|উৎপল মেনা
“ভূপেন, তুমি গান গাওঁতে ছবি আঁকা। তোমাৰ সংগীতে ছবি আঁকে, কিন্তু মোৰ তুলিকাই গান গাব নোৱাৰে।” (“Bhupen, you paint when you sing. Your music paints, but my brush can’t sing.”/ উৎস: The Times of India, ১৯ অক্টোবৰ ২০০২।)
–মকবুল ফিদা হুচেইনে কৈছিল ভূপেন হাজৰিকাক। এই কথাষাৰ ভূপেন হাজৰিকাৰ সংগীতৰ অসাধাৰণ ব্যাখ্যা। কথাষাৰত স্পষ্ট– এজন চিত্ৰশিল্পীৰ আন এজন শিল্পীৰ প্ৰতি কৰা প্ৰশংসা, সংগীত আৰু চিত্ৰকলাৰ মাজত থকা এক গভীৰ সৃষ্টিশীল সম্পৰ্ক। হুচেইনৰ বাবে ভূপেন হাজৰিকাৰ গান শুনা মানে কেৱল সুৰ শুনা নহয়– সুৰৰ মাজেৰে একোখন ছবি অনুভৱ কৰা।
–এই মন্তব্যৰ পটভূমি মকবুল ফিদা হুচেইনৰ “গজগামিনী”। ২০০০ চনত মুক্তি পোৱা চিনেমা খনৰ সংগীতৰ দায়িত্ব ভূপেন হাজৰিকাক দিছিল হুচেইনে। কিন্তু এই সিদ্ধান্ত হঠাতে লোৱা নাছিল। ১৯৯৯ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশিত পৃতীশ নন্দীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হুচেইনে নিজেই কৈছিল যে বহুতে তেওঁক ভূপেনক নল’বলৈ পৰামৰ্শ দিছিল— কাৰণ ভূপেন হাজৰিকাই তথাকথিত জনপ্ৰিয় চিনেমাৰ সংগীতৰ ভাষা নাজানে বুলি তেওঁলোকৰ ধাৰণা আছিল। কিন্তু হুচেইনৰ উত্তৰ আছিল, তেওঁ “ভূপেনক প্ৰায় চল্লিশ বছৰ ধৰি জানে আৰু ভূপেনৰ লোকসংগীতৰ জ্ঞান অসাধাৰণ। অসমীয়া, বাংলা, জনজাতীয় আৰু লোকসংগীতৰ সৈতে তেওঁৰ যি সম্পৰ্ক, সেই সকলো গজগামিনীৰ সংগীতত ব্যৱহাৰ কৰা হৈছিল”। হুচেইনে স্পষ্টকৈ কৈছিল—‘He is a brilliant composer.’ লগতে তেওঁ কৈছিল, ‘I am very proud of the music of Gajagamini.’
এইখিনিতে হুচেইনৰ শিল্পদৃষ্টিৰ এটা গুৰুত্বপূৰ্ণ দিশ ধৰা পৰে। তেওঁ “গজগামিনী”ক কেৱল এখন সাধাৰণ সংগীতধৰ্মী চিনেমা হিচাপে ভাবি নাছিল। তেওঁৰ নিজৰ ভাষাত, হলিউডীয় অৰ্থত ‘মিউজিকেল’ নহয়; ভাৰতীয় ধাৰণাত ইয়াত গানে কাহিনী কয়। সময়, সংস্কৃতি আৰু মানুহৰ অভিজ্ঞতাক গান আৰু নৃত্যৰ মাজেৰে আগবঢ়াই নিয়াটোৱেই আছিল ফিডা হুচেইনৰ উদ্দেশ্য।
“গজগামিনী”ৰ কাহিনীৰ সময়সীমাও পৰম্পৰাগত নহয়। হুচেইনে ভাৰতীয় সংস্কৃতিৰ পাঁচ হাজাৰ বছৰৰ যাত্ৰাক এখন চিনেমাৰ ভিতৰত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ নায়িকা বিভিন্ন সময় আৰু পৰিৱেশৰ মাজেৰে গতি কৰে। কালিদাস, লিঅ’নাৰ্ডো দা ভিঞ্চি, তানসেন, পৌৰাণিকতা, লোককথা আৰু আধুনিকতাৰ মাজত সময়ৰ সীমা যেন ভাঙি যায়। হুচেইনৰ ভাষাত, ভাৰতীয় লোককথা আৰু লোকপৰম্পৰা সময়ৰ সীমা অতিক্ৰম কৰি বৰ্তমানতো জীয়াই থাকে।
এই অস্বাভাৱিক দৃশ্যভাষাৰ সৈতে সংগীত মিলাই দিয়াটো ভূপেন হাজৰিকাৰ বাবে সহজ কাম নাছিল। ভূপেন হাজৰিকাই পাছত স্মৰণ কৰিছিল– সাধাৰণতে সংগীত পৰিচালকক চিত্ৰনাট্য আৰু গীতৰ পৰিস্থিতি দিয়া হয়। কিন্তু গজগামিনীত হুচেইনে তেওঁক কেৱল এটা ‘abstract concept’ বা বিমূৰ্ত ধাৰণা দিছিল। দুয়োজনে প্ৰথমে ইজনে সিজনৰ সৃষ্টিশীল প্ৰয়োজন বুজিবলৈ চেষ্টা কৰিবলগীয়া হৈছিল।
এইখিনিতেই হুচেইনৰ সেই ‘তুমি গান গাওঁতে ছবি আঁকা’ মন্তব্যটোৰ তাৎপৰ্য অধিক স্পষ্ট হয়। হুচেইনৰ চিন্তাত ছবি আছিল ৰং, ৰেখা, আকাৰ আৰু দৃশ্যৰ সমষ্টি; ভূপেনৰ চিন্তাত সুৰ, শব্দ, কণ্ঠ আৰু ছন্দ। কিন্তু দুয়োৰে সৃষ্টিৰ ভিতৰত এটা মিল আছিল—দুয়োজনেই দৃশ্যমান কল্পনাক শিল্পৰ ভাষালৈ ৰূপান্তৰ কৰিছিল।
ভূপেন হাজৰিকাই ‘গজগামিনী”ৰ সংগীতৰ বাবে বিভিন্ন শৈলীৰ সংগীতক একেলগ কৰাৰ চেষ্টা কৰিছিল। তেওঁ নিজেই কৈছিল যে অস্বাভাৱিক কাহিনী কোৱাৰ পদ্ধতিৰ সৈতে খাপ খুৱাবলৈ তেওঁ সংগীতৰ বিভিন্ন শৈলীক অস্বাভাৱিকভাৱে একত্ৰিত কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, ‘দীপক ৰাগ’ৰ বাবে তেওঁ যথেষ্ট অনুসন্ধান কৰিছিল। কে. এল. ছাইগলৰ “জগমগ জগমগ দিয়া জ্বালাও…” গীতটো দীপক ৰাগৰ উদাহৰণ হিচাপে বিবেচনা কৰিব পৰা যায় নে নাই, সেইটো পৰীক্ষা কৰিবলৈ তেওঁ গুৰুসকলৰ সৈতে আলোচনা কৰিছিল; শেষত হৰিহৰণ আৰু সংগীত আয়োজক অনিল মোহিলেৰ সৈতে মিলি গীতটোৰ কাম আগবঢ়াইছিল।
‘দীপক ৰাগ’ এই অৰ্থত কেৱল এটা গীত নহয়; “গজগামিনী”ৰ সময় আৰু সংগীতৰ মাজৰ সম্পৰ্কৰ এটা উদাহৰণ। হুচেইনে যি ভাৰতীয় সাংস্কৃতিক স্মৃতিৰ বহুস্তৰীয় ছবি নিৰ্মাণ কৰিব বিচাৰিছিল, ভূপেন হাজৰিকাই তাৰ বাবে সংগীতৰ ভিতৰত ইতিহাস, শাস্ত্ৰীয় পৰম্পৰা আৰু আধুনিক চলচ্চিত্ৰ-শ্ৰৱণৰ মাজত এটা সেতু নিৰ্মাণ কৰিছিল।
আনহাতে ‘হামাৰা হংসা গয়া বিদেশ…’ত লোকজ অনুভৱৰ এটা সম্পূৰ্ণ পৃথিৱী মুকলি হয়। গীতটোৰ কথাত প্ৰিয়জনৰ বিদেশগমন, অপেক্ষা আৰু বিৰহৰ অনুভূতি আছে। ভূপেন হাজৰিকাৰৰ সংগীতত এই অনুভূতিয়ে চলচ্চিত্ৰৰ দৃশ্যৰ সৈতে মিলি এক লোকজ আবহ সৃষ্টি কৰে। ‘মেৰী পায়েল বোলে…’ৰ ক্ষেত্ৰত আকৌ নৃত্য, ছন্দ আৰু প্ৰেমৰ অনুভূতি মুখ্য হৈ উঠে। “গজগামিনী”ৰ সংগীত তালিকাত ভূপেন হাজৰিকাৰ সুৰত এই গীতসমূহৰ লগতে ‘দো সদিয়োঁ কে সংগম…’, ‘দীপক ৰাগ’, শ্লোক আৰু হুচেইনৰ নিজস্ব কণ্ঠৰ ‘য়ে গঠৰী তাজ কি তৰহ…’ আদি অন্তৰ্ভুক্ত হৈছিল।
অৰ্থাৎ “গজগামিনী”ৰ সংগীতত ভূপেন হাজৰিকাৰ আগৰ সংগীত-জগতৰ কেইবাটাও পৰিচিত উপাদান নতুন পৰিৱেশত প্ৰয়োগ হৈছিল– লোকসংগীত, শাস্ত্ৰীয় সংগীত, বিভিন্ন আঞ্চলিক সংগীত-অভিজ্ঞতা আৰু চলচ্চিত্ৰৰ দৃশ্যৰ প্ৰয়োজনত। হুচেইনে যি ‘ভাৰতীয়’ শিল্পভাষাৰ কথা কৈছিল, ভূপেন হাজৰিকাৰ সংগীতে সেই ধাৰণাটোক শ্ৰাব্য ৰূপ দিছিল।
ভূপেন হাজৰিকাৰ ভাষাতো “গজগামিনী” আছিল ‘entirely new experience’। ড° হাজৰিকাই কৈছিল, চিনেমাখনৰ বাবে তেওঁক অতি কঠিন আৰু অস্বাভাৱিক পৰিস্থিতিৰ সৈতে কাম কৰিবলগীয়া হৈছিল। আনকি তেওঁ “গজগামিনী”ত নিজৰ ‘তিনিটা শ্ৰেষ্ঠ গীত’ দিয়া বুলি ভাবিছিল আৰু কবিতা কৃষ্ণমূৰ্তিৰ ‘হংসা ৰে হংসা…’ক তেওঁৰ শ্ৰেষ্ঠ গীতসমূহৰ অন্যতম বুলি উল্লেখ কৰিছিল।
কিন্তু এই সহযোগিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয়তো গীতৰ সংখ্যা বা জনপ্ৰিয়তা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল– হুচেইনে ভূপেন হাজৰিকাৰ সংগীতত চিত্ৰকলাৰ এক বিকল্প ভাষা বিচাৰি পাইছিল।
ভূপেন হাজৰিকাই নিজেই আন এটা সাক্ষাৎকাৰত হুচেইনৰ মন্তব্যটো স্মৰণ কৰি কৈছিল– হুচেইনে ইংলেণ্ডৰ পৰা ফোন কৰি “গজগামিনী”ৰ সংগীত কৰিবলৈ তেওঁক অনুৰোধ কৰিছিল।
ভূপেন হাজৰিকাই আচৰিত হৈছিল– ৰবিশংকৰ আৰু আলী আকবৰ খানৰ দৰে সংগীতজ্ঞ থকা সত্ত্বেও হুচেইনে তেওঁক কিয় বিচাৰিলে? হুচেইনৰ উত্তৰ আছিল– ‘ভূপেন, তুমি গান গাওঁতে ছবি আঁকা। তোমাৰ সংগীতে ছবি আঁকে, কিন্তু মোৰ তুলিকাই গান গাব নোৱাৰে।’ ভূপেনে ইয়াক তেওঁৰ সংগীত জীৱনত পোৱা ‘best compliment’ বুলি কৈছিল আৰু লগতে কৈছিল—‘I think this is the ultimate way to describe my music.’
এজন চিত্ৰশিল্পীয়ে এজন সংগীতজ্ঞৰ সংগীতক বৰ্ণনা কৰিবলৈ ‘চিত্ৰ’ৰ ভাষা ব্যৱহাৰ কৰিছে। আৰু সংগীতজ্ঞৰ গৰাকীয়ে নিজেই সেই ব্যাখ্যাক নিজৰ সংগীতৰ ‘ultimate’ বৰ্ণনা বুলি গ্ৰহণ কৰিছে। ইয়াৰ মাজত ভূপেন হাজৰিকাৰ শিল্পীসত্তাৰ এটা বিশেষ বৈশিষ্ট্য ধৰা পৰে— তেওঁৰ সংগীত শুনাৰ লগতে অনুভৱ কৰিব পাৰি, কল্পনা কৰিব পাৰি চকুৰ আগত একোখন চলছবিও ভাঁহি উঠে।







Add comment