Rupaliparda.com
মঞ্চত "বেলশৰৰ নৰো ওজা" | নাট্যচৰ্চা | --উৎপল মেনা 1

মঞ্চত “বেলশৰৰ নৰো ওজা” | নাট্যচৰ্চা | –উৎপল মেনা

মঞ্চত "বেলশৰৰ নৰো ওজা" | নাট্যচৰ্চা | --উৎপল মেনা 2

দুটা চৰিত্ৰ, দুই তৰুণ-তৰুণী। চহৰৰ পৰা আহিছে। শিল্পী এগৰাকীক বিছাৰি।
–কাক বিচাৰিছে?
–নৰো ওজাক।
দৰ্শকৰ আসনত থকা আমাৰ মনলৈ আহিল নৰো ওজা, নৰো বৰ্মন। ‘ওজাপালি’ পৰিৱেশনৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱা নৰো ওজাক কোনে নাজানে? নলবাৰী জিলাৰ বেলশৰৰ এইৰাকী প্ৰখ্যাত ওজাপালি শিল্পীক কোনে নাজানিছিল! কিন্তু যোৱা ৯ মাৰ্চত গুৱাহাটীৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আমি চোৱা, অনুভৱ কৰা নাটক খন নৰো বৰ্মনৰ জীৱনীমূলক নাটক নহয়। নাটক খনৰ মূল চৰিত্ৰ নৰো ওজাত প্ৰতিফলিত হৈছে অসমৰ প্ৰকৃত লোক-শিল্পীৰ যন্ত্ৰনা, দুঃখ-দুর্দশা।
দুই-এটা গীত গোৱা গায়ক, কেইটামান সংলাপ কোৱা অভিনেতাই শিল্পী পেঞ্চন পোৱাৰ বিপৰীতে লোক সংগীত, ওজাপালি চৰ্চৰ নামত জীৱন পাত কৰা বহু “নৰো ওজা” ক’ৰোবাতে ৰৈ যায়। কিয়? –এই ক্ষোভ স্পষ্ট হয় নাটক খনৰ নৰো ওজা আৰু দাইনাপালি চৰিত্ৰ দুটাৰ সংলাপত।
নাটক খনৰ নাম: “সম্বৰ্ধনা”। বেলশৰৰ নাট্য-কৰ্মীৰ দল, দীৰ্ঘদিন নাট্যচৰ্চা কৰি অহা সংগঠন “অংকুৰণ”-ৰ প্ৰযোজনা। নাটক খনৰ ৰচনা-পৰিচালনা অমিয় ভৰালীৰ। পৰিচালক উপদেষ্টা পংকজ মুদিয়াৰ। সামগ্রীক পৰিকল্পনা নৱজ্যোতি মিশ্রৰ। ব্যৱস্থাপনা প্রকাশ মেধি, অখিল বর্মনৰ। অভিনয় কৰিছে– মনোজ মুদিয়াৰ, নৱজ্যোতি মিশ্র, জয়ন্ত শইকীয়া, ৰাণা দাস, পম্পী দেৱী, মাচুমা আফ্রিণে। সংগীত খনীন্দ্র বর্মনৰ। পোহৰ বিৰাজ ভট্টাচার্যৰ।
পৰিচালকে পোহৰ-সংগীতেৰে নিৰ্মাণ কৰিছে নাটক খনৰ মূল সৌন্দৰ্য। আৰম্ভণিতে মঞ্চলৈ ওজাপালি আনিছে। আমি সৰুৰে পৰা যেনে ধৰণৰ ওজাপালি দেখিছোঁ, তেনে ধৰণৰ। এজন ওজা (মূল গায়ক) আৰু ৫ জন পালি (সহযোগী) মিলি গীত, নৃত্য, বাদ্য (খুটি তাল) -ৰে পৰিৱেশ নিৰ্মাণ কৰিছে। পৰিৱেশ নিৰ্মাণেৰে ইংগিত দিছে– কাহিনীৰ ওজাপালিৰ সম্পৰ্ক আছে। পাছৰ দৃশ্যটোতে স্পষ্ট হৈছে নাটক খনৰ মূল চৰিত্ৰ ওজা। পত্নী আৰু ৰোগাক্ৰান্ত পুত্ৰক লৈ ওজাৰ সংসাৰ। সংসাৰত মন নাই; সমস্ত সময়, চিন্তা-শক্তি যেন ওজাপালিতে সমৰ্পিত! কাহিনী আগবাঢ়ে– চিকিৎসাৰ অভাৱত অসুখিয়া পুত্ৰক চিৰদিনৰ বাবে হেৰুৱাই ওজাই। ওজাই ভাৱিছিল– ওজাপালি গাই, টকা যোগাৰ কৰি পুত্ৰৰ চিকিৎসা কৰাব! “সি মোক বেয়া পাই গ’ল অ’…” –দুখত ভাঙি পৰে ওজা।

