৰাই কয়, “ক’ভিডৰ সময়ত চিকিৎসক, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলে যথেষ্ট সাহসিকতাৰে ৰাইজৰ সেৱা কৰিছিল। অৱশ্যে সেইসময়ত চণ্ডালসকলেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু আমি সেই দিশটোও এই চিনেমাখনৰ জৰিয়তে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

দ্য লাষ্ট অ’নাৰ চিনেমাখন ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ লগতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। লেকচিটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চিনেমাখনত কৰা অভিনয়ৰ বাবে প্ৰয়াস ফুকনে শ্ৰেষ্ঠ অভিনেতা, ৰতন শীল শৰ্মাই শ্ৰেষ্ঠ সম্পাদনা আৰু চিনেমাখনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে।

ৰ’জি বৰাই কয়, “চিনেমাখনৰ বাবে আমি চণ্ডালসকলে জীৱন সংগ্ৰামক ওচৰৰ পৰা দেখা পাইছিলোঁ আৰু তেওঁলোকৰ জীৱন সংগ্ৰামখনক চিনেমাখনত শুদ্ধ ৰূপত দেখুৱাবলৈ যত্ন কৰিছোঁ। মই অনুভৱ কৰোঁ যে তেওঁলোকৰ সৈতে কথা পাতিলে বৰ্তমানৰ সমাজ জীৱন তথা মানৱ জীৱনৰ বিভিন্ন নেদেখা দিশ উন্মোচন হয়। তেনে কিছুমান সৰু সৰু দিশ চিনেমাখনত অন্তৰ্ভুক্ত কৰা হৈছে। দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি আশা কৰিলোঁ।”

এই বছৰৰ শেষৰ ফাললৈ চিনেমাখনে মুক্তি লাভ কৰিব।

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 4

 

]]>
https://rupaliparda.com/archives/30001/feed 0 30001
জিয়া- মুক্তিৰ পূৰ্বেই চৰ্চিত এখন চিনেমা https://rupaliparda.com/archives/29928 https://rupaliparda.com/archives/29928#respond Wed, 21 Feb 2024 07:14:20 +0000 https://rupaliparda.com/?p=29928 ঘৰুৱা হিংসাৰ বাবে স্বামীৰ পৰা পৃথক হোৱা এগৰাকী নাৰীৰ কাহিনীৰে নিৰ্মিত চিনেমা ‘জিয়া’ই মুক্তিৰ পূৰ্বেই অসমত চৰ্চা লাভ কৰিছে। বৰ্তমানৰ সমাজ ব্যৱস্থাটোত অকলশৰীয়া মাতৃৰ জীৱন সংগ্ৰামক ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত।

চিনেমাখনত অন্যতম এটি চৰিত্ৰত অভিনয় কৰা ৰিকি শৰ্মাই এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে চিনেমাখনৰ অভিজ্ঞতা তেওঁৰ বাবে অনন্য আছিল। “বিশেষকৈ চিনেমাখনৰ বাবে সকলোৱে নিজৰ ১০০ শতাংশ অৱদান আগবঢ়াইছে আৰু ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ কষ্ট চিনেমাখনত প্ৰতিফলিত হৈছে,” ৰিকি শৰ্মাই কয়।

চৰ্চিত এখন চিনেমা

জিয়াৰ পৰিচালনা কৰিছে জনপ্ৰিয় অভিনেতা পৰিচালক কেনী বসুমতাৰীয়ে, প্ৰযোজনা শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ। চিনেমাখনত অভিনয় কৰিছে ৰিকি শৰ্মা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ইপ্সিতা হাজৰিকা, আৰাধ্যা মহন্ত আৰু বহুকেইগৰাকী কলা-কুশলীয়ে, সংগীত অম্বৰ দাসৰ।

চিনেমাখন ইতিমধ্যে প্ৰদৰ্শিত হৈছে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত আৰু লগতে চিনেমাখনে প্ৰাগ চিনে এৱাৰ্ডত চাৰিটা শাখাত শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছে – ‘শ্ৰেষ্ঠ চিনেমা’, ‘শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনী আৰু শৰ্মিষ্ঠা)’, ‘শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস)’ আৰু ‘শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত)’।

চৰ্চিত এখন চিনেমা

এই প্ৰতিবেদকৰ সৈতে বাৰ্তালাপত শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “মোৰ এগৰাকী বান্ধৱীৰ জীৱনৰ কিছুমান কথা আৰু ঘটনাৰ প্ৰভাৱ এই চিনেমাখনত পৰিছে। এয়া প্ৰযোজক আৰু চিত্ৰনাট্য শিল্পী হিচাপে মোৰ প্ৰথম প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাতে ইমান চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে নিজকে সৌভাগ্যবান যেন অনুভৱ কৰিছোঁ।” তেওঁ লগতে কয়, “মই আশা কৰিছোঁ ছবিগৃহলৈ অহাৰ পাছত দৰ্শকেও চিনেমাখন ভাল পাব।”

জিয়াই  ছবিগৃহত মুক্তি লাভ কৰিব অহা ১৭ মে’ত।

 

]]>
https://rupaliparda.com/archives/29928/feed 0 29928
“সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা-২০২৩”: মাজুলীৰ অচ্যুত কুমাৰ নাথলৈ https://rupaliparda.com/archives/29588 https://rupaliparda.com/archives/29588#respond Fri, 07 Jul 2023 11:35:13 +0000 https://rupaliparda.com/?p=29588 জীৱিত কালতে শিল্পীক যৎকিঞ্চিত সন্মান জনোৱাৰ উদ্দেশ্যে লোক সঙ্গীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ কায়িক বৰ্তমানত প্ৰকাশন গোষ্ঠী চিত্ৰাচলে ২০১৮ চনৰে পৰা প্ৰদান কৰি আহিছিল ‘সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা’। শিল্পী গৰাকীৰ জন্ম তিথি ৭ জুলাইৰ দিনটোতে প্ৰতি বছৰে সংশ্লিষ্ট বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল। সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা সমিতিয়ে শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে কায়িকভাৱে অবৰ্তমানতো এই বঁটা প্ৰদান অব্যাহত ৰাখিছে।

