Rupaliparda.com
মৰমৰ দেউতা | চিনেচৰ্চা --উৎপল মেনা 1

মৰমৰ দেউতা | চিনেচৰ্চা –উৎপল মেনা

মৰমৰ দেউতা | চিনেচৰ্চা --উৎপল মেনা 2

বিপুলক দেখিলোঁ, ইমান বছৰে অনুভৱত থকা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ “মৰমৰ দেউতা”ৰ বিপুলক ৰূপালী পৰ্দাত দেখিলোঁ পাৰ্থৰ ৰূপত। পৰিচালক-চিত্ৰনাট্যকাৰে চিনেমাটিক পুনৰব্যাখ্যাৰ, সৃষ্টিশীল স্বাধীনতা লৈছে। কিন্তু বিপুলৰ পৰা পাৰ্থক দূৰলৈ নিয়া বুলিব নোৱাৰি। ক’ব পাৰি বিপুলৰ বয়স বাঢ়ি পাৰ্থ হ’ল। তেনেদৰে ৰূপালী গল্পটোৰ গতিত অনুভৱ কৰি থাকিলোঁ ১৯৮৯ আৰু ১৯৯০ চনৰ ভিতৰত “সঁফুৰা” আলোচনীখনত পঢ়া উপন্যাস খন, উপন্যাস খনৰ চৰিত্ৰ।
উপন্যাস খনৰ বিপুলৰ মাকৰ দৰে ৰূপালী গল্পটোৰ পাৰ্থৰ মাকেও পাচলী কটাৰ সময়ত জিকা এটুকুৰা মুখত দি চাইছে– ভাল নে তিতা অনুভৱ কৰিবলৈ! পৰিৱৰ্তন– সাহিত্যৰ ভাষা কেমেৰাৰ ভাষালৈ ৰূপান্তৰ হৈছে। বিপুলৰ (পাৰ্থৰ) মাকৰ দেহভাষা আৰু গৃহস্থ জীৱনৰ স্বাভাৱিক গতিবিধিৰ মাজেৰে পুনৰ নিৰ্মিত হৈছে। ইয়াতেই সাহিত্যিক বৰ্ণনা কেমেৰাৰ দৃশ্য-ব্যাকৰণলৈ ৰূপান্তৰিত হৈছে। উপন্যাসৰ অন্তৰ্মুখী অনুভৱক পৰিচালকে শ্বট কম্পোজিছন, ফ্ৰেমৰ গাণিতিক শৃংখলা আৰু
মিজ-আঁ-ছেনৰ সূক্ষ্ম ব্যৱহাৰে চিনেমাটিক ভাষালৈ ৰূপান্তৰ কৰিছে। বহু সাহিত্যিক অনুচ্ছেদ পৰ্দাত সংলাপবিহীন দৃশ্য-নির্মাণৰ মাজেৰে আত্মপ্ৰকাশ কৰিছে। ৰূপান্তৰ নান্দনিকভাৱে সফল।

মৰমৰ দেউতা | চিনেচৰ্চা --উৎপল মেনা 3
–এই চিনেমাটিক ৰূপান্তৰ পাৰ্থ, পাৰ্থৰ দেউতাক প্ৰদীপ বৰুৱাকে ধৰি প্ৰতিটো চৰিত্ৰত স্পষ্ট।
চিনেমাখনৰ কাহিনী-ৰেখাৰ মূলবিন্দু পাৰ্থ। কাহিনীক গতি দিয়ে পাৰ্থক কেন্দ্ৰ কৰিয়ে। কাহিনী-ৰেখাৰ গতি, সংকট আৰু আবেগীয় উত্তৰণো পাৰ্থ কেন্দ্ৰিক। কিন্তু চিনেমাখনৰৰ গভীৰতম মানসিক আৰু দাৰ্শনিক স্তৰ বহন কৰা চৰিত্ৰজন হৈছে পাৰ্থৰ দেউতাক প্ৰদীপ বৰুৱা। অৰ্থাৎ এনেদৰেও ক’ব পাৰি– পাৰ্থ হৈছে কাহিনীৰ মূল কেন্দ্ৰবিন্দু (narrative focus); কিন্তু প্ৰদীপ বৰুৱা– আৱেগিক আৰু আদৰ্শগত কেন্দ্ৰবিন্দু
(emotional and ideological centre)। কাহিনীৰ বহিৰঙ্গ পাৰ্থৰ জীৱন-অভিজ্ঞতা, কিন্তু চিনেমাৰ অন্তৰঙ্গ ভাষ্য, মূল্যবোধ, নীৰৱ যন্ত্ৰণা আৰু সময়বোধ প্ৰদীপ বৰুৱাৰ উপস্থিতিৰ মাজেৰেই প্ৰকাশ পায়।
কাহিনী-ৰেখাৰ গতিয়ে পাৰ্থক অনুসৰণ কৰে, কিন্তু শেষত দৰ্শকৰ মনত ৰৈ যায় প্ৰদীপ বৰুৱাৰ নীৰৱতা, দৃষ্টিভংগী আৰু অস্তিত্বৰ অভিঘাত। সেই অৰ্থত, পাৰ্থ কাহিনীৰ গতিৰ বিন্দু। আৰু প্ৰদীপ বৰুৱা ৰূপালী গল্পটোৰ বিন্দুৰ অৰ্থ (point of meaning)। এই খিনিতে চিনেমা খনৰ শিৰোনাম প্ৰসংগ চৰ্চা কৰিব পাৰি– “মৰমৰ দেউতা”; একেলগে স্নেহ, বেদনা আৰু গভীৰ কটাক্ষ লুকাই আছে। কাহিনী-ৰেখাৰ গতিত স্পষ্ট হয় প্ৰদীপ বৰুৱা নামৰ দেউতাক গৰাকীৰ নীৰৱ মৰম, অসহায়তা আৰু নৈতিক যন্ত্ৰণা।
ৰূপালী গল্পটোত– পিতৃত্ব কোনো আদৰ্শিক বা আবেগময় প্ৰতীক নহয়! এক ক্লান্ত, দ্বিধাগ্ৰস্ত আৰু অন্তর্দহনময় মানৱীয় অৱস্থা। সন্তানক বচাবলৈ এজন পিতৃ কিমান দূৰ যাব পাৰে— সেই ভয়ংকৰ প্রশ্নটোৱেই চিনেমাখনৰ কেন্দ্ৰীয় শক্তি। (চিনেমা খনৰ– “কাহিনীভাগ” বৰ্তমান সময়ৰ এটা জ্বলন্ত সমস্যা।)

