Rupaliparda.com
মনোজৰ ১০০ --উৎপল মেনা 1

মনোজৰ ১০০ –উৎপল মেনা

মনোজৰ ১০০। ১ মিনিটৰো কম দৈৰ্ঘৰ “চৰিত্ৰ”ৰে (চিনেমা: দ্ৰোহকাল (১৯৯৪) চিনেযাত্ৰা আৰম্ভ কৰা মনোজ বাজপেয়ীয়ে আজিৰ তাৰিখত বলিউদৰ (ভাৰতীয় চিনেমাৰো) বিশেষ ইমেজ। পৰৱৰ্তী সময়ত বেণ্ডিত কুইন, সত্যা, শূল, জুবেদা, অক্স, ৰোড, পিঞ্জৰ, ৰাজনীতি, গেংছ অফ ৱাছেপুৰ, আলীগড় আদি চিনেমাত কৰা অভিনয়ৰে আমাক চুই যোৱা মনোজৰ ১০০ নম্বৰ চিনেমা– “ভাইয়া জী”। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে’ত।

অপূৰ্ব সিং কাৰ্কীয়ে পৰিচালনা কৰা এই চিনেমা খনত খঙাল মানুহৰ (Angry man) ইমেজত দেখা পাব। কথা প্ৰসংগত প্ৰযোজক সমীক্ষা ওছৱালে সাংবাদিকক কোৱা এই কথাত কিছু আভাষ পোৱা যায়, “ভাইয়া জী হৈছে মনোজ বাজপেয়ীয়ে আপোনালোকৰ মাজলৈ অনা এখন চিনেমা য’ত আৱেগ, একচন, প্ৰতিশোধ, নাটক আৰু ন্যায় আছে। যদি আপুনি একচন মনোৰঞ্জনৰ প্ৰকৃত অনুৰাগী তেন্তে এই ছবিখন আপোনাৰ বাবে।”

মনোজ

আমাৰ ধাৰণাত মনোজক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো খঙাল আৰু প্ৰতিশোধপৰায়ণ। দৰ্শকে সম্পূৰ্ণ নতুন ৰূপত দেখিব। –এই নতুন ৰূপটো চাবলৈ আমিয়ো আগ্ৰহী। চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ আন এক কাৰণ, বিশেষ চৰিত্ৰ এটাত অভিনয় কৰিছে অসমৰ ভাগীৰাথি বাই কদমে। নাট্যকৰ্মী, দক্ষ অভিনেত্ৰী গৰাকী ইতিমধ্যে চৰ্চাৰ বিষয় হৈছে, ট্ৰেইলৰৰ মুক্তি দিয়াৰ পাছৰে পৰা।

–চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ হৈছে জোয়া হুছেইন, যতীন গোস্বামী, সুবিন্দৰ ভিকি, বিপিন শৰ্মা, আচাৰ্য অনন্ত, আকাশ মাখিজা,অমৰেন্দ্ৰ শৰ্মা, অমৃত শচন, জয়হিন্দ কুমাৰ, নিখিল মেহতা,বীণু শৰ্মা,ৰুদ্ৰ চৌধুৰী আদিক লৈ। ১৩৬ মিনিট দৈৰ্ঘৰ অৰ্জুন কুক্ৰেটিয়ে চিত্ৰগ্ৰহণ কৰা এই চিনেমা খন ফ্ল’ৰলৈ গৈছিল ২০২৩ চনৰ ১৯ ​​ছেপ্টেম্বৰত।

মনোজ

–আন এক তথ্য: “চিৰফ এক বন্দা কাফি হ্যায়” ৰ পিছত মনোজ বাজপেয়ীক লৈ অপূৰ্ব সিং কাৰ্কিৰৰ দ্বিতীয় পৰিচালনা। সংযোজন:
মনোজ বাজপেয়ীৰ মই চোৱা কেইখনমান চিনেমাৰ তালিকা : ‘জুবেদা ‘ (২০০১), ‘ অক্স ‘ (২০০১), ‘ৰোড’ (২০০২),’পিঞ্জৰ’ (২০০৩), ‘ৰাজনীতি’ (২০১০), ‘ গেংছ অফ ৱাছেপুৰ ‘ (২০১২), ‘ আলীগড়’ (২০১৬) । ভিন্ন ইমেজৰ চৰিত্ৰ। পৰিচালকে যি ইমেজৰ চৰিত্ৰ ৰচনা কৰিছে, সেই ইমেজতে বন্দী হৈ অভিনয় কৰিছে । ৰোমহৰ্ষক ৰজনীতিকৰ পৰা সমকামীলৈকে, ভিন্ন চৰিত্ৰত ।বিশেষ ভাবে ছুই গৈছিল ‘আলীগড়’ৰ চৰিত্ৰটোই।

–ৰূপালী গল্পটোত দেখা যায় আলীগড় মুসলিম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। নাম ৰামমচন্দ্র ছিৰাজ। সমকামী। মাৰিঠি ভাষা পঢ়াই, ভদ্ৰলোক। কিন্তু সমাজত গুৰুত্ব দিয়া নহয় ! কাৰণ ৰামচন্দ্ৰ সমকামী প্ৰবৃত্তিৰ।

‘অক্স'(২০০১)। মানে –প্রতিবিম্ব । ৰাকেশ অ’মপ্রকাশ মেহৰাৰ প্ৰথম স্বাধীন পৰিচালনা। এক্সন – থ্ৰিলাৰ। মুল চৰিত্ৰ মনু বাৰ্মা । অভিনয়ত মোৰ প্ৰিয় অভিনেতা অমিতাভ বচ্চন। বিপৰীতে মোৰ প্ৰিয় অভিনেত্ৰী নন্দিতা দাস। আৰক্ষী বিষয়া বাৰ্মাই এজন খুনিৰ সন্ধানত ব্যস্ত হয়। অশৰীৰী খুনি ! এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েং গতি কৰে ৰূপালী গল্পটো। মনোজ বাজপেয়ীক লৈ নিৰ্মাণ কৰিছিল চৰিত্ৰটো। চৰ্চালৈ আহিছিল ! আৰু চিত্ৰৰসিকৰ ওচৰ চপাৰ সুযোগ পাইছিল ।

মনোজ

— এই চিনেমা খনৰ দৰ্শক হোৱাৰ পিছত মনোজক ওচৰৰ পৰা শুনিছিলো। অভিনেতা গৰাকীয়ে কৈছিল , “মোৰ বাবে সহজ কথা নাছিল ! মই অমিতাভ অনুৰাগি ! মোৰ চিন্তাৰ বিষয় আছিল অমিতাভ বচ্চনে ইমান বিপৰীত চৰিত্ৰত অভিনয় কেনেকৈ কৰে? কেনেকৈ সম্ভৱ ! কেতিয়াবা লগ পালে সূধিম — চাৰ , কেনেকৈ সম্ভৱ ! — লগ পলোঁ। লগ পোৱাৰ পিছতে অভিনয় ! মোৰ মনত দুটা ক্ৰিয়া অনুভৱ কৰিছিলোঁ !

প্ৰথমটো: ভাল লগা। মই অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিম !
দ্বিতীয়তে: ভয় লাগিছিল ! মই অমিতাভ বচ্চনৰ সৈতে কেনেকৈ অভিনয় কৰিম?

মোৰ মনৰ অৱস্থা হয়তো অমিতাভ জীয়ে অনুভৱ কৰিছিল! “আমাৰ কৰিব লগিয়া একো নাই। যি কৰিব অ’ম প্ৰকাশেই কৰিব।” বুলি মোৰ ফালে চাইছিল। মোক সাহস দিছিল। সেই দিনায়ে বুজিছিলোঁ অমিতাভ বচ্চনে কেনেকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰে। মই মহাতাৰকা গৰাকীৰ ওচৰত সহজ হৈছিলো । ” আৰু আজি কব পাৰি মহাতাৰকা গৰাকীৰ অভিনয় চমকে নিস্প্ৰভ কৰিব পৰা নাছিল মনোজৰ অভিনয় ক্ষমতা ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform