Rupaliparda.com
উৎপল মেনা

|| মিৰ্চি এক্সেলেন্স এৱাৰ্ডছ নৰ্থ ইষ্ট ২০২৬-ত উৎপল মেনালৈ বিশেষ সন্মান || –অৰূপ আৰ বৰ্মণ

উৎপল মেনা

অসমৰ সাংবাদিক, সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু সাহিত্য-অনুৰাগী উৎপল মেনাক “মিৰ্চি এক্সেলেন্স এৱাৰ্ডছ নৰ্থ ইষ্ট ২০২৬”-ত “মিৰ্চি স্পেচিয়েল এক্সেলেন্স ইন মিডিয়া এণ্ড লিটাৰেৰি কণ্ট্ৰিবিউশ্যন এৱাৰ্ড” প্ৰদান কৰা হয়, যোৱা ২৬ জুনত।
গুৱাহাটীৰ সোণাপুৰস্থিত মে’ফেয়াৰ ৰিজৰ্ট এণ্ড হোটেলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, উদ্যোগী, শিল্পী, সমাজকৰ্মী আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হয়।

উৎপল মেনা
সন্মান আগবঢ়াই মিৰ্চি কৰ্তৃপক্ষই কয় যে সাংবাদিকতা, সম্পাদনা, চলচ্চিত্ৰ-সমালোচনা আৰু সাহিত্যচৰ্চাৰ ক্ষেত্ৰত উৎপল মেনাই আগবঢ়োৱা দীৰ্ঘদিনীয়া আৰু বহুমুখী অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে। অনুসন্ধানমূলক দৃষ্টিভংগী, বিশ্লেষণধৰ্মী লেখনী আৰু দায়িত্বশীল সাংবাদিকতাৰ জৰিয়তে তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিসৰত এক সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰা হয়।
আয়োজকসকলে লগতে উল্লেখ কৰে যে আঞ্চলিক ভাষাত গৱেষণাধৰ্মী লেখালেখি, চলচ্চিত্ৰ-সমালোচনা, সাহিত্য-আলোচনা, ইতিহাস, সংস্কৃতি, সংগীত আৰু সমাজ-বাস্তৱতাক কেন্দ্ৰ কৰি উৎপল মেনাই দীৰ্ঘদিন ধৰি আগবঢ়াই অহা বৌদ্ধিক সাধনাই নতুন প্ৰজন্মৰ লেখক, সাংবাদিক আৰু সংস্কৃতিপ্ৰেমীসকলক অনুপ্ৰাণিত কৰি আহিছে।

উল্লেখযোগ্য যে, মিৰ্চি (Mirchi) ভাৰতৰ অন্যতম বৃহৎ সংবাদ আৰু মনোৰঞ্জন গোট The Times Group-ৰ সহযোগী প্ৰতিষ্ঠান Entertainment Network (India) Limited (ENIL)-ৰ এক সুপৰিচিত ব্ৰেণ্ড। ৰেডিঅ’, ডিজিটেল মাধ্যম আৰু বিভিন্ন সামাজিক-সাংস্কৃতিক উদ্যোগৰ জৰিয়তে মিৰ্চিয়ে দেশজুৰি নিজৰ স্বকীয় পৰিচয় গঢ়ি তুলিছে। সেই দৃষ্টিকোণৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ কৃতী ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক সন্মানিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা মিৰ্চি এক্সেলেন্স এৱাৰ্ডছ নৰ্থ ইষ্ট অঞ্চলটোৰ সৃজনশীলতা, সামাজিক নেতৃত্ব আৰু বৌদ্ধিক কৃতিত্বক অধিক বিস্তৃত পৰিসৰত তুলি ধৰাৰ এক উল্লেখযোগ্য মঞ্চ হিচাপে বিবেচিত।

উৎপল মেনা
সন্মান গ্ৰহণ কৰাৰ পিছত উৎপল মেনাই আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই স্বীকৃতি কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়; ই অসমীয়া সাংবাদিকতা, সাহিত্যচৰ্চা আৰু চলচ্চিত্ৰ-সমালোচনাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা এক সন্মান। এই স্বীকৃতিয়ে ভৱিষ্যতেও অধিক দায়িত্বশীলভাৱে সমাজ, সংস্কৃতি আৰু সাহিত্যৰ বিভিন্ন দিশত কাম কৰি যোৱাৰ প্ৰেৰণা যোগাব বুলি তেওঁ মত প্ৰকাশ কৰে।
উল্লেখ্য যে, আঞ্চলিক ভাষাত গৱেষণাধৰ্মী আৰু বিশ্লেষণমূলক লেখালেখিৰ পৰিসৰ সংকুচিত হৈ অহা সময়ত উৎপল মেনালৈ আগবঢ়োৱা এই সন্মানক বহুতে অসমীয়া ভাষাৰ বৌদ্ধিক চর্চা, সাংবাদিকতা আৰু সাহিত্য-সমালোচনাৰ প্ৰতি এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে অভিহিত কৰিছে।

Staff Reporter

Add comment

Leave a Reply