Rupaliparda.com
আয়ুৰেখা

ঐক্যতানৰ সোণালী জয়ন্তীত “আয়ুৰেখা”—সৰোজ মেধি

আয়ুৰেখা

বিশিষ্ট লেখক, সংবাদসেৱী তথা নাট্যকাৰ পবিত্ৰ কুমাৰ ডেকাই ১৯৭৬ চনতে প্ৰতিস্থা কৰা গুৱাহাটীৰ এটি অগ্ৰণী সাংস্কৃতিক প্ৰতিষ্ঠান ‘ঐক্যতানে’বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি এই বছৰ (২০২৬ চন) ৫০ বছৰত ভৰি দিলেহি৷ জন্মলগ্নৰে পৰা অসমৰ সাংস্কৃতিক জগতখনত অনৱদ্য অৰিহণা যোগাই অহা ঐক্যতানে জন্মদাতা পবিত্ৰ কুমাৰ ডেকাৰ অৱৰ্তমানতো তেখেতৰ সুপুত্ৰদ্বয় সংবাদসেৱী প্ৰান্তিক ডেকা তথা চলচিত্ৰ নিৰ্মাতা, পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকা আৰু কিছু সংখ্যক সংস্কৃতি সেৱীৰ প্ৰচেষ্টাত আজিও ন-ৰূপেৰে অসমৰ সাংস্কৃতিক জগতখনত নিৰন্তৰ অৰিহণাৰ ধাৰা অৱ্যহত ৰাখিছে৷ এই বছৰটো ঐক্যতানৰ গৌৰৱময় সোণালী জয়ন্তীবৰ্ষ৷

আয়ুৰেখা

এই সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ মুহূতৰ্ত ঐক্যতানে নিবেদন কৰিলে- অসমীয়া চুটি গল্পৰ খনিকৰ সৌৰভ কুমাৰ চলিহাৰ একমাত্ৰ একাংকীকা নাট “আয়ুৰেখা”৷ যোৱা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া দুটি আয়ুৰেখাই জীপাল কৰি তুলিছিল গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহ৷ আজিৰ এই বিজ্ঞানৰ যুগতো হস্তৰেখা, আয়ুৰেখা আদিৰ বন্ধন মুক্ত হ’ব নোৱৰা সমাজখনৰ এখন চিত্ৰ গাম্ভীৰ্যপূৰ্ণ ব্যংগৰে সফলভাৱে চিত্ৰিত কৰিছে নাট্যকাৰ সৌৰভ কুমাৰ চলিহাদেৱে৷ যিয়ে সফলতাৰে সমাজক এটি যোগাত্মক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম৷

আয়ুৰেখা

 

নাটখনৰ এই সম্ভৱনাই প্ৰাণ পাই উঠিল দক্ষ চলচিত্ৰ পৰিচালক প্ৰদুৎ কুমাৰ ডেকাৰ সুক্ষ্ম দৃষ্টিসম্পন্ন পৰিচালনাত৷ দুয়োটি সন্ধিয়াৰে দৰ্শকবৃন্দই নিস্তব্ধ হৈ উপভোগ কৰিছিল নাটখন৷ পৰিচালক ডেকাৰ কষ্টসাধ্য পৰিচালনাক যোগ্যতাৰে মঞ্চত প্ৰতিফলিত কৰিছিল অভিনয় শিল্পীসকলৰ নিখুঁট অভিনয়ে৷ অনুপম অৰিন্দম গোস্বামী, অতনু কাশ্যপ, ৰাকেশ ৰঞ্জন দাস, আৰু অমল চক্ৰৱৰ্তী’ৰ সাৱলীল অভিনয়ে নাটখন উপভোগ্য কৰি তুলিছিল৷ নাটকখনক সুষম গতি প্ৰদান কৰিছিল ৰাহুল দাসৰ সংগীত, পোনা কলিতাৰ ‘পোহৰ’ আৰু শংকু বৰুৱাৰ যথোপযুক্ত ৰূপসজ্জাই৷

নাটখন মঞ্চস্থ কৰাৰ পূৰ্ৱে দৰ্শকক মোহচ্চন্ন কৰিছিল ‘ঐক্যতানৰ সদস্য, সংগীত -নাটক একাডেমী’ বঁটা বিজেতা মইনুল হকৰ মুকাভিনয়ে৷ মুকাভিনয়েৰে অংকন কৰা অসমীয়া সমাজ জীৱনৰ খণ্ড চিত্ৰসমূহে দুয়োটি সন্ধিয়াৰ দৰ্শকক বিমুগ্ধ কৰি ৰাখিছিল৷ প্ৰতিটো খণ্ডতে দৰ্শকৰ হাত চাপৰিয়ে মুখৰিত কৰি তুলিছিল “নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহ”৷

Staff Reporter

Add comment

Leave a Reply

Most popular