মৰমৰ দেউতা | চিনেচৰ্চা --উৎপল মেনা 4
প্ৰদীপ বৰুৱাৰ সৰু পৰিয়াল। পত্নী, একমাত্ৰ জীয়ৰী আৰু একমাত্ৰ পুত্ৰ– পাৰ্থ। বৰুৱা পৰিয়ালটোৰ সৈতে নাথাকে। অৰুণাচলৰ এখন দুৰ্গম চহৰত কৰ্মৰত বৰুৱাই জীৱন সংগ্ৰাম চলাই থাকে, পৰিয়ালটোৰ সুখৰ বাবে। পৰিয়ালটো থাকে অসমৰ এখন সৰু চহৰত। বৰুৱা বাবে সমস্যা– একমাত্ৰ পুত্ৰ। পাৰ্থ অবাটে যায়। মদ্যপান কৰে, ধ্বংসাত্মক আচৰণত কৰে। পিতৃৰ অনুপস্থিতিত পাৰ্থই মাক আৰু ভনীয়েকক অত্যাচাৰ কৰে।
দেউতাকৰ আশা–
“চাইকেলৰ টিলিঙা হৈ
সময়ে সকিয়াব
নিউটনৰ দিহাটি লৈ
ঠেলিলে চলি যাব…”
“এদিন
বুজিব
এদিন
সিও যুজিব
এদিন
জীৱন ফুলিব…” (চিনেমা খনত ব্যৱহাৰ কৰা একমাত্ৰ গীত। কথা ইবছন লাল বৰুৱাৰ, সুৰ আৰু কণ্ঠ ক্ৰমে অৰ্ণৱ বশিষ্ঠ, বিশ্ৰুত শইকীয়াৰ। “Cinematic Narrative Song”। স্পষ্ট হৈছে কাহিনীৰ অন্তৰ্গত কথক, দাৰ্শনিক ভাষ্য, আৱেগিক মেৰুদণ্ড।)
কাহিনী-ৰেখা আগবাঢ়ে। এদিন পাৰ্থক কোনেৱে প্ৰহাৰ কৰে। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। –কোনে পাৰ্থক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল! আৰক্ষীৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ সন্মুখত পাৰ্থৰ মাক-দেউতাক। কাহিনী-ৰেখাৰ গতিত উন্মোচন হয়– লুকাই থকা সত্য, আভ্যন্তৰীণ সংঘাত, আৰু এজন পিতৃয়ে নিজৰ পৰিয়ালক নিজৰ তেজৰ পৰা ৰক্ষা কৰাৰ হতাশজনক প্ৰচেষ্টা।
চুই যোৱা গল্প। আজিৰ সময়ৰো “সঁচা গল্প”। পৰিচালকৰ পৰিচালনা শৈলীৰ লগতে চিনেমা খনে চুই থাকিল মিণ্টু বৰুৱাৰ অভিনয়ৰ বাবে। প্ৰদীপ বৰুৱাৰ চৰিত্ৰটো নিৰ্মাণ কৰিছে অভিজ্ঞ অভিনেতা গৰাকীক লৈ। মিণ্টু বৰুৱাৰ লগতে বোধিসত্ত্ব শৰ্মা (চৰিত্ৰ: পাৰ্থ), অপৰ্ণা দত্ত চৌধুৰী (চৰিত্ৰ: পাৰ্থৰ মা) অভিনয় চুই যোৱা। সংযত, গভীৰ অভিব্যক্তিৰে “চৰিত্ৰ”ক জীৱন্ত কৰি তুলিছে।
আৰু কাহিনী-ৰেখাৰ গতিত কম সময়ৰ বাবে পৰ্দালৈ অহা অৰুণ নাথ, গৌৰৱ বৰা আৰু কুল কুলদীপৰ অভিনয়ে দৃশ্যৰ বাস্তৱতাক অধিক বিশ্বাসযোগ্য কৰি তুলিছে।
চিনেমা খনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, শান্তনু ৰৌমুৰীয়া আৰু অভিষেক দত্ত‌ৰ। পৰিচালনা হিমজ্যোতি তালুকদাৰৰ। “চৰিত্ৰ নিৰ্মাণ”, “ছিকুৱেন্স ডিজাইন”ত অনুভৱ কৰিলোঁ পৰিচালক গৰাকীৰ চিনেশক্তি (বা Cinematic skills), চিনে-বোধ (বা filmmaking sensibility)।
…ঘড়িৰ “টিক-টিক” শব্দ। …প্ৰতিটো “টিক” যেন পিতৃৰ বিবেকৰ আঘাত! এনে ছিকুৱেন্সৰ “চিনে-আনন্দ” সদায় মনত ৰৈ যাব।

Utpal Mena

Add comment

Leave a Reply