অচ্যুত কুমাৰ নাথ
বিশেষকৈ লোক সঙ্গীতৰ সাধনাত ব্ৰতী নৱ প্ৰজন্মক উদগনি দিয়াই এই বটা প্ৰদানৰ মুখ্য উদ্দেশ্য। ২০২৩ বৰ্ষৰ এই বঁটাৰ বাবে সংগীতশিল্পী তৰালি শৰ্মা, লেখক-সাংবাদিক উৎপল মেনা, আৰু সাংবাদিক কৃষ্ণ ভূঞাৰ নেতৃত্বত বিশেষ জুৰী মণ্ডলীয়ে মাজুলীৰ অচ্যুত কুমাৰ নাথক নিৰ্বাচন কৰিছে।

অচ্যুত কুমাৰ নাথ

থোৰতে অচ্যুত কুমাৰ নাথৰ বিষয়ে:
মাজুলীৰ বৰগুৰি গাঁৱৰ গজেন নাথ আৰু অমিয়া নাথৰ পুত্ৰ অচ্যুত কুমাৰ নাথ। ৬ বছৰ বয়সৰ পৰাই গুৰু সংস্কৃতিৰ প্ৰতি এক অনন্য টান আছে অচ্যুতৰ। ৬ বছৰ বয়সৰ পৰাই ভাওনা, সংগীতৰ চৰ্চা আৰম্ভ কৰা অচ্যুতে ২০১৫ত নাৰায়ণপুৰত লাভ কৰিছিল শিশু পাঠক সন্মান।

অচ্যুত কুমাৰ নাথ

৬ বছৰ বয়সতে জিভাৰ আগত আছিল শ্ৰীমদ্ভাৱগতৰ প্ৰতিটো শ্লোক। সুন্দৰ ভাগৱত পাঠেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খুব কম বয়সতে জনপ্ৰিয় হৈ পৰিল অচ্যুত কুমাৰ নাথ। ভাগৱত পাঠ, ভাওনাৰ গীত, বৰগীত, লোকগীত শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ লগতে অচ্যুতে সুন্দৰকৈ বজাব জানে দেৱবাদ্য। লোকসংগীতৰ ক্ষেত্ৰখনত যথেষ্ট দখল আছে এই ২০ বছৰীয়া যুৱকজনৰ।

অচ্যুত কুমাৰ নাথ

তাৰ উমান কেইবাবাৰো দিছে অচ্যুতে। ২০১৪ত অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাত প্ৰথম, ২০১৫ত অসম মইনা পাৰিজাতত জ্যোতি সংগীতত প্ৰথম, ২০১৯ত অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত দ্বিতীয়, ২০২১ত DY365ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ আকাশ চুবৰ মন ছিজন 5ৰ ছেমি ফাইনেলিষ্ট, ২০২২ত ওদালগুৰি কেন্দ্ৰীয় ৰঙালী বিহু প্ৰতিযোগিতাত বিহু কোঁৱৰ সন্মান লাভ কৰিছে অচ্যুতে। অসমৰ জনপ্ৰিয় বিহু দল ভৰালীপৰীয়া বিহু দলৰ মূল কণ্ঠশিল্পী অচ্যুত। ভাওনাৰ জনপ্ৰিয় দোহাৰ ৰূপেৰেও জনাজাত হৈছে অচ্যুত কুমাৰ নাথ। ২০২৩ত মুক্তি লাভ কৰা যুৰীয়া পেঁপা বিহু গীতটোৰ বাবে বিহু মঞ্চত জনপ্ৰিয় হৈ পৰিছিল এই যুৱকজন। মাজুলীৰ ৰাস মহোৎসৱৰ মুখ্য কণ্ঠশিল্পী অচ্যুত কুমাৰ নাথ।

 

]]>
https://rupaliparda.com/archives/29588/feed 0 29588
Short Film Review: Arindam Barooah’s ‘Because, I Love You’ https://rupaliparda.com/archives/29566 https://rupaliparda.com/archives/29566#respond Wed, 05 Jul 2023 08:49:00 +0000 https://rupaliparda.com/?p=29566 Filmmaker Arindam Barooah’s recent short film Because, I Love You is a moderately sentimental work that delves deeply into the idea of love. When a neighbour and friend, Raktim, who has recently moved to Guwahati, knocks on their door, Shekhar and his wife are forced to face some painful memories of their past. Even though the plot is very simple and there are only three actors, the technique is admirable and the theme is universal.

Because, I Love You

The movie explores the value of love in relationships and emphasises its ability to bring people together. It inspires hope by presenting love and kindness as a resolute force that endures despite hardship and acts as a catalyst for unity. The couple at the centre of the narrative faces challenging circumstances that put their relationship to the test but ultimately finds happiness through mutual understanding and support.

Short Film Review: Arindam Barooah’s ‘Because, I Love You’ 5

In this short film, the drama permeates every scene and develops subtly on a deeper level and director Barooah uses a variety of visual cues to share this tale in its simplest and purest form. The short film answers the question of how our future can be shaped by our responses to our past rather than our past itself, in a very beautiful way.

Because, I Love You is produced by Rinku Bora and A. Medhi with the story, screenplay and dialogues penned by Drishti Das. The cinematography, editing and colour grading is done by Manab Jyoti Baruah and the music direction is done by Sudarshan Borkotoky. The cast includes – Bidisha Kashyap, Bibhuti Bhushan Hazarika and Bedabrat Borah.

Link to watch the short film:
https://www.youtube.com/watch?v=tPFxQXWgY0s

]]>
https://rupaliparda.com/archives/29566/feed 0 29566
হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা https://rupaliparda.com/archives/29530 https://rupaliparda.com/archives/29530#respond Fri, 23 Jun 2023 06:16:10 +0000 https://rupaliparda.com/?p=29530 “সংকল্প” –এখন অসমীয়া চিনেমা।
“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।
দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম।

হেম চন্দ্ৰ বৰা

হেম চন্দ্ৰ বৰা “সংকল্প”ৰ পৰিচালক, “শিল্পীৰ পৃথিৱী” প্ৰকাশক। –ইমানেই নহয়!
হেম চন্দ্ৰ বৰা আছিল শিক্ষক। গুৱাহাটী কমাৰ্ছ কলেজত পঢ়ুৱাইছিল। কাৰণ জনা নাযায় (জানিব বিছৰা নাই) , শিক্ষকতা বাদ দিয়ে। আৰু এদিন খোজ দিয়ে চিনেমাৰ ক্ষেত্ৰ খনত। প্ৰযোজনা কৰে চুটি চিনেমা “সন্ধান” (১৯৭৪)। তাৰ পাছত “নিয়তি” (চিত্ৰগৃহলৈ আহে ২৪ মাৰ্চ ১৯৭৮ত) নিৰ্মাণ কৰে ইন্দুকল্প হাজৰিকাৰ পৰিচালনাৰে।

১৯৭৯। দেৱ কুমাৰ বৰাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল অসমীয়া চিনেমা “নিশাৰ চকুলো”। এই চিনেমা খনেৰে আৰু দুখোজ আগবাঢ়ে– হেম চন্দ্ৰ বৰাই। পৰিচালনাত সহায় কৰে, মূল চৰিত্ৰ এটাত অভিনয়ো কৰে।

হেম চন্দ্ৰ বৰা

১৯৮৬ চনত আৰু এখোজ। সৱল খোজ। স্বাধীন পৰিচালনা “সংকল্প” চিত্ৰগৃহলৈ আহে।
“সংকল্প”ৰ দৰ্শক হৈছিলোঁ। আৰু এবাৰ দৰ্শক হোৱাৰ সুযোগ পালোঁ, যোৱা ১২ মাৰ্চ (২০২৩) -ত,
জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰক্ষা গৃহত। আকৌ এবাৰ অনুভৱ কৰিলোঁ– এক পৰিপাটি চিনেকৰ্ম। কাহিনী নিৰ্মাণ কৰিছে অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি। বয়স কম আছিল যদিও সেই আন্দোলন আমি দেখিছিলোঁ, অনুভৱ কৰিছিলোঁ। দেখা, অনুভৱ কৰা সেই আন্দোলন কেন্দ্ৰীক ৰূপালী গল্পটোত “কল্পনা” স্বাভাৱিকতে আছিল যদিও “কল্পনাৰ প্ৰলেপ” অনুভৱ কৰা নাছিলোঁ। নকৰাৰ কাৰণ চিনেমাৰ ভাষা (cinematic language) -ৰ পৰিপাটি প্ৰয়োগ। শ্বট নিৰ্বাচন আৰু সু-গাণিতিক প্ৰয়োগে, মেডহীন সাহিত্যৰ ভাষা প্ৰয়োগে নান্দনিক সৌন্দর্য বঢ়াইছে। পৰিচালকক সহায় কৰিছে ৰঞ্জিত শৰ্মাৰ চিত্ৰনাট্যই।

চিনেমা খনত “অসম আন্দোলন” আছে, সিমান খিনিলৈ আছে, যিমান খিনিলৈ ৰাখিলে, চিনেমা খন প্ৰাসংগিক হৈ থাকিব। আন্দোলনৰ গতি দ্ৰুত হৈছে, আৰু সিমানতে চিনেমা খন শেষ কৰিছে।
আমাৰ অনুভৱত চিনেমা খনৰ প্ৰতিটো চৰিত্ৰ “বাস্তৱ”ৰ পৰা চিত্ৰনাট্যলৈ আনিছে। আৰু তপন দাস, সঞ্জীৱ হাজৰিকা, পূৰৱী শৰ্মা, প্ৰঞ্জল শইকীয়া আদিৰ বাস্তৱিক অভিনয় (realistic acting) -ৰে চৰিত্ৰবোৰ নিৰ্মাণ কৰিছে। আমাৰ অনুভৱত– চিনেমা খনৰ অভিনয়ৰ লগতে ডঃভূপেন হাজৰিকাৰ সংগীতে, স্বপন নায়কৰ কেমেৰাৰ কামে চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে।

হেম চন্দ্ৰ বৰা

চিনেমা খন চোৱাৰ পাছত চিনেমা পৰিচালক-লেখক পদুম বৰুৱাই লিখিছিল– “… ‘সংকল্প’ৰ প্ৰাক-প্ৰদৰ্শনী চাই অসমত সুস্থ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে যে শিল্পৰ মাধ্যমটোৰ স্বকীয় প্ৰকাশ-ভঙ্গী আৰু কাৰিকৰী দিশ সম্পৰ্কীয় প্ৰয়োজনীয় ন্যূন্যতম জ্ঞানৰ উপৰিও এটা প্ৰকৃত সংস্কৃতি পৰায়ণ মানসিকতা আৰু মানৱীয় মূল্যবোধৰ অধিকাৰী হোৱাটো নিত্যান্ত বাঞ্চনীয় সেই কথা আগতকৈ ন-দি ক’ব পৰা হ’লো। ‘সংকল্প’ নিঃসন্দেহে এখন উল্লেখযোগ্য সাফল্য অৰ্জন কৰা সুস্থ কলাধৰ্মী ছবি। সেই স্তৰত আসমীয়া চলচ্চিত্ৰৰ দুখীয়া ভঁৰাললৈ এটা লেখত ল’বলগীয়া দান। …” (“অগ্ৰদূত”/ ৯ নৱেম্বৰ ১৯৮৬)

“সংকল্প”ৰ পাছত?
“হেৰাই থাকিল” পৰিচালক গৰাকী!
২০ আগষ্ট ২০২২। এটা খবৰ, এখন চুটি চিনেমাৰ। মোৰ WhatsApp নম্বৰত। মন দিয়া নছিলোঁ।
২৫ ছেপ্টেম্বৰ ২০২২ -ত এটা “পেপাৰ কাটিং”। চকুত পৰিল হেম চন্দ্ৰ বৰাৰ নাম। “হেম চন্দ্ৰ বৰাৰ ‘হাৰিকেন’লৈ পাঁচটাকৈ বঁটা”।

