Rupaliparda.com
২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 1

২০২৬-ৰ অসমীয়া চিনেমা –উৎপল মেনা

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 2

২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ “যাত্ৰা” চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ’ব! কাৰণ “চিনে-যাত্ৰা” আৰম্ভ হ’ব “চিনেমা”ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে। পৰিচালক গৰাকীৰ (অপৰূপা, পাপৰি, হালধীয়া চৰায়ে বাওধান খায়, বনানি, ফিৰিঙতি, সাগৰলৈ বহু দূৰ, কুশল, পখী, কণিকাৰ ৰামধেনু, তৰা, বান্ধোন, অজেয়, ভগা খিৰিকী -ৰ পাছত) আন এখন অসমীয়া চিনেমা “হেৰোৱা ছন্দ”। চিনেমা খনত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, অমৃতা গগৈ, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড° অৰূপ বৰঠাকুৰ, উজ্জ্বল বাজখোৱা, ময়ুখ শৰ্মা, দীপচন লাল বৰুৱা, ড° নাৰায়ণ শর্মা আদিয়ে। সংগীত: ইবচন লাল বৰুৱা, নীলোৎপল বৰাৰ। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ। চৰ্চা মতে, চিনে-চিন্তাৰ লগতে জাহ্নু বৰুৱাই “বজাৰ-চিন্তা”তো গুৰুত্ব দিছে।
বৰ্ষটোত মুক্তিৰ বাবে সাজু হৈ থকা চিনেমাৰ সংখ্যা কম নহয়! কেইবা খনো বিগ-বাজেটৰ। বিশেষ ভাৱে উল্লেখ কৰিব পাৰি– “খাকী” আৰু “ককা দেউতা নাতি আৰু হাতী ২”।

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 3
“খাকী” অতনু ভূঞাৰ পৰিচালনা। চিত্ৰগৃহলৈ আহিব বৰ্ষটোৰ দ্বিতীয়টো মাহত– ২৭ ফেব্ৰুৱাৰীত। ৰাজনৈতিক থ্ৰীলাৰ খনৰ সহযোগী পৰিচালক জয়ন্ত কুমাৰ ডেকাই কথা প্ৰসংগত ক’লে– চিনেমা খনৰ making result ভাল! দৰ্শকে ভাল পাব। আধুনিক কাৰিকৰী দিশত গুৰুত্ব দিছে। কাহিনী-ৰেখাই দৰ্শকক সন্তুষ্ট কৰিব। এগৰাকী আৰক্ষী বিষয়াক কেন্দ্ৰ কৰি কাহিনী-ৰেখা আগবাঢ়িব। বিভিন্ন চৰিত্ৰ আহিব, ৰাজনীতি আহিব। চৰিত্ৰৰ সংখ্যা কম নহয়, প্ৰায় ৫০০। কাহিনীৰ গতিত, কাহিনী নিৰ্মাণত প্ৰতিটো চৰিত্ৰৰে গুৰুত্ব আছে।

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 4
–কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে অৰুণ নাথ, ডাঃ জাহনাৰা বেগমে, পদ্মৰাগ গোস্বামী, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, হেমন্ত দেৱনাথ, পৰমেশ্বৰ বৰ্মণ, মণ্টু বৰা, মালামাল বয়জ খ্যাত নৱ নাথ, জয়ন্ত ডেকা, অনুপম হাজৰিকা, অৱয়ব ভূঞা, অতুল লহকৰ, কিশোৰ ভট্টাচাৰ্য, ভবেশ বৰুৱা, অসীম শৰ্মা, পুলক কুমাৰ ডেকা, অশ্বিনী বৰা শিৱাণু বৰাক লৈ। চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য চিনেমা খনৰ পৰিচালক অতনু ভূঞাৰ। দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । ছাউণ্ড ডিজাইনা হিচাপে অমৃত প্ৰীতমৰ । সংগীত ডেনিয়েল বি জৰ্জৰ। ‘ৱাৰ’, ‘থ্ৰী-ইডিয়টছ’, ‘ৰাম সেতু’ আদিৰ দৰে বলিউডৰ বহু ছুপাৰহিট চিনেমাৰ সংগীত পৰিচালক ডেনিয়েলে ৰূপালী গল্পটোৰ বাবে তিনিটা গীত সংগীতেৰে নিৰ্মাণ কৰিছে। গীত তিনিটাত কণ্ঠদান কৰিছে– ৰূপম ভূঞা, জয় বৰুৱা আৰু অনুজা ভূঞাই। চিনেমা খনৰ বাজেট প্ৰায় ২ কোটি টকা।
আন খন চিনেমা “ককা দেউতা নাতি আৰু হাতী ২”ৰ পৰিচালক বিশ্বজিত বৰা। “বহ্নিমান”, “ৰক্তবীজ”ৰে চেষ্টা কৰিছিল যদিও স্থানীয় বজাৰত সুবিধা কৰিব নোৱাৰিলে। এইবাৰ “ককা দেউতা নাতি আৰু হাতী ২”ৰে আশা কৰিছে! চিনেমা খনৰ নিৰ্মাতা প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছে। অভিনয় কৰিছে যতীন বৰা, প্ৰাঞ্জল শইকীয়া, তপন দাস, আদিল হুছেইন, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংগণা, পংকজ মহন্ত,দেৱজীত মজুমদাৰ, শ্ৰেয়া বৰঠাকুৰ আৰু সিদ্ধান্ত কলিতা আদিয়ে। চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ।
কাহিনী-চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ। চৰ্চাত স্পষ্ট কৰা হৈছে, শিৰোনামত স্পষ্ট– বজাৰ সফল, চিৰসেউজ অহমীয়া চিনেমা নিপ বৰুৱাৰ “ককাদেউতা নাতি আৰু হাতী”ৰ চিকুৱেল। ৮০ৰ দশকৰ এই জনপ্ৰিয় চিনেমা খনৰ কাহিনী-চিত্ৰনাট্য লিখিছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু নিপ বৰুৱাই।
নতুন বৰ্ষটোত মুক্ত পোৱাৰ কথা– আচিন্ত শংকৰৰ “হোমৱ’ৰ্ক”, বিশ্বজিৎ বৰাৰ “বীৰাংগনা সাধনী”, মৃণ্ময় অৰুণ শইকীয়াৰ “অগ্নিবাণ”, মঞ্জু বৰাৰ “ৰূপতীৰ্থৰ যাত্ৰী”, সমুজ্জ্বল কাশ্যপৰ “অদৃশ্য”, অশোক কুমাৰ বিষয়াৰ “যৌৱনে আমনি কৰে-২”
চিনেমা কেইখনো। “অদৃশ্য” আৰু “অগ্নিবাণ”ৰ মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই। আজিৰ তাৰিখতো যতীন বৰাৰ হাতত চিনেমাৰ সংখ্যা কম নহয়। নতুন বৰ্ষটোত মুক্তিৰ দিন ঠিক কৰা “চুপা চুপি”তো অভিনয় কৰিছে। অভিনয় কৰিব ৰাজেশ ভূঞাৰ পৰিচালনাৰে “আজলী নবৌ-২”, মানস বৰুৱাৰ পৰিচালনাৰে “বাৰুদ-২”ত। ইয়াৰ লগতে ঘৰুৱা প্ৰডাকচনৰ চিনেমাৰ কামো আৰম্ভ কৰিব।

Utpal Mena

Add comment

Leave a Reply

Most popular

Recent posts