Rupaliparda.com
ভবেন বৰুৱা বঁটা-২০২৬ | আভিনেত্ৰী মলয়া গোস্বামীলৈ... | ৩ চেপ্তেম্বৰত 1

ভবেন বৰুৱা বঁটা-২০২৬ | আভিনেত্ৰী মলয়া গোস্বামীলৈ… | ৩ চেপ্তেম্বৰত

“ভবেন বৰুৱা বঁটা-২০২৬” প্ৰদান কৰা হ’ব অসম অসমীয়া চিনেমা, নাটকৰ অভিনেত্ৰী মলয়া গোস্বামীক। –জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদ,সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা,নাট পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি পাৰ্থ প্ৰতীম শৰ্মা,শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মা,সম্পাদক মৃণাল কুমাৰ বৰ্মনে এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। অহা ৩ চেপ্তেম্বৰ তাৰিখে নলবৰীৰ নাট্য মন্দিৰত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব।ভবেন বৰুৱা বঁটা-২০২৬ | আভিনেত্ৰী মলয়া গোস্বামীলৈ... | ৩ চেপ্তেম্বৰত 2

উল্লেখ্য যে,অসমৰ প্ৰতিজন নাট্যৰসিক,পেচাদাৰী,অপেচাদাৰী নাট্যক্ষেত্ৰৰ স’তে জড়িত শিল্পী,কলা-কুশলীৰ দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একো গৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে। মন কৰিব লগীয়া যে শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যে ২০০৯ বৰ্ষত বিশিষ্ট নাট পৰিচালক-সুদক্ষ অভিনেতা দুলাল ৰয়, ২০১০ বৰ্ষত গুৰুজী আদ্য শৰ্মা, ২০১১ বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰবৰ্ত্তী, ২০১৩ বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা,২০১৪ বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, ২০১৫ বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, ২০১৬ বৰ্ষত মঞ্চসূৰ্য,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন, ২০১৭ বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ,অভিনেতা,পৰিচালক,গীতিকাৰ হেমন্ত দত্ত,২০১৮ বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও, ২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদ,২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, ২০২১ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামী, ২০২২ বৰ্ষত দীনেশ দাস, ২০২৩ বৰ্ষত ভবেশ বৰুৱা, ২০২৪ বৰ্ষত ৰীণা বৰা, ২০২৫ বৰ্ষত অৰুণ নাথক “ভবেন বৰুৱা বঁটা” প্ৰদান কৰিছে।উল্লেখ্য যে, এই বঁটাত থাকিব নগদ ১৫,০০০ টকা, ফুলাম গামোছা, চেলেং চাদৰ,ফুলাম জাপি,মানপত্ৰ,শৰাই আৰু স্মাৰক আদি। (সংবাদ: অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যৰ সৌজন্যত)

Utpal Mena

Add comment

Leave a Reply

Most popular