“হেম চন্দ্ৰ বৰা পৰিচালিত আৰু ড° জয়ন্তী চুতীয়া প্রযোজিত ‘হাৰিকেন’ নামৰ চলচ্চিত্ৰখনে কলকাতাত শেহতীয়াকৈ অনুষ্ঠিত ‘টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত পাঁচটাকৈ বঁটা পাবলৈ সক্ষম হৈছে। হেমচন্দ্ৰ বৰালৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ শ্ৰেষ্ঠ প্ৰযোজকৰ বঁটা, হেম চন্দ্ৰ বৰালৈ শ্রেষ্ঠ শিশু পাৰিবাৰিক ছবিৰ সন্মান, অনিন্দিতা ৰুদ্ৰাজ আৰু গ্ৰন্থিক বৰালৈ ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য, লগতে বৰাৰ ‘দিবাস্বপ্ন’ নামৰ চলচ্চিত্ৰখনো ইতিমধ্যে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে অন্তৰ্ভুক্ত হৈছে।”
–হেম বৰা চিনেকৰ্মত ব্যস্ত, মইহে খবৰ ৰখা নাছিলোঁ!

মনত খেদ ভাৱ লৈ চিনেকৰ্মী গৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ। ক’লো “হাৰিকেন” চোৱাৰ মন।
যথা সময়ত চালো। কোভিড কাল কেন্দ্ৰীক চুটি চিনেমা। আৰ্থিক সমস্যৰ হেচাত কিশোৰ কালত খোজ দিয়া চুটি চিনেমা খনৰ “নায়ক”ৰ কোভিড কালৰ সময়ত আৰ্থিক হেচা আৰু বাঢ়িছে। “নায়ক” খোৱা-লোৱাৰ সমস্যা আছেয়ে; কিন্তু মূল সমস্যা– এটা মোবাইল ফোন। অনলাইন শিক্ষা আৰম্ভ হৈছে, এটা “ক্লাছ কৰিব পৰা” মোবাইল ফোন নথকা বাবে শিক্ষাৰ পৰা বঞ্চিত হৈছে– “নায়ক”। (এন “নায়ক” আমাৰ সমাজত ধেৰ আছে। আৰু এয়াই চুটি চিনেমা খনৰ বিষয়বস্তু।) –এটা মন চুই যোৱা কাহিনী।

হেম চন্দ্ৰ বৰা

📌কিছু দিন পাছতে হেম চন্দ্ৰ বৰাই দিলে আৰু এটা ভাল খবৰ। এখন নতুন চিনেমাৰ খবৰ। চুটি নহয়, পূৰ্ণ দৈৰ্ঘৰ চিনেমা। চিত্ৰনাট্য সাজু। চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা লেখিকা জয়ন্তী চুতীয়াৰ। নাম ৰাখিছে (সললি হ’ব পাৰে) — “এয়েতো জীৱন”।

]]>
https://rupaliparda.com/archives/29530/feed 0 29530
।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।– উৎপল মেনা https://rupaliparda.com/archives/29520 https://rupaliparda.com/archives/29520#respond Wed, 21 Jun 2023 06:10:21 +0000 https://rupaliparda.com/?p=29520 বাহাৰুল ইছলাম –চিনেমাৰ সাধাৰণ অভিনেতা! তেতিয়া, “সূৰুয” (১৯৮৫), “পিতাপুত্ৰ” (১৯৮৮) চিত্ৰগৃহলৈ অহা সময়ত।(তেতিয়াও কিন্তু অসাধাৰণ নাট্যকৰ্মী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ, ১৯৮৭-১৯৯০ চনৰ সময় চোৱাত।)

বাহাৰুল ইছলাম

ইয়াৰ মাজতে চিনেমাৰ দৰ্শকৰ চকুত পৰে “সংকল্প” (১৯৮৬)-ত। কিন্তু অভিনয় শক্তি (cine acting power) চিনেমাত দেখুৱাবলৈ অপেক্ষা কৰিব লগা হ’ল ২০২১ (চিনেমা: গৰু) লৈ। পৰিচালক হিমাংশু প্ৰসাদ দাসে বাহাৰুল ইছলামক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো “চিনেমা অভিনয়ৰ পাঠ” হ’ব পাৰে, চিনেমাৰ শিক্ষাৰ্থীৰ বাবে।

বাহাৰুল ইছলাম

সেই তাহানিতে জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমাৰ (জ্যোতি প্ৰসাদ আগৰৱালাই বোলছবি, কথাছবি, ছাঁয়াছবি শব্দ তিনিটা ব্যৱহাৰ কৰিছিল।) বাস্তৱ অভিনয় (real acting) -ৰ কথা কৈছিল; আৰু বাস্তৱ অভিনয়কে cinematic acting বুলি কোৱা হৈছিল, আজিও কোৱা হয়। এতিয়া আমি এনেদৰে ক’ব পাৰো– অসমীয়া চিনেমাৰ cinematic acting -ৰ এটা উদাহৰণ– “গৰু”ত কৰা বাহাৰুল ইছলামৰ অভিনয়। ইয়াৰ মাজতে typical villain -ৰ চৰিত্ৰত (চিনেমা: ৰক্তবীজ/ ২০১৮) আৰু “কানীন” (২০১৯), “সমীৰণ বৰুৱা আহি আছে” (২০১২), “বাৰুদ” (২০০৪) আদি চিনেমাত অভিনয় কৰিছে “চৰিত্ৰ”ই বিচৰা ধৰণে। ইয়াৰ মাজতে নাট্যকৰ্মৰ লগতে চিনেমা পৰিচালনাও কৰিছে: আছেনে কোনোবা হিয়াত, ৰ’দৰ চিঠি, দ্য ছেভেন্থ ষ্ট্ৰীং।

।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।-- উৎপল মেনা 6

–এইবোৰ নতুন খবৰ নহয়, নতুন খবৰ: বলীউডৰো কেইবাখনো চিনেমাত অভিনয় কৰা বাহাৰুল ইছলামে বিশাল ভৰদ্বাজৰ দৰে “বিশাল চিনে শক্তি”ৰ সৈতে কাম কৰি আছে। “হায়দৰ”, “ওমকাৰা”, “কমিনে”, “মকবুল”, “৭ খুন মাফ”, “ৰঙ্গুন”, “মাতৰু কি বিজলী কা মান্দোলা”ৰ পৰিচালক গৰাকীৰ শেহতীয়া চিনেকৰ্ম “চাৰ্লি চোপ্ৰা এণ্ড দ্য মিষ্ট্ৰী অৱ ছ’লাং ভেলী” (Charlie Chopra & The Mystery Of Solang Valley)-ত। আগাথা ক্ৰীষ্টিৰ উপন্যাস “The Sittaford Mystery”ৰ আধাৰত ৰচনা কৰিছে চিত্ৰনাট্য। উইলিয়াম শ্বেইকছপীয়েৰ নাটকৰ পাছত আগাথা ক্ৰীষ্টিৰ উপন্যাসৰ চিনেকৰ্ম! নিসন্দেহে হ’ব বিশাল ভৰদ্বাজৰ আন এক চমক।


–এই খন অৱশ্যে চিনেমা নহয়, OTT প্লেটফৰ্ম Sony LIV -ৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিকহে। ধাৰাবাহিকখনত ৱামিকা গাব্বি, প্ৰিয়ংশু পাইন্যুলি, নাছিৰুদ্দিন শ্বাহ , নীনা গুপ্তা, ৰত্না পাঠক শ্বাহ, গুলশ্বান গ্ৰভাৰ, লাৰা দত্ত, চন্দন ৰয় সানয়াল, পাওলি বান্ধ আদিৰ সৈতে বাহাৰুল ইছলামে অভিনয় কৰিছে।

বাহাৰুল ইছলাম

এই অভিনেতা-অভিনেত্ৰীৰ ভিৰৰ মাজত বাহাৰুল ইছলামে বা গুলশ্বান গ্ৰভাৰ আদিয়েও কিমান দৈৰ্ঘত অভিনয় কৰাৰ সুযোগ পায় সেয়া অন্য প্ৰসংগ। গুৰুত্ব পূৰ্ণ কথাটো হ’ল– বিশাল ভৰদ্বাজৰ পৰিচালনাত কাম কৰাৰ যে সুযোগ পাইছে, সেইটোহে। বিশালৰ পৰিচালনাত অভিনয় শিল্পীৰ অভিনয় ক্ষমতা প্ৰদৰ্শনৰ সুযোগ থাকে। বিশাল ভৰদ্বাজৰ শেহতীয়া চিনেমা: ফুৰসাত, খুফিয়া।

]]>
https://rupaliparda.com/archives/29520/feed 0 29520
Tora’s Husband : ২২ ছেপ্টেম্বৰত –উৎপল মেনা https://rupaliparda.com/archives/29498 https://rupaliparda.com/archives/29498#respond Mon, 19 Jun 2023 07:53:04 +0000 https://rupaliparda.com/?p=29498 সাজু আৰু চাৰি খন অসমীয়া চিনেমা, চিত্ৰগৃহলৈ আহিব– ৩০ জুন (দ্যা শ্লেম বুক), ১৫ ছেপ্টেম্বৰ (এটি নক্ষত্ৰ), আৰু ২২ ছেপ্টেম্বৰ (মমতাৰ চিঠি, তৰাজ হাজবেণ্ড Tora’s Husband)ত। শেহতীয়া খবৰ: “মমতাৰ চিঠি”ৰ তাৰিখ সলনি হ’ব পাৰে।

📌 ” I felt as a filmmaker I have the means to tell the stories of these times. I wanted to tell the stories of common people whose lives and livelihood are directly or indirectly affected by the pandemic, yet they
have to keep going.

In the midst of loss, lockdowns and life, we shot the film over two years in real locations and natural conditions. The cast and crew were dealing with constant feeling of fear and restlessness. Often it was impossible to focus with so many things happening around. But I just had to make this film, as this time will become history one day.

The story of my protagonist also reflects my personal experiences living and working during the pandemic. I lost my father during the initial days of shooting the film and this film in a way became cathartic in dealing with the grief. I dedicate this film to my father and all those who have lost their loved ones during the pandemic.” (সংগ্ৰহ)
— Rima Das

Tora's Husband
Rima Das

📌ৰীমা দাসৰ ১৩৫ মিনিট দৈৰ্ঘৰ অসমীয়া চিনেমা “তৰাজ হাজবেণ্ড”ৰ কাহিনী ক’ভিড কালৰ। বিষয়বস্তু ক’ভিড কালৰ সমস্যা। আমাৰ ধাৰণাত এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰে বিষয়বস্তু স্পষ্ট কৰিছে পৰিচালকে। আমি চিনেমা খন চোৱা নাই। অহা ২২ ছেপ্টেম্বৰত অসমৰ চিত্ৰগৃহলৈ আহিব। তাৰ পাছত চাম, চৰ্চা কৰিম।

–যোৱা ১০ছেপ্টেম্বৰ ২০২২ প্ৰদৰ্শিত হয় টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত; (ৰীমা দাসে ২০১৭ চনত “ভিলেজ ৰকষ্টাৰ্ছ” আৰু ২০১৮ চনত “বুলবুল কেন ছিং”ৰ পাছত যোৱা বছৰ ‘তৰাজ হাজবেণ্ড’ৰে তৃতীয়বাৰৰ বাবে টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত খোজ দিবলৈ হ’বলৈ সক্ষম হৈছে।) আৰু তাৰ পৰায়ে চিনেমা খনৰ চিনেযাত্ৰা আৰম্ভ হয়। আৰু স্বাভাৱিকতে চৰ্চা হয়। বিভিন্ন মাধ্যমত হোৱা চৰ্চাৰ পৰা আমি ধাৰণা কৰি লোৱা ৰূপালী গল্পটো এনে ধৰণৰ:

Tora's Husband

তৰাৰ স্বামী (Tora’s Husband) — জান। তৰাই জানৰ কথা কয় এনেদৰে, “তেওঁ ভাল মানুহ, কিন্তু ভাল স্বামী নহয়।” মহামাৰীৰ সময়ত জানে নিজৰ ৰেষ্টুৰেণ্ট আৰু বেকাৰীখন জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰি আছে। উদাৰ মনৰ জানে লকডাউনৰ সময়ত শ্ৰমিকক ধন দি ঋণত পৰিছে। অহংকাৰী, অধৈৰ্য্য আৰু যুক্তিবাদী জানে প্ৰতি নিশা বন্ধুৰ সৈতে মদ্যপান কৰিছে। মানসিক চাপ বাঢ়িছে, মদ্যপানো বঢ়িছে।

Tora's Husband

–মদ্যপানত ব্যস্ত সময় চোৱাত পত্নী তৰাৰ সৈতে ঘৰত এৰি অহা সন্তানৰ কথা মনলৈ অনা নাই জানে!
–হয়তো তৰাৰ অনুভৱত জানকো বিশ্লেষণ কৰিছে ৰূপালী গল্পটোত। এগৰাকী সমালোচকে চৰ্চা কৰিছে এনেদৰে:

In Assamese film ‘Tora’s Husband’, the ravages of Covid and a crisis of masculinity.

আন এগৰাকী সমালোচকে লিখিছে: ক্ষতি আৰু লকডাউনৰ সামষ্টিক মহাজাগতিক প্ৰভাৱৰ বিষয়ে তৰাৰ স্বামীৰ চৰিত্ৰৰ অণুবিশ্বৰ জৰিয়তে অন্বেষণ কৰা হৈছে।

তৰাৰ স্বামী জান, আৰু তেওঁৰ সৰু ব্যৱসায়, ব্যক্তিগত সম্পৰ্ক, আৰু জীৱনৰ অনিশ্চয়তা-সংগ্ৰমক চিনেমাৰ আকাৰ দিছে, বাস্তৱ পৰিবেশ নিৰ্মাণেৰে, বাস্তৱ অভিনয়ৰে।

Tora's Husband

–চিনেমা খনত অভিনয় কৰিছে অভিজিৎ দাস, তৰালি কলিতা দাস, ভূমান ভার্গব দাস, পূর্বাঞ্চলি দাস, সিমন্ত মালাকাৰ, নীলিমা দাস আদিয়ে। কাহিনী, চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইন আৰু সম্পাদনা, পৰিচালক ৰীমা দাসৰ। সংগীত:সাগৰ দেশাই।

]]>
https://rupaliparda.com/archives/29498/feed 0 29498
।। আদিপুৰুষ বনাম শ্ৰী ৰঘুপতি।। –উৎপল মেনা https://rupaliparda.com/archives/29488 https://rupaliparda.com/archives/29488#respond Fri, 16 Jun 2023 17:46:09 +0000 https://rupaliparda.com/?p=29488 “আদিপুৰুষ” –এখন তেলেগু চিনেমা। হিন্দীতো নিৰ্মাণ হৈছে। ডাব কৰা হৈছে তামিল, মালায়ালম আৰু কন্নড় ভাষাত। বাজেট: ৫০০ কোটি টকা। ১৬ জুনত চিত্ৰগৃহলৈ অহা চিনেমা খনে ভাৰতীয় চিনেমাৰ বজাৰ খন দখল কৰি লৈছে, প্ৰচাৰ চমকেৰে, বজাৰ চিন্তাৰে। (চিনেমা খনৰ চিত্ৰনাট্য ৰচনাৰ সময়তে বজাৰ চিন্তা আৰম্ভ হৈছিল; আৰু বাজেট স্থিৰ কৰা হৈছিল।) সন্দেহ নাই পৰিচালনা শৈলী, নিৰ্মাণ চমকেৰে কেইটামাণ সপ্তাহ দপদপাই থাকিব– চিত্ৰগৃহত।

আৰু অভিনয় চমক?

-অভিনয়ত আছে: প্ৰভাষ, কৃতি স্যানন, ছেইফ আলী খান, সানি সিং, দেবদত্ত নাগে, বৎসল শেঠ, সোনাল চৌহান, ত্রুপ্তি তোৰাদমাল আদিৰ লগতে অমিতাভ বচ্চন।

ইমান খিনি চমকৰ পাছতো কিন্তু চিনেমা আলোচক সকলে ভাল পোৱা নাই। তৰণ আদৰ্শে কৈছে– “epic disappointment”, মহাকাব্যিক হতাশা। কিন্তু বজাৰত আশা– ৫০০ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰযোজক পক্ষই চিত্ৰগৃহলৈ অহাৰ পূৰ্বে সংগ্ৰহ কৰিছে ৪৩২ কোটি টকা। প্ৰথম দিনটোত box office collection ৪০-৪৫কোটি টকা (হিন্দী)।

📌”আদিপুৰুষ”ৰ দপদপনিৰ মাজতো কিন্তু নিস্প্ৰভ নয়য় এখন অসমীয়া চিনেমা।

📌এখন অসমীয়া চিনেমা– “শ্ৰী ৰঘুপতি”। চিত্ৰঘৃহলৈ আহিছে যোৱা ৫ জুনত। চিনেমা খনৰ বাজেট ৩ কোটি টকাৰ বেছি নহয়। “আদিপুৰুষ”ৰ দৰে অভিনয়ত “তাৰকাৰ তালিকা”ও নাই। ভাল লগা দিশটো হ’ল– অসমীয়া চিনেমা খনৰ বাণিজ্য গতিক বাধা দিয়াত ব্যৰ্থ– “আদিপুৰুষ”।

মহানগৰীৰ “অনুৰাধা”ত “শ্ৰী ৰঘুপতি”ৰ তিনিটা দৰ্শনীৰ বিপৰীতে “আদিপুৰুষ”ৰ দৰ্শনী এটা। পি ভি আৰত “শ্ৰী ৰঘুপতি” ৬টা, “আদিপুৰুষ”ৰ ৮টা। মহানগৰীৰ চিত্ৰগৃহত ৫১টা দৰ্শনী চলি আছে, “আদিপুৰুষ”ৰ সৈতে সংঘাত নোহোৱাকৈ। আৰু মহানগৰীৰ বাহিৰতো “শ্ৰী ৰঘুপতি”ৰ গুৰুত্ব বাঢ়ি থকাৰ খবৰ পাইছোঁ। –এয়া কম সুখৰ খবৰ নে?

]]>
https://rupaliparda.com/archives/29488/feed 0 29488
Mask Art of Majuli: IGNCA documentary in France and Chennai International film festivals https://rupaliparda.com/archives/29438 https://rupaliparda.com/archives/29438#respond Fri, 10 Feb 2023 18:31:23 +0000 https://rupaliparda.com/?p=29438 Mask Art of Majuli: A Journey Through the Satriya Mask-Making Culture

The film “Mask Art of Majuli” has been selected to compete in two major film festivals. The 55-minute documentary directed by Utpal Borpujari and produced by the North East Regional Centre of Indira Gandhi National Centre for the Arts (IGNCA) will have its international premiere at the 29th Festival International des Cinémas d’Asie (FICA) in France and will also compete in the 11th Chennai International Documentary and Short Film Festival. This is the only Indian film selected among the eight documentaries in competition at FICA, which will be held from February 28 to March 7 in Vesoul city in France.

Mask Art of Majuli: IGNCA documentary in France and Chennai International film festivals 7
Mask Art of Majuli

The film showcases the Satriya mask-making culture of the famous river island of Assam, focusing on the efforts of two families who are preserving the practice. The masks, called “Mukha” in Assamese, were introduced by the famous 15th century Vaishnavaite saint and cultural icon Srimanta Sankardev as a key component in the performance of “Bhaona”, a dance drama depicting Hindu mythology. These masks are a form of intricate art, created in an organic and biodegradable manner.

Mask Art of Majuli: IGNCA documentary in France and Chennai International film festivals 8

The film crew includes Bhaskar Jyoti Das (associate director), Chida Bora (cinematographer), Diganta Bora (editor), Sourav Mahanta (background music), Debajit Gayan (sound design, editing and mixing), and Manjit Nath (production sound).

Mask Art of Majuli: IGNCA documentary in France and Chennai International film festivals 9
Mask Art of Majuli

The film has already been screened at the 6th Thrissur International Folklore Film Festival in Kerala and will now compete in two more major festivals, offering a unique and creative look at the mask-making culture of Majuli.

]]>
https://rupaliparda.com/archives/29438/feed 0 29438
মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? –সংগীত নক্ষত্ৰই কৈছেল – উৎপল মেনা https://rupaliparda.com/archives/29429 https://rupaliparda.com/archives/29429#respond Fri, 02 Dec 2022 04:54:27 +0000 https://rupaliparda.com/?p=29429 মহাশ্বেতাই গাইছিল–
“অস্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী।
বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়…”
মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই।

মহাশ্বেতা গীতটো


২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড “Bhupen Hazarika Volume II” উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা “ভূপেন্দ্ৰ সংগীত”টোৰে। এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত “অস্ত আকাশৰে সপোন…” শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ “লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য”, “দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস”, “জীৱনৰে দিগন্ত অপাৰ” ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ– তুমি ইমান সুন্দৰ গাইছা, কেনেকৈ, ক’ত শিকিছিলা? “সুধাকণ্ঠৰ গীত বাবেই হয়তো ইমান ভাল পাইছে! সুধাকণ্ঠৰ শব্দত প্ৰাণ থাকে, সুৰত জীৱন থাকে, মই মাত্ৰ গাইছোহে! আন গীত গালে হয়তো ইমান ভাল নাপালেহেতেন!” –মহাশ্বেতাই কৈছিল। কথাত সৰলতা।

মহাশ্বেতা গীতটো


সঁচাকৈয়ে তুমি ভাল গাইছা! তোমাৰ গায়কীৰ বাবেই নিশ্চয় আমজাদ আলী খানৰ দৰে সংগীত নক্ষত্ৰই আকৌ গীতটো তোমাৰ কণ্ঠত শুনিছে! ‘ভূপেনদাৰ গীত” বুলি ইউটিউব আদিতো নিশ্চয় গীতটো শুনিব পাৰিলে হেতেন! –আমি কৈছিলোঁ। মহাশ্বতাই হাঁহিছিল।
আমি আকৌ সুধিছিলোঁ, কেনে লাগিছিল তেতিয়া, যেতিয়া গীতটো আকৌ শুনিম বুলিছিল। ” আন এটা গীত শুনাব বুলিছিলো। কিন্তু এই গীতটোহে শুনিম বুলিছিল। গীতটো কিমান খিনি বুজি পাইছিল মই নাজানো! কিন্তু গীতটো যে মন দি শুনিছিল, গোৱাস্থানৰে পৰা অনুভৱ কৰিছিলোঁ! মই কিমান অভিভূত হৈছিলো ভাষাৰে বুজাব নোৱাৰিম!”

মহাশ্বেতা গীতটো


–মহাশ্বেতা শৰ্মা। নলবাৰীৰ ছোৱালী। দিল্লীৰ মিৰাণ্ডা হাউচ কলেজৰ ছাত্ৰী। পঢ়াৰ লগে লগে সংগীতো চৰ্চা কৰি আহিছে, সৰুৰে পৰা। ৭-৮ বছৰৰে পৰা। লোক সংগীতৰ, শস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিল। প্ৰথম গুৰু আছিল দীপালি নায়ক আৰু ৰূমী নায়ক। পাছলৈ শিকিছিল জীতেন বসুমতাৰীৰ ওচৰত। মহাশ্বেতাই কৈছিল– “সৰুৰে পৰা মা-দেউতাহঁতে গাবলৈ দিছিল বাবেই গাইছিলোঁ। স্কুলত সংগীত প্ৰতিযোগিতাত অংশ লৈছিলোঁ, পুৰস্কাৰ পাইছিলোঁ। লাহে লাহে আগবাঢ়িছিল মোৰ সংগীত কৰ্ম। মই গাবলৈ লৈছিলোঁ, চৰ্চা কৰিছিলোঁ ভূপেন হাজৰিকা, দীপালি বৰঠাকুৰ, জ্যোতিষ ভট্টাচাৰ্য, দেৱেন শৰ্মাৰ গীত। এই সকল স্বনাম ধন্য শিল্পীৰ গীতৰ কথা, সুৰ, গায়কীয়ে মোক আকৰ্ষণ কৰিছিল। আৰু কব নোৱাৰৈকেয়ে মই সংগীত সাগৰৰ মাজত সোমাই পৰিছিলোঁ। এতিয়া সংগীত মোৰ বাবে –শান্তি, ভগৱানৰ সৈতে সংযোগ কৰিব পৰা বাট। সংগীত মোৰ জীৱনৰ অংশ, সংগীতক বাদ দি এতিয়া মোৰ বাবে দিন-ৰাতি অসম্পূৰ্ণ।”

মহাশ্বেতা গীতটো


আমি অনুভৱ কৰিছিলোঁ, মহাশ্বেতাৰ প্ৰথম পচন্দ– ভূপেন হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ সংগীত। মহাশ্বেতাই কথা প্ৰসংগত কৈছিল– “মোক যদি কোনোবাই প্ৰশ্ন কৰে– সংগীত কি? মোৰ উত্তৰ হ’ব, সুধা কণ্ঠৰ সংগীতেই হ’ল সংগীতৰ সংজ্ঞা। সুধাকণ্ঠৰ গীতত যি সাংগীতিক সৌন্দৰ্য বিছাৰি পাও , গীতৰ শব্দত যি সৌন্দৰ্য অনুভৱ কৰো আন কোনো গীততে সেই সৌন্দৰ্য অনুভৱ নকৰোঁ। আৰু অসমৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, বুৰঞ্জী ইত্যাদি যদি কোনোবাই আধ্যয়ণ কৰিব খোজে তেন্তে সুধাকণ্ঠৰ গীত অধ্যয়ণ কৰিলেই হ’ল। তথাপি আন শিল্পীৰো ভালেমান গীত মোৰ প্ৰিয়।”
যেনে?

মহাশ্বেতা গীতটো


“জয়ন্ত হাঝৰিকা দেৱৰ ‘তোমাৰ মৰমে মোক…’, দিপালী বৰঠাকুৰ বাইদেউৰ ‘কণমান বৰশিৰে চিপ…’ বীৰেন্দ্ৰ নাথ দত্তদেৱৰ ‘অ’ ধুন ধুনীয়া মোৰ…’, মন্দিৰা লাহিড়ী বাইদেউৰ ‘হৃদয় পূৰ্ণ প্ৰতিশ্ৰুতি… ‘ গীত কেইটা মোৰ প্ৰিয় পাঁটা গীতৰ চাৰিটা।”
আৰু আনটো?


“সুধাকণ্ঠৰ ‘কপি উঠে কিয় তাজমহল…’।” –মহাশ্বেতাৰ উত্তৰ।
এই পাঁচটা গীতৰ ভিতৰত “অস্ত আকাশৰে…” নাই। গীতটো আমাৰ এই অনুষ্ঠানত গোৱাৰ বাবে কিয় নিৰ্বাচন কৰিছিলা?


“এই গীতটোৰ কথা আৰু সুৰ মোৰ বিশেষ ভাৱে প্ৰিয়। কিমান বাৰ যে গাইছো! –মনত নাই। কোনে জানো গাইছিল, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত। মই গীতটো প্ৰথমবাৰ শুনিছিলোঁ। তেতিয়াৰে পৰা মনত লৈ ফুৰিছো, গাইছো। প্ৰতিযোগিতাতো গাইছো, গাই পুৰস্কাৰো পাইছো।”


সংগীতকলৈ তুমি কিবা পৰিকল্পনা কৰিছা নিশ্চয়! ভবিষ্যত পৰিকল্পনাৰ কথা জানিব বিচাৰিছো। –শেষত সুধিছিলো।
“গীত গাম, জীৱনৰ শেষ দিনটোলৈক গোৱাৰ মন। কিন্তু সংগীতক পেছা হিচাপে নলও। গাম নিজৰ বাবে, সংগীত ৰসিকৰ বাবে, টকাৰ বাবে নহয়।” –চেহেৰাত হাঁহি লৈ মহাশ্বেতাৰ উত্তৰ।


শেষত:
চন-তাৰিখ ভালদৰে মনত নাই (দৈনিক কাকত “আজিৰ সংবাদ”ত লিখিছিলোঁ। বিছাৰিলে নিশ্চয় পাম। সম্ভৱতঃ ১৯৯৪!) অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত গীত গাবলৈ গৈছিল সংগীতৰত্ন ভূপেন হাজৰিকাই। গীত গোৱাৰ আগ মূহুৰ্তত সংগীত ৰসিকৰ মাজত সুধাকণ্ঠ। মঞ্চত– এগৰাকী সেই সময়ৰ জনপ্ৰিয় গায়িকা। গায়িকৰ কণ্ঠত –“বিমূৰ্ত মোৰ নিশাতি…”।


গীতটো শুনি গুণমুগ্ধৰ মাজতে নিশ্চুপ হৈ বহি ৰৈছিল সুধাকণ্ঠ। গায়িকাই গীতপৰ্ব শেষ কৰি সুধাকণ্ঠৰ ওচৰ পাইছিল হে! সুধাকণ্ঠই কৈছিল– “মোৰ গীত আৰু তুমি নাগাবা! এই গীতটো মোৰ অতি মৰমৰ …।”


যদি মহাশ্বেতাই গোৱা “”অস্ত আকাশৰে সপোন …” শুনিলে হেতেন! হয়তো সংগীতসূৰ্যই ক’লে হেতেন–, মোৰ বৰ মৰমৰ গীত এইটো। তুমি মোৰ গীত গাবা!

]]>
https://rupaliparda.com/archives/29429/feed 0 29429