Rupaliparda.com
ভাইমন দা | চিনেচৰ্চা --উৎপল মেনা 1

ভাইমন দা | চিনেচৰ্চা –উৎপল মেনা

ভাইমন দা | চিনেচৰ্চা --উৎপল মেনা 2

অসমীয়া biopic “ভাইমন দা”লৈ। চিনেমা খনৰ লেখক-পৰিচালক: শশাংক সমীৰ। চিনেমা খনৰ বিষয়-বস্তু মুনিন বৰুৱাৰ চিনেকৰ্ম (নাট্যকাৰ-নাট পৰিচালক মুনিন বৰুৱাক ৰূপালী গল্পটোত গুৰুত্ব দিয়া নাই), কাহিনী-ৰেখা মুনিন বৰুৱা কেন্দ্ৰিক। ৰূপালী গল্পটোৰ মূল বিন্দু স্বাভাৱিকতে মুনীন্দ্রনাথ বৰুৱা, মুনিন বৰুৱা বা ভাইমনদা। “কৈশোৰ ভাইমন”ৰ পৰা “ৰামধেনু”ৰ সফলতালৈ কাহিনী ৰেখা। “চৰিত্ৰ”টোৰ নিৰ্মাণ পৰ্ব, আয়োজনৰ বাবে পৰিচালক (আৰু অভিনেতা নিৰ্বাচক) প্ৰশংসাৰ পাত্ৰ। তেনেদৰে মূল বিন্দুৰ গতিত কাহিনীলৈ অহা “চৰিত্ৰ” নিৰ্মাণৰ আয়োজনো ইতিবাচক। (এনে আয়োজন সহজ নহয়।)
–প্ৰথমে মুনিন বৰুৱা নহয়, আন চাৰিটা চৰিত্ৰৰ কথাহে উল্লেখ কৰিম। শিৱ প্ৰসাদ ঠাকুৰ (সমূদ্ৰগুপ্ত দত্তকলৈ নিৰ্মাণ কৰিছে), পবিত্ৰ কুমাৰ ডেকা (অসীম কৃষ্ণ বৰুৱাকলৈ নিৰ্মাণ কৰিছে), জুবিন গাৰ্গ (পাৰ্থ প্ৰতীম হাজৰিকাকলৈ নিৰ্মাণ কৰিছে), মানস বৰুৱা (গীতাৰ্থ শৰ্মাকলৈ নিৰ্মাণ কৰিছে)। এই চৰিত্ৰ চাৰিটাৰ স্তৰ নাপালে বনদীপ শৰ্মাকলৈ নিৰ্মাণ কৰা মূল “চৰিত্ৰ”টো। “চৰিত্ৰ”টোৰ মাজত আমি ওচৰৰ পৰা পোৱা ভাইমনদাকক (মুনিন বৰুৱাক) অনুভৱ কৰাত দিগদাৰ পাইছোঁ। চিনেমা, কেৱল (দেশ-বিদেশৰ) চিনেমাৰ আড্ডা দি ভাল পোৱা, মানুহৰ মাজত থাকি ভালপোৱা ভাইমনদাক নাপালোঁ। আমি অনুভৱ কৰা “কোমল মন”ৰ ভাইমনদাক সংলাপ প্ৰক্ষেপণ, চেহেৰাৰ ভাষাত (“চৰিত্ৰ”টোৰ মাজত) অনুভৱ নকৰিলোঁ। নিৰ্মাণ কৰা “চৰিত্ৰ”টো আৰু আমি ওচৰৰ পৰা পোৱা ভাইমনদাৰ মাজত দূৰত্ব অনুভৱৰ বাট নাথাকিলে মুকলি মনেৰে চিনে-সুখ অনুভৱ কৰিলো হেঁতেন! (এই কথা ঠিক– এই ত্ৰুটিয়ে “ৰূপালী গল্প”টোৰ ক্ষতি কৰা নাই!)

