Rupaliparda.com
দৰংৰ ব্যাস ওজাৰ চৰ্চাৰে নতুন অধ্যায়—ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 1

দৰংৰ ব্যাস ওজাৰ চৰ্চাৰে নতুন অধ্যায়—ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ

দৰংৰ ব্যাস ওজাৰ চৰ্চাৰে নতুন অধ্যায়—ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 2

পত্নীৰ সৈতে ব্যাসৰ ওজা বৰুণ শৰ্মা

সমাজৰ বাধা নেওচি ৰূপান্তৰৰ বাটেৰে আগুৱাইছে এদল যুৱতী। লোক সংগীতৰ প্ৰৱহমান ধাৰাক আগুৱাই নিয়াৰ নিৰবচ্ছিন্ন সাধনাত ব্ৰতী হৈছে ছয় যুৱতীৰে গঠিত এটি দল। দৰঙৰ বিখ্যাত লোকসংগীত ‘ব্যাস ওজা’ৰ চৰ্চাত তেওঁলোকে ৰচিছে নতুন অধ্যায়। আগবাঢ়িছে অসাধ্য সাধনৰ দিশে। ন-ইতিহাস ৰচনাৰে যুৱতীৰ দলটোৱে গঢ় দিছে ‘মা পাৰিজাতী ব্যাসিনী ওজাপালি’ শীৰ্ষক এটা ব্যাস ওজাপালিৰ দল। ছিপাঝাৰৰ ব্যাসপাৰাত পোন প্ৰথমবাৰ বাবে গঢ়ি উঠা যুৱতীৰ এই ব্যাস ওজাপালি দলটোৱে কঢ়িয়াইছে আশাৰ বতৰা।

ব্যাস ওজাৰ আজন্ম সাধক ব্যাসপাৰাৰ বৰুণ দেৱশৰ্মাৰ তত্ত্বাৱধানত সমাজৰ বাধা-নিষেধ নেওচি আগবাঢ়িছে দলটো। প্ৰতিষ্ঠাৰ দুবছৰৰ ভিতৰত সীমাৰ পৰিধি ভাঙি সুনাম অৰ্জিছে ছোৱালীৰ ব্যাস ওজাৰ দলটোৱে। লক্ষণীয়ভাৱে অসমৰ চহকী লোক-সংস্কৃতিৰ এটি অনবদ্য উপাদান ব্যাস ওজা। যুগ যুগ ধৰি দৰংৰ এচাম প্ৰচাৰবিমুখ শিল্পীৰ নিৰবচ্ছিন্ন সাধনাই জীয়াই ৰাখিছে ব্যাস ওজাপালি। পৰম্পৰা ৰক্ষা কৰি ছিপাঝাৰৰ ব্যাসপাৰাৰ সমীপৰ একাংশ নীৰৱ সাধকে যুগ যুগ ধৰি কৰি আহিছে ব্যাস ওজাৰ সাধনা। কঠিন জীৱন সংগ্ৰামৰ মাজত লোকসংগীতৰ এই সাধকসকলে দশকৰ পিছত দশক ধৰি অব্যাহত ৰাখিছে ব্যাস ওজাপালিৰ সাধনা। জীৱনৰ ঘাত-প্ৰতিঘাতক নেওচি প্ৰাণপণে পূৰ্বপুৰুযে দি যোৱা শিল্পকৰ্মক জীয়াই ৰাখিবলৈ অব্যাহত ৰাহিছে আপ্ৰাণ চেষ্টা।

দৰংৰ ব্যাস ওজাৰ চৰ্চাৰে নতুন অধ্যায়—ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 3

ব্যাসৰ ওজাপালিৰ নীৰৱ সাধক বৰুণ শৰ্মা

চামে চামে এই লোক-সংস্কৃতিক আগুৱাই নিবলৈ ওলাই আহিছে এদল নৱপ্ৰজন্মৰ প্ৰতিনিধি। তেওঁলোকক প্ৰশিক্ষণ দি সঠিক দিশত আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাহিছে এচাম জ্যেষ্ঠ শিল্পীয়ে। তাৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে ব্যাসপাৰাৰ ২নং ঘোঁৰাশাল গাঁৱৰ ব্যাস সংগীতৰ আজন্ম শিল্পী বৰুণ শৰ্মা। ব্যাস সংগীতৰ এগৰাকী সুনিপুণ ধাৰক-বাহক হিচাপে পৰিচিত বৰুণ শৰ্মাই প্ৰায় দুবছৰ পূৰ্বে আগবঢ়িল এক ব্যতিক্ৰম পদক্ষেপৰ দিশে। ল’ৰাৰ সমান্তৰালকৈ ছোৱালীক ব্যাস সংগীতৰ প্ৰশিক্ষণ দি এক নজিৰ সৃষ্টিৰ বাবে তেওঁ উঠিপৰি লাগিল। কিন্তু সমাজৰ একাংশ লোক তেওঁৰ এই কাৰ্যত হেঙাৰ হিচাপে থিয় দিলে। যুগ যুগ ধৰি চলি অহা ব্যাস সংগীতৰ সাধনা ছোৱালীয়ে কোনো কাৰণতে কৰিব নোৱাৰে বুলি সমাজৰ এইসকল তথাকথিত সজাগ ব্যক্তিয়ে ঘোষণা কৰিলে। এই সন্দৰ্ভত তেওঁলোকে দিলে বহু যুক্তি। কিন্তু বৰুণ শৰ্মা আৰু তেওঁৰ কেইবাজনো সহযোগীয়ে মহিলাৰ ব্যাস ওজাপালিৰ সমৰ্থনত থিয় হ’ল। যুক্তি দিলে যে যদি গোসাঁনীক কেন্দ্ৰ কৰি ব্যাস সংগীতৰ সৃষ্টি হৈছে, প্ৰচলন হৈ আছে, তেনেস্থলত মহিলাই ব্যাস সংগীতৰ সাধনাত অসুবিধা ক’ত। পালি গকুল ডেকাক লগত লৈ তেওঁ ব্যাস সংগীতৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে বাছি উলিয়ালে মুঠ ৯ গৰাকী কিশোৰী-যুৱতী। ২০২৩ চনৰ ২০ জুলাইত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ব্যাস ওজাৰ প্ৰথমটো যুৱতীৰ দল। সামাজিক বাধা, অন্ধবিশ্বাসক নেওচি প্ৰগতিশীল মানসিকতাৰ অভিভাৱকসকলে ব্যাস সংগীতৰ সাধনাৰ বাবে আগুৱাই দিলে নিজৰ কন্যাক। তাৰ মাজত বহু বাধা-বিঘিনিৰ সন্মুখীন হ’ল দলটো। বহু অপপ্ৰচাৰ, কুৎসাঁই দলটোৰ মাজত সৃষ্টি কৰিলে ধুমুহা। তাৰ বিপৰীতে সমাজৰ এচাম প্ৰগতিশীল, সংস্কৃতিপ্ৰেমী লোকে গকুল শৰ্মা আৰু যুৱতীকেইগৰাকীক সাহস প্ৰদান কৰিলে। উৎসাহ দি আগুৱাই নিবলৈ চেষ্টা কৰিলে।

দৰংৰ ব্যাস ওজাৰ চৰ্চাৰে নতুন অধ্যায়—ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ 4

প্ৰথম মহিলা ওজাপালি দলৰ সৈতে প্ৰশিক্ষক বৰুণ শৰ্মা।

সোঁতৰ বিপৰীতে গৈ এটা সময়ত ছগৰাকী যুৱতীৰ দলটোৱে লাভ কৰিলে প্ৰতিষ্ঠা। বিভিন্ন কাৰণত প্ৰথম অৱস্থাত তিনিগৰাকী যুৱতী দলটোৰ পৰা আঁতৰি গ’ল যদিও আজিও সাধনাত ব্ৰতী হৈ আছে এই ছগৰাকী গাভৰু। ওজা উপাসনা শৰ্মাৰ নেতৃত্বত দলটোত ডাইনাপালি হিচাপে আছে জীনাপ্ৰিয়ম শৰ্মা। পালি হিচাপে সাধনা অব্যাহত ৰাখিছে জ্যোতিস্মিতা শৰ্মা, তৰালি শৰ্মা, কাব্যশ্ৰী শৰ্মা আৰু ধৰিত্ৰী শৰ্মা। সকলো বাধা নেওচি ব্যাসপাৰাৰ দুৰ্গাঁ পূজাৰ মণ্ডপৰ পৰাই আৰম্ভ হৈছিল ছোৱালীৰ ওজাপালি দলটোৰ লোকসংগীতৰ অনুষ্ঠান। বিগত বৰ্ষত দলটোৱে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক কলা সংগমত জন্মগ্ৰহণ কৰি লোক সংগীতৰ ‘ব্যাস ওজা’ৰ শাখাত সন্মান বুটলিবলৈ সক্ষম হয়। কেৱল সেয়ে নহয়, বিগত বৰ্ষৰ ডিচেম্বৰত পুনেত অনুষ্ঠিত ৰাষ্টীয় কলা সংগমলৈ নিৰ্বাচিত হৈ ছোৱালীৰ ওজাপালিৰ দলটোৱে প্ৰদৰ্শন কৰে ব্যাস ওজাপালি। সোঁতৰ বিপৰীতে গৈ সম্প্ৰতি কেৱল দৰঙতে নহয়, সমগ্ৰ অসমতে চৰ্চিত হৈ পৰিছে ব্যাস ওজাপালিৰ এই দলটো। এক কথাত ক’বলৈ গ’লে ২০২৩ চনত ব্যাস সংগীতৰ ক্ষেত্ৰখনত আৰম্ভ হোৱা এই বিপ্লৱে সম্প্ৰতি সীমাৰ পৰিধি ভাঙি বিলাবলে আৰম্ভ কৰিছে লোক-সংস্কৃতিৰ অনাবিল সুবাস।

Staff Reporter

Add comment

Leave a Reply