গুৱাহাটী, ২ নৱেম্বৰ: ভাৰতৰ সমৃদ্ধ শাস্ত্ৰীয় নৃত্য, সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল উপস্থাপনেৰে ১ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সুৰ সংগমৰ ‘ফেষ্টিভেল অৱ ডান্স এণ্ড মিউজিক ২০২৬’। বিভিন্ন শাস্ত্ৰীয় নৃত্যশৈলী, সংগীত, শিল্পীলৈ শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অনুষ্ঠানেৰে সমৃদ্ধ এই মহোৎসৱে দৰ্শকক এক মনোমোহা সাংস্কৃতিক সন্ধিয়াৰ সোৱাদ দিয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে আঁত ধৰোঁতাৰ আদৰণি ভাষণৰ পিছতে নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি মহোৎসৱৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সুৰ সংগমৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে প্ৰতিষ্ঠানটোৰ থীম ছং পৰিৱেশন কৰে। গীতটোৰ কথা, সুৰ আৰু সংগীত পৰিচালনা কৰিছিল গুৰু জয় প্ৰকাশ মেধিয়ে। ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি এই অনুষ্ঠানতে ‘মোৰ গীতৰ হেজাৰ শ্ৰোতা’ শীৰ্ষক এটি সমবেত সংগীতো পৰিৱেশন কৰা হয়।
মহোৎসৱৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী আছিল বিশেষ সম্বৰ্ধনা অনুষ্ঠান। সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক বিপুল চন্দ্ৰ দাস, ড০ মল্লিকা কন্দলী, ভাস্কৰজ্যোতি ওজা আৰু চেতনা দাসক সুৰ সংগমৰ সভানেত্ৰী হেমপ্ৰভা দেৱী আৰু উপ-সভানেত্ৰী গীতাঞ্জলি ভট্টাচাৰ্যই সম্বৰ্ধনা জনায়।
সাংস্কৃতিক সন্ধিয়াটোত কথক নৃত্যৰ বিভিন্ন মনোমোহা পৰিৱেশনে বিশেষ আকৰ্ষণ সৃষ্টি কৰে। তিনতাল মধ্য লয়ত শুদ্ধ নৃত্যৰ প্ৰাৰম্ভিক দলীয় পৰিৱেশনেৰে আৰম্ভ হোৱা কথকৰ বিভিন্ন অনুষ্ঠানত তিনতাল আৰু ঝাপতালৰ উপস্থাপন অন্তৰ্ভুক্ত আছিল। মাহিতা শইকীয়াই মীৰাবাইৰ কৃষ্ণভজনৰ আধাৰত এক মনোগ্ৰাহী কথক পৰিৱেশন কৰে। আনহাতে, জ্যেষ্ঠ আৰু অভিজ্ঞ নৃত্যশিল্পীৰ দলে ‘দৰবাৰী চালামী’, ‘পঞ্চম সাৱাৰী’ আৰু ‘তিনতাল’ৰ বিস্তৃত উপস্থাপনেৰে কথকৰ লয়কাৰী আৰু কাৰিকৰী দক্ষতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে।
সত্ৰীয়া নৃত্যৰ শিতানত কাকলি বেজবৰুৱা, নয়নতৰা বৰদলৈ আৰু ভাস্বতী কুমাৰীয়ে ‘পঞ্চভূত মংগলম’ পৰিৱেশন কৰে। ইয়াৰ পিছতে শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ আধাৰত ‘কানাইৰ কমল মুখ’ শীৰ্ষক অভিনয়ধৰ্মী নৃত্যই দৰ্শকৰ সমাদৰ লাভ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ কালিয়াদমন অংকীয়া নাটৰ গীতৰ আধাৰত ‘কালা কানু’ শীৰ্ষক সত্ৰীয়া নৃত্যও আছিল সন্ধিয়াটোৰ অন্যতম আকৰ্ষণ। এই আটাইকেইটা সত্ৰীয়া নৃত্যৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছিল কাকলি বেজবৰুৱাই।
সংগীতৰ শিতানত ৰাগ খামাজত ঝাপতাল আৰু তিনতালৰ আধাৰত ‘স্বৰ্গম গীত’ পৰিৱেশন কৰা হয়। গুৰু দামোদৰ বৰাৰ স্মৃতিত ৰাগ কেদাৰত অদ্ধা তিনতালত নিবেদন কৰা ৰাগপ্ৰধান সংগীতেও বিশেষ মৰ্যাদা লাভ কৰে। ইয়াৰ উপৰি ৰাগ য়মন কল্যাণ আৰু অদ্ধা তিনতালত ‘সৰস্বতী বন্দনা’ পৰিৱেশন কৰা হয়। ইয়াৰ সুৰ আৰু সংগীত পৰিচালনাৰ দায়িত্বত আছিল গুৰু জয় প্ৰকাশ মেধি।

বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি পৰিৱেশন কৰা ‘চৰণ নেপুৰ ধ্বনি’ আছিল অনুষ্ঠানৰ আন এক উল্লেখযোগ্য আকৰ্ষণ। দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ আধাৰত প্ৰস্তুত কৰা এই অৰ্ধশাস্ত্ৰীয় নৃত্যৰচনাত কণ্ঠদান কৰে গায়ত্ৰী হাজৰিকাই আৰু সংগীত পৰিচালনা কৰে জয় প্ৰকাশ মেধিয়ে। আনহাতে, অঞ্জনাময়ী শইকীয়া আৰু তেওঁৰ দলৰ ওড়িশী নৃত্য পৰিৱেশনেও মহোৎসৱটোত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বৈচিত্ৰ্যৰ আন এক সুন্দৰ দিশ উন্মোচন কৰে।
অনুষ্ঠানত শিৱস্তোত্ৰৰ পিছতে ৰাগ মালকোষ আৰু তিনতালত তৰানা পৰিৱেশন কৰা হয়। দেৱাৰতি চৌধুৰী আৰু সুনীতা কৌশিকে কথক আধাৰিত ‘বিজুলিৰ পোহৰ মোৰ নাই’ শীৰ্ষক নৃত্যৰচনা পৰিৱেশন কৰে। আনহাতে, জুবিন গাৰ্গৰ কণ্ঠত পৰিৱেশিত ৰবীন্দ্ৰ সংগীতৰ আধাৰত দীপশিখা সৰকাৰ, দিয়া বৰুৱা আৰু পায়েল দেৱনাথে এক সৃজনশীল নৃত্য নিবেদন কৰে। কংকনজিৎ পাটোৱাৰী আৰু তেওঁৰ দলৰ সৃজনশীল নৃত্য পৰিৱেশনেও অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে।
এই উপলক্ষে মেঘৰঞ্জনী মেধিয়েও কথক শুদ্ধ নৃত্যৰ কেইবাটাও মনোগ্ৰাহী পৰিৱেশন আগবঢ়ায়। যোৰহাটৰ পৰা অহা পিংকু প্ৰিয়ম বৰদলৈ আৰু প্ৰিয়ংকা বৰদলৈৰ ‘দেশ বন্দনা’ পৰিৱেশনেও মহোৎসৱটোত আন এক সাংস্কৃতিক মাত্ৰা সংযোজন কৰে।
মহোৎসৱটোৰ বিভিন্ন সংগীত আৰু নৃত্য পৰিৱেশনত তবলা, ভায়লিন, চিতাৰ, হাৰমনিয়াম, বাঁহী, পাখোৱাজ আৰু অন্যান্য তালবাদ্যৰ সংগতে বিশেষ ভূমিকা পালন কৰে। ঋষিকেশ শৰ্মা, কামান গগৈ, জোনালী কেওট গুপ্তা, জয় প্ৰকাশ মেধি, টুলটুল দাস, তপন ডেকা আৰু বোল পঢ়নত মেঘৰঞ্জনী মেধিকে ধৰি কেইবাগৰাকীও শিল্পীয়ে সংগীতৰ সহযোগিতা আগবঢ়ায়।







Add comment