Rupaliparda.com
NORA

নৰা | চিনেচৰ্চা –উৎপল মেনা

Nora

কাহিনীৰ মূল বিন্দু ধীৰাজ। (চৰিত্ৰটো নিৰ্মাণ কৰিছে জিত বৰুৱাক লৈ। জিতে বাস্তৱিক অভিনয়ৰে “চৰিত্ৰ”টোক গতি দিয়াত পৰিচালকক সহায় কৰিছে বা অভিনয়ৰ দিশত সফল হৈছে।) এখন গাঁৱৰ “ভাল ল’ৰা”। দায়িত্ববান ল’ৰা। দেউতাকক খেতিপথাৰত সহায় কৰে। মাককো দৈনন্দিন কাম-কাজত হাত বঢ়াই। ধীৰাজৰ লক্ষ্য– সেনাবাহিনীত যোগদান কৰা। লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় পৰিশ্ৰম কৰিছে, নিজকে সাজু কৰিছে। দেউতাক আৰু মাকৰ সৈতে ধীৰাজৰ ঘৰখন। দেউতাকৰ ম’হৰ বাথান আছে। সেয়াই সিহতৰ জীৱিকা। ৰূপালী গল্পটোৰ আৰম্ভনীতে দেখা যায়– এজন যুৱকক কোনোৱে হত্যা কৰি নদীত পেলাই যায়, যিজন উগ্ৰপন্থী সংগঠনৰ অংশ আছিল। কাহিনীৰ গতিত বুজা যায় যুৱক জন ধীৰাজৰ ককায়েক, যাৰ সৈতে তাৰ মতাদৰ্শ সম্পূৰ্ণ বিপৰীত। এজন পুত্ৰৰ মৃত্যুৰ পাছত মাকে বিছৰা নাই ধীৰাজে সেনাবাহিনীত যোগ দিয়ক। আন কাৰণ একো নহয়, আৰু এজন পুত্ৰক হেৰুৱাৰ ভয়। বিপৰীতে দেউতাকে বিচাৰে– ধীৰাজে সেনাবাহিনীত যোগদান কৰক, নিবিছাৰে তেওঁৰ দৰে ম’হৰ বাথানত জীৱন পাৰ কৰক।

নৰা | চিনেচৰ্চা --উৎপল মেনা 1
কাহিনীয়ে গতি লয়– উগ্ৰপন্থী গোটে বিচাৰিছে ধীৰাজে তেওঁলোকৰ লগত যোগদান কৰক! ককায়েকৰ হত্যাৰ প্ৰতিশোধ লওক! এই কথা যেতিয়া মাকে জানিব পাৰে বা অনুভৱ কৰে, মাকৰ মন সলনি হয়। (কাহিনীৰ গতিত অসমৰ সন্ত্ৰাসবাদ, পৰিস্থিতি, মানৱীয় সম্পৰ্ক, সংঘাত আৰু সাধাৰণ মানুহৰ জীৱন-যুঁজক পৰিপাটিকৈ পৰ্দালৈ আনিছে।) মাকে ধীৰাজৰ দেউতাকক কয়– সি, মানে ধীৰাজে সেনাবাহিনীত যোগদান কৰক। ধীৰাজে সেনাবাহিনীত যোগদান দিয়াৰ বাবে আগবাঢ়ে, ইমানতে ৰূপালী গল্পটো শেষ। ৰূপালী গল্পটোৰ নাম– “নৰা”। লেখক-পৰিচালক: প্ৰকাশ ডেকা।
নৰা। ধানৰ নৰা (Paddy Straw)। শস্য চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা ধান গছৰ অংশ। নৰাৰে মাঘ বিহুত মেজী সজা হয়, বিশেষকৈ নামনি অসমৰ গাওঁ অঞ্চলত। লেখক-পৰিচালকে নৰাৰে সজা মেজীক কেন্দ্ৰ কৰি ৰূপালী গল্পটোক গতি দিছে, বিষয়-বস্তুৰে কাহিনী গুঠিছে। কাহিনীৰ গতি নিৰ্মাণত কেমেৰাৰ ভাষাক গুৰূত্ব দিছে, প্ৰয়োজনত সাহিত্যৰ ভাষা প্ৰয়োগ কৰিছে।
ৰূপালী গল্পটোত কাহিনীৰ গতিত ধীৰাজৰ লগতে আৰু “চৰিত্ৰ”ৰ সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম, মৎস্য-পশুপালৰ সংগ্ৰাম, গাওঁ খনত থাকিয়ে দেখা সপোন ইত্যাদি চুই গৈছে।

NORA
এয়া স্পষ্ট– কাহিনীৰ গতিত পৰ্দালৈ অনা “চৰিত্ৰ”ৰে পৰিচালকে কাহিনী বিন্যাস বা কাহিনী নিৰ্মাণত গুৰুত্ব দিয়া নাই, পৰিবেশ নিৰ্মাণতহে গুৰুত্ব দিছে।
এই দিশটোও স্পষ্ট– চিনেমা খনত বিষয়বস্তু কঢ়িয়াবলৈ লেখক-পৰিচালকে আটম টোকাৰী কাহিনী নিৰ্মাণতো মন দিয়া নাই (বা নিৰ্মাণত ব্যৰ্থ)। মন দিছে– কেমেৰাৰ ভাষাক গুৰুত্ব দি (কেমেৰা ডিজাইন ৰূপালী গল্পটোৰ মূল ইতিবাচক দিশ। স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালকৰ লগতে চিত্ৰগ্ৰহণকাৰী বীৰেন্দ্র ললিতক।) সংগীতেৰে (সংগীত: নয়ন মণি বৰ্মন, সত্য নাৰায়ণন), বহু সময়ত নিঃশব্দ সংগীতৰে (Silent music) আৰু বাস্তৱিক শব্দৰে (শব্দ ডিজাইন: মানস প্ৰতিম গোস্বামী) পৰিবেশ নিৰ্মাণ কৰি “নৰা”ক চিনেমেটিক গতি দিছে। দিয়াত সফল হৈছে। এই সফলতাৰ বাবে “কাহিনীত মন নিদিয়া” দিশটো চিনেমা খনৰ বাবে “সমস্য” বা নেতিবাচক দিশ হোৱা নাই। (এই ইতিবাচক দিশটোত স্পষ্ট পৰিচালক গৰাকীৰ চিনে-শক্তি। চিনে-কৰ্মী গৰাকীৰ পৰিচালনা ক্ষমতা।)
চিনেমা খনৰ পটভূমি নলবাৰী জিলাৰ এখন গাওঁ। সাহিত্যৰ ভাষা– সেই অঞ্চলত ব্যৱহাৰ কৰা ভাষা বা কথিত অসমীয়া। “চৰিত্ৰ” নিৰ্মাণত পৰিচালকে নিৰ্দিষ্ট গাওঁ খনৰ কথা মনত ৰাখিছে, সফল হৈছে। আমিয়ো সেই অঞ্চলৰে, চিনেমা খনত সেই অঞ্চলৰ সমাজ, মানুহ, নৰা কাটি বা উভালি মেজি সজা সময়ৰ পৰিবেশ ইত্যাদিৰ “বাস্তৱিক ছবি” অনুভৱ কৰিছোঁ। চিনেমাৰ কাহিনী যেন লগা নাই! বাস্তৱত যেন নিৰ্দিষ্ট সময়ৰ আমাৰ “চুবুৰী”টো দেখি আছোঁ– তেনে লাগিছে। –এয়াই পৰিচালকৰ সাৰ্থকতা। এই সফলতাৰ ভাগ চিনেমা খন সম্পাদনা কৰা ৰতন শীল শৰ্মাই নিশ্চয় পাব। এই খিনিতে ইতিবাচক কলা নিৰ্দেশনাৰ দিশটো অৱশ্যেই উল্লেখ কৰিব লাগিব। কলা নিৰ্দেশনা চিনেমা খনৰ লেখক-পৰিচালক প্ৰকাশ ডেকাৰ।

Utpal Mena

Add comment

Leave a Reply

Most popular

Recent posts