|উৎপল মেনা
অসমীয়া চিনেমাৰ ক্ষেত্ৰ খনলৈ নতুন নতুন নাম আহি আছে। কিন্তু প্ৰতিটো “নতুন নাম”ৰ আঁৰৰ যাত্ৰা একে নহয়। কোনোবাই সহকাৰী পৰিচালক হিচাপে আৰম্ভ কৰে, কোনোবাই তথ্যচিত্ৰ বা স্বল্পদৈৰ্ঘ্যৰ চিনেমাৰ পৰা আহে, কোনোবাই নাট্যজগতৰ অভিজ্ঞতা লৈ চিনেমালৈ প্ৰৱেশ কৰে। আকৌ কোনোবাই পৰম্পৰাগত চিত্ৰগৃহকেন্দ্ৰিক চিনেমাৰ পৰিৱৰ্তে ডিজিটেল মাধ্যমৰ মাজেৰে নিজৰ পৰিচয় গঢ়ি তোলে। নানান পাচনি সেই দ্বিতীয় ধৰণৰ পৰিচালকসকলৰ এজন। আজি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ নামটোৰ বাবে তেওঁৰ নাম চৰ্চালৈ আহিছে। কিন্তু নানান পাচনিৰ পৰিচালক হিচাপে যাত্ৰা ‘NRC’ৰে আৰম্ভ হোৱা নাই। অ’টিটি আৰু টেলিভিছনৰ মাজেৰে ক্ৰমে অভিজ্ঞতা আহৰণ কৰি তেওঁ এতিয়া চিনেমা (feature film)-ৰ পৰ্যায়ত উপস্থিত হৈছে।
২০২১ চনত “মৃত্যুঞ্জয়”।
অসমীয়া অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাই সেই সময়ত কেইবাখনো Original web series ঘোষণা কৰিছিল আৰু তাৰ ভিতৰত নানান পাচনি পৰিচালিত ‘মৃত্যুঞ্জয়’ও আছিল। থ্ৰিলাৰ ধাৰাৰ আছিল। এই কামৰ মাজেৰে নানান পাচনিৰ পৰিচালনাৰ এক প্ৰাথমিক বৈশিষ্ট্য—ৰহস্য, উত্তেজনা আৰু narrative-driven storytelling—চকুত পৰে।
ইয়াৰ পাছত ২০২৩ -ত “কলৰৱ”ৰ জৰিয়তে নানান পাচনিৰ নাম অধিক স্পষ্টভাৱে চৰ্চালৈ আহে। Reeldrama-ত মুক্তি পোৱা সাতটা খণ্ডৰ এই অসমীয়া thriller web series-খন পাঁচজন যুৱক-যুৱতীৰ বনভ্ৰমণক কেন্দ্ৰ কৰি আগবাঢ়ে। আনন্দৰ ভ্ৰমণ ক্ৰমে এক হত্যাকাণ্ডলৈ পৰিণত হয় আৰু তাৰ পাছত আৰক্ষীৰ অনুসন্ধানৰ মাজেৰে বিভিন্ন চৰিত্ৰৰ বক্তব্য, সত্য আৰু অসত্য ক্ৰমে উন্মোচিত হয়। এই ৱেব চিৰিজ খন নানান পাচনিৰ narrative handling বুজিবলৈও এটা গুৰুত্বপূৰ্ণ কাম। প্ৰকাশিত সমালোচনাত তেওঁৰ screenplay handle কৰাৰ ক্ষমতা, suspense ধৰি ৰখা, ensemble cast-ৰ পৰা অভিনয় উলিয়াই অনা আৰু camera angle ব্যৱহাৰৰ প্ৰশংসা কৰা হৈছে। “কলৰৱ”ৰ মাজেৰে এটা কথা বিশেষভাৱে লক্ষণীয় হয়—নানান পাচনিৰ আগ্ৰহ কেৱল ঘটনাক্ৰম দেখুওৱাত সীমাবদ্ধ নহয়; এটা ঘটনাক বিভিন্ন চৰিত্ৰৰ দৃষ্টিকোণৰ পৰা দেখুৱাই সত্যৰ বিভিন্ন স্তৰ উন্মোচন কৰাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। Thriller আৰু mystery-ৰ ক্ষেত্ৰত এই পদ্ধতি পৰিচালকৰ বাবে সহজ নহয়। দৰ্শকৰ কৌতূহল অটুট ৰাখি তথ্য প্ৰকাশ কৰিব লাগে, অথচ কাহিনী অস্পষ্ট হৈ পৰিবলৈও দিব নোৱাৰি।
কিন্তু নানান পাচনিক কেৱল thriller পৰিচালক বুলি সীমাবদ্ধ কৰি ৰখাৰ অৱকাশ নাই। ২০২৩ চনত ৰং চেনেলত সম্প্ৰচাৰ আৰম্ভ হোৱা “ৰাগ অনুৰাগ” নামৰ অসমীয়া drama series-ৰ সৈতেও তেওঁৰ নাম জড়িত। অৰ্থাৎ ‘মৃত্যুঞ্জয়’ আৰু ‘কলৰৱ’ৰ থ্ৰিলাৰ-ধাৰাৰ পাছত তেওঁ television drama-তো কাম কৰিছে। এই genre পৰিৱৰ্তনো তেওঁৰ পৰিচালক হিচাপে বিকাশৰ এটা গুৰুত্বপূৰ্ণ দিশ। কাৰণ genre সলনি মানে কেৱল কাহিনী সলনি নহয়; চৰিত্ৰ নিৰ্মাণ, অভিনয় পৰিচালনা, দৃশ্যৰ গতি আৰু দৰ্শকৰ সৈতে narrative relationship-ও সলনি কৰা।
এই পটভূমিৰ পাছত আহিছে ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’। এন কে মিডিয়াৰ বেনাৰত নিৰ্মিত এই চিনেমা খনৰ প্ৰযোজক নিপন কুমাৰ তালুকদাৰ, কাৰ্যবাহী প্ৰযোজক দীপক বৰা আৰু কাহিনী-চিত্ৰনাট্য বেদব্ৰত বৰাৰ। চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, পংকজ মহন্ত, বৈভৱী গোস্বামী, জয়ন্ত ভাগৱতী, জলী লস্কৰ, অসীম কৃষ্ণ বৰুৱা আৰু মনোজ শইকীয়াই আদিয়ে।
‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ –নামটোৱেই চিনেম খনৰ প্ৰথম কৌতূহল। অসমৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক স্মৃতিত ‘NRC’ এটা অত্যন্ত পৰিচিত শব্দ। তাৰ বিপৰীতে বন্ধনীৰ ভিতৰত ‘নলপাৰাৰ ৰাম চন্দ্ৰ’– এটা একেবাৰে স্থানীয়, ব্যক্তিকেন্দ্ৰিক নাম। এই দুটা স্তৰ একেলগে ৰখাৰ ফলত নামটোৱেই একধৰণৰ ব্যংগ, কৌতূহল আৰু সামাজিক প্ৰসংগৰ সম্ভাৱনা সৃষ্টি কৰিছে। ২০২৪ চনৰ প্ৰাথমিক ঘোষণাৰ সময়ত চিনেমা খনক কমেডী আৰু সামাজিক সচেতনতাৰ সংমিশ্ৰণ হিচাপে বৰ্ণনা কৰা হৈছিল আৰু গোলাঘাটৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণৰ পৰিকল্পনাৰ কথাও প্ৰকাশ পাইছিল।
আজি চিনেমা খনৰ Motion Poster মুকলি কৰা হয়, জ্যোতি চিত্ৰবনত। চিত্ৰগৃহত চিনেমা খন মুক্তি দিব অহা ২৫ ছেপ্তেম্বৰত।







Add comment