Rupaliparda.com
ৰবিক লৈ "ৰুদ্ৰ" নিৰ্মাণত ব্যস্ত ৰূপক গগৈ --উৎপল মেনা 1

ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা

‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত যোৱা ১০ মে’ত উপস্থিত আছিলোঁ “ৰুদ্ৰ”ৰ মহুৰৎ অনুষ্ঠানত। মহুৰৎ শ্বট দিছিল ৰবি শৰ্মা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচন কৰি অনা কেইগৰাকী মান যুৱকে। দুটা শ্বট লৈছিল, পৰিপাটি action shot (ডিজাইন, নিয়ন্ত্ৰক: দীপক দাস), পৰিচালকৰ নিৰ্দেশত। ভাল লগা দিশটো হ’ল– দীপক দাস অসমৰ, ৰবি শৰ্মাৰ সৈতে অংশ লোৱা যুৱকৰ দলটো অসমৰ। পৰিচালকে action shot নিৰ্মাণৰ বাবে অসমৰ বাহিৰৰ চিনেকৰ্মীক গুৰুত্ব দিয়া নাই। এয়া ইতিবাচক দিশ। (দীপক দাসে বলিউড কেন্দ্ৰিক চিনেমাত কাম কৰিছে।)

ৰুদ্ৰ

পৰিচালক ৰূপক গগৈৰ “ৰুদ্ৰ’ তৃতীয় পৰিচালনা, “গেংছ অৱ নৰ্থইষ্ট” (হিন্দী), “তুমি মালালা”ৰ পাছত। আমাৰ ধাৰণাত “ৰুদ্ৰ” হ’ব– একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই– এই চিনেমা খনত “একশ্বন হিৰো” ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল “একশ্বন বৃত্ত”তে নাৰাখি ৰবিক নিশ্চয় “ৰোমাণ্টিক ইমেজ”তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।

ৰুদ্ৰ

–চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম’ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ প্ৰযোজক: ৰাজেশ কুমাৰ ম’ৰ।

ৰুদ্ৰ

এক চিনে আড্ডাত “ৰুদ্ৰ” চৰ্চা চলি থাকোতো মনলৈ আহিছিল “সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ “স্থানীয় বজাৰ”ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল “খলনায়ক চৰিত্ৰ”। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। “সূৰুয” প্ৰসংগ মনলৈ এই কাৰণেই আহিছিল– “ৰুদ্ৰ”ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ’ব।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform