Rupaliparda.com
জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 1

জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায়

|উৎপল মেনা

কেতিয়াবা এখন চিনেমাৰ সৃষ্টিপ্ৰক্ৰিয়াৰ আঁৰত থকা এটা সৰু তথ্যই পৰিচালকৰ সৃষ্টিজগতখনক নতুনকৈ চোৱাৰ দুৱাৰ মুকলি কৰে। মঞ্জু বৰাৰ নতুন চিনেমা ‘জয়া’ৰ সৈতে জড়িত অনিৰুদ্ধ বৰাৰ উপস্থিতিও তেনে এটা তথ্য। চিত্ৰনাট্য লিখিছে অনিৰুদ্ধ বৰাই। সংগীতৰ দায়িত্বও তেওঁৰ। অৰ্থাৎ, মাতৃৰ পৰিচালনাত নিৰ্মীয়মাণ এখন চিনেমাৰ কাহিনী-গাঁথনি আৰু সংগীত— দুয়োটা গুৰুত্বপূৰ্ণ সৃষ্টিশীল স্তৰতে পুত্ৰৰ সক্ৰিয় অংশগ্ৰহণ।জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 2
মঞ্জু বৰা এতিয়া অৰুণাচলৰ লোকেশ্বনত। ‘জয়া’ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সাতদিন সম্পন্ন হৈছে। চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছে খানচেঙ মেইনে। মুখ্য সহকাৰী জীৱন ডাউকা। সহকাৰী হিচাপে আছে লোহিত দত্ত, ফুল ডাউকা, নিয়ৰ শইকীয়া, আনন্দ্ৰ নামচুং আৰু ম’লাটাং মানটাও। কেমেৰা সহকাৰী ইটি নিয়াগো আৰু নেৱা ৰানা নামচুং। কলা বিভাগত নংচেঙ মিৰিপ। ৰূপসজ্জাত উদয় মণ্ডল, সৌৰভ গাংগুলি আৰু শ্যামলী দাস। সাজসজ্জাৰ দায়িত্ব অনন্যা জৈনৰ। শব্দগ্ৰহণ কৰিছে দেৱজিৎ গায়নে।
মঞ্জু বৰাৰ সৈতে কথা পাতোঁতে এই নতুন সহযোগিতাৰ প্ৰসংগ ওলাল। তেওঁ ক’লে—“এইবাৰ চিত্ৰনাট্য লিখিছে মোৰ ল’ৰাই। সংগীতৰ কামখিনিও সিয়েই কৰিব। ‘আমীষ’ত তাৰ সংগীতৰ কাম বহুতে ভাল পাইছিল।”
এই কথাৰ পৰাই অনিৰুদ্ধ বৰাৰ সংগীত-যাত্ৰালৈ পুনৰ চাবলগীয়া হ’ল।
‘আমীষ’ৰ সংগীতৰ ক্ৰেডিটত ‘কুয়ান বে’ নামটো প্ৰথমে হয়তো বহুজনৰ দৰেই মোৰো চকুত পৰিছিল। কিন্তু সেই নামৰ আঁৰত থকা মানুহজনৰ পৰিচয় তেতিয়া জনা নাছিলোঁ। পাছতহে জানিব পাৰিলোঁ—‘কুয়ান বে’ এজন সংগীতকাৰৰ নাম নহয়; অনিৰুদ্ধ বৰা আৰু টামাৰাৰ যৌথ সংগীত-সত্তা।জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 3
অনিৰুদ্ধ বৰা অসমৰ। টামাৰাৰ সাংস্কৃতিক শিপা ভিয়েটনামী পৰিয়ালৰ সৈতে জড়িত। টৰন্টোৰ বহুসাংস্কৃতিক পৰিৱেশত দুয়োৰে সংগীত-অভিজ্ঞতাৰ পাৰ্থক্যই এক বিশেষ সৃষ্টিশীল সংযোগৰ জন্ম দিছিল। ২০১৪–১৫ চনৰ সময় ছোৱাত দুয়োৰে পৰিচয় হয়। টামাৰা আছিল ধ্ৰুপদী পিয়ানোবাদক আৰু সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ প্ৰাপ্ত। অনিৰুদ্ধ ইতিমধ্যে সংগীত সৃষ্টি আৰু ৰেকৰ্ডিঙৰ সৈতে জড়িত আছিল। দুয়োৰে পৃথক প্ৰশিক্ষণ, অভিজ্ঞতা আৰু সাংস্কৃতিক পটভূমিৰ সংমিশ্ৰণৰ পৰাই ক্ৰমে গঢ় লৈ উঠিছিল ‘কুয়ান বে’ৰ সংগীত-ভাষা।
কিন্তু অনিৰুদ্ধৰ চিনেমাৰ সংগীতৰ সৈতে সম্পৰ্ক ‘আমীষ’ৰ পৰা আৰম্ভ হোৱা নাছিল।
২০১৫ চনত মঞ্জু বৰাই পৰিচালনা কৰা ‘দাউ হুদুনি মেথাই’ৰ সৈতে তেওঁৰ এই সম্পৰ্কৰ আৰম্ভণি। চিনেমাখনৰ মুক্তিৰ সময়ৰ চৰকাৰী চলচ্চিত্ৰ তথ্যপঞ্জিত সংগীতকাৰ হিচাপে অনিৰুদ্ধ বৰাৰ নাম উল্লেখ আছে। ২০১৫ চনৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ তথ্যপঞ্জিতো তেওঁক চিনেমাখনৰ সংগীতকাৰ হিচাপে উল্লেখ কৰা হৈছিল।জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 4
এইখিনিতে আন এটা তথ্যও গুৰুত্বপূৰ্ণ। ২০১৯ চনত প্ৰকাশিত এটা সাক্ষাৎকাৰত অনিৰুদ্ধ আৰু টামাৰাই ২০১৫ চনত মঞ্জু বৰাই তেওঁলোকক প্ৰথমবাৰৰ বাবে চিনেমাৰ সংগীতৰ কাম কৰাৰ সুযোগ দিয়াৰ কথা উল্লেখ কৰিছিল। তেওঁলোকৰ বক্তব্য অনুসৰি, ‘দাউ হুদুনি মেথাই’ৰ জৰিয়তেই তেওঁলোকৰ পৰিচয় হয় ভাস্কৰ হাজৰিকাৰ সৈতে আৰু সেই পৰিচয়ৰ পৰাই পাছত ‘আমীষ’ৰ সংগীতৰ কাম তেওঁলোকৰ হাতলৈ আহে।
অৱশ্যে ইয়াত তথ্যৰ উপস্থাপনত এটা সূক্ষ্ম পাৰ্থক্য মন কৰিবলগীয়া। চৰকাৰী তথ্য পঞ্জিত ‘দাউ হুদুনি মেথাই’ৰ সংগীতকাৰ হিচাপে অনিৰুদ্ধ বৰাৰ নাম আছে; আনহাতে, পাছৰ সাক্ষাৎকাৰত টামাৰাই একেখন চিনেমাক ‘তেওঁলোকৰ’ প্ৰথম চিনেমাৰ সংগীতৰ কাম হিচাপে স্মৰণ কৰিছে। সেয়ে দুয়োটা তথ্যক একেলগে পঢ়িলে ক’ব পাৰি— ‘দাউ হুদুনি মেথাই’ অনিৰুদ্ধ বৰাৰ চিনেমাৰ সংগীত-যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক পৰ্যায় আৰু একে সময়তে ‘কুয়ান বে’ৰ চিনেমাৰ সংগীত-যাত্ৰাৰো এক প্ৰাথমিক অধ্যায়।জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 5
তাৰ পাছত আহে ‘আমীষ’।
ভাস্কৰ হাজৰিকাৰ ‘আমীষ’ত ‘কুয়ান বে’ৰ সংগীত কেৱল দৃশ্যৰ পটভূমি নহয়; চিনেমাখনৰ অনুভূতিগত পৰিৱেশ নিৰ্মাণৰো এটা অংশ। প্ৰেম, খাদ্য, আকাংক্ষা, ভয় আৰু ক্ৰমশঃ অস্বস্তিৰ দিশে আগবাঢ়ি যোৱা মানসিক অৱস্থাবোৰৰ সৈতে সংগীতৰো ৰূপ সলনি হয়।
অনিৰুদ্ধই এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে ‘আমীষ’ৰ সংগীতৰ বহুখিনি কাম টৰন্টোৰ পৰাই কৰা হৈছিল। পৰিচালকৰ পৰা সম্পাদিত দৃশ্য তেওঁলোকে লাভ কৰিছিল। ভিডিঅ’ কথোপকথন আৰু বাৰ্তালাপৰ জৰিয়তে দৃশ্যৰ অনুভূতি আৰু সংগীতৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা হৈছিল। সেই আলোচনাৰ পৰাই ক্ৰমে সংগীতৰ ৰূপ নিৰ্ধাৰিত হৈছিল।
‘আমীষ’ৰ সংগীত সম্পৰ্কে অনিৰুদ্ধৰ এটা মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। তেওঁৰ মতে, চিনেমাখনৰ কেন্দ্ৰীয় অনুভূতিটোৰ ভিতৰত আছিল— সুন্দৰ আৰু কোমল কিবা এটা ক্ৰমে অসুস্থ আৰু অস্বস্তিকৰ হৈ উঠা। সেই পৰিৱৰ্তনক সংগীতৰ মাজেৰে প্ৰকাশ কৰাটোৱেই আছিল তেওঁলোকৰ বাবে এক সৃষ্টিশীল প্ৰত্যাহ্বান।
এই দৃষ্টিভংগীৰ মাজত অনিৰুদ্ধৰ সংগীত-চিন্তাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ধৰা পৰে। চিনেমাৰ সংগীত তেওঁৰ বাবে কেৱল দৃশ্যৰ তলত বৈ যোৱা সুৰ নহয়। দৃশ্যৰ ভিতৰত থকা অনুভূতি, নীৰৱতা, উত্তেজনা, দ্বিধা আৰু অস্বস্তিৰো এক সংগীতগত ভাষা থাকিব পাৰে—সেই ভাষা বিচাৰি উলিওৱাটোৱেই যেন তেওঁৰ সৃষ্টিশীল অনুসন্ধানৰ অংশ।
‘আমীষ’ৰ পাছত ‘কুয়ান বে’ৰ সংগীতৰ পৰিসৰো বিস্তৃত হয়। মঞ্জু বৰাৰ ‘বিষকন্যাৰ দেশত’ৰ সৈতে তেওঁলোকৰ সংগীতৰ সম্পৰ্ক গঢ় লৈ উঠে। তাৰ পাছত ভিন্ন ভাষা, ভিন্ন ভূগোল আৰু ভিন্ন বিষয়ৰ চিনেমাতো তেওঁলোকৰ সংগীতৰ উপস্থিতি দেখা যায়।
২০২৪ চনত সুভদ্ৰা মহাজনৰ পৰিচালনাৰে নিৰ্মিত ‘Second Chance’ নামৰ চিনেমাখনৰ সৈতেও ‘কুয়ান বে’ৰ সংগীত জড়িত। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চৰকাৰী তথ্যত চিনেমাখনৰ ভাষা ইংৰাজী, হিন্দী আৰু কুল্লুয়ী বুলি উল্লেখ আছে।
অনিৰুদ্ধ বৰাৰ সংগীত-যাত্ৰালৈ এই পৰিক্ৰমাৰে চালে এটা বিশেষ দিশ স্পষ্ট হয়। তেওঁৰ সৃষ্টিশীল পৰিসৰ কোনো এটা মাধ্যম বা কোনো এটা সাংস্কৃতিক ভূগোলৰ ভিতৰত সীমাবদ্ধ নহয়। অসমৰ পৰা আৰম্ভ হোৱা এক ব্যক্তিগত সাংস্কৃতিক শিপা, টৰন্টোৰ বহুসাংস্কৃতিক পৰিৱেশ, প্ৰযুক্তিৰ পেছাগত অভিজ্ঞতা, সংগীতৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা, আৰু চিনেমাৰ দৃশ্যভাষাৰ সৈতে সংগীতৰ সংযোগ— এই সকলোবোৰ তেওঁৰ সৃষ্টিশীল পৰিচয়ৰ বিভিন্ন স্তৰ।
সেই অৰ্থত ‘জয়া’ কেৱল মঞ্জু বৰাৰ নতুন চিনেমা নহয়। মঞ্জু বৰা আৰু অনিৰুদ্ধ বৰাৰ মাজত গঢ় লৈ উঠা এটা দীঘলীয়া সৃষ্টিশীল সম্পৰ্কৰো নতুন পৰ্যায়। এফালে মাতৃৰ পৰিচালনাৰ অভিজ্ঞতা, আনফালে পুত্ৰৰ চিত্ৰনাট্য আৰু সংগীত-চিন্তা— দুয়োটা সৃষ্টিশীল সোঁত এইবাৰ এখন চিনেমাৰ ভিতৰত একেলগ হৈছে।জয়া | মঞ্জু বৰাৰ চিনেমাত পুত্ৰ অনিৰুদ্ধৰ নতুন অধ্যায় 6
‘দাউ হুদুনি মেথাই’ৰ পৰা ‘আমীষ’, ‘বিষকন্যাৰ দেশত’ হৈ ‘জয়া’লৈ অহা এই যাত্ৰাক সেয়ে কেৱল এগৰাকী সংগীতকাৰৰ কৰ্মপঞ্জী হিচাপে পঢ়িলে সম্পূৰ্ণ নহ’ব। ইয়াৰ মাজত আছে এটা পৰিয়ালৰ ভিতৰত গঢ় লৈ উঠা সৃষ্টিশীল সংলাপৰ ইতিহাসো। ‘জয়া’ সেই সংলাপৰ নতুন অধ্যায়।

Utpal Mena

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.