Rupaliparda.com
|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 1

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || –উৎপল মেনা

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 2

প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হ’ল “সংগীত জেউতি বঁটা”। কালি আবেলি এক সাংগিতিক অনুষ্ঠানত ২০২৪-২০২৫ বৰ্ষত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমাৰ এগৰাকী (নিৰ্দিষ্ট জুৰীয়ে নিৰ্বাচন কৰা) শ্ৰেষ্ঠ গায়িকাৰ এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে বৰ্ষ দুটাত ৪৬ খন অসমীয়া চিনেমা চিত্ৰগৃহলৈ আহিছে যদিও উদ্যোক্তা সকলে জনোৱা মতে ৬ খন চিনেমাইহে প্ৰতিযোগিতাৰ বাবে গীত প্ৰেৰণ কৰিছিল।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 3

প্ৰতিযোগীতাত আংশ গীতৰ বা চিনেমাৰ সংখ্যা কম হোৱাৰ এটা কাৰণ– প্ৰতিযোগীতা কেৱল গায়িকাৰ একক কণ্ঠত ৰেকৰ্ডিং কৰা গীতৰ বাবেহে মুকলি আছিল। কম সংখ্যক, ভাল গীতৰ মাজৰ পৰা প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে “জিয়া”ৰ এটি গীতৰ কণ্ঠ-শিল্পী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে (চিনেমা খনৰ পৰিচালক: কেণী বসুমতাৰী। সংগীত পৰিচালক: অম্বৰ দাস)। বঁটাত আছে চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আৰু নগদ ৫০ হাজাৰ টকা।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 4

বঁটা প্ৰদান কৰে চিনেমা লেখক-পৰিচালক জাহ্নু বৰুৱা, সংগীত শিল্পী জে পি দাস, চিকিৎসক-সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা আৰু সাংবাদিক জাৰিৰ হুছেইনে। বঁটা প্ৰদান কৰি দিয়া ভাষণত চিনে-চিন্তাৰে ভাৰতীয় চিনেমাক চহকী কৰা পৰিচালক জাহ্নু বৰুৱাই আশা কৰে এই বঁটাই অসমীয়া চিনেমাৰ নেপথ্য মহিলা কণ্ঠ শিলী সকলক উৎসাহ দিব। লগতে উদ্যোক্তা সংগীতজেউতি গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ শলাগ লয় এই কামৰ বাবে। উল্লেখ্য যে, অকালতে উভতি নহা বাটেৰে যোৱা সংগীত শিল্পী, সংগঠক গায়ত্ৰী হাজৰিকাৰ আদৰ্শ আৰু উদ্দেশ্যক সন্মান জনাই, শিল্পী গৰাকীৰ জন্মদিনৰ দিনা এই বঁটা আগ বঢ়াই, লগতে জন্মদিন উৎযাপন কৰে।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 5
গায়ত্ৰী হাজৰিকাৰ বিহীন এই প্ৰথমটো জন্মদিনত ড° সৌৰভ মহন্তৰ চিন্তাৰে তিনি গৰাকী গীতিকাৰৰ (হীৰেন গোহাই, প্ৰমোদ মহন্ত, ড° সৌৰভ মহন্ত), তিনি গৰাকীৰ (হীৰেন গোহাই, চন্দন বেজবৰুৱা, ড° সৌৰভ মহন্ত) কম্প’জিচনেৰে, তিনিগৰাকীয়ে (ডলী ঘোষ, মন্দিৰা লাহিড়ী, মনোজোৎস্না মহন্ত গোস্বামী) কণ্ঠদান কৰা এটা গীতো উন্মোচন কৰা হয়। উন্মোচন কৰাৰ কাৰণ– গীতটোৰ আলাপ গায়ত্ৰী হাজৰিকাৰ।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 6

একেটা সুৰতে বন্ধা এটি গীতটো উন্মোচন কৰি সংগীত শিল্পী পুলক বেনাৰ্জীয়ে সংগীতৰ শক্তি আৰু গায়ত্ৰী হাজৰিকাৰ সংগীত-কৰ্ম চৰ্চা কৰে। ভালেমান সংগীত ৰসিকৰ উপস্থিতিত সংগীত শিল্পী সূৰ্য গোস্বামীয়ে গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা অন্তিম গান– “নাৱৰীয়া অ’ নাৱৰীয়া লহেকৈ মাৰিবি বঠা…” (কথা: জ্যোতিকেশ দাস, সুৰ: দেৱজিৎ চৌধুৰী) গীতটোৰ পৰিপাটি চিত্ৰায়ণ (চিত্ৰয়ণ কৰিছে প্ৰতিভাধৰ চিনেমা পৰিচালক ঝুলন কৃষ্ণ মহন্তই), গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীতৰ সংকলন “ছন্দে ছন্দে বকুল গন্ধে” (সংগ্ৰহ আৰু সম্পাদনা: অঞ্জনা গগৈ) মুকলি কৰে। মুকলি কৰে বিবিদেৱী বৰুৱা, অৱনী বৰা, অঞ্জন জ্যোতি চৌধুৰীয়ে।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 7
এই অনুষ্ঠানত গায়িকা গৰাকীৰ কণ্ঠৰ গীতেৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বঢ়াই— দিয়াক্ষী দত্ত, ধ্ৰুৱজীৎ হাজৰিকা, সুনীতা নাথ আদিয়ে।
সংগীত কৰ্মৰ লগতে গায়ত্ৰী হাজৰিকাৰ জীৱনৰ উদ্দশ্য আছিল– আৰ্ত জনক সহায়ৰ হাত আগবঢ়োৱা। এই কথাও মনত ৰাখিছে উদোক্তা সকলে। বিশেষ দিনটোত দুৰাৰোগ্যত আক্ৰান্ত দুগৰাকীলৈ সহায়ৰ হাত আগবঢ়াই।

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 8
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত উৎযাপন কৰা এই সাংগীতিক অনুষ্ঠানত উপস্থিত থাকে চিনেমা সমালোচক উৎপল দত্ত, সংগীত শিল্পী জয় প্ৰকাশ মেধী, অৱনী ৰঞ্জন পাঠক আদিৰ লগতে “সংগীত জেউতি বঁটা”ৰ জুৰী-সদস্য উৎপল মেনা, মনোজোৎস্না মহন্ত গোস্বামী আৰু সংগীতা বৰঠাকুৰ। আন দুগৰাকী জুৰী সদস্য গৌতম শমা আৰু অনিৰূদ্ধ বৰুৱা। শেষত “সৰা পাতে পাতে…” গীতটোৰে উপস্থিত সংগীত ৰসিকে আমাৰ মাজত সুৰ-সংগীতেৰে জীয়াই থকা গায়ত্ৰী হাজৰিকাক জন্মদিনৰ শুভেচ্ছা জনায়।

Utpal Mena

Add comment

Leave a Reply

Most popular

Recent posts