ভাইমন দা | চিনেচৰ্চা --উৎপল মেনা 3
অতীত-চাৰণৰ অপৰিপাটি প্ৰয়োগৰ পাছতো ক’ব পাৰি– কাহিনীয়ে দৰ্শকক চুইছে। সাহিত্যৰ ভাষা (‘লাফাংগা’, ‘মাল’টো খুৱাব…ৰ দৰে কেইটামান সংলাপক বাদ দি। চিনেমা খনৰ “ইতিহাসে” মনত ৰাখি এনে সংলাপ প্ৰয়োগৰ প্ৰয়োজন নাছিল। প্ৰয়োজন নাছিল– মদ খোৱাৰ প্ৰয়োজনতকৈ বেছি ছিকুৱেন্সৰ।)-কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈ গতি নিৰ্মাণত সহায় কৰিছে।
কিশোৰ ভাইমনক মৌজাদাৰ দেউতাকে (চৰিত্ৰটোত কৰা গুণাকৰ দেৱগোস্বামীৰ অভিনয়ে মন চুই থাকিল। দেহ-চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপণত “অভিনয় ক্ষমতা” স্পষ্ট।) গোলাঘাটৰ পৰা দিল্লীৰ ৰামযশ কলেজলৈ পঠিওৱা, ফৰকাটিঙৰ পৰা দিল্লীমুখী ৰে’লত উঠিবলৈ লোৱা সুপৰিকল্পিত ছিকুৱেন্সটো, “মঞ্জুলা-মুনিনৰ প্ৰেম কাহিনী”টোৰ লগতে গীতৰ চিত্ৰায়ণ আৰু প্ৰয়োগ ৰূপালী গল্পটোৰ বিশেষ অলংকাৰ বুলি ক’ব পাৰি। বিশেষকৈ
“এৰা এৰি ক্ষনিকৰে
অচিৰে তুমি মই মিলিম
দুয়ো পাৰে পৃথিৱী থৈ
ভাল পোৱাৰ ডিঙা মেলিম…” (কথা: দীগন্ত ভাৰতী, সুৰ: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত)
গীতটো। গীতটো চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ। এই গীতটোৰ লগতে কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰা আন কেইটা গীতো অংগলৈ ৰূপান্তৰ কৰিছে, কাহিনীৰ গতি দ্ৰুত কৰাত ব্যৱহাৰ কৰিছে।
“…ৰং ধেমালিৰ মন কাহিনী
চৌপাশে বিয়পা সুৰ বাহিনী
মৌ বৰষা হাঁহি খিনি
জয়মতী আজিও ৰয় জিলিকি…
যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং….” (কথা: শশাংক সমীৰ, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) টোৰ কথা-গয়কী চুই যোৱা। গীতৰ লগতে পৰিৱেশ নিৰ্মাণত সহায় কৰা সংগীতৰ ইতিবাচক কামৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালকক। সংগীত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।
–গীত ব্যৱহাৰৰ আৰু এটা বাট আছিল। গীতেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ আছিল।
পৰিচালকে সেই বাট কিয় নললে? –চিনেমা খনৰ দৰ্শক হোৱাৰ পাছত এই প্ৰশ্নই আমাক চুই গ’ল।
–হয়, মুনিন বৰুৱাৰ চিনেমাত ব্যৱহাৰ হোৱা গীতৰ (আৰু নাটকীয়) ছিকুৱেন্স ব্যৱহাৰেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে দৰ্শকক “মুনিন বৰুৱাৰ কাম” অনুভৱৰ সুযোগ দিব পাৰিলে হেতেন! চিনেমা খনৰ বিষয়-বস্তু, মজবুট হ’ল হেতেন! স্পষ্ট হ’ল হেঁতেন।
–হয়, “ভাইমন দা” চিনেমা খনৰ বিষয়-বস্তু স্পষ্ট কৰাত ব্যৰ্থ পৰিচালক, চিত্ৰনাট্যকাৰ (আৰু গৱেষণাৰ প্ৰয়োজন আছিল)। মুনিন বৰুৱা চিনেমাৰ মানুহ আছিল, সংগীতৰ মানুহ আছিল, ভিডিঅ’ চিনেমাৰ বাবে কিয় কাম কৰিছিল– পৰিচালকে পৰিপাটিকৈ চুই গৈছে; কিন্তু “ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক মুনিন বৰুৱা”ক গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলেও চুই যোৱাৰ প্ৰয়োজন নাছিলনে? (মুনিন বৰুৱাৰ সৰহ সংখ্যক চিনেমাৰে শিপা ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ নাটক।) বিপৰীতে চিনেমা খনত অপ্ৰয়োজনীয় ছিকুৱেন্স ৰাখিছে, (হয়তো বজাৰ চিন্তাৰে। এয়া পৰিচালকৰ ইতিবাচক চিন্তা।) জুবিন গাৰ্গৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিছে। জুবিন চৰিত্ৰটোৰ “hero entry”য়ে মূল বিষয়-বস্তুক গতি অৱশ্যেই দিছে; কিন্তু ক্ষতি কৰিছে। “জুবিনে” নিস্প্ৰভ কৰিছে “ভাইমনদা চৰিত্ৰটো”। তেনেদৰে ৰূপালী গল্পটোৰ প্ৰথমৰ ফালে “শিৱ প্ৰসাদ বৰঠাকুৰৰ চৰিত্ৰটো”ই নিস্প্ৰভ কৰিছে “ভাইমনদা চৰিত্ৰটো”। –এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।
কাহিনী-ৰেখাৰ মূল বিন্দুটো শেষ বিন্দু এটালৈ নি সুখকৰ সমাপ্তিৰ বাবে মানস বৰুৱা চৰিত্ৰটো (মূল বিন্দুটোৰ পুত্ৰ) নিৰ্মাণ, প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ। অবাধ্য, খঙাল পুত্ৰৰ পিতৃৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ, কম ছিকুৱেন্সতে স্পষ্ট কৰিছে। কিন্তু এই চৰিত্ৰটোৰ সুপৰিকল্পিত নিৰ্মাণে (বিশেষকৈ acting power-এ) নিস্প্ৰভ কৰিছে মূল চৰিত্ৰটো। কাহিনী-ৰেখাৰ শেষৰ ভাগ “ভাইমনদা”ৰ হৈ নাথাকিল, “মানস বৰুৱা”ক দখল কৰালে। “নায়ক”লৈ ৰূপান্তৰ কৰিলে। দুখ-হতাশাৰ মাজত থকা পিতৃক পুত্ৰই সুখ দিলে– (ভাইমনদাৰ) জন্মস্থানৰ বহুদিন বন্ধহৈ থকা চিত্ৰলেখা চিত্ৰগৃহত “ৰামধেনু” প্ৰদৰ্শন কৰোৱাই। কাহিনী-ৰেখাত (বাস্তৱতো) দেখা যায় মুনিন বৰুৱাক সন্তুষ্ট কৰে চিনেমাৰ “স্থানীয় বজাৰ” সফলতাই। “দীনবন্ধু”লৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ পাছতো সুখ অনুভৱ কৰা নাছিল চিনেমা খন “স্থানীয় বজাৰ”ত সফল নোহোৱা বাবে। “ৰামধেনু”ৰ বাণিজ্যিক সফলতাৰ পাছতো কিন্তু সুখ অনুভৱ কৰা নাই মুনিন বৰুৱাই। পৰিচালক গৰাকীৰ নিজৰ জন্মস্থানত চিনেমা খন প্ৰদৰ্শন কৰিব নোৱাৰাৰ দুখ। একমাত্ৰ চিত্ৰগৃহটো বন্ধ হৈ আছে। কেনেকৈ প্ৰদৰ্শন কৰিব! বাদুলীয়ে বাহলোৱা, কেইবা মাহৰো বিদ্যুৎৰ বিল দিব থকা চিত্ৰগৃহটোত কম সময়ত চিনেমা প্ৰদৰ্শন কৰা কামটো সহজ নাছিল। অসম্ভৱ আছিল। অসম্ভৱ কামটো সম্ভৱ কৰিছিল মানসে, পিতৃক সুখ দিবলৈ (পিতা-পুত্ৰ কেন্দ্ৰিক এখন চুই যোৱা চিনেমা! পিতা-পুত্ৰ কেন্দ্ৰিক অংশত স্পষ্টহৈ আছে শশাংক সমীৰৰ “directors powers”। মুকলি মনেৰে ক’ব পাৰি– দক্ষিণ ভাৰতীয় বা বলিউডৰ চিনে-শৈলীৰ আঁতৰত থাকি সুপৰিকল্পিত, বজাৰ-চিন্তাৰে “মৌলিক চিনেমা” দিব পৰি পৰিচালক এজন “অসমীয়া চিনেমা”ই পালে। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই চহকী কৰা “অসমীয়া চিনেমা”ৰ বাটটোত শশাংক সমীৰৰ সবল খোজ।)।
কাহিনী-ৰেখাৰ গতিত লেখক-পৰিচালকে “অসমীয়া চিনেমা”ক ক্ষতি কৰা পাইৰেচি, চিত্ৰগৃহ (চিত্ৰগৃহ বন্ধ হৈ যোৱা, অসমতে অসমীয়া চিনেমাক চিত্ৰগৃহৰ মালিকে গুৰুত্ব নিদিয়া) সমস্যা আদি প্ৰসংগ পৰিপাটিকৈ আনিছে। কিন্তু অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সমস্যা ৰূপালী গল্পটোৰ বিষয়-বস্তু নহয়, অংগও নহয়, অংশহে। অংগ কৰাৰ বাট আছিল, লেখক-পৰিচালক গুৰুত্ব নিদিলে। (প্ৰচাৰত কোৱাৰ দৰে চিনেমা খনলৈ “অসমীয়া চিনেমা”ৰ উত্থান-পতন অনা নাই, মুনিন বৰুৱাৰ জড়িত থকা চিনেমাৰহে উত্থান-পতনৰ কথা আছে।)
চৰিত্ৰ নিৰ্মাণ (শব্দযন্ত্ৰী সতীশ চৌহান,মঞ্জুলা বৰুৱাকে ধৰি কেইটামাণ চৰিত্ৰ নিৰ্মাণত সাজসজ্জা-ৰূপসজ্জা ত্ৰুটি আছে যদিও), সংগীতৰ পাছতে প্ৰশংসা কৰিব পৰা, ইতিবাচক দিশ সাজ-সজ্জা। বিষয়-বস্তু, কাহিনীৰ ইতিহাস মনত ৰাখিছে সাজ-সজ্জাৰ দায়িত্বত থকা গৰীমা শইকীয়া গাৰ্গে। ইতিবাচক দিশ– অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ ছাউণ্ড ডিজাইনা, ভাঞ্চিনাথন মুৰুগেচনৰ চিনেমাট’গ্ৰাফী।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform