|বীৰেণ কলিতা
২০২৬-২৭ ভ্ৰাম্যমাণ নাট্যবৰ্ষৰ প্ৰায়বোৰ নাট্যদলৰ প্ৰস্তুতি, নাটক, নৃত্য, গীতৰ আখৰা সম্পূৰ্ণ হৈ উঠিছে। যোৱা জুলাই মাহত আৰম্ভ কৰা আখৰা এতিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰি এতিয়া দৰ্শক ৰাইজৰ সম্মুখলৈ আহিবলৈ ৰৈ আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী তথা ক’লা কুশলী সকলে। ইতিমধ্যে প্ৰতিটো নাট্য দলৰ বছৰটোৰ নাট্য যাত্ৰাৰ শুভাৰম্ভণি কৰিবলৈ সম্পূৰ্ণ সাজু। চলিত নাট্যবৰ্ষত নাটক, গীত নৃত্য আদিক লৈ নাট্যৰসিকৰ মাজত বৃদ্ধি পাইছে উছাহ। বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে নাটকক লৈ, শিল্পী ক’লা কুশলীক লৈ। কোন নাট্যকাৰে কি বিষয়বস্তুক লৈ নাট ৰচনা কৰি দৰ্শকক আকৰ্ষিত কৰিব। ইত্যাদি।
বৰদৈচিলা থিয়েটাৰ–
প্ৰয়োজক: নজৰুল ইছলাম।
নাটক:
অভিজিত ভট্টাচাৰ্যৰ “মৰি যাম তোমাৰ বাবে”,
চম্পক শৰ্মাৰ “দফা ৩০২”
আৰু প্ৰণৱ বৰ্মনৰ “অভিমান”।
ৰাজমুকুট থিয়েটাৰ–
প্ৰয়োজক: মানস কলিতা
নাটক:
অভিজিত ভট্টাচাৰ্যৰ “মহাযুদ্ধৰ খলনায়িকা” আৰু “মনালিছাৰ চিৎকাৰ”।
পল্লৱ পৱনৰ “মালিক”
সূৰ্য থিয়েটাৰ–
প্ৰয়োজক: মুনীন্দ্ৰ বৰ্মন
নাটক:
অভিজিত ভট্টাচাৰ্যৰ “মায়াহীন ৰাতিৰ কোলাত”আৰু “মই তোমাৰ কাষতে আছো”
প্ৰশান্ত মেনাৰ “অংগুলিমানৰ অনামিকা”।
ইতিহাস থিয়েটাৰ:
প্ৰয়োজক: সুভাষ চন্দ্ৰ দাস
নাটক:
অভিজিত ভট্টাচাৰ্যৰ: “সাগৰ বৰুৱা আহি আছে”, “কাবুলিৱালা”,আৰু “ভিক্ষাৰী”।
ৰাজধানী থিয়েটাৰ–
প্ৰয়োজক: মল্লিকা ৰয়
নাটক:
চম্পক শৰ্মাৰ “খলনায়ক”,
প্ৰণৱ বৰুৱাৰ “মায়াজাল”,
প্ৰশান্ত মেনাৰ “মহাবলীৰ মধুবালা”।
ৰাজতিলক থিয়েটাৰ–
প্ৰয়োজক: মধুমিতা দেৱী
নাটক– ধ্ৰুৱজ্যোতি শৰ্মাৰ ” বাট চাম তোমালে বন্ধু”
জিতেন শৰ্মাৰ “ৰণক্ষেত্ৰ” আৰু অভিজিত ভট্টাচাৰ্যৰ–“যৌৱন এজাক ধুমুহা”।
বৃন্দাবন থিয়েটাৰ–
প্ৰয়োজক: গণেশ ৰায় মেধি (বঙ্কিম)
নাটক:
ধ্ৰুৱজ্যোতি শৰ্মাৰ “মৰমৰ প্ৰতিদান”,
ৰাজদ্বীপৰ: “বিদায় বন্ধু”
প্ৰণৱ বৰুৱাৰ “ৰণহুংকাৰ”।
থিয়েটাৰ ভাগ্যদেৱী–
প্ৰয়োজক: সুবোধ মজুমদাৰ
নাটক:
অভিজিত ভট্টাচাৰ্যৰ “মৃতদেহত এপাহি গোলাপ ” আৰু “মেঘে মেঘে বৰষা”,
বীণাপাণি থিয়েটাৰ–
প্ৰয়োজক; প্ৰণৱ বৰ্মন (পুতু)
নাটক:
জিতেন শৰ্মাৰ “দস্যুৰাণী ফুলণ দেৱী”,
নৱৰত্ন পাটোৱাৰীৰ “মালিনী”
চম্পক শৰ্মাৰ “প্ৰচন্দ এজাক ধুমুহা”।
(বিশদ তথ্যৰ অভাৱত কেইটামান নাট্যদলৰ নাটক সমুহৰ প্ৰকাশ কৰা নহ’ল।)








Add comment