|উৎপল মেনা
মেলবৰ্ণত ৰীমা দাসৰ শেহতীয়া চিনেমি “Not a Hero” -ই Indian Film Festival of Melbourne (IFFM) 2026-ত লাভ কৰিলে শ্ৰেষ্ঠ ইণ্ডি চিনেমা (Best Indie Film)-ৰ বঁটা।
–অসমীয়া চিনেমাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এয়া নিঃসন্দেহে আন এটা গৌৰৱৰ মুহূৰ্ত।
ৰীমা দাসৰ নামৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ সম্পৰ্ক অৱশ্যে নতুন নহয়। “Village Rockstars” -ৰ অভূতপূৰ্ব সাফল্যৰ পৰা “Bulbul Can Sing”, “Tora’s Husband” আৰু এতিয়া “Not a Hero” লৈ এই চিনে-যাত্ৰাই এটা কথাকে প্ৰতিষ্ঠা কৰি আহিছে– অসমীয়া ভাষাত, অসমৰ মাটি আৰু মানুহক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা চিনেমায়ো বিশ্বৰ দৰ্শক আৰু সমালোচকৰ সৈতে গভীৰ সংলাপ স্থাপন কৰিব পাৰে।
“Not a Hero” মই এতিয়াও চোৱাৰ সুযোগ পোৱা নাই। সেয়েহে চিনেমাখনৰ নান্দনিকতা, অভিনয় বা নিৰ্মাণশৈলীৰ বিষয়ে ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত কোনো মন্তব্য কৰা সমীচীন নহ’ব। গতিকে চিনেমাখন ইতিমধ্যে চাই প্ৰকাশ কৰা সমালোচকসকলৰ পাঠৰ মাজেৰে ৰূপালী গল্পটো বুজিবলৈ চেষ্টা কৰাটোৱেই অধিক যুক্তিসংগত।
“Not a Hero”-ৰ কাহিনীৰ কেন্দ্ৰত আছে ১১ বছৰীয়া মিভান। নগৰীয়া পৰিৱেশত ডাঙৰ হোৱা ল’ৰাজন কিছু দিনৰ বাবে পিতৃৰ পৈতৃক গাঁৱলৈ যায় আৰু তাত পেহীয়েক পাহিৰ সৈতে থাকিবলৈ লয়। নগৰৰ জীৱন আৰু গাঁৱৰ জীৱন– দুটা সম্পূৰ্ণ পৃথক জগতৰ মাজত মিভানৰ এই অৱস্থানেই ক্ৰমাৎ তেওঁৰ ভিতৰৰ পৰিৱৰ্তনৰ সূচনা কৰে।
গাঁওখনৰ মানুহ, স্থানীয় শিশুসকল, বিদ্যালয় আৰু বিশেষকৈ এটা ঘোঁৰাৰ সৈতে গঢ়ি উঠা সম্পৰ্কই মিভানক ধীৰে ধীৰে এক নতুন জগতৰ সৈতে পৰিচিত কৰায়। একে সময়তে পেহীয়েক পাহিৰ সৈতে তেওঁৰ দূৰত্বও ক্ৰমাৎ কমিবলৈ ধৰে। বাহ্যিক ভাৱে সৰু সৰু ঘটনাৰ মাজেৰেই চিনেমা খনৰ কাহিনী-ৰেখাৰ গতি। শিশুমনৰ পৰিৱৰ্তন, সম্পৰ্কৰ উষ্ণতা, নিঃসংগতা, সংবেদনশীলতা আৰু মানুহৰ সৈতে মানুহৰ সংযোগৰ এক সূক্ষ্ম কাহিনী নিৰ্মাণ কৰা যেন অনুভৱ হয়।
এইখিনিতে “Not a Hero” নামটোৰ তাৎপৰ্যও গুৰুত্বপূৰ্ণ। চিনেমা খনে যেন ‘নায়ক’ৰ প্ৰচলিত ধাৰণাটোকেই প্ৰশ্ন কৰে। পৰম্পৰাগত চিনেমাত নায়কত্ব সাধাৰণতে শক্তি, বিজয়, সাহস বা spectacular action-ৰ সৈতে জড়িত। কিন্তু “Not a Hero”-ৰ পৃথিৱীত নায়কত্ব বিচাৰি পোৱা যায় vulnerability, compassion, সহানুভূতি আৰু আন এজন মানুহক বুজিবলৈ চেষ্টা কৰাৰ মাজতো।
বিশিষ্ট চিনেমা সমালোচক মীনাক্ষী শ্বেড্ডেৰ লেখাত–
এই দিশটো গুৰুত্ব লাভ কৰিছে। সমালোচক গৰাকীৰ মতে, চিনেমা খনে নায়কত্বৰ পৰম্পৰাগত ধাৰণাক প্ৰশ্ন কৰাৰ লগতে সাধাৰণ মানুহৰ অনুভূতি আৰু দুৰ্বলতাৰ মাজতো একধৰণৰ নায়কত্ব বিচাৰি লয়।
–এই চৰ্চা ৰীমা দাসৰ সামগ্ৰিক চিনেমা-দৰ্শনৰ সৈতেও সংগতিপূৰ্ণ। “Village Rockstars” -ৰ ধুনুৰ সৰু সপোন, “Bulbul Can Sing”-ৰ কৈশোৰৰ অস্থিৰতা অথবা “Tora’s Husband” -ৰ পাৰিবাৰিক আৰু মানসিক সংকট– ৰীমাৰ চিনেমাত বৃহৎ ঘটনাৰ তুলনাত মানুহৰ সৰু সৰু অনুভূতি আৰু দৈনন্দিন জীৱনৰ মুহূৰ্তবোৰেই অধিক গুৰুত্ব লাভ কৰি আহিছে। “Not a Hero” তো যেন সেই অনুসন্ধানেই নতুন ৰূপ লৈছে।
চিনেমা সমালোচক আনা এম. এম. ভেটিকাডে
চিনেমা খনত ৰীমা দাসৰ “quiet observation” -ৰ শক্তি লক্ষ্য কৰিছে। সমালোচক গৰাকীৰ চৰ্চা মতে, ৰীমা দাসে জীৱনক অতিৰিক্ত নাটকীয় কৰি তোলাৰ পৰিৱৰ্তে তাৰ স্বাভাৱিক গতি আৰু সৰু সৰু মুহূৰ্তৰ পৰাই অৰ্থ আহৰণ কৰিছে।
আনহাতে দেবাঞ্জন ধৰৰ মতে, “Not a Hero”-ত ৰীমা দাসৰ আগৰ কামৰ (heart, fragility, melancholy and hope) হৃদয়, ভংগুৰতা, বিষাদ আৰু আশাৰ সেই পৰিচিত উপাদানসমূহ উপস্থিত আছে। বৃহৎ নাটকীয় ঘটনাৰ তুলনাত চিনেমা খনে ক্ষণস্থায়ী অথচ তাৎপৰ্যপূৰ্ণ মুহূৰ্তবোৰৰ প্ৰতি অধিক মনোযোগ দিছে।
এই মন্তব্য সমূহ একেলগে ৰাখিলে “Not a Hero”-ৰ এটা বিশেষ বৈশিষ্ট্য স্পষ্ট হয়– ৰীমা দাসৰ বাবে চিনেমা– মানুহক লক্ষ্য কৰাৰ, মানুহৰ ভিতৰখন বুজিবলৈ চেষ্টা কৰাৰ এক পদ্ধতি। –এইখিনিতে “IFFM 2026” -ৰ বঁটাটোৰ তাৎপৰ্য আৰু বৃদ্ধি পায়।
ভাৰতীয় স্বাধীন চিনেমাৰ বৃহৎ পৰিসৰত এখন অসমীয়া চিনেমাই “শ্ৰেষ্ঠ ইণ্ডি চিনেমা”ৰ স্বীকৃতি লাভ কৰা খবৰটো নিশ্চয় স্পষ্ট কৰিছে– ভাষা, ভূগোল অথবা বজাৰৰ সীমাবদ্ধতা সত্ত্বেও নিজস্ব চিনেমা-ভাষা শক্তিশালী হ’লে, অসমীয়া চিনেমাই-ও আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিব পাৰে।
ৰীমা দাসৰ ক্ষেত্ৰত কথাটো আৰু অধিক তাৎপৰ্যপূৰ্ণ।
তেওঁ বিশ্বজনীন হ’বলৈ অসমৰ পৰা আঁতৰি যোৱা নাই। অসমৰ মানুহ, প্ৰকৃতি, শিশু, গাঁও, সম্পৰ্ক আৰু দৈনন্দিন জীৱনৰ গভীৰতালৈ গৈ তেওঁ বিশ্বজনীন অনুভৱৰ সন্ধান কৰিছে। স্থানীয়ৰ মাজেৰেই বিশ্বজনীনতাক বিচাৰি উলিওৱা ৰীমা দাসৰ অন্যতম চিনে-শক্তি।
“Not a Hero”-ৰ এই সাফল্য কোনো বিচ্ছিন্ন স্বীকৃতিও নহয়। চিনেমা খনে ২০২৬ৰ “Berlin International Film Festival” -ৰ “Generation Kplus” শাখাত প্ৰদৰ্শিত হৈ “Crystal Bear Special Mention” লাভ কৰিছিল। মেলবৰ্ণৰ এই বঁটাটোৱে চিনেমা খনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত নতুন এক গুৰুত্বপূৰ্ণ সংযোজন ঘটালে।
“Village Rockstars” -ৰ পৰা “Not a Hero” -লৈ ৰীমা দাসৰ যাত্ৰা লক্ষ্য কৰিলে এটা কথাই বিশেষভাৱে মনত পৰে– পৰিচালক গৰাকীৰ চিনেমাৰ কেন্দ্ৰত বৃহৎ নায়ক নাই; আছে সাধাৰণ মানুহ, সৰু সৰু সপোন, অসম্পূৰ্ণ সম্পৰ্ক, শিশুৰ চকুৰে দেখা পৃথিৱী আৰু জীৱনৰ নিঃশব্দ মুহূৰ্ত। অথচ সেই সৰু পৃথিৱীবোৰেই আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে অৰ্থৱহ হৈ উঠিছে। অসমৰ মাটিৰ পৰা বিশ্বলৈ– এইটোৱেই যেন ৰীমা দাসৰ চিনেমাৰ যাত্ৰা।







Add comment