কালি ৮ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয় শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) -ৰ প্ৰযোজনা “চিলা… Wings of Life”।
থোৰতে:
“চিলা… Wings of Life” শিশু মনৰ সপোন, সাহস, ঐক্য, অধ্যৱসায় আৰু জীৱন সংগ্ৰামৰ এক হৃদয়স্পর্শী ৰূপকধর্মী নাটক। অর্ণব, জোনালী, বিষ্ণু, মেঘা আৰু ভায়লীনাহঁতে একেলগে এখন ৰঙীন চিলা নিৰ্মাণ কৰে, যি তেওঁলোকৰ সপোন, আশা আৰু একতাৰ প্ৰতীক।
চিলা উৰোৱাৰ সময়ত ধুমুহাই চিলাখন ছিঙি পেলায়। মুহূর্ততে যেন শিশুসকলৰ সপোনো ভাঙি পৰে। কিন্তু তেওঁলোকে হতাশ নহৈ সাহস, বন্ধুত্ব আৰু ঐক্যৰ শক্তিৰে পুনৰ চিলাখন গঢ়ি তোলে-আগতকৈও অধিক শক্তিশালী আৰু সুন্দৰ ৰূপত।
নাটকৰ অন্তিম মুহূৰ্তত ধুমুহাই বুজাই দিয়ে যে জীৱনৰ বাধা-বিঘিনিসমূহ শত্রু নহয়; সেইবোৰেই মানুহক অধিক দৃঢ়, পৰিপক্ক আৰু সফল কৰি তোলে। “চিলা” কেৱল এখন কাগজৰ চিলা নহয়, ই শিশু মনৰ মুক্ত উৰণ, অদম্য সপোন আৰু আশাৰ প্ৰতীক।
পৰিচালকৰ টোকাঃ
নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) অসমৰ এখন আগশাৰীৰ অভিনয় শিক্ষা প্রতিষ্ঠান। ২০০৬ চনত প্রতিষ্ঠা হোৱা একাডেমী খনৰ পৰা গুৰু সীমান্ত ফুকন ছাৰৰ নেতৃত্বত এদল সুনিপুণ নাট্য যোদ্ধাৰ সৃষ্টি হৈছে। আমিও এই একাডেমীৰে এগৰাকী প্রাক্তন ছাত্র। অসমৰ এগৰাকী চিৰিয়াছ নাট্যকর্মী জ্যোতিপ্রসাদ ভূঞা ছাৰৰ ৰচিত ‘চিলা… Wings of Life’ নাটকখন পৰিচালনাৰ গধুৰ দায়িত্ব সীমান্ত ফুকন চাৰে আমাক অর্পণ কৰে।
নাটকখন পৰিচালনাৰ ক্ষেত্ৰত নাট্যকাৰ আৰু সীমান্ত ফুকন ছাৰৰ পাৰ যথেষ্ট সহায় লাভ কৰিলো। লগতে পৰিচালনাত সহযোগিতা কৰা নেটাৰ বৰ্তমানৰ ছাত্ৰ দেৱাশীষ নেওগ প্রমূখ্যে আটাইলৈকে অশেষ ধন্যবাদ জনালোঁ। প্রচণ্ড গৰমকো নেওচি অভিভাৱক সকলে ছাত্র-ছাত্রী সকলৰ বাবে কৰা ত্যাগক ধন্যবাদ জনালোঁ।
