Rupaliparda.com
Jatin Khanikar

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা –উৎপল মেনা

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 1

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু “চিনাকী মুখ”ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম– “বেলকনিত ভগৱান”। অভিনেতা গৰাকীক জনা নাছিলোঁ, জানিলোঁ “কুঁহিপাঠ” নামৰ চিনেমা খন চোৱাৰ পাছতহে। যোৱা ১২ মে’ তাৰিখে চিনেমা খন চোৱাৰ পাছত অভিনেতা গৰাকীক জানিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ! ইমান খিনি বুজিছিলোঁ– অভিনয়ৰ বাবে অভিনয় কৰা অভিনেতা। সৰল ভাষাত “আভিনয় পাগল” বুলিয়ো কব পাৰি। আৰু জানিছিলোঁ, চৰিত্ৰ বুজি, “চৰিত্ৰ”লৈ নিজকে ৰূপান্তৰ কৰাৰ পাছতহে কেমেৰাৰ সন্মুখত শ্বট দিয়ে। –অভিনেতা গৰাকীৰ নাম যতীন খনিকৰ।

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 2যতীন খনিকৰ চৰ্চালৈ আহিছিল চন্দ্ৰ মুদৈৰ পৰিচালনাৰে নাৰ্মিত– “গো গো আই”ত কৰা অভিনয়ৰে। মূল চৰিত্ৰটোত অভিনয় কৰিছিল। পৰিচালক-লেখক মুদৈয়ে COVID-19 lockdown-ৰ সময়ৰ এটা সঁচা কথাৰ আধাৰত কাহিনী, আৰু কাহিনীক গতি দিয়া চৰিত্ৰ (কাহিনীৰ মূল বিন্দু) এটা নিৰ্মাণ কৰিছিল। কাহিনীৰ সেই মূল বিন্দুটো পৰিচালকে নিৰ্মাণ কৰিছিল যতীন খনিকৰক লৈ। চৰিত্ৰটো লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমলৈ যাত্ৰা কৰা এগৰাকী লোকৰ। চিনেমা খনৰ মূল সৌন্দৰ্য খনিকৰৰ অভিনয়।

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 3–এই গৰাকী অভিনেতাক লৈ আৰু ভালেমান ভাল চৰিত্ৰ নিৰ্মাণ হৈছে। শেহতীয়া ভাবে নিৰ্মাণ হোৱা এটা চৰিত্ৰৰ নিৰ্মাতা হীৰেণ বৰা। চিনেমা: বোৰ্খা (the veil)। কাহিনী: জিতুমণি বৰাৰ। চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে।

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 4চিনেমা খনৰ মুখ্য সহকাৰী পৰিচালক মলয় ৰয়, সহকাৰী পৰিচালক সুমনা সুৰভি, কলা নির্দেশক পংকজ বেজবৰুৱা, ব্যৱস্থাপনা হীৰেণ কলিতাৰ লগতে কেমেৰাত পাপু ডেকা আৰু কেমেৰা সহযোগী মৃদুপৱন বৰ্মন, দেৱাশিস প্রাণকৃষ্ণ বৰা। সাজসজ্জাত ৰ’জী বৰা, সম্পাদনাত দীপক মণ্ডল, শব্দগ্রহণ বলেন পাঠক আৰু ব্যৱস্থাপনা সমন্বয়ক নৱকুমাৰ কলিতা।

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 5

ৰি-ৰেকৰ্ডিং হিমান্ত কুমাৰ গগৈ আৰু কল্পনা ভূঞাঁ গগৈৰ। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ’দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ’জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা --উৎপল মেনা 6কথা প্ৰসংগত পৰিচালক বৰাই ক’লে– “কষ্ট কৰিব পৰা অভিনেতা। অভিনয় জানে, অভিনয় বুজে। চৰিত্ৰটো নিৰ্মাণৰ বাবে যেনেদৰে বিচাৰিছিলোঁ, তেনেদৰে সহায় কৰিছিল। এনে স্তৰৰ অভিনেতা পালে পৰিচালকৰ পৰিশ্ৰম কৰিবলৈ আগ্ৰহ বাঢ়ে।”

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform