Rupaliparda.com
অভিনয়া-জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, নতুন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ ঘোষণা 1

অভিনয়া-জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, নতুন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ ঘোষণা

গুৱাহাটী, ২৯ জুলাই: অভিনয়া -জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰই ২৭ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াত শিশু শিল্পী আৰু অভিনয়াৰ প্ৰশিক্ষকসকলে নাট পৰিৱেশন কৰে।

অভিনয়াৰ ২১ দিনীয়া শিশু গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ সামৰণিত তিনিখন নাট মঞ্চস্থ কৰা হয়। কৰ্মশালাৰ শিক্ষাৰ্থীসকলে থুৰীয়া শইকীয়াৰ ৰচনাত ‘প মানে পৰুৱা’ আৰু ৰাহুল গৌতম শৰ্মাৰ ৰচনাত ‘দ্য মাল্টিভাৰ্ছ অৱ গান মামা’ মঞ্চস্থ কৰে। আনহাতে, পৰাণজ্যোতি দত্ত ৰচিত ‘গতি’ নাটখনত অভিনয়াৰ প্ৰশিক্ষকসকলে অভিনয় কৰে।

‘গতি’ নাটখনত গৰিমা শইকীয়া গাৰ্গ, সঞ্জীৱ বুঢ়াগোহাঁই, সীমা বৰুৱা, থুৰীয়া শইকীয়া, তন্ময়ী বৰা, ৰাঘৱী দত্ত, লয়ন ৰঞ্জন শইকীয়া, অফুৰন্ত গোহাঁই, হিমানিশা বৈশ্য আৰু দিদ্ৰীক্ষা বৰগোহাঁইয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ণ কৰে।

তিনিওখন নাট পৰিচালনা কৰে সঞ্জীৱ বুঢ়াগোহাঁইয়ে। মুখ্য সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰে ৰোহন গৌতম শৰ্মাই। সহকাৰী পৰিচালক আছিল থুৰীয়া শইকীয়া, লয়ন ৰঞ্জন শইকীয়া, অফুৰন্ত গোহাঁই আৰু ৰাঘৱী দত্ত।

আৱহ সংগীত ৰোহণ গৌতম শৰ্মা আৰু অয়নাংক পৰাশৰৰ। সংগীত পৰিৱেশন কৰে জ্ঞানদীপ ডেকা, অয়নাংক পৰাশৰ, অৰিন্দম বৰা আৰু ধ্ৰুৱদীপ হাজৰিকাই। কষ্টিউম ডিজাইনত গৰিমা শইকীয়া গাৰ্গক সহযোগ কৰে তন্ময়ী বৰা আৰু দিদ্ৰীক্ষা বৰগোহাঁইয়ে। নৃত্য পৰিচালনা কৰে দীপ ৰাহাঙে। তেওঁক সহযোগিতা কৰে তন্ময়ী বৰা, থুৰীয়া শইকীয়া আৰু হিমানিশা বৈশ্যই। পোহৰ ব্যৱস্থাপনা ৰোহন গৌতম শৰ্মা আৰু লয়ন ৰঞ্জন শইকীয়াৰ। মঞ্চসজ্জা আৰু প্ৰপাৰ্টি বিনয় দাসৰ। ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগী আৰু ভাস্কৰ দত্তৰ।

সমগ্ৰ অনুষ্ঠানটোৰ পৰিকল্পনা গৰিমা শইকীয়া গাৰ্গৰ৷ নাটসমূহত জুবিন গাৰ্গৰ সংগীতৰ সাৱলীল ব্যৱহাৰে পৰিৱেশনসমূহত এক বিশেষ আৱেগিক মাত্ৰা সংযোজন কৰে, যি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে।

এই অনুষ্ঠানতে অভিনয়াই কেইবাটাও নিয়মীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীৰ তত্ত্বাৱধানত সংগীত সত্ৰৰ স্বীকৃতিপ্ৰাপ্ত সাত বছৰীয়া সত্ৰীয়া, বৰগীত আৰু খোল পাঠ্যক্ৰম, এবছৰীয়া অভিনয়ৰ পাঠ্যক্ৰম, ৰাজা বৰুৱাৰ পাৰ্কাছন ক্লাছ, দিলীপ ডান্স একাডেমীৰ সৃষ্টিশীল নৃত্য প্ৰশিক্ষণ আৰু ৰূপম ভূঞাৰ আধুনিক গীতৰ ক্লাছ।

জংকী বৰঠাকুৰৰ স্মৃতিত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে প্ৰতিষ্ঠা কৰা অভিনয়া-জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ অসমৰ নতুন প্ৰজন্মৰ শিল্পী গঢ়ি তোলা আৰু পৰিৱেশ্য কলাৰ বিকাশৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল। এইবাৰৰ প্ৰতিষ্ঠা দিৱসে এক বিশেষ আৱেগ বহন কৰিছিল। ভগ্নীৰ সপোনটোৱে পোখা মেলি ১৪টা বছৰ গৰকা অনুষ্ঠানটো উদযাপন কৰিবলৈ এইবাৰ কায়িকভাৱে জুবিন যদিও উপস্থিত নাছিল, তথাপি প্ৰতিখন নাট, প্ৰতিটো সুৰ আৰু প্ৰতিটো মুহূৰ্তত তেওঁৰ সৃষ্টিশীল দৃষ্টিভংগী আৰু অনুপ্ৰেৰণাৰ উপস্থিতি অনুভৱ কৰা গৈছিল। অনুষ্ঠানটোৱে তেওঁৰ চিৰস্মৰণীয় অৱদান আৰু অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা তেওঁৰ অপৰিসীম দায়বদ্ধতাক শ্ৰদ্ধাৰে সোঁৱৰাই এক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনায়।

Staff Reporter

Add comment

Leave a Reply

Most popular