Rupaliparda.com
সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা | উন্মোচন  1

সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা | উন্মোচন 

সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা | উন্মোচন  2অসমৰ বিশিষ্ট নাট্যকৰ্মী তথা নাট পৰিচালক সীমান্ত ফুকনৰ সুদীৰ্ঘ নাট্যযাত্ৰাক সন্মান জনাই প্ৰকাশ কৰা ‘সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন আজি, ৮ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে। উন্মোচনী ভাষণত প্ৰশান্ত ৰাজগুৰুৱে সীমান্ত ফুকনৰ নাট্য যাত্ৰাৰ বিষয়ে বক্তব্য ৰাখি কয়– যিকেইজন নাট্যকৰ্মীয়ে অসমৰ এমেচাৰ নাটকক নতুন নতুন সম্প্ৰৰীক্ষাৰে গতিশীলতা প্ৰদান কৰি আছে তাৰ ভিতৰত সীমান্ত ফুকন অন্যতম।

নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা), দেৰগাঁৱৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীৰ উদ্যোগত প্ৰকাশিত গ্ৰন্থখন সম্পাদনা কৰিছে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা আৰু শিক্ষাবিদ ড° সুৰেন্দ্ৰ নাথ বড়াই। সীমান্ত ফুকনৰ সুদীৰ্ঘ নাট্যজীৱন, নাট্যচিন্তা, কৰ্মযাত্ৰা আৰু অসমৰ নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ লগতে তেওঁৰ সৈতে জড়িত বিভিন্নজনৰ স্মৃতি, অভিজ্ঞতা আৰু মূল্যায়ন গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, সচিব সুদৰ্শন ঠাকুৰকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰণয়নৰ আঁৰৰ কথা ব্যক্ত কৰে জয়ন্ত মাধৱ বৰাই। এমেচাৰ থিয়েটাৰৰ প্ৰত্যাহবান সম্পৰ্কে বক্তব্য ৰাখে প্ৰাঞ্জল শইকীয়াই।

গ্ৰন্থ উন্মোচনৰ পাছতে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে শিশু নাটক ‘চিলা—Wings of Life’। জ্যোতিপ্ৰসাদ ভূঞাৰ ৰচনা আৰু বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ পৰিচালনাত মঞ্চস্থ হোৱা নাটকখনে উপস্থিত দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে।সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা | উন্মোচন  3

৯ আগষ্টত একেটা প্ৰেক্ষাগৃহতে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে পৰিৱেশন কৰিব ব্যতিক্ৰমী নাট্যপ্ৰযোজনা ‘তাই হেনো পাটমাদৈ’। শিৱানী বৰাৰ উপন্যাসৰ আধাৰত নাট্যকাৰ বিনয় শইকীয়াই নাট্যৰূপ দিয়া নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা সীমান্ত ফুকনৰ। আহোম ইতিহাস আৰু ঐতিহ্যৰ লগতে নাৰীজীৱন আৰু গভীৰ মানৱীয় অনুভূতিক কেন্দ্ৰ কৰি নিৰ্মিত নাটকখনৰ দুটা দৰ্শনী—বিয়লি ৪.৩০ বজাত আৰু সন্ধিয়া ৬.৪৫ বজাত অনুষ্ঠিত হব।

নাটকখনৰ দুয়োটা দৰ্শনীতে নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ কৰ্মকৰ্তা সকলে আন্তৰিকতাৰে কামনা কৰিছে। (প্ৰেছ বিজ্ঞপ্তি)সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা | উন্মোচন  4

গ্ৰন্থ খনত rupaliparda.com -ৰ সম্পাদক উৎপল মেনাৰ লগতে লিখিছে– পৰাগ শৰ্মা, ড° অৰূপ বৰঠাকুৰ, হিল্লোল কুমাৰ পাঠক, উপকুল বৰদলৈ, পঙ্কজজ্যোতি ভূঞা, সপোনটি বৰদলৈ, জিন্টু ভট্টাচার্য, বিনয় শইকীয়া, প্রাঞ্জল শইকীয়া, ড° অনিল শইকীয়া, সুদর্শন ঠাকুৰ, পূর্ণিমা পাঠক শইকীয়া, অৰুণ নাথ, মলয়া গোস্বামী, বিতোপন বৰা, প্ৰদীপ গগৈ আদিয়ে।

Utpal Mena

Add comment

Leave a Reply

Most popular