“কুঁহিপাঠ-মানুহ হোৱাৰ প্ৰথম খোজ”। প্ৰশান্ত কলিতাৰ পৰিচালনা। নৱজ্যোতি বৰদলৈৰ প্ৰযোজনা। দক্ষিণ কামৰূপৰ কথিত ভাষা আৰু সেই অঞ্চলৰ পৰম্পৰাগত সংগীত চিনেমা খনৰ প্ৰধান শব্দ সৌন্দৰ্য। চিনেমা খনৰ বিষয়বস্তু– শিক্ষা।
শিক্ষাৰ প্ৰথম খোজ– “কুঁহিপাঠ” (আমাৰ, আজিৰ তাৰিখতো বহুতৰে প্ৰথম শিক্ষাৰ আদিপাঠ– কুঁহিপাঠ।)
পৰিচালকে যতীন খনিকৰক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছে। নাম এটা নিশ্চয় আছে; কিন্তু সকলোৱে শিল্পী বুলি মাতে। সংগীত ভাল পোৱা “শিল্পী”য়ে সকলোকে বুজাবলৈ চেষ্টা কৰে– শিক্ষা সুস্থ সমাজৰ বুনিয়াদ। সৰল মনৰ “শিল্পী”ৰ মনত বৈ থাকে “কুঁহিপাঠ”। “শিল্পী”য়ে “কুঁহিপাঠ” বোৱাই দিয়ে তিনি শিশু শ্ৰমিকৰ মনলৈ।
পৰিচালকৰ কাহিনীৰ কেন্দ্ৰবিন্দু “শিল্পী” নৈপৰীয়া। মাছৰীয়া। আৰু কেইবাটাও পৰিয়ালৰ দৰে দক্ষিণ কামৰূপ কলহী নৈ খনৰ ওপৰতে নিৰ্ভৰ কৰি “শিল্পী”ৰ জীৱন যাত্ৰা। নৈপৰীয়া এই মানুহ খিনিৰ জীৱন আগৰ দৰে হৈ থকা নাই, নদীৰ পানী অস্বাভাৱিক গতিত কমিছে, মাছ কমি আহিছে। “শিল্পী”ৰ মুখত দিয়া কেইটা মান সংলাপেৰে প্ৰাকৃতিক বিপৰ্যয়ৰ ছবি খন স্পষ্ট কৰি দিছে। নিজৰ পেটৰ বাবে, পৰিয়ালৰ পেটৰ বাবে “শিল্পী”য়ে শিহুৰ মুখৰ মাছ কাঢ়ে। এয়া “শিল্পী”ৰ বাবে ক্ষোভ।
শিহু কেইটা আছে নে! সিহতে খাবলৈ মাছ পাইনে! –সেই কথাও চিন্তা কৰে “শিল্পী”য়ে। “শিল্পী”ৰ চিন্তাৰে পৰিচালকে কাহিনত গুঠি যায় শিক্ষা, প্ৰকৃতি, সমাজৰ বিভিন্ন সমস্যা।
–আহিছোঁ যতীন খনিকৰৰ অভিনয় প্ৰসংগলৈ। অভিনয় চিনেমেটিক। বাস্তৱিক চৰিত্ৰ নিৰ্মাণত পৰিচালকক সহায় কৰিছে। সমাজৰ ওচৰৰ “চৰিত্ৰ” হৈছে। কিন্তু সংলাপ প্ৰক্ষেপন “melodrama” মুক্ত নহয়। এই “চিনে দোষ”ৰ পাছতো যতীন খনিকৰৰ অভিনয়ে চুই গৈছে। দৰ্শকক চুই যোৱা অভিনয় অনুৰূপা ডেকাৰজাৰো। প্ৰতিটো চৰিত্ৰৰ কথা মনত ৰাখি ক’ব পাৰি– “চৰিত্ৰ নিৰ্মাণ”ত পৰিচালক সফল।
–চিনেমা খনৰ চুই যোৱা প্ৰথমটো দিশ কাহিনীৰ গতিত ব্যৱহাৰ কৰা পৰম্পৰাগত সংগীত।
পৰম্পৰাগত গীতে কাহিনীক গতি দিছে, কাহিনীৰ পৰিবেশ নিৰ্মাণত সহায় কৰিছে। জেজেৰা পাৰ্টি , মহোহো, বিহু আদিৰ প্ৰয়োগ, কাহিনীৰ গতিত ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ চিনেমা খনৰ ইতিবাচক দিশ। –এই সকলো সামৰি পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব পাৰিলো হেতেন যদিহে পৰিবেশ নিৰ্মাণৰ দৰে পৰিচালকে কাহিনী নিৰ্মাণ-গতিত গুৰুত্ব দিলে হেতেন।
Add comment