
তিনিখন চিনেমা এই চৰ্চালৈ আনিছোঁ– “ইয়াকাসিক ওমেদে” ((Yakasi’s Daughter), “গনৰাগ”, আৰু “মউনাবিলি” (An Evening Ballad)।
“ইয়াকাসিক ওমেদে”-ত ব্যৱহাৰ হোৱা সাহিত্যৰ ভাষা অসমীয়া (সামান্য অংশত) আৰু মিচিং। ব্যৱহাৰ কৰা ভাষাৰ অনুপাত আৰু শিৰোণামৰ কথা মনত ৰাখি ক’ব পাৰি– মিচিং চিনেমা। পটভূমি অসমৰ মিচিং জনগোষ্ঠীৰ এখন দুৰ্গম (নদীৰ পাৰৰ) গাওঁ। পৰম্পৰাগত জীৱন যাপন কৰা গাৱবাসীৰ বাবে দৰিদ্ৰতা, দুৰ্বল আন্তঃগাঁথনি, আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজত জীয়াই থকাটো যেন গতানুগতিক সংগ্ৰাম! তেওঁলোকৰ প্ৰতি শাসক পক্ষৰ যেন কান-সাৰ নাই, মনত পেলাই কেৱল নিৰ্বাচনৰ সময়ত।
[পৰিচালক-লেখকে সাহিত্যৰ ভাষা– অসমীয়া ব্যৱহাৰ কৰি নিৰ্দিষ্ট গাওঁ খনৰ সমস্যা এটা ছিকুৱেন্সত পৰ্দালৈ আনিছে। ছিকুৱেন্সটো নিৰ্বাচনৰ সময়ৰ, ভোট গ্ৰহণ কৰি থকা সময়ৰ। –এই ছিকুৱেন্সটোৰ গুৰুত্ব আছে; কিন্তু সৌন্দৰ্য নাই। কাহিনীৰ গতিত বাধা হৈছে।]
কাহিনী-ৰেখাৰ মূল বিন্দু– ১৪ বছৰীয়া জাৰিয়াম আৰু ১৭ বছৰীয়া মিগাম। প্ৰেম, আৰু তাৰ পাছত বিয়া, সংসাৰ। সংসাৰ চলোৱাৰ সংগ্ৰাম। দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজ।
ৰূপালী গল্পটোৰ পৰিচালক ড° জয়ন্ত মাধব দত্তই কাহিনী কোৱাতকৈ কেমেৰাৰ ভাষা প্ৰয়োগত গুৰুত্ব দি পৰিবেশ নিৰ্মাণত, মিচিং সংস্কৃতি প্ৰয়োগত, সমাজৰ আচাৰ-বিচাৰত অধিক গুৰুত্ব দিছে। ফলত ৰূপালী গল্পটো “তথ্যচিত্ৰ বৃত্ত” মুক্ত হোৱাত পিছল খালে। বিষয় বস্তু কঢ়িয়াই নিয়া গল্পটোৰ গতি মন্থৰ হ’ল। কাহিনীয়ে ছন্দ হেৰুৱালে।
[সন্দেহ নৰখাকৈ ক’ব পাৰি– চিনেমা খনৰ প্ৰধান সৌন্দৰ্য কাহিনীৰ গতিত, কাহিনীৰ শেষত ব্যৱহাৰ কৰা মিচিং সমাজৰ লোক সংগীত। সংগীত: অমৃত প্ৰীতম, ভগৱত প্ৰীতম। ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱা শব্দ ডিজাইনো অমৃত প্ৰীতমৰ। অভিনয় কৰিছে বনেশ্বৰ পেগু, জুনুমাই পেগু, পাপুজ্যোতি পেগু, অঞ্জলি টাইদ আদিয়ে।]

পৰিচালকে কাহিনীতকৈ বড়ো সমাজ, বড়ো সমাজৰ আচাৰ-বিচাৰ (লোকবিশ্বাস, উৎসৱ-পাৰ্বণ, আহাৰ-বিহাৰ) চিত্ৰায়ণত বেছি গুৰুত্ব দিয়াত কাহিনীয়ে ছন্দ হেৰুওৱা আন এখন চিনেমা (Guwahati Asian Film Festival-26 ত চোৱা) “মউনাবিলি”। বিশাল স্বর্গীয়াৰীৰ পৰিচালনা। প্ৰথম (feature film) পৰিচালনা।
মউনাবিলি– বড়ো শব্দটোৰ অৰ্থ গোধূলি। চিনেমা খনৰ ইংৰাজীত নাম ৰখা হৈছে– “An Evening Ballad”। বিয়লি পৰৰ বেলাড। নামটোৰ সৈতে পৰিচালকে নিশ্চয় সম্পৰ্ক গঢ়িছে প্রোটাগনিষ্টৰ সৈতে। ৰূপালী গল্পটোৰ কাহিনী-ৰেখাৰ মূল বিন্দুটোৰ সৈতে। মূল বিন্দু– এগৰাকী একক মাতৃ (Single mother)। শ্ৰম কৰি জীৱন যাত্ৰা কৰা মাতৃ গৰাকীৰ সংগ্ৰাম, সাহস আৰু আশাৰ কাহিনী স্পষ্ট হৈছে কাহিনী-ৰেখাত। দেখা যায়– প্ৰেমৰ কাহিনী। দেখা যায়– পিতৃতান্ত্ৰিক সমাজত এগৰাকী মহিলাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দিয়া যুঁজ। কাহিনী নিৰ্মাণ, চৰিত্ৰ নিৰ্মাণ “বাস্তৱতা”ক গুৰুত্ব দিয়া হৈছে। অভিনয়, সংগীতকে ধৰি শব্দ প্ৰয়োগ, চিনেমাৰ ভাষা প্ৰয়োগৰ ইতিবাচকতাৰ বিপৰীতে কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিব নোৱাৰা দিশটো পৰিচালকৰ দুৰ্বলতা, চিনে-ত্ৰুটি।
চৰ্চাৰ বিষয় কৰি লোৱা আন খন চিনেমা “গনৰাগ”ৰো ত্ৰুটি– কাহিনীৰ গতিক চিনেমেটিক-ছন্দ দিয়াত পৰিচালকে মন নিদিলে বা পিছল খালে। পৰিচালক: দীপ ভূঞা। বিষয়-বস্তুত নতুন চিনে-চিন্তা স্পষ্ট। চিনেমাখনত বিশেষকৈ সংগীত আৰু সমাজৰ গভীৰ সম্পৰ্ক দেখুওৱা হৈছে কাহিনীৰ গতিত। বিশেষকৈ ওজাপালি আৰু দেওধনী নৃত্যৰ পৰম্পৰাক আধুনিক সমাজৰ প্ৰেক্ষাপটত তুলি ধৰা হৈছে। ওজাপালিক ৰাজনৈতিক যুজত ব্যৱহাৰ কৰিছে, পৰিপটিকৈ। ক’ব পাৰি লোকসংগীতৰ শক্তি (Power of Folk Music)-ৰ সু-পৰিকল্পিত ব্যৱহাৰ ৰূপালী গল্পটোত স্পষ্ট।
চৰ্চাত পোৱা যায়– “লোকসংগীতক প্ৰায়েই সমাজৰ দুখ-যন্ত্ৰণা আৰু অন্যায়ৰ বিৰুদ্ধে এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়। বিশেষকৈ আমেৰিকাৰ দাসত্ব প্ৰথাৰ বিৰুদ্ধে যুঁজত ই এক “মহাশক্তি” হিচাপে কাম কৰিছিল।”
ফ্ৰেডৰিক নিটছেৰ (Friedrich Nietzsche) মতে, লোকসংগীত হ’ল মানুহৰ আদিম সুৰ আৰু এয়া সমগ্ৰ পৃথিৱীৰে এক সংগীতময় দাপোণ। লোকসংগীতেৰে সহজতে মানুহৰ মন সহজতে স্পৰ্শ কৰিব পাৰি। “গনৰাগ” লেখক-পৰিচালকে ৰূপালী গল্পটোত নিৰ্বাচনত অংশ লোৱা অসাধু প্ৰাৰ্থীৰ বিৰুদ্ধে ঠিয় হোৱা “সৰল মনৰ প্ৰাৰ্থী”য়ে ওজাপালিৰ “মহাশক্তি” ব্যৱহাৰ কৰি ভোটাৰৰ মন স্পৰ্শ কৰা দেখুৱাইছে। (কাহিনীৰ গতিত ওজাপালি লগত জড়িত শিল্পীসকলৰ সংগ্ৰাম, বিশ্বাস আৰু পৰম্পৰাক ধৰি ৰখাৰ যুঁজৰ কাহিনীও কম ফুটেজতে স্পষ্টকৈ প্ৰকাশ কৰিছে। –এয়া ইতিবাচক দিশ।)
চিনেমা খনৰ সৌন্দৰ্য– অভিনয় আৰু কাহিনীৰ গতিত ব্যৱহাৰ কৰা ওজাপালিৰ গীত-নৃত্য শৈলী। পৰিচালকে কেমেৰা ডিজাইনত মন দিলে “দুৰ্বল কাহিনীৰ গতি” চিনেমা খনৰ নেতিবাচক দিশ নহ’ল হেতেন।







Add comment