
“হোমৱ’ৰ্ক” — মুক্তিৰ তাৰিখ ঠিক হ’ল! অহা ১৫ মে’ত চিত্ৰগৃহত মুক্তি পাবলগীয়া চিনেমাখনৰ বিষয়বস্তু– “শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতি আৰু পিতৃ-মাতৃৰ দায়বদ্ধতা”। পৰিচালক অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত চিনেমা খনৰ (আমি চোৱা) প্ৰ’মো আৰু গীত দুটাৰ মাজত স্পষ্ট– শিক্ষাৰ নামত, হোমৱৰ্কৰ অজুহাতত, আমি কিশোৰ মনবোৰক যন্ত্ৰলৈ ৰূপান্তৰ কৰি পেলোৱা নাইতো?
[শিশু-কেন্দ্ৰিক চিনেমাৰ মূল শক্তি– সমাজক শিশুৰ অনুভৱৰ ভিতৰৰ পৰা চাবলৈ শিকায়। এখন সফল শিশু চিনেমা কেৱল শিশু চৰিত্ৰক কেন্দ্ৰ কৰি আগবাঢ়া কাহিনীতে শেষ নহয়। শিশুমনৰ ভয়, নিঃসঙ্গতা, কল্পনা, চাপ, আকাংক্ষা আৰু সমাজৰ সৈতে তাৰ সংঘাতৰ এক নান্দনিক আৰু মনস্তাত্ত্বিক ভাষ্য “সফল শিশু চিনেমা” দেখা যায়।]
ডাঙৰ মানুহে যিবোৰ বিষয় “স্বাভাৱিক” বুলি মানি লয়– যেনে, (“হোমৱ’ৰ্ক চিনেমা খনত) অতিৰিক্ত শিক্ষাৰ চাপ, ফলাফলমুখী মানসিকতা, বা নিয়ন্ত্ৰিত শৈশৱ– শিশু চিনেমাই সেইবোৰক নতুনকৈ প্রশ্ন কৰে।
“হোমৱ’ৰ্ক” চিনেমাখনত ব্যৱহাৰ কৰা “আমি যেন যন্ত্ৰ…” আৰু “কিতাপৰ বোজা…” গীত দুটাৰ চিত্ৰায়ণেই সেই প্ৰশ্নটোক অধিক তীব্ৰ কৰি তোলে। (আমাৰ ধাৰণাত) এই ছবিয়ে যেন আধুনিক শিক্ষাব্যৱস্থাৰ যান্ত্ৰিক বাস্তৱতাৰ বিপৰীতে শিশুমনৰ নীৰৱ আৰ্তনাদক দৃশ্যভাষালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছে। ট্ৰেইলাৰ দুটাই ৰূপালী গল্পটোৰ দ্ৰুত গতি, আবেগ আৰু মানসিক “সংঘাত”ৰ আভাস দিছে। সেয়েহে চিনেমাখন কেৱল কিশোৰ দৰ্শকৰ বাবে নহয়; অভিভাৱক, শিক্ষক আৰু সমাজৰ প্ৰতিজন সচেতন মানুহৰ বাবেও!

Taare Zameen Par, Children of Heaven বা The Boyinthe Striped Pyjamas -ৰ দৰে ৰূপালী গল্পই দেখুৱাইছে— শিশুৰ চকুৰে চালে সমাজৰ বহু কঠিন সত্য অধিক স্পষ্টকৈ ধৰা পৰে। “ভাল শিশু চিনেমা” কেৱল বিনোদন শেষ নহয়; স্মৃতি, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ কথাও উত্থাপন কৰে। “হোমৱৰ্ক” সেই ধাৰাৰেই এক সম্ভাৱনাময় অসমীয়া চিনেমা হ’ব পাৰে– আমাৰ ধাৰণাত।
চিনেমাখনত অভিনয় কৰিছে সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, গায়ত্ৰী মহন্ত, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, শিশু শিল্পী বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা পদ্মৰাগ গোস্বামীয়ে। সংগীত: জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱা। চিত্ৰগ্ৰহণ কৰিছে ৰূপমজ্যোতি শইকীয়াই। পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমাংশু নাথে।
উল্লেখযোগ্য যে, মুক্তিৰ পূৰ্বেই “হোমৱৰ্ক”-এ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য লাভ কৰিছে। ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা, টামিজগাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত চিনেমাখনে শ্ৰেষ্ঠ ছবি, শিশু অভিনেতা আদি শিতানত বঁটা লাভ কৰি ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে।
পৰিচালক অচিন্ত শংকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এক উল্লেখযোগ্য নাম। ২০১৯ চনত ‘প্ৰতিঘাত” -এৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পাছত পৰিচালনা কৰে “অভিমন্যু”। আৰু এতিয়া “হোমৱ’ৰ্ক”ৰ জৰিয়তে সামাজিক দায়বদ্ধতাপূর্ণ গল্পক নতুন চিনে-ভাষাৰে উপস্থাপন কৰিছে! সহ-পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপেও তেওঁৰ অভিজ্ঞতা আছে।
আমাৰ ধাৰণাত– সেই অভিজ্ঞতাৰ বুনিয়াদত “হোমৱৰ্ক” শৈশৱৰ ওপৰত আধুনিক সময়ৰ অদৃশ্য চাপক সংবেদনশীল ৰূপালী নান্দনিকতাৰে ধৰি ৰখাত পৰিচালক গৰাকী নিশ্চয় সফল হ’ব।







Add comment