মানুহৰ জীৱনলৈ বহুতো হেঙাৰ আহে এই হেঙাৰ সমুহৰ সতে সততাৰে যুঁজ দি আগবাঢ়ি গ’লেহে জীৱনত সফলতা লাভ কৰিব পাৰি। জীৱনৰ পথচোৱা মসৃণ নহয় কিন্তু সততা আৰু সাহসেৰে যদি হাৰনমনাকৈ আগবাঢ়ি যাব পাৰে তেতিয়া সফলতা লাভ কৰিব পাৰে। এইখিনি কথাকে ডাৱৰ আৰু ক’লা মেঘক ৰূপক হিচাবে লৈ নাটকখন নিৰ্মাণ কৰা হৈছে। প্রথম নাট্য প্রযোজনাত অজানিতে ৰৈ যোৱা ভুল ত্রুটি সমুহ সদাশয় দর্শকে গঠনমুলক দৃষ্টি ভংগীৰে আঙুলিয়াই দিলে শিশু সকলৰ লগতে আমিও উপকৃত হ’ম।
অভিনয়ত–
মেঘাৰ চৰিত্ৰত গীতম নিবিৰ শৰ্মা, অর্ণবৰ চৰিত্ৰত প্রজ্ঞান শর্মা, জোনালীৰ প্রীতিস্মিতা গগৈ, বৈষ্ণৱীৰ চৰিত্ৰত প্রজ্ঞা পাৰমিতা হাজৰিকা, ভায়লীনাৰ চৰিত্ৰত আৰাশী বৰা, ৰিয়াৰ চৰিত্ৰত প্রাগনিকা বৰপূজাৰী, অকমানিৰ চৰিত্ৰত মান্যতা ফুকন, হাঁহিৰামৰ চৰিত্ৰত আয়াংশ হাজৰীকা,
বতাহৰ চৰিত্ৰত প্রত্যাশা বৰা, প্রয়াসী হাজৰিকা, চাহিন আখটাৰ, কলীয়ামেঘৰ চৰিত্ৰত সুদর্শন শইকীয়া, হিয়াংগী ফুকন, প্রতীক্ষা বৰা।
মঞ্চৰ আঁৰত–
নাট্যকাৰ: জ্যোতিপ্রসাদ ভূঞা
পৰিচালক: বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ
সহকাৰী পৰিচালক: দেৱাশীষ নেওগ
সংগীত : নিৰজ চৌধুৰী
নৃত্য পৰিচালনা: সৌৰভ ভট্টাচাৰ্য
দৃশ্যসজ্জা: নুৰুদ্দিন আহমেদ
সহযোগী: ৰঞ্জু পাঠক, মৃদুল শইকীয়া
ৰূপসজ্জা: নিতুল ঠেঙ্গাল
সমালোচক উৎপল মেনাৰ টোকা:
প্ৰথম আৰু অন্যতম ইতিবাচক দিশ হৈছে পৰিচালনা। পৰিচালকে কিশোৰ অভিনেতা-অভিনেত্ৰী সকলক কেৱল সংলাপ উচ্চাৰণ কৰা অভিনয় শিল্পী হিচাপে ব্যৱহাৰ কৰা নাই; চৰিত্ৰৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাই স্বাভাৱিক আৰু বিশ্বাসযোগ্য অভিনয়ৰ পৰিসৰ সৃষ্টি কৰিছে। চৰিত্ৰ সমূহৰ মাজৰ আন্তঃসম্পৰ্ক, সংলাপৰ গতি আৰু দৃশ্যৰ পৰিৱৰ্তনক সুসংহতভাৱে নিয়ন্ত্ৰণ কৰি পৰিচালকে নাট্য-কাহিনীটোকো সাৱলীল গতি প্ৰদান কৰিছে। ফলত মঞ্চায়নৰ সামগ্ৰিক ছন্দ অক্ষুণ্ণ থকাৰ লগতে নাটকখন দৰ্শকৰ বাবে অধিক গ্ৰহণযোগ্য আৰু উপভোগ্য হৈ উঠিছে।
এই কথাটো উল্লেখ নকৰিলে লেখাটো আধৰুৱা হৈ ৰ’ব– কিশোৰ অভিনেতা-অভিনেত্ৰী কেইগৰাকীৰ অভিনয়ৰ বিশেষত্ব এয়াই যে নাটকখন শেষ হোৱাৰ পাছতো তেওঁলোকৰ চৰিত্ৰসমূহে মন চুই আছে; মঞ্চৰ পোহৰ নুমাই যোৱাৰ পাছতো তেওঁলোকৰ অভিনয়ৰ অনুৰণন সহজে মাৰ যোৱা নাই।








Add comment