Rupaliparda.com
Pakhi Loga Moone

৭ জুনত মুক্তি লাভ কৰিলে ‘পাখি লগা মনে’

গুৱাহাটী, ৭ জুন: প্ৰেম, বিচ্ছেদ আৰু পুনৰ্মিলনৰ অনুভূতিৰে ভৰা নতুন ৰোমাণ্টিক মিউজিক ভিডিঅ’ ‘পাখি লগা মনে’ ৭ জুনত মুক্তি লাভ কৰে। ৯০ দশকৰ বলিউডী প্ৰেমৰ সোৱাদেৰে সমৃদ্ধ এই গীতটোৱে দৰ্শকক এক অনন্য আৱেগিক সোৱাদ দিব।

Pakhi Loga Moone

মিউজিক ভিডিঅ’টোত বিশিষ্ট কথক নৃত্যাংগনা তথা অভিনেত্ৰী বি. পাল্কীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিল্লীৰ মডেল গগন গুপ্তা আৰু আদিত্য ছোনীয়ে। খ্যাতনামা ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে ‘স্পৃহা প্ৰডাকশ্যন’ৰ বেনাৰত এই প্ৰকল্পটোৰ প্ৰযোজনা আৰু ষ্টাইলিং কৰিছে। ভিডিঅ’টোৰ চিত্ৰগ্ৰহণ চানডুবিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত সম্পন্ন কৰা হৈছে, যিয়ে ইয়াৰ দৃশ্যসৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে।

গীতটোত কণ্ঠদান কৰিছে নিহিৰা যোশী দেশপাণ্ডে আৰু দেবজিত শইকীয়াই। গীতৰ কথা অনুপম নাথৰ, আনহাতে সংগীত পৰিচালনা কৰিছে প্ৰিয়াংকু বৰদলৈয়ে। মে’কআপ আকাশ দাসৰ। ভিডিঅ’টোৰ পৰিচালনা আৰু চিত্ৰগ্ৰহণ কৰিছে ছাহিল ছিদ্দিকীয়ে, যিয়ে প্ৰেম আৰু প্ৰকৃতিৰ সৌন্দৰ্য সুন্দৰভাৱে পৰ্দাত উপস্থাপন কৰাৰ চেষ্টা কৰিছে।

Pakhi Loga Moone

আবেগেৰে ভৰা সুৰ, হৃদয়স্পৰ্শী কাহিনী আৰু চানডুবিৰ মনোৰম লোকেচনৰ সমাহাৰে ‘পাখি লগা মনে’ ৰোমাণ্টিক সংগীত আৰু অনুভূতিপ্ৰৱণ কাহিনী ভালপোৱা দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Staff Reporter

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.