২০২৬–২৭ ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ বাবে অসমৰ অধিকাংশ ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ। যোৱা জুলাই মাহৰ পৰা আৰম্ভ হোৱা নাটক, গীত, নৃত্য আৰু সংগীতৰ আখৰা এতিয়া অন্তিম পৰ্যায়ত। অহা ১৫ আগষ্টৰ ভিতৰত আখৰা সম্পূৰ্ণ কৰি দৰ্শকৰ সন্মুখলৈ যাবলৈ সাজু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলী আৰু কাৰিকৰী কৰ্মীসকল।
নতুন নাট্যবৰ্ষৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে ইতিমধ্যে অধিকাংশ দল সম্পূৰ্ণ সাজু। নাটক, গীত, নৃত্য আৰু শিল্পীসকলক কেন্দ্ৰ কৰি নাট্যৰসিকৰ মাজতো বৃদ্ধি পাইছে উৎসাহ। বিভিন্ন মহলত আৰম্ভ হৈছে নতুন নাট্যবৰ্ষৰ নাটকক লৈ চৰ্চা। কোনটো নাট্যদলে কেনে বিষয়বস্তু দৰ্শকৰ সন্মুখলৈ আনিছে, কোনজন নাট্যকাৰে কি নতুন কাহিনী উপস্থাপন কৰিছে, কোন শিল্পীয়ে কি চৰিত্ৰত অভিনয় কৰিছে—এইবোৰক লৈও সৃষ্টি হৈছে কৌতূহল।
এইবাৰৰ নাট্যবৰ্ষৰ আন এটা লক্ষণীয় দিশ হৈছে—একাংশ প্ৰধান নাট্যকাৰে একাধিক নাট্যদলৰ বাবে নাট ৰচনা কৰিছে। বিশেষকৈ অভিজিৎ ভট্টাচাৰ্য, চম্পক শৰ্মা, প্ৰণৱ বৰুৱা, প্ৰণৱ বৰ্মন, ধ্ৰুৱজ্যোতি শৰ্মা, জিতেন শৰ্মা আৰু প্ৰশান্ত মেনাৰ দৰে নাট্যকাৰৰ কেইবাখনো নাটক বিভিন্ন দলৰ নাট্যসূচীত স্থান লাভ কৰিছে।
বৰদৈচিলা থিয়েটাৰ–
প্ৰযোজক– নজৰুল ইছলাম, বৰদৈচিলা থিয়েটাৰে এইবাৰ তিনিখন নাটক লৈ দৰ্শকৰ সন্মুখলৈ আহিব। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মৰি যাম তোমাৰ বাবে’, চম্পক শৰ্মাৰ ‘দফা ৩০২’ আৰু প্ৰণৱ বৰ্মনৰ ‘অভিমান’ দলটোৰ নাট্যসূচীত আছে।
‘দফা ৩০২’ ইতিমধ্যে নাট্যৰসিকৰ মাজত চৰ্চিত হৈছে। আনহাতে ‘মৰি যাম তোমাৰ বাবে’ আৰু ‘অভিমান’ৰ বিষয়বস্তুক লৈও দৰ্শকৰ মাজত আগ্ৰহ সৃষ্টি হৈছে। বৰদৈচিলাৰ মঞ্চত অভিনয় কৰিব মৃদুল ভূঞা, যোগেশ কাশ্যপ, কাজল শৰ্মা আদি। 
ৰাজমুকুট থিয়েটাৰ
প্ৰযোজক– মানস কলিতা
ৰাজমুকুট থিয়েটাৰে এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মহাযুদ্ধৰ খলনায়িকা’ আৰু ‘মনালিছাৰ চিৎকাৰ’ মঞ্চস্থ কৰিব। ইয়াৰ লগতে পল্লৱ পৱনৰ ‘মালিক’ দলটোৰ আন এখন উল্লেখযোগ্য প্ৰযোজনা।
তিনিখন নাটকৰ বিষয়বস্তুৰ বৈচিত্ৰ্যই ৰাজমুকুটৰ এইবাৰৰ নাট্যসূচীক বিশেষ আকৰ্ষণীয় কৰি তুলিছে।
ৰাজমুকুট মঞ্চত অভিনয় কৰিব ক্ৰমে সঞ্জীৱ শৰ্মা, জেফি বক্সি, মুনমী ফুকন, শ্যামন্তিকা শৰ্মা, ভাস্কৰ বৰ্মণ আদি।
সূৰ্য থিয়েটাৰ-
প্ৰযোজক– মুনীন্দ্ৰ বৰ্মন
সূৰ্য থিয়েটাৰৰ ২০২৬–২৭ নাট্যবৰ্ষৰ নাট্যসূচীত আছে অভিজিৎ ভট্টাচাৰ্যৰ ‘মায়াহীন ৰাতিৰ কোলাত’ আৰু ‘মই তোমাৰ কাষতে আছো’। ইয়াৰ লগতে প্ৰশান্ত মেনাৰ ‘অংগুলিমানৰ অনামিকা’ নাটখনো এইবাৰৰ প্ৰযোজনা।
বিশেষকৈ ‘মই তোমাৰ কাষতে আছো’ ইতিমধ্যে সামাজিক মাধ্যমৰ প্ৰচাৰৰ জৰিয়তে দৰ্শকৰ মাজত পৰিচিত হৈছে। সূৰ্যৰ মঞ্চত অভিনয় কৰিব ক্ৰমে প্ৰসেনজিৎ বৰা, সুকন্যা ৰাজগুৰু, অৰুণ বৰা, মঞ্জিল বৰুৱা আদি।
ইতিহাস থিয়েটাৰ–
প্ৰযোজক–সুভাষ চন্দ্ৰ দাস
ইতিহাস থিয়েটাৰে এইবাৰ তিনিখন নাটক লৈ সাজু হৈছে। নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনি খন নাটক ক্ৰমে –‘‘সাগৰ বৰুৱা আহি আছে’’, ‘’কাবুলীৱালা’’ আৰু ‘’ভিক্ষাৰী’’ ইতিহাস নাট্য দলটোৰ ২০২৬–২৭ নাট্যবৰ্ষৰ মূল আকৰ্ষণ।
তিনিখন নাটকৰ নামতেই ভিন্ন সামাজিক আৰু মানৱীয় অনুষংগৰ ইংগিত পোৱা যায়। অভিনয় কৰিব তপন দাস, চিন্ময় কটকী, বিপুল বৰা, প্ৰণৱ শৰ্মা, দিপাংকৰ কৌশিক, বাবলি বৰা, পংকজ বৰা, কস্তুৰী বৰা, শিশু শিল্পী জেনেলিয়া ৰাজবংশী আদি।
ৰাজধানী থিয়েটাৰ–
প্ৰযোজক– মল্লিকা ৰয়
ৰাজধানী থিয়েটাৰৰ এইবাৰৰ নাট্যসূচীত আছে চম্পক শৰ্মাৰ ‘খলনায়ক’, প্ৰণৱ বৰুৱাৰ ‘মায়াজাল’ আৰু প্ৰশান্ত মেনাৰ ‘মহাবলীৰ মধুবালা’।
বিষয়বস্তু আৰু নাট্য-শৈলীৰ ক্ষেত্ৰত তিনিওখন নাটকৰ মাজত বৈচিত্ৰ্য থকাৰ সম্ভাৱনাই ৰাজধানীৰ নাট্যবৰ্ষক আকৰ্ষণীয় কৰি তুলিছে।
অভিনয় কৰিব ক্ৰমে চম্পক শৰ্মা, মৃদুল বৰুৱা, ৰাতুল দাস, ৰাতুল শইকীয়া, সীমান্ত কাশ্যপ, কবিতা চুতীয়া, হিমানী কলিতা, মনোজ কাশ্যপ আদি।
ৰাজতিলক থিয়েটাৰ–
প্ৰযোজক– মধুমিতা দেৱী।
ৰাজতিলক থিয়েটাৰে এইবাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘বাট চাম তোমালে বন্ধু’, জিতেন শৰ্মাৰ ‘ৰণক্ষেত্ৰ’ আৰু অভিজিৎ ভট্টাচাৰ্যৰ ‘যৌৱন এজাক ধুমুহা’ লৈ নাট্য যাত্ৰা কৰিব।
দলটোৰ প্ৰযোজনা আৰু প্ৰস্তুতিক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ ‘যৌৱন এজাক ধুমুহা’ নামটোৱে যুৱ-মনস্তত্ত্ব আৰু সমকালীন আবেগৰ প্ৰতি ইংগিত বহন কৰিছে।
ৰাজতিলকৰ মঞ্চত অভিনয় কৰিব ক্ৰমে ৰাগ ঐনিতম, নন্দিনী কাশ্যপ,
নিতুল বালাজী, উত্তম দত্তকে অন্যান্য সকল।
বৃন্দাবন থিয়েটাৰ–
প্ৰযোজক- গণেশ ৰায় মেধি (বঙ্কিম)
বৃন্দাবন থিয়েটাৰৰ এইবাৰৰ নাট্যসূচীত আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘মৰমৰ প্ৰতিদান’, ৰাজদ্বীপৰ ‘বিদায় বন্ধু’ আৰু প্ৰণৱ বৰুৱাৰ ‘ৰণহুংকাৰ’।
তিনিওখন নাটকৰ নামৰ মাজত প্ৰেম, বিচ্ছেদ আৰু সংঘাতৰ ভিন্ন নাট্য-অনুষংগ প্ৰতিফলিত হৈছে। অভিনয় কৰিব ক্ৰমে গুঞ্জন ভৰদ্বাজ, প্ৰিয়ংকা শইকীয়া, বীৰেন ভূঞা, ভায়োলিনা বৰুৱা, চন্দন বৰা, জীৱনজ্যোতি বৰুৱা আদি।
থিয়েটাৰ ভাগ্যদেৱী-
প্ৰযোজক– সুবোধ মজুমদাৰ
থিয়েটাৰ ভাগ্যদেৱীয়ে এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ ‘মৃতদেহত এপাহি গোলাপ’ আৰু ‘মেঘে মেঘে বৰষা’ মঞ্চস্থ কৰিব। ইয়াৰ লগতে প্ৰণৱ বৰুৱাৰ ‘ৰাজদ্ৰোহী’ দলটোৰ নাট্যসূচীত আছে।
অভিজিৎ ভট্টাচাৰ্যৰ দুটা পৃথক স্বৰৰ নাটকৰ সৈতে প্ৰণৱ বৰুৱাৰ ‘ৰাজদ্ৰোহী’—এই সংমিশ্ৰণে দলটোৰ নাট্যসূচীত বিষয়গত বৈচিত্ৰ্য আনিছে। এই বৰ্ষত ভাগ্যদেৱীৰ মঞ্চত অভিনয় কৰিব চিন্ময় ফুকন, শ্ৰীমন্ত মাধৱ দত্ত, দীপাংকৰ ৰয়, ৰূপৰেখা গোস্বামী, হিমাক্ষী কলিতা, নিতুল পাঠক আদি।
বীণাপাণি থিয়েটাৰ-
প্ৰযোজক– প্ৰণৱ বৰ্মন (পুতু)
বীণাপাণি থিয়েটাৰে এইবাৰ জিতেন শৰ্মাৰ ‘দস্যুৰাণী ফুলণ দেৱী’, নৱৰত্ন পাটোৱাৰীৰ ‘মালিনী’ আৰু চম্পক শৰ্মাৰ ‘প্ৰচণ্ড এজাক ধুমুহা’ লৈ দৰ্শকৰ সন্মুখলৈ আহিব।
বিশেষকৈ ‘দস্যুৰাণী ফুলণ দেৱী’ৰ দৰে ঐতিহাসিক-জীৱনভিত্তিক চৰিত্ৰকেন্দ্ৰিক কাহিনীৰ লগতে ‘মালিনী’ আৰু ‘প্ৰচণ্ড এজাক ধুমুহা’ৰ দৰে নাটক একেলগে থকাটোৱে দলটোৰ নাট্য-নিৰ্বাচনৰ বৈচিত্ৰ্য প্ৰকাশ কৰিছে। বীণাপাণিৰ মঞ্চত অভিনয় কৰিব ক্ৰমে প্ৰাঞ্জনা দত্ত, চন্দন ডেকা, হেমাংগ ৰাজ আদি।
ইয়াৰ সমান্তৰালভাৱে আৱাহন থিয়েটাৰ, হেঙুল থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, থিয়েটাৰ কলাগুৰু, থিয়েটাৰ ৰুদ্ৰ, থিয়েটাৰ ব্ৰহ্মপুত্ৰ, থিয়েটাৰ সূৰ্য্য আদি দলেও ২০২৬–২৭ নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে।
আৱাহন থিয়েটাৰৰ নাট্যসূচীত অভিজিৎ ভট্টাচাৰ্যৰ ‘’মীনা কুমাৰী সপোন এজাক ধুমুহা’’, আৰু “অমাৱস্যা”ৰ দৰে নাটকৰ উল্লেখ পোৱা গৈছে। আনহাতে চম্পক শৰ্মাৰ “ৰূম নম্বৰ ৫০৮” নাটক খন লৈও চৰ্চা চলি আছে।
আৱাহন থিয়েটাৰৰ
অভিন কৰিব ক্ৰমে-
প্ৰস্তুতি পৰাশৰ, নিৰঞ্জন দাস, ৰমেন তামুলী, কল্যাণজ্যেতি, প্ৰয়াসী পৰাশৰ, মিলন শইকীয়া আদি।
হেঙুল থিয়েটাৰ-
প্ৰয়োজক- সংকল্পজিৎ হাজৰিকা।
নতুন নাট্যবৰ্ষৰ আয়োজনক ‘ঝংকাৰ’ নামেৰে প্ৰচাৰ কৰা হৈছে।
লগতে আছে ৰাজদ্বীপৰ “ঈশ্বৰ পুত্ৰ” আৰু প্ৰণৱ বৰুৱাৰ “ডাক্তৰ ফৰ টুৱেন্টি”।
এই বৰ্ষত হেঙুলত অভিনয় কৰিব সিদ্ধাৰ্থ শৰ্মা (কে কে), ময়ুৰী গৌতম, কমল ৰেৱতী, ননী দেৱী, জীৱন হাতীকাকতী জয়ন্ত বৰ্মন, ঋত্বিক নাথ, অনামিকা শৰণীয়া আদি।
কহিনুৰ থিয়েটাৰ-
প্ৰয়োজক- তপন লহকৰ।
২০২৬–২৭ৰ প্ৰযোজনাৰ ভিতৰত প্ৰণৱ বৰুৱাৰ “বীভৎস”, ভাস্কৰজ্যোতি শৰ্মাৰ “ডাইন’চৰৰ আতংক” আৰু চম্পক শৰ্মাৰ “আপোন যদি পৰ হয়”। কহিনুৰৰ মঞ্চত
অভিনয় কৰিব ক্ৰমে অৰূপ বৈশ্য, কৃষ্ণমণি নাথ, অংকিতা শইকীয়া, গিৰীজা শৰ্মা, ৰাজ ভৈৰৱ আদি।
থিয়েটাৰ কলাগুৰু-
প্ৰয়োজক- ধ্ৰুৱজ্যোতি তালুকদাৰ।
নাট্যসূচীত অভিজিৎ ভট্টাচাৰ্যৰ ‘‘মনত জ্বলে হোমৰ জুই’’ আৰু ”মন্দিৰৰ বলিশাল” আৰু
ভাস্কৰজ্যোতি শৰ্মাৰ “জোনাকৰ জুনুকা”
উল্লেখ আছে। তেনেদৰে
ক’লাগুৰু থিয়েটাৰৰ মঞ্চত অভিনয় কৰিব ক্ৰমে উৎপল দাস, নিৰ্মল দত্ত, শংকৰজ্যোতি ৰাজখোৱা, অমেৰেন্দ্ৰ অ’লেমান, মানস শইকীয়া, আশাৰিয়া ফুকন আদি।
ইফালে নতুন নাট্য দ’ল ৰুদ্ৰ, ব্ৰহ্মপুত্ৰ থিয়েটাৰে
২০২৬–২৭ নাট্যবৰ্ষত বিশেষ ভাৱে আত্ম প্ৰকাশৰ বাবে সাজু হৈছে।
ইফালে সুদৰ্শন, ৰূপৰাজ, নটসূৰ্য, সুৰুজকে ধৰি ভ্ৰাম্যমাণ থিয়েটাৰ সমুহেও সম্পূৰ্ণ তথা আংশিক ভাবে
সাজু হৈ উঠিছে।
এইবাৰৰ নাট্যবৰ্ষত কি নতুন?
২০২৬–২৭ নাট্যবৰ্ষৰ প্ৰস্তুতিৰ ছবিখনলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট—ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়াও অসমৰ জনজীৱনৰ এক শক্তিশালী সাংস্কৃতিক মাধ্যম। ডিজিটেল বিনোদন, OTT আৰু সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰৰ পাছতো নতুন নাট্যবৰ্ষক লৈ দৰ্শকৰ আগ্ৰহ কমি যোৱা নাই।
বৰং নাট্যদলসমূহে এতিয়া আগতীয়াকৈ সামাজিক মাধ্যমত নাটকৰ নাম, গীত, প্ৰ’মো শিল্পী আৰু আখৰাৰ দৃশ্য প্ৰকাশ কৰি দৰ্শকৰ মাজত একধৰণৰ আগ্ৰহ সৃষ্টি কৰিছে। অৰ্থাৎ নাটক মঞ্চস্থ হোৱাৰ আগতেই নাটকটোক লৈ এক সামাজিক-সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে।
আনহাতে এইবাৰৰ নাট্যসূচীত প্ৰেম, পাৰিবাৰিক সম্পৰ্ক, সামাজিক সংঘাত, ইতিহাস, বিদ্ৰোহ, নাৰী-চৰিত্ৰ, যুৱ-মনস্তত্ত্ব আৰু মানৱীয় আবেগ—বিভিন্ন বিষয়ৰ উপস্থিতি দেখা গৈছে।
কিন্তু শেষ বিচাৰত প্ৰশ্নটো কেৱল কিমানখন নাটক মঞ্চস্থ হ’ব, সেইটো নহয়। প্ৰশ্নটো হ’ল—এই নাটকবোৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যভাষাত নতুন কিবা সংযোজন কৰিব পাৰিবনে?
আজিৰ দৰ্শকৰ মনোযোগ লাভ কৰিবলৈ কেৱল তাৰকা শিল্পী, চমকপ্ৰদ মঞ্চসজ্জা বা জনপ্ৰিয় গীতেই যথেষ্ট নহয়। কাহিনীৰ শক্তি, অভিনয়ৰ বিশ্বাসযোগ্যতা, পৰিচালনাৰ দৃষ্টিভংগী, পোহৰ-সংগীতৰ নান্দনিক ব্যৱহাৰ আৰু সমকালীন দৰ্শকৰ মনস্তত্ত্ব বুজি উঠাৰ ক্ষমতাই এখন নাটকৰ স্থায়িত্ব নিৰ্ধাৰণ কৰিব।
সেয়ে ২০২৬–২৭ নাট্যবৰ্ষৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হ’লেও প্ৰকৃত পৰীক্ষা আৰম্ভ হ’ব মঞ্চত। আখৰাৰ ঘাম কিমানদূৰ নাট্য-অভিজ্ঞতালৈ ৰূপান্তৰিত হয়, আৰু নতুন নাটকবোৰে দৰ্শকৰ মনত কিমান গভীৰ ছাপ পেলাব পাৰে—তাৰ উত্তৰেই নিৰ্ধাৰণ কৰিব এই নাট্যবৰ্ষৰ সফলতা।







Add comment