মঞ্চত "বেলশৰৰ নৰো ওজা" | নাট্যচৰ্চা | --উৎপল মেনা 3
ওজাই নতুন পৰিচয় ল’ব বিছাৰে। আৰ্থিক সমস্যাৰ মাজত চেপা খাই থকা ওজাই হতত দা তুলি লৈ দিন হাজিৰা কৰা মানুহৰ পৰিচয় ল’ব খোজে!
–এই গৰাকী নৰো ওজাকে চহৰত চৰকাৰে আয়োজন কৰা শিল্পী দিৱসত সম্বৰ্ধনা জনাম বুলি বিছাৰি আহে দুই তৰুণ-তৰুণীয়ে। ক্ষোভৰ মাজত থকা ওজাই পত্নী আৰু দুই তৰুণ-তৰুণীক বাট দেখুৱাই অনা দাইনাপালিৰ বহু বুজনিৰ পাছতহে সম্বৰ্ধনা অনুষ্ঠানলৈ যোৱাৰ বাবে মান্তি হয়। আশাৰ বাট দেখে– অনুষ্ঠানলৈ অহা মুখ্যমন্ত্ৰীক তেওঁ লোকৰ সমস্যাৰ, দুখৰ কথা জনাব! জনোৱাৰ সুযোগ পাব! কিন্তু ভৱা মতে নহ’ল। সম্বৰ্ধনা লোৱাৰ পাছত ওজাক যেতিয়া দুআষাৰ ক’বলৈ অনুৰোধ কৰা হ’ল, তেতিয়া মঞ্চত মুখ্যমন্ত্ৰী নাই (ব্যস্ততাৰ বাবে নিজৰ ভাষণ-পৰ্ব শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰী গ’ল!), মঞ্চৰ সম্মুখত খালি চকী (মুখ্যমন্ত্ৰী যোৱা বাবে ৰাইজো গ’ল!)। কাক ক’ব মনৰ ক্ষোভ, মনৰ কথা! এয়া শিল্পী দিৱসত শিল্পীক সম্বৰ্ধনা জনোৱাৰ নামত অপমান কৰা নহ’ল নে! –এনে চিন্তাৰে শেষ কৰা হ’ল নাটক খন। নাট্যকাৰ-পৰিচালকে ওজাৰ ক্ষোভৰ পাছত মঞ্চলৈ ওজাপালি আনি স্পষ্ট কৰি দিলে– বহু সমস্যা, ক্ষোভ, অপমানৰ মাজতো নৰো ওজা হঁতে ওজাপালি এৰিব নোৱাৰে। নাটক খনৰ মাজেৰে নাট্যকাৰে দিয়া আৰু এটা বাৰ্তা দিছে– নৰো ওজা হঁতৰ দৰে শিল্পীক গামোচা- জাপিৰে নহয়, আৰ্থিক ভাৱে সম্বৰ্ধনা জনাওক!

মঞ্চত "বেলশৰৰ নৰো ওজা" | নাট্যচৰ্চা | --উৎপল মেনা 4
নাটক খনৰ কাহিনী কাল্পনিক; কিন্তু বাস্তৱত এনে “কাহিনী” বহুত দেখিছোঁ। দেখিছোঁ বাবেই হয়তো– নৰো ওজা চৰিত্ৰটোৰ সৈতে আমাৰ মন-মগজুৰ সংযোগ সহজ ভাৱে হৈছিল। দৰ্শকক চৰিত্ৰ আৰু কাহিনীৰ সৈতে আৱেগিকভাৱে সংযোগ কৰাত সহায় কৰিছিল সংগীতে। কেইবাটাও নাট্য-মূহুৰ্তৰ সৌন্দৰ্য বঢ়াইছিল ওজাপালিৰ সুৰে। লগতে অভিনয়ৰ কথা আৱশ্যেই ক’ব লাগিব। মূল চৰিত্ৰত অভিনয় কৰা অভিনেতা গৰাকীৰ “নাটকীয়” আৰু একঘেয়েমী অভিনয়ৰ বিপৰীতে দাইনাপালীৰ চৰিত্ৰত নৱজ্যোতি মিশ্রই কৰা অভিনয়– স্বাভাৱিক, প্রাণোজ্জ্বল। ওজাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ অভিনয়-শক্তিক অস্বীকাৰ কৰিব নোৱাৰি; কিন্তু সংযত হোৱাৰ প্ৰয়োজন আছে। মাচুমা আফ্রিণে যথাযথ অভিনয় কৰাৰ বিপৰীতে উল্লেখ নকৰা আন কেইটা চৰিত্ৰৰ অভিনেতাই জঠৰতা দূৰ কৰাৰ প্ৰয়োজন আছে। ওজাৰ ভতিজাকৰ আৰু ওজাক আমন্ত্ৰণ জনাবলৈ অহা চৰিত্ৰ দুটাৰ সৈতে আভিনেতা দুগৰাকীয়ে নিজক সংযোগ কৰিব পৰা নাই। আশা ৰাখিছোঁ– আগলৈ নিশ্চয় এই দুৰ্বলতা পৰিচালকৰ সহায়ত দুই অভিনেতাই আঁতৰাব!
আহিছোঁ– নাট্যকাৰ, পৰিচালক প্ৰসংগলৈ। অমিয় ভৰালীয়ে দীৰ্ঘ সময় ধৰি নাট্য চৰ্চা কৰি আহিছে। একাংকিকা লিখিছে, ভ্ৰাম্যমাণ থিয়েটাৰৰ মূল শিপাৰ মনত ৰাখি কেইবা খনো নাটক লিখিছে। –এই নাটক খনৰ সংলাপ ৰচনা, চৰিত্ৰ নিৰ্মাণ “ভ্ৰাম্যমাণ থিয়েটাৰ”ৰ বৃত্তৰ বাহিৰৰ নহয়। বিপৰীতে সংগীত প্ৰয়োগ, পৰিচালনা শৈলী “ভ্ৰাম্যমাণ থিয়েটাৰ” মুক্ত। পৰিচালক ভৰালীৰ বিশেষ ইতিবাচক দিশ– “ষ্টেজ ডিজাইন”।

Utpal Mena

Add comment

Leave a Reply

Most popular