গোৱালপাৰা জিলাৰ দহিকটা ভোজমালাত অসম নাট্য সন্মিলনৰ ‘নাট্য সন্মিলন সপ্তাহ’ৰ শুভাৰম্ভ কৰা হয়। সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসৰ সামগ্ৰিক সঞ্চালনাত ১২ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত হয়।
উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক সাংবাদিক অতুল মজুমদাৰে ‘সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা : ৰক্ষণশীল সমাজৰ বাবে প্ৰত্যাহ্বান’ শীৰ্ষক তাত্ত্বিক বক্তৃতা প্ৰদান কৰে। তেওঁ কয়, “ব্ৰজনাথ শৰ্মা ৰক্ষণশীল সমাজৰ বাবে প্ৰত্যাহ্বান আছিল। ব্ৰজনাথ শৰ্মাই নিজেই কৈছিল যে ডুমডুমাত সহ-অভিনয়ৰ শুভাৰম্ভ কৰি তেওঁ অসমক ৫০ বছৰ আগলৈ লৈ গৈছিল। কিন্তু অসমক ৫০ বছৰ অপেক্ষা কৰিবলগীয়া নহ’ল। কিছু বছৰৰ পাছতেই অচ্যুত লহকৰৰ ভ্ৰাম্যমাণ থিয়েটাৰে সহ-অভিনয়ৰ লগতে থিয়েটাৰক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ বাট মুকলি কৰিলে।”
কৃষ্ণাইৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত অৱস্থিত হাব্ৰাঘাট শিৱ মন্দিৰ প্ৰাংগণত পুৱা সন্মিলনৰ কাৰ্যকৰী সভাপতি মৃগেন চন্দ্ৰ বড়াই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত সন্মিলনৰ উপ-সভাপতি জয়ন্ত হাজৰিকা আৰু ৰত্নপীঠ মণ্ডলৰ উপ-সভাপতি আব্দুল হাইয়ে অংশগ্ৰহণ কৰে।
অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে ৰত্নপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি আহিদ খান, উপ-সভাপতি ধীৰেন বৰ্মন, গোৱালপাৰা জিলা সমিতিৰ সভাপতি অশোক কুমাৰ নাথ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক কৃষ্ণ দেৱ নাথে।
সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয় হাচান শ্বৰিফ আৰু তফজ্জুল আলিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰত্নপীঠ মণ্ডলৰ সম্পাদক প্ৰাণজিৎ লোচন শৰ্মা আৰু সাংগঠনিক সম্পাদক নৱ কুমাৰ শৰ্মাই।
অনুষ্ঠানৰ অন্যতম কেন্দ্ৰবিন্দু সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰত্নপীঠ মণ্ডলৰ সহকাৰী সম্পাদক প্ৰাঞ্জল গোস্বামী আৰু গোৱালপাৰা জিলাৰ উপ-সভাপতি সুকধন ৰাভাই।
দুপৰীয়া ১২ বজাত অনুষ্ঠিত শিল্পী সম্বৰ্ধনা সভাত বিশিষ্ট অভিনেতা হৰেন্দ্ৰ চন্দ্ৰ নাথ, বিশিষ্ট বাদ্যশিল্পী উৎসৱানন্দ নাথ আৰু অভিনেতা লৱ কুমাৰ পাটগিৰিক সম্বৰ্ধনা জনোৱা হয়।
১২.৩০ বজাত অনুষ্ঠিত মুকলি অধিৱেশনত সভাপতিত্ব কৰে সন্মিলনৰ সভাপতি জিতেন শৰ্মাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু সাহিত্যিক বিনোদ ভাগৱতীয়ে ব্ৰজনাথ শৰ্মাৰ জীৱন আৰু কৃতিৰ বিভিন্ন দিশ গভীৰভাৱে বিশ্লেষণ কৰে।
সন্মানীয় অতিথি হিচাপে ৰত্নপীঠ মণ্ডলৰ সভাপতি অভিজিত দাস আৰু প্ৰচাৰ সম্পাদক পংকজ মুদিয়াৰে ব্ৰজনাথ শৰ্মাৰ অৱদান তথা ‘নাট্য সন্মিলন সপ্তাহ’ৰ প্ৰাসংগিকতাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত কামপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি চন্দ্ৰধৰ ডেকা, কোষাধ্যক্ষ ভূপেন ডেকা, সাংগঠনিক সম্পাদকদ্বয় তৰুণ দাস আৰু ডিম্বেশ্বৰ শৰ্মা, তথা কাৰ্যকৰী সদস্য বিশ্বজিৎ কলিতাই অতিথি হিচাপে অংশগ্ৰহণ কৰে।
কনক কৃষ্ণ দেৱ নাথৰ কবিতা আবৃত্তি, কস্তুৰী নাথৰ গীত আৰু মৃগেন চন্দ্ৰ বড়াৰ নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ নাটৰ সংলাপ প্ৰক্ষেপণে উপস্থিত ৰাইজক আপ্লুত কৰে।
অনুষ্ঠানতে সন্মিলনৰ নলবাৰী শাখা, কৈঠালকুছি, তামুলপুৰ আৰু ধুবুৰী শাখাৰ নৱীকৰণ কৰা হয়। ইয়াৰ জৰিয়তে সপ্তাহজোৰা নৱীকৰণ কাৰ্যসূচীৰো শুভাৰম্ভ ঘটে।
সামৰণি অনুষ্ঠানত শাখা সভাৰ সম্পাদক মৃগেন পাটগিৰি আৰু অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে শলাগ জ্ঞাপন কৰে। (প্ৰেছ বিজ্ঞপ্তি)







Add comment