Rupaliparda.com
|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 1

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি … || –উৎপল মেনা

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 2

অভিনেতা গৰাকীৰ নাম দেৱজিৎ মজুমদাৰ। চৰ্চালৈ আহিছিল “জোন জ্বলে কপালত” নামৰ চিনেমা খনত কৰা অভিনয়ৰে। পৰবৰ্তী সময়ত আমি দেখিলোঁ “জখম”, “জীৱন নদীৰ দুটি পাৰ”, “বন্ধন”, “হৃদয় কপোৱা গান”, “স্নেহ বন্ধন”, “সূৰ্যাস্ত”, “ইমন”, ‘প্ৰতিঘাত”, হ’মৱৰ্ক, অনুৰাগ, সোণৰ খাৰু নালাগে মোক, আচিন চিনাকী, চন্দ্ৰাৱলী, অধিনায়ক, “তোমাৰ বাবে”, “উইকেণ্ড”, “বৰ্ষাৰণ্য, “টি আৰ পি আৰু …”, “নিজানৰ গান” আদিত। অভিনেতা গৰাকীক লৈ শেহতীয়া ভাবে চৰিত্ৰ এটা নিৰ্মাণ কৰিছে পৰিচালক অচিন্ত শংকৰে। চিনেমাৰ নাম–“অভিমন্যু”। আমাৰ ধাৰণাত চৰিত্ৰটো “জোন জ্বলে কপালত”ৰ দৰে দৈৰ্ঘ, চিনেমাৰ কাহিনীৰ গতিত বিশেষ গুৰুত্ব থকা।

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 3
–চিনেমা খনৰ মূল বিন্দু প্রভাত আৰু জ্যোৎস্না (চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে ক্ৰমে কমল লোচন, দীপলিনা ডেকাক লৈ।) প্রভাত-জ্যোৎস্নাৰ এখন সৰু মৰমৰ সংসাৰ। জ্যোৎস্না শিক্ষয়িত্রী। প্ৰভাতে এখন ‘খোৱাৰ হোটেল’ চলাই। কাহিনীৰ গতিত আহিব ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ নামৰ চৰিত্ৰ। সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ সময়ত কাহিনীৰ গতি। আন দহ জনৰ দৰে প্রভাত-জ্যোৎস্নাৰ সমস্যা বাঢ়ে। আৰ্থিক সমস্যাত ককবকাই থকা সময়তে এক অপৰাধৰ মাজত সোমাই পৰে, অপৰাধ নকৰাকৈয়ে। আৰু সম্ভৱতঃ এই অপৰাধটোৰ অনুসন্ধান কৰিব দেৱজিৎ মজুমদাৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোই। চৰিত্ৰটো ৰূপালী গল্পটোৰ সৌন্দৰ্য হ’ব বুলি আশাবাদী পৰিচালক। আমাৰ ধাৰণাত মূল চৰিত্ৰত অভিনয় কৰা কমল লোচনৰ অভিনয়ো ৰূপালী গল্পটোৰ সৌন্দৰ্য হ’ব! ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নাটকৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা কমল লোচনৰ অভিনয়ে আমাক চুই আছে। কেইবাখনো চিনেমাত, গীতত, Web Series-ত অনুভৱ কৰিছোঁ অভিনেতা গৰাকীৰ অভিনয় ক্ষমতা। (কমলে অভিনয় কৰা চিনেমা: এই মাটিতে, গৰু, গুৱাহাটী ডায়েৰীজ, স্বৰ্গৰথ, ছায়া , ঘোষ্ট অফ মাইখুলি, পাখি, দ্যা অস্থেমেটিক গেম, হিয়া দিবা কাক, সূৰ্য , অগ্নিবান, অভিমন্যু, হোমৱৰ্ক, কোন, একলব্য, জ’কাৰ ইত্যাদি।)

|| দেৱজিৎ, অচিন্ত, কমল ইত্যাদি ... || --উৎপল মেনা 4
আহিছোঁ চিনেমা খনৰ “পৰিচালক” প্ৰসংগলৈ। অচিন্তৰ তৃতীয় (feature film) পৰিচালনা। পৰিশ্ৰমী চিনেকৰ্মী অচিন্ত শংকৰৰ চিনেযাত্ৰা শিপা বিন্দুৰ পৰা। তৃতীয় পৰিচালনা “অভিমন্যু”লৈ এডাল সৰল চিনেৰেখা। প্ৰতিঘাত (২০১৯) হোমৱৰ্ক (মুক্তিৰ অপেক্ষাত), অভিমন্যু (মুক্তিৰ অপেক্ষাত)-ৰ পূৰ্বে সহকাৰী পৰিচালক, সহযোগী পৰিচালক হিচাপে চিনেকৰ্ম কৰিছে “হিয়াৰ দাপোনত তোমাৰেই ছবি”, “ৰামধেনু”, “ৰিছাং”, “মিছন চাইনা”, “কোঁৱৰ পুৰৰ কোঁৱৰ”, “প্ৰিয়াৰ প্ৰিয়”, “কাঞ্চনজংঘা” আদিত। ইয়াৰ মাজতে “জাতিংগা” নামৰ চুটি চিনেমা এখনো পৰিচালনা কৰিছে। সৰুপৰ্দাৰ বাবেও ভালেমান চিনেকৰ্ম কৰা অচিন্তৰ আন এক পৰিচয়– অভিনেতা। অভিনয় কৰিছে– চিঞঁৰ, দূৰ, প্ৰিয়াৰ প্ৰিয়, কাঞ্চনজংঘা, প্ৰতিঘাত, মোৰ শেষ গান, জি. এছ .ৰোড ( মুক্তিৰ অপেক্ষাত) দ্য মায়া টেপ ( হিন্দী/মুক্তিৰ অপেক্ষাত) জগন (হিন্দী/ মুক্তিৰ অপেক্ষাত) পোষ্ট কাৰ্ড ( মুক্তিৰ অপেক্ষাত) আদিত। “প্ৰতিঘাত”ৰ স্থানীয় বজাৰ দখলৰ সম্ভাৱনা আছিল। “কা বিৰোধী আন্দোলন”, তাৰ পাছতে হোৱা “লকডাউন” হৈছিল, চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পাছতে। “প্ৰতিঘাত”ৰ পৰিচালনা শৈলীয়ে ধাৰণা দিছিল– অচিন্তৰ পৰিচালনা দক্ষতাৰ, “অভিমন্যু”ত স্পষ্ট হ’ব পৰিচালনা দক্ষতা বা পৰিচালনা শক্তি (power of director)। এয়া স্পষ্ট– আচিন্তই চিনেকৰ্ম কৰে “স্থানীয় বজাৰ” চিন্তাৰে, “দৰ্শকৰ বাবে চিনেমা” ধাৰণাৰে।
অচিন্তই কথা প্ৰসংগত কৈছে, কাহিনীক সৰলৰৈখিক গতি দিয়া হৈছে। চিনেমাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে কাহিনীৰ গতিত গীত ব্যৱহাৰ কৰা হৈছে। (সংগীত: দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপৰ। গীতিকাৰ: দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা, ৰাহুল গৌতম শৰ্মা। শিল্পী: জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা। কৰিঅ’গ্ৰাফি: দীপক দে, প্ৰণৱ ভৰালী।) পৰিচালকৰ সৈতে ইটো-সিটো কথা পতাৰ সময়ত অনুভৱ কৰিছোঁ, গীতৰ বাবে গীত ব্যৱহাৰ কৰা হোৱা নাই। গীতক কাহিনীৰ অংগ কৰা হৈছে, চিনে অলংকাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে। সংলাপ, সংগীতৰ লগতে “শব্দ”ৰ প্ৰতিটো দিশতে গুৰুত্ব দিছে পৰিচালকে। শব্দ-সজ্জা: অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ।
–ৰূপালী গল্পটোৰ গতিত মাৰপিটৰ (এক্সন: ৰাজেশ কান্নান) প্ৰয়োগো আছে। বজাৰ চিন্তাৰে এক্সন প্ৰয়োগ– আজি কালি অসমীয়া চিনেমাৰ আলিখিত নিয়ম। পৰিচালকৰ মতে, এই চিনেমা খনত এক্সনকো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰি কাহিনীৰ গতিত ব্যৱহাৰ কৰা হৈছে।
–চিনেমা পৰিচালকৰ সোঁ হাত চিত্ৰগ্ৰহণকাৰী। এই চিনেমা খনৰ পৰিচালকৰ সোঁ হাত প্ৰদীপ দৈমাৰী। আৰু ভিন্ন দিশত পৰিচালকক সহায় কৰিছে প্ৰতীম খাওন্দ (সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য্য (কলা), ভাস্কৰজ্যোতি দত্ত (ৰূপসজ্জা), ধীৰাজ ডেকা (সাজসজ্জা), মনোজ মিশ্ৰ (প্ৰযোজনা নিয়ন্ত্ৰণ), হিমাংশু নাথ (মুখ্য সহকাৰী পৰিচালক), জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা (সহকাৰী পৰিচালক)।
আহিছোঁ “চৰিত্ৰ”লৈ– আন কেইটা চৰিত্ৰ নিৰ্মাণ কৰিছে ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা,জ্বলী লস্কৰ, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শংকৰ ৰাজখোৱা,শ্ৰেয়া বৰঠাকুৰ আদিক লৈ। বিশেষ ভূমিকা: জুবিন গাৰ্গ আৰু লিজা (ৰাছিয়ান বেলে ডাঞ্চাৰ)। চিনেমা খনৰ লোকেশন: বজালী, গুৱাহাটী, মেঘালয়। চিত্ৰগৃহলৈ আহিব: ৮ নৱেম্বৰ (২০২৪) তাৰিখে।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform