Rupaliparda.com
ৰাফ cut: হেমন্ত দেবনাথ -- উৎপল মেনা 1

ৰাফ cut: হেমন্ত দেবনাথ — উৎপল মেনা

এজন ভাল অভিনেতা, পৰিচালকৰ অভিনেতা– হেমন্ত দেবনাথ। কমফুটেজৰ চৰিত্ৰতে দৰ্শকক চুই যাব পৰা “অভিনয় শক্তি”ৰ গৰাকী। উদাহৰণ– “ৰঙাটাপু-১৯৮২” (পৰিচালক: আদিত্যম শইকীয়া)। (চিনেমা খনৰ চৰ্চা এই গ্ৰন্থ খনত আছে)। দক্ষ অভিনেতা গৰাকীৰ আন কেইখন মান চিনেমা: যি গল্পৰ শেষ নাই (পৰিচালক উৎপল দত্ত), গুৱাহাটী ডায়েৰীজ (পৰিচালক প্ৰশান্ত শইকীয়া), দ্যা গভাৰমেণ্ট চাৰ্ভেণ্ট (পৰিচালক প্ৰদ্যুত কুমাৰ ডেকা), গৰু (পৰিচালক হিমাংশু প্ৰসাদ দাস), হিৰো’ (পৰিচালক হিমাংশু প্ৰসাদ দাস), দ্যা লাষ্ট অ’নাৰ (পৰিচালক ৰজী বৰা)। ভিন্ন পৰ্যায়ত আছে, চিত্ৰগৃহলৈ অহা নাই: The Black Umbrella (পৰিচালক আদিত্যম শইকীয়া), নিয়ন চহৰ ( পৰিচালক প্ৰশান্ত শইকীয়া)। এই চিনেমা দুখনতো নিশ্চয় হেমন্ত দেবনাথৰ “অভিনয় শক্তি” স্পষ্ট হ’ব।

হেমন্ত দেবনাথ

–অভিনেতা গৰাকীয়ে অভিনয় কৰা চুটি চিনেমা: “ল’টাছ feet আৰু নট মাই thing” (পৰিচালক প্ৰশান্ত শইকীয়া), নিনাদ (পৰিচালক কমল পৰাণ), উপপথ (পৰিচালক শান্তনু দত্ত), এণ্টি ছ’চিয়েল (পৰিচালক চন্দন কুমাৰ), আনস্পকেন (পৰিচালক উদয় ভাস্কৰ পাটিৰ), একাকি (পৰিচালক ৰূপম জ্যোতি মালাকাৰ), শূণ্যতা (পৰিচালক নৱপন ডেকা), নিঃশব্দ ( শ্বেখৰ ডেকা), Hope (পৰিচালক কৃপাল কলিতা), ব্লাইণ্ড and টু কাপচ অৱ টি (পৰিচালক জগদীশ দাস) ইত্যাদি।

হেমন্ত দেবনাথ

হেমন্ত দেবনাথক লগ পোৱাৰ আগতেই আভিনেতা গৰাকীয়ে অভিনয় কৰা দুটা চৰিত্ৰক লগ পাইছিলোঁ– “যি গল্পৰ শেষ নাই” আৰু “ৰঙাটাপু-১৯৮২” চিনেমা দুখনত। সম্পূৰ্ণ দুটা বিপৰীত “ইমেজ”ৰ চৰিত্ৰ। “আপুনি এগৰাকী আভিনেতাই অভিনয় কৰা সম্পূৰ্ণ বিপৰীত চৰিত্ৰ দুটা মনলৈ আনক! মনতে ভাৱক– অভিনেতা গৰাকী ‘চৰিত্ৰ’লৈ ৰূপান্তৰ হৈছে নে! ৰূপান্তৰত সফল নে! যদি আপোনাৰ মনলৈ অহা উত্তৰটো ইতিবাচক, তেনেহ’লে সন্দেহ নাই, সেই অভিনেতা গৰাকী সফল অভিনেতা, দক্ষ অভিনেতা।” আমি যদি হেমন্তই অভিনয় কৰা চৰিত্ৰ দুটা (ওপৰত উল্লেখ কৰা চিনেমা দুখনৰ) মনলৈ আনো, মনলৈ অহা উত্তৰটো ইতিবাচক হ’ব।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform