|উৎপল মেনা
“ভাইমনদা” -ৰ পৰিচালক শশাংক সমীৰে দ্বিতীয়খন চিনেমাৰ কাম আৰম্ভ কৰিছে। আশা কৰিছিলোঁ– প্ৰথম স্বাধীন পৰিচালনাতে সফলতাৰ কটা পৰিচালক গৰাকীৰ দ্বিতীয়খন পৰিচালনা জুবিন কেন্দ্ৰিক হ’ব! কিন্তু কালি সামাজিক মাধ্যমত পালোঁ– চিনেমাখন খেলকেন্দ্ৰিক। নাম ‘পাঞ্জা’।
নামটোতে বিষয়বস্তু স্পষ্ট।
পাঞ্জা– অৰ্থাৎ হাতৰ শক্তিৰ এই প্ৰতিযোগিতামূলক খেলক কেন্দ্ৰ কৰি চিনেমা নিৰ্মাণৰ উদাহৰণ বিশ্ব চিনেমাত খুব বেছি নাই।
ইংৰাজী ভাষাৰ আমেৰিকান চিনেমা ‘অ’ভাৰ দ্য টপ’ (১৯৮৭) এই ক্ষেত্ৰত আটাইতকৈ পৰিচিত উদাহৰণ সমূহৰ অন্যতম। ছিলভেষ্টাৰ ষ্টেলনে অভিনয় কৰা চিনেমাখনত লিংকন হক নামৰ এজন ট্ৰাকচালক আৰু পাঞ্জা খেলুৱৈৰ জীৱনক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়ে। পুত্ৰৰ সৈতে সম্পৰ্ক পুনৰ গঢ়ি তোলা আৰু পাঞ্জা প্ৰতিযোগিতাৰ চেম্পিয়নশ্বিপ জয় কৰাৰ চেষ্টা– দুয়োটাই কাহিনীৰ গুৰুত্বপূৰ্ণ অংশ।
২০১৮ চনত দক্ষিণ কোৰিয়াত নিৰ্মাণ হোৱা ‘চেম্পিয়ন’ আন এটা উল্লেখযোগ্য উদাহৰণ। চিনেমাখনৰ নায়ক মাৰ্ক এজন এসময়ৰ পাঞ্জা চেম্পিয়ন। আমেৰিকাৰ পৰা দক্ষিণ কোৰিয়ালৈ উভতি অহাৰ পাছত তেওঁ পুনৰ পাঞ্জা প্ৰতিযোগিতালৈ ঘূৰি অহাৰ চেষ্টা কৰে। কোৰিয়ান ফিল্ম কাউন্সিলে চিনেমা খনক দক্ষিণ কোৰিয়াৰ প্ৰথম পাঞ্জা-কেন্দ্ৰিক চিনেমা হিচাপে উল্লেখ কৰিছে।
‘গ’ল্ডেন আৰ্ম’ (২০২১) আমেৰিকাৰ এখন হাস্যৰসাত্মক চিনেমা। ইয়াৰ কাহিনীৰ কেন্দ্ৰত আছে মহিলা পাঞ্জা প্ৰতিযোগিতা। এগৰাকী সাধাৰণ ৰান্ধনীয়ে মহিলা পাঞ্জা চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ লোৱাৰ কাহিনী চিনেমাখনৰ মূল আধাৰ।
‘পি. কে. এণ্ড দ্য কিড’ (১৯৮২) আমেৰিকাৰ আন এখন চিনেমা, য’ত এজন পাঞ্জা খেলুৱৈ আৰু এজন ঘৰৰ পৰা পলাই অহা কিশোৰৰ যাত্ৰাৰ সৈতে ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ প্ৰেক্ষাপট জড়িত হৈ আছে।
‘আৰ্ম ৰেছলিং ৰুলেট’ (২০১৯)-তো পাঞ্জা প্ৰতিযোগিতাক কাহিনীৰ কেন্দ্ৰলৈ অনা হৈছে।
অৱশ্যে ভাৰতীয় চিনেমাতো পাঞ্জা একেবাৰে অনুপস্থিত নহয়। তামিল ভাষাৰ ‘পুধুকোট্টাইয়িলিৰুন্ধু সৰৱানন’ (২০০৪) আৰু ‘অমৰকালম’ (১৯৯৯) আদি চিনেমাৰ কাহিনী-প্ৰবাহৰ কোনো কোনো পৰ্যায়ত পাঞ্জা খেলৰ উপস্থিতি দেখা যায়। কিন্তু এই চিনেমাকেইখনৰ মূল বিষয় পাঞ্জা নহয়; কাহিনীৰ গতিতহে পাঞ্জা আহিছে।
এতিয়ালৈকে পোৱা তথ্য অনুসৰি, পাঞ্জা খেলক কাহিনীৰ মূল বিষয় আৰু কেন্দ্ৰীয় সংঘাত হিচাপে লৈ নিৰ্মিত ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ উদাহৰণ বিচাৰি পোৱা নাই। সেয়ে শশাংক সমীৰৰ ‘পাঞ্জা’ক পাঞ্জা খেলক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ হোৱা প্ৰথম ভাৰতীয় চিনেমা বুলি ক’ব পাৰি।
ভাৰতত ক্ৰীড়াক কেন্দ্ৰ কৰি বহু চিনেমা ইতিমধ্যে নিৰ্মাণ হৈছে। ‘পাঞ্জা’ৰ বিশেষত্ব কাহিনী-ৰেখালৈ আনিবলৈ সাজু কৰা খেলবিধৰ বাছনিত– এনে এটা খেল, যিটো ভাৰতীয় জনজীৱনত পৰিচিত যদিও মূলধাৰাৰ চিনেমাত এতিয়াও প্ৰায় অনালোচিত।
সেই অৰ্থত শশাংক সমীৰৰ দ্বিতীয়খন চিনেমা ‘পাঞ্জা’ কেৱল এখন নতুন ক্ৰীড়া-চিনেমা নহয়; অসমীয়া চিনেমাতো এক নতুন বিষয়ৰ দুৱাৰ মুকলি কৰাৰ এক সম্ভাৱনাময় প্ৰয়াস।







Add comment