Rupaliparda.com
অসমীয়া বিষাদধৰ্মী সংগীত ‘লাহে লাহে’ মুকলি 1

অসমীয়া বিষাদধৰ্মী সংগীত ‘লাহে লাহে’ মুকলি

গুৱাহাটী, ১৭ নৱেম্বৰ: প্ৰেম, বিচ্ছেদ আৰু অপেক্ষাৰ কোমল অনুভূতিক সুন্দৰভাৱে প্ৰতিফলিত কৰা নতুন অসমীয়া বিষাদধৰ্মী সংগীতৰ ভিডিঅ’ ‘লাহে লাহে’ শেহতীয়াকৈ মুকলি কৰা হৈছে। আত্মিক সুৰ আৰু হৃদয়স্পৰ্শী উপস্থাপনেৰে গীতটোৱে ইতিমধ্যে সংগীতপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গীতটোৰ কথা আৰু সুৰ প্ৰয়াত প্ৰেম চমুৱাৰ। ভাস্বতী ভাৰতীৰ সুমধুৰ কণ্ঠই গীতটোক এক বিশেষ আৱেগিক মাত্ৰা প্ৰদান কৰিছে। আনহাতে, ভিডিঅ’টোত অভিনয় কৰিছে বি. পাল্কী, অংকুৰ আৰু ভাস্বতী ভাৰতীয়ে। তেওঁলোকৰ অভিনয়ে গীতটোৰ প্ৰেম, বিচ্ছেদ আৰু হেঁপাহৰ অনুভূতিসমূহ সুন্দৰভাৱে জীৱন্ত কৰি তুলিছে।

ভিডিঅ’টোৰ পৰিচালনা আৰু চিনেমাট’গ্ৰাফীৰ দায়িত্বত আছে বিকাশ বৰা। সম্পাদনা কৰিছে ঋতুৰঞ্জন হাতিমুৰীয়াই। মে’কআপৰ দায়িত্বত হীৰক। সংগীত প্ৰযোজনা কৰিছে ডেনিছ চহৰীয়াই। গীটাৰত ধ্ৰুৱ আৰু চিতাৰত শুভংকৰ হাজৰিকাই সংগীতৰ সংযোজন ঘটাইছে। গীতটোৰ মিক্সিং আৰু মাষ্টাৰিং কৰিছে পিংকু দাসে। ইয়াৰ ৰেকৰ্ডিং সম্পন্ন হৈছে ষ্টুডিঅ’ ৰেড এ.ভি.-ত।

‘লাহে লাহে’ শীৰ্ষক সংগীতৰ ভিডিঅ’টো বৰ্তমান ইউটিউব আৰু অন্যান্য আগশাৰীৰ সংগীত ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ।

Staff Reporter

Add comment

Most popular

Recent posts

Your Header Sidebar area is currently empty. Hurry up and add some widgets.