Rupaliparda.com
আৰ্য প্ৰডাকচনছৰ দ্বিতীয়খন নাট্য প্ৰযোজনা ‘ৱহ কক্ষ’ত ক্ষমতা, পৰিচয় আৰু নীৰৱতাৰ গভীৰ অনুসন্ধান 1

আৰ্য প্ৰডাকচনছৰ দ্বিতীয়খন নাট্য প্ৰযোজনা ‘ৱহ কক্ষ’ত ক্ষমতা, পৰিচয় আৰু নীৰৱতাৰ গভীৰ অনুসন্ধান

গুৱাহাটী, ৭ ছেপ্টেম্বৰ: আৰ্য প্ৰডাকচনছে নিজৰ নাট্যযাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় সংযোজন কৰি ৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত তেওঁলোকৰ দ্বিতীয়খন নাট্য প্ৰযোজনা ‘ৱহ কক্ষ’ মঞ্চস্থ কৰে। বি পাল্কীৰ ৰচনা আৰু পৰিচালনাৰে এই ছাইকো-পলিটিকেল নাটকখনে ক্ষমতা, ভয়, বিশ্বাস, পৰিচয় আৰু নীৰৱতাৰ দৰে বিষয়সমূহক এক অন্তৰংগ আৰু প্ৰভাৱশালী নাট্যভাষাৰ জৰিয়তে উপস্থাপন কৰে।

আৰ্য প্ৰডাকচনছৰ দ্বিতীয়খন নাট্য প্ৰযোজনা ‘ৱহ কক্ষ’ত ক্ষমতা, পৰিচয় আৰু নীৰৱতাৰ গভীৰ অনুসন্ধান 2

এটা কোঠা, তিনিজন মানুহ আৰু এখন দুৱাৰ – এই সীমিত পৰিসৰৰ মাজতে গঢ় লৈ উঠিছে নাটকখনৰ কাহিনী। কিন্তু ‘ৱহ কক্ষ’ কেৱল এটা কোঠাৰ ভৌতিক সীমাবদ্ধতাৰ কাহিনী নহয়; ই মানুহে নিজৰ ভিতৰতে নিৰ্মাণ কৰি লোৱা অদৃশ্য দেৱালসমূহৰ সন্ধান কৰে। স্বাধীনতা আৰু বন্দীত্বৰ অৰ্থক লৈ প্ৰশ্ন উত্থাপন কৰি নাটকখনে দৰ্শকৰ সন্মুখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাখে- “দুৱাৰবোৰ সঁচাকৈয়ে বন্ধ নে আমি সেইবোৰ খোলাৰ চেষ্টা কৰাই এৰি দিছোঁ?”

নাটকখনত কোঠা আৰু বন্ধ দুৱাৰৰ ৰূপকে কেৱল শাৰীৰিক বন্দীত্বক নুবুজাই মানুহৰ ভিতৰত থকা ভয়, বিশ্বাস, ধাৰণা আৰু সিদ্ধান্তৰ কথাও প্ৰতিফলিত কৰে, যিবোৰ বহু সময়ত মানুহৰ নিজৰ বাবেই একো একোটা কাৰাগাৰ হৈ পৰে। এইদৰে মঞ্চখন ব্যক্তিগত মনস্তত্ত্ব আৰু সামাজিক-ৰাজনৈতিক বাস্তৱতাৰ এক সংযোগস্থললৈ পৰিণত হয়।

নাটকখনত বি পাল্কী, গৌৰাংগ নাৰায়ণ দেৱ আৰু আকাশ শইকীয়াই অভিনয় কৰিছে। নাটকখনৰ ছেট ডিজাইন কৰিছে গৌৰাংগ নাৰায়ণ দেৱ আৰু আকাশ শইকীয়াই, সহযোগিতা আগবঢ়াইছে ৰিদিপ ভাণ্ডাৰ কায়স্থ, প্ৰিয়াংশু মেধি আৰু আৰবাব উমৰে। ডিম্পল এছ কেই পোহৰ পৰিকল্পনা আৰু জ্ঞানদীপ ডেকাই সংগীত পৰিকল্পনা কৰিছে। পোছাক পৰিকল্পনা অগ্নিমিত্ৰা বি কাশ্যপৰ।

নাটকখনৰ প্ৰথম মঞ্চায়নত কেইবাগৰাকীও লেখক, পৰিচালক, জ্যেষ্ঠ নাট্যকৰ্মী, অভিনেতা আৰু নাট্যপ্ৰেমী উপস্থিত থাকে।

আৰ্য প্ৰডাকচনছৰ দ্বিতীয়খন প্ৰযোজনা হিচাপে ‘ৱহ কক্ষ’ই সমসাময়িক নাট্যচৰ্চাত সামাজিক আৰু মনস্তাত্ত্বিক প্ৰশ্নসমূহক একেলগে তুলি ধৰাৰ প্ৰয়াস কৰিছে। সীমিত মঞ্চপৰিসৰৰ মাজেৰে নাটকখনে দৰ্শকক নিজৰ ভিতৰত থকা সেই অদৃশ্য দেৱালসমূহৰ বিষয়ে ভাবিবলৈ বাধ্য কৰে, যিবোৰ কেতিয়াবা সন্মুখত থকা যিকোনো বন্ধ দুৱাৰতকৈও অধিক শক্তিশালী হৈ পৰে।

Staff Reporter

Add comment

Leave a Reply