গুৱাহাটী, ১৪ আগষ্ট: দক্ষিণ কৰ্ণাটকৰ পৰম্পৰাগত লোকনাট্যধাৰা ‘মূডলাপায়া যক্ষগান’ৰ আধাৰত কানাড়া ভাষাত প্ৰস্তুত কৰা ‘দেৱী মহাত্মে’ নাটখন ১৩ আগষ্টৰ সন্ধিয়া গুৱাহাটীৰ ছিগাল থিয়েটাৰ ষ্টুডিঅ’ত মঞ্চস্থ কৰা হয়। অভিনয়, লোকসংগীত, নৃত্য আৰু পৰম্পৰাগত নাট্যশৈলীৰ সুন্দৰ সমন্বয়েৰে প্ৰস্তুত কৰা নাটখনে দৰ্শকক কৰ্ণাটকৰ সমৃদ্ধ লোকসংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়ে।

কৰ্ণাটক সংঘ, মাণ্ড্যই কৰ্ণাটক মূডলাপায়া যক্ষগান পৰিষদ, বেংগালুৰুৰ সহযোগত আৰু ছিগাল থিয়েটাৰৰ সহযোগিতাত নাটখন মঞ্চস্থ কৰে। নাটখনৰ পৰিচালনামূলক দিশত পৰামৰ্শ আগবঢ়ায় সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অধ্যাপক জয়প্ৰকাশ গৌড়া, বিশিষ্ট থিয়েটাৰকৰ্মী শ্ৰীনিবাস জি. কাপ্পানা আৰু এম. কে. হৰিশ কুমাৰে।

নাটখনত গণ্য, পৰিণীতা, ভানুপ্ৰিয়া, গণৱী, কুসুম, ললিতা, প্ৰকৃতি, যোগেশ আৰু জয়ন্তই বিভিন্ন চৰিত্ৰত অভিনয় কৰে। লোকসংগীতৰ পৰিচালনা কৰে স্বামী গমনহল্লী আৰু হনুমন্তু যদগনহল্লীয়ে।

‘দেৱী মহাত্মে’ৰ লগতে শিল্পীসকলে কৰ্ণাটকৰ এটা পৰম্পৰাগত লোকনৃত্যও পৰিৱেশন কৰে।
অনুষ্ঠানৰ শেষত কৰ্ণাটকৰ পৰা অহা শিল্পীসকলৰ সন্মানাৰ্থে অসমৰ পৰম্পৰাগত বিহু পৰিৱেশন কৰা হয়। বি. পাল্কী, মনময়ূৰী বৰ্মন, ডেইজী গগৈ, জিলমিল, অংকিতা আৰু তেজস্বিতাকে ধৰি আন শিল্পীসকলে বিহু পৰিৱেশন কৰি অতিথি শিল্পীসকলক উষ্ম আদৰণি জনায়।

এই সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকীও বিশিষ্ট থিয়েটাৰকৰ্মী, চলচ্চিত্ৰ পৰিচালক, শিল্পী আৰু নাট্যপ্ৰেমী উপস্থিত থাকে। দৰ্শকেৰে পৰিপূৰ্ণ প্ৰেক্ষাগৃহত সমগ্ৰ অনুষ্ঠানটোৱে উষ্ম সঁহাৰি লাভ কৰে।
‘দেৱী মহাত্মে’ৰ এই মঞ্চায়নে কেৱল কৰ্ণাটকৰ এক সমৃদ্ধ লোকনাট্য পৰম্পৰাক গুৱাহাটীৰ দৰ্শকৰ সন্মুখত তুলি ধৰাই নহয়, অসম আৰু কৰ্ণাটকৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ এক সুন্দৰ পৰিৱেশো সৃষ্টি কৰে